Might Learn Logo Might Learn

AJB Class 4 Science Chapter 10 Answer প্ৰাণীৰ থকা ঠাই

Chapter 10

প্ৰাণীৰ থকা ঠাই

◻️ প্ৰশ্নাৱলী

(১) কোনবোৰ প্ৰাণী গুহাত থাকে ?

উত্তৰঃ বাঘ, সিংহ, হাতী আদি ডাঙৰ ডাঙৰ প্ৰাণী বোৰ গুহাত থাকে।

(২) মাটিত গাঁত আৰু সুৰংগ খান্দি থকা প্ৰাণী কোনবোৰ ? এনেদৰে থাকিলে কি সুবিধা পোৱা যায় ?

উত্তৰঃ মাটিত গাঁত আৰু সুৰংগ খান্দি থকা প্ৰাণীবোৰ হ’ল- শিয়াল, এন্দুৰ আদি সৰু সৰু প্ৰাণীবোৰ।

এনেদৰে থাকি সিহঁতে নিজকে অতিপাত ঠাণ্ডা, গৰম, বৰষুণৰ পৰা ৰক্ষা কৰে। তদুপৰি মাটিৰ তলত আন চিকাৰী শত্ৰুৰপৰাও হাত সাৰি থাকে।

(৩) মকৰাই জাল কেনেকৈ বান্ধে ? কিয় বান্ধে ?

উত্তৰঃ মকৰাই নিজৰ গাৰ পৰা ওলোৱা ৰসেৰে জাল বান্ধে।

                  মকৰাই নিজৰ আহাৰৰ গোটাবৰ বাবে জাল বান্ধে। মহ, মাখি,ফৰিং আদি উৰণীয়া প্ৰাণীবোৰ মকৰাজালত পৰিলে লাগি ধৰে আৰু উৰি যাব নোৱাৰা হয়। তেতিয়া মকৰাই এইবোৰ প্ৰাণীৰ গাৰ ৰস শুহি খায়।

(৪) পোক-পৰুৱাৰ বাসস্থান ক’ত ?

উত্তৰঃ পোক-পৰুৱাৰ বাসস্থান হ’ল মাটিৰ তলত থকা সৰু সৰু সুৰুঙা।

(৫) লেটা কাক বোলে ?

উত্তৰঃ পখিলা আৰু চগাৰ কণীৰ পৰা বিছা হয়। বিছাবোৰে নিজৰ মুখৰ পৰা ৰস উলিয়াই। ৰসবোৰ গোট মাৰি পাতল সূতাৰ দৰে হয়। এই সূতাবোৰ গাৰ চাৰিওফালে মেৰিয়াই বিছাবোৰ সোমাই থাকে। তেতিয়া এইবোৰক লেতা বোলে।

(৬) টোকোৰা আৰু পাতসিয়া চৰায়ে কেনেকৈ বাহ সাজে ?

উত্তৰঃ টোকোৰা চৰায়ে গছৰ পাতৰ আগত বাহ সাজে। এইবিধ চৰায়ে ঘাঁহ-বন আৰু পাতেৰে পাক লগাই ঠিক সূতা চিলোৱাৰ দৰে বৰ মজবুত বাহ সাজি লয়।

                   পাতসিয়া চৰায়ে পাতৰ কাষ দুটা ঠোঁটেৰে চিলাই জোৰা লগাই বাহ সাজে।

(৭) কোনবিধ প্ৰাণী তোমাৰ বাৰু ঘৰচীয়া কৰিবলৈ মন যায় ? প্ৰাণীবিধৰ উপকাৰিতাৰ বিষয়ে কেইশাৰীমান লিখা ।

উত্তৰঃ মোৰ গৰুক ঘৰচীয়া কৰিবলৈ মন যায়।

     গৰু এবিধ বৰ উপকাৰী প্ৰাণী।গৰুৱে খেতি পথাৰত হাল বোৱাকে ধৰি বিভিন্ন কামত আমাক সহায় কৰে।গাই গৰুৱে আমাক গাখীৰ দিয়ে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects