Might Learn Logo Might Learn Shop Might Learn

AJB Class 4 Burha Burhi Aru Siyala Chapter 7 Answer তেলীয়াসাৰেং আৰু ফেঁচু

Chapter 7

তেলীয়াসাৰেং আৰু ফেঁচু

[১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁ ঃ

ক) চৰাইবিলাকক কোনে বিশ্বসঘাতকতা কৰিছিল ?

উত্তৰঃ চৰাইবিলাক টোকোৰাই বিশ্বাসঘাতকতা কৰিছিল।

খ) চৰাইবিলাকে কাৰ গাত ৰজাৰ লক্ষণ দেখিবলৈ পাইছিল ?

উত্তৰঃ চৰাই বিলাকে তেলীয়াসাৰেঙ গাত ৰজাৰ লক্ষণ দেখিবলৈ পাইছিল।

গ) তেলীয়াসাৰেঙক কোনে ৰজা হোৱাৰ বাতৰিটো দিছিলগৈ ?

উত্তৰঃ তেলীয়াসাৰেঙক কাউৰীয়ে ৰজা হোৱা বাতৰিটো দিছিল।

ঘ) “তেলীয়াসাৰেং নাহিল নাই । ময়েই ৰজা হ’ম ।”- এই কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ ফেঁচুৱে এই কথাষাৰ কৈছিল।

[২] চমু উত্তৰ দিয়াঁঃ

ক) চৰাইবিলাকক কিয় ৰজাৰ শাষন লগা হৈছিল ?

উত্তৰঃ ইমান বিলাক চৰাইৰ ভিতৰচ যেতিয়াই যাৰে যিহকে মন যায় সি তাকে কৰে , কৰাে হাকবচন কোনেও নুশুনে , কোনেও নামানে । চুৰি – ডকাইতি , মিছা – কোৱা আদি অধৰমৰ কাম সিহঁতৰ ভিতৰত ইমান বাঢ়ি আহিবলৈ ধৰিলে আৰু সকলাে ইমান উদণ্ড হৈ উঠিল যে ৰজাৰ শাসন লগা হ’ল।

খ) ৰজাৰ খাটোলাত উঠাৰ আগেয়ে তেলীয়াসাৰেঙ ক’ত জোবোৰা এটা মাৰিব লাগিব বুলি বগলী পণ্ডিতে নিয়ম বান্ধিছিল ?

উত্তৰঃ ৰজাৰ খাটোলাত উঠাৰ আগতে এজতা তেল ওচৰতে জুইত উতলাই ৰখা হ’ব আৰু আপুনু সেই তেলত প্ৰথমতে জোৱাৰ মাৰিব লাগিব। এই বুলি বগলী পণ্ডিতে নিয়ম বান্ধি দিছিল।

গ) ফেঁচুৰ বৰণ ক’লা হ’ল কিয় ?

উত্তৰঃ তপত তেলত জোৱাৰ মৰা পিছত ফেঁচুৰ বৰণ ক’লা হ’ল।

[৩] সঁচা নে মিছা লিখাঁঃ

ক) তেলীয়াসাৰেঙণীয়ে কাউৰীক বহিবলৈ পীৰা এখন পাৰি দিছিল ।

উত্তৰঃ মিছা।

খ) তেলীয়াসাৰেঙে নিজে নিজৰ ডাঢ়ি-মূৰ খুৰুৱাইছিল ।

উত্তৰঃ মিছা।

গ) ফেঁচুৰ পৰম বিক্ৰম দেখি চৰাইবিলাক আচৰিত হৈছিল ।

উত্তৰঃ সঁচা।

ঘ) ৰজা হোৱাৰ আগেয়ে ফেঁচুৰ বৰম হালধীয়া আছিল।

উত্তৰঃ মিছা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects