AJB Class 4 Burha Burhi Aru Siyala Chapter 9 Answer জৰদগব ৰজাৰ উপাখ্য়ান

Chapter 9

জৰদগব ৰজাৰ উপাখ্য়ান

[১] একোটিকৈ বাক্যত উত্তৰ লিখাঁঃ

ক) পণ্ডিতজনে ছাত্ৰৰ সৈতে কি চাবলৈ ওলাই গৈছিল?

উত্তৰঃ পণ্ডিতজনে ছাত্ৰৰ সৈতে দেশ চাবলৈ ওলাই গৈছিল।

খ) চোৰে মানুহ ঘৰত কেনেকৈ চুৰ কৰিছি?

উত্তৰঃ চোৰে মানুহ ঘৰত সিন্ধি দি চুৰ কৰিছিল।

গ) চোৰে সিন্ধিটো কিয় ডাঙৰ কৰিছিল?

উত্তৰঃ চিপৰাংখন ডাঙৰ হোৱা বাবে সিন্ধি টো ডাঙৰ কৰিছিল।

ঘ) মন্ত্ৰীয়ে কেনে ধৰণৰ মানুহক শূলত দিবৰ বাবে ৰজাক পৰামৰ্শ দিছিল?

উত্তৰঃ গা-ই-গাৰিয়া শকত এটা ডাঙৰ মানুহক মন্ত্ৰীয়ে শূলত দিব দিছিল।

[২] চমু উত্তৰ দিয়াঁঃ

ক) কমাৰে চিপৰাংখন গঢ়োঁতে কিয় জোখতকৈ ডাঙৰ হৈ পৰিছিল?

উত্তৰঃ স্বৰ্গদেউৰ বান্দীজনী মোৰ আগতে লচপচ্ কৰি লৰ মাৰিছিল। তাইৰ ফালে মোৰ চকু গ’ৱতে চিপৰাংখনত এটা কোব বেছিকৈ পৰিল আৰু চিপৰাংখন ডাঙৰ হ’ল।

খ) ৰজাি কিয় মন্ত্ৰীৰ আগত নিজে শূলত উঠিম বুলি কৈছিল?

উত্তৰঃ ৰজাই মন্ত্ৰীৰ আগত নিজে শূলত উঠিম বুলি কোৱা কাৰণ যিয়ে কাইলৈ শূলত উঠিব সি স্বৰ্গৰজাৰ হব সেইবাবে ৰজা নিজেই শূলত উঠিম বুলি মন্ত্ৰীক কৈছিল।

[৩] কোনে কৈছিল, কাক কৈছিলঃ

ক) “বোলে আমাৰ ইয়াতহে কিছুদিন থকা ভাল।”

উত্তৰঃ পণ্ডিতে ছাত্ৰক কৈছিল।

খ) “ধৰ কমাৰক । আন কমাৰপক।”

উত্তৰঃ ৰজাই সৈন্যক কৈছিল।

গ) “মই পণ্ডিত, হাত চাব জানো আৰু গণি-পঢ়ি ভূত-ভৱিষ্য়ৎ সকলো কথা ক’ব পাৰোঁ ।”

উত্তৰঃ পণ্ডিতে ৰজাক কৈছিল।

ঘ) “সেই ডাঙৰ মানুহটোক এতিয়াই এৰি দিয়া আৰু কাইলৈ মইহে শূলত উঠিম ।”

উত্তৰঃ ৰজাই মন্ত্ৰীক কৈছিল।

Scroll to Top