AJB Class 5 History Chapter 13 Answer ৰুদ্ৰ সিংহ

Chapter 13

ৰুদ্ৰ সিংহ

(১৬৯৫ খ্ৰিংৰপৰা ১৭১৮ খ্ৰি.লৈ) 

1. একোটিকৈ বাক্যত উত্তৰ লিখা

(a) ৰুদ্ৰ সিংহৰ সৰুকালৰ নাম কি আছিল? 

উত্তৰঃ- ৰুদ্ৰ সিংহৰ সৰুকালৰ নাম আছিল লাই কোঁৱৰ।

(b) ৰুদ্ৰ সিংহই বৈষ্ণৱ – মহন্তসকলক ক’ত স্থায়ী সংস্থাপন  কৰিছিল? 

উত্তৰঃ- ৰুদ্ৰ সিংহই বৈষ্ণৱ-মহন্তসকলক মাজুলীত স্থায়ী সংস্থাপন কৰিছিল।

(c) মাতৃৰ নামেৰে ৰুদ্ৰ সিংহই খন্দোৱা পুখুৰীটোৰ নাম কি? 

উত্তৰঃ- মাতৃৰ নামেৰে ৰুদ্ৰ সিংহই খন্দোৱা পুখুৰীটোৰ নাম হৈছে- জয়সাগৰ পুখুৰী।

(d) কোনজন বুৰঞ্জীবিদে তেওঁক মহান’ ৰুদ্ৰ সিংহ ‘ বুলি কৈছিল?

উত্তৰঃ- অসমৰ বুৰঞ্জীবিল ড॰ সূৰ্যকুমাৰ ভূঞাই তেওঁক মহান ৰুদ্ৰ সিংহ বুলি কৈছিল।

(e) ৰুদ্ৰ সিংহৰ ৰাজত্বকালৰ স্থাপত্য – ভাস্কৰ্যৰ মূল খনিকৰজনৰ নাম কি আছিল?

উত্তৰঃ- ৰুদ্ৰ সিংহৰ ৰাজত্বকালৰ স্থাপত্য়-ভাস্কৰ্যৰ মূল খনিকৰজনৰ নাম ঘনশ্যাম আছিল।

(f) ‘শংখচূড় বধ ’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ- ‘শংখচূড় বধ’ কবিৰাজ চক্ৰৱৰ্তীয়ে ৰচনা কৰিছিল।

2. অসমীয়া ভাষা – সাহিত্য আৰু কলা – কৃষ্টিলৈ ৰুদ্ৰ সিংহৰ অৱদানৰ বিষয়ে লিখাঁ। 

উত্তৰঃ- সৰুৰে পৰা মোমায়েকহঁতৰ লগত থাকি ৰুদ্ৰ সিংহই বিভিন্ন শিক্ষা গ্ৰহণ কৰিছিল যদিও সেইবিলাক পুথিৰ পৰা বা পুথি পঢ়ি পোৱা বিদ্য়া-শিক্ষা নাছিল। তথাপিও শিক্ষাৰ প্ৰতি তেওংৰ ধাউতি আছিল। গুণী-জ্ঞানী পণ্ডিতক ৰুদ্ৰ সিংহই সমাদৰ কৰিব জানিছিল। তেওঁৰ ৰাজসভাৰ বিখ্যাত পণ্ডিত আছিল কবিৰাজ চক্ৰৱৰ্তী। তেওঁ ‘শংখচূড় বধ’, ‘দুষন্ত চৰিত্ৰমালা’ লিখিছিল আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণ অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁ ভাৰতৰ অন্য়ান্য় ঠাইৰ সংগীত, বাদ্য়যন্ত্ৰ আদিৰ লগত অসমৰ থলুৱা সংগীত, বাদ্য়যন্ত্ৰৰ সংমিশ্ৰণ ঘটাই সংস্কৃতিৰ পথাৰত ঐক্য় আনি দিছিল। বৰ্তমান শিৱসাগৰ জিলাত থকা বিখ্যাত ৰংঘৰটো তেওংৰ দিনতে বিভিন্ন খেল-ধেমালি নাচ-গান আদি চাবৰ কাৰণে নিৰ্মাণ কৰি উলিয়ািচিল। প্ৰথমতে এইটো বাঁহ-কাঠেৰে সাজিছিল। পিছত পুতেক প্ৰমত্ত সিংহই ইয়াক পকীকৰণ কৰাইছিল। ৰুদ্ৰ সিংহৰ ৰাজত্ব কালতেই অসমত বিভিন্ন খেল-ধেমালী আৰু নাচ-গানে ৰজাঘৰীয়া স্বীকৃতি পাইছিল। অৰ্থনৈতিক দিশটো টনকিয়াল কৰিবৰ বাবে তেওঁ চুবুৰীয়া (ভাৰতৰ অন্য়ান্য় ৰাজ্য়) ৰাজ্য়ৰ লগত আৰু তিব্বত আদি দেশৰ লগত বেহা-বেপাৰ কৰিছিল। 

3. ৰুদ্ৰ সিংহৰ ৰাজত্বকালৰ স্থাপত্য – ভাস্কৰ্যৰ বিষয়ে চমুকৈ বর্ণনা কৰা। 

উত্তৰঃ- স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ কাৰ্য্যকাল যুদ্ধ-বিগ্ৰহতকৈ স্থাপত্য়-ভাস্কৰ্য্যৰ বাবেহে বেছি বিখ্যাত আছিল। ৰজা হৈয়ে তেওঁ ৰাজ্য় শাসন কৰাৰ লগতে মাতৃ জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে জেৰেঙা পথাৰত এটা পুখুৰী খন্দাই পাৰত দৌল সজাই দিছিল। এই পুখুৰী আৰু দৌল দুয়োটাই মাকৰ নামেৰে জয়সাগৰ আৰু জয়দৌল ৰাখিছিল। যি আজিও সেই যুগৰ ইতিহাস জনাত বা অধ্য়য়ন কৰাত উল্লেখযোগ্য় অৰিহণা যোগাই আহিছে। তদুপৰি ৰংনাথৰ দৌল, ফাকুৱা দৌল, ডিমৌৰ শিলৰ সাঁকো, খৰিকটীয়া আলি, দূবৰি আলি, মেটেকা আলিৰ লগতে মেটেকা নগৰখন নতুনকৈ সজাই ৰংপুৰ নাম দিছিল। ৰুদ্ৰসিংহই বংগ দেশৰ পৰা অহা ঘনশ্য়াম নামৰ এজন খনিকৰক নগৰ নিৰ্মাণৰ মূল দায়িত্ব দিছিল। এই নগৰলৈ সোমাবলৈ চাৰিওফপালে চাৰিখন দুৱাৰ আছিল। বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰত থকা নামদাঙৰ শিলৰ সাকোঁ ৰুদ্ৰ সিংহৰ অনন্য় কৃতিত্ব।

4. ৰুদ্ৰ সিংহৰ ৰাজত্বকালৰ প্রধান ঘটনাৱলী চমুৱাই লিখা।

উত্তৰঃ- সৰুকালতে মাক-দেউতাক হেৰুৱাই ৰুদ্ৰ সিংহই মোমায়েকহঁতৰ লগত থাকি বিভিন্ন শিক্ষা গ্ৰহণ কৰিছিল যদিও সেইবিলাক পুথিৰ পৰ বা পুথি পঢ়ি পোৱা বিদ্য়া-শিক্ষা নাছিল। তথাপিও শিক্ষাৰ প্ৰতি তেওঁৰ ধাউতি আছিল। গুণী-জ্ঞানী পণ্ডিতক তেওঁ সমাদৰ কৰিব জানিছিল। তেওঁৰ ৰাজসবাৰ বিখ্যাত পণ্ডিত আছিল কবিৰাজ চক্ৰৱৰ্তী। তেওঁ ‘শংখচূড় বধ’, ‘দূষ্যন্ত চৰিত্ৰমালা’ লিখিছইল আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণ অসমীয়ালৈ অনুবাদ কৰিছিল।

ৰুদ্ৰ সিংহৰ সংস্কৃতিৰ প্ৰতিও অধিক আগ্ৰহী আছিল। তেখেতে ভাৰতৰ অন্য়ান্য় ঠাইৰ সংগীত, বাদ্যযন্ত্ৰ আদিৰ লগত অসমৰ থলুৱা সংগীত, বাদ্যযন্ত্ৰৰ সংমিশ্ৰণ ঘটাই সংস্কৃিতৰ পথাৰ ঐক্য আনি দিছিল। বৰ্তমান শিৱসাগৰ জিলাত থকা বিখ্যাত ৰংঘৰটো তেখেতৰ দিনতে বিভিন্ন খেল-ধেমালি, নাচ-গান ইত্য়াদি চাবৰ কাৰণে নিৰ্মাণ কৰা হৈছিল। প্ৰথমতে বাঁহ-কাঠৰ দ্বাৰাহে নিৰ্মিত আছিল। পিছত পুতেক প্ৰমত্ত সিংহই ইয়াক পকীকৰণ কৰাইছিল। ৰুদ্ৰ সিংহৰ ৰাজত্বকালতেই অসমত বিভিন্ন খেল-ধেমালি আৰু নাচ-গানে ৰজাঘৰীয়া স্বীকৃতি পাইছিল। অৰ্থনৈতিক দিশটো টনকিয়াল কৰিবৰ বাবে তেখেতে ( চুবুৰীয়া ভাৰতৰ অন্য়ান্য় ৰাজ্য় ) ৰাজ্য়ৰ লগত আৰু তিব্বতা আদি দেশৰ লগত বেহা-বেপাৰ কৰিছিল।

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top