Might Learn Logo Might Learn Shop Might Learn

AJB Class 4 Science Chapter 4 Answer কাৰ্য্য, বল আৰু শক্তি

Chapter 4

কাৰ্য্য, বল আৰু শক্তি

◻️  প্ৰশ্নাৱলী

(১)  বল কাক বোলে ?

উত্তৰঃ টনা, ঠেলা, হেঁচা, দঙা আদিবোৰকে বল বোলে।

(২)  শক্তি কাক বোলে ?

উত্তৰঃ কাম কৰিবলৈ বল দিয়াৰ সামৰ্থ্য়কে শক্তি বোলে।

(৩)  স্থিতি শক্তি কাক বোলে ?

উত্তৰঃ বস্তুৱে নতুন অৱস্থানৰ বাবে পোৱা শক্তিক স্থিতি শক্তি বোলে।

(৪)  শাৰীৰিক শক্তি কাক বোলে ?

উত্তৰঃ শৰীৰৰ বলেৰে কাম কৰিব পৰা শক্তিক শাৰীৰিক শক্তি বোলে। যেনেঃ চাইকেল চলোৱা, বস্তু দঙা।

(৫)  মাধ্যাকৰ্ষণীয় শক্তি কি ?

উত্তৰঃ পৃথিৱীয়ে সকলো বস্তুকে নিজৰ ফালে টানে আৰু ইয়াক মধ্য়াকৰ্ষণীয় বল বোলে।মধ্য়াকৰ্ষণীয় বলেৰে কাম কৰিব পৰা শক্তিক মধ্য়াকৰ্ষণীয় শক্তি বোলে। 

(৬)  বৈদ্যুতিক শক্তিৰ পৰা তাপ আৰু পোহৰ শক্তি পোৱাৰ এটা  উদাহৰণ ।
উত্তৰঃ 
বৈদ্য়ুতিক শক্তিয়ে এটা বাল্ব জ্বলায়। বাল্বটোৰ ওচৰত হাতখন ধৰিলে গৰম লাগে কাৰণ ইয়াৰ পৰা তাপ নিৰ্গত হয় আৰু বাল্বটোৰ পৰা পোহৰো ওলায়। বৈদ্য়ুতিক শক্তি তাপ আৰু পোহৰ শক্তিলৈ সলনি হয়। 

(৭)  শাৰিৰিক শক্তিৰ পৰা স্থিতি শক্তি পোৱাৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ শাৰিৰিক শক্তিৰ পৰা স্থিতি শক্তি পোৱাৰ এটা উদাহৰণ হ’ল- চাবি দিয়া ঘড়ীৰ ভিতৰত এচটা পাত পাক খাই থাকে। পাতচটাক স্প্ৰিং বোলা হয়। চাবি দিলে শৰীৰৰ শক্তি ব্য়ৱহাৰ হয়। চাবি দিলে পাতচটা বেছি পাক খায়। এইটো পাতচটাৰ নতুন অৱস্থান। তেতিয়য়া পাতচটাই স্থিতি শক্তি লাভ কৰে। এই শক্তি শাৰীৰিক শক্তিৰ পৰা আহি স্থিতি শক্তি লাভ কৰে।

(৮)  বৈদ্যুতিক শক্তিৰ পৰা চুম্বকীয় শক্তি পোৱাৰ এটা পৰীক্ষা বৰ্ণনা  কৰা ।

উত্তৰঃ   বৈদ্যুতিক শক্তিৰ পৰা চুম্বকীয় শক্তি পোৱাৰ এটা পৰীক্ষা বৰ্ণনা কৰা হ’ল-

এটা গজাল আৰু অলপ দীঘল তাঁৰ লোৱা হল। গজালটোত তাঁৰডাল দহ পাকমান মেৰিয়াই লোৱা হ’ল। তাঁৰডালৰ মূৰ দুটা বৈদ্য়ুতিক কোষ এটাৰ দুয়ো মূৰত সংযোগ কৰা হ’ল। এতিয়া গজালটোৱে আন গজাল আৰু আলপিনক আকৰ্ষণ কৰিব। অৰ্থাৎ তাঁৰ মেৰিওৱা গজালটো চুম্বক হৈ পৰে। এনে চুম্বকৰ নাম বিদ্য়ুৎচুম্বক। তাঁৰডালেদি বৈদ্য়ুতিক শক্তি পায়। ই গজালটোক চুম্বকীয় শক্তি প্ৰদান কৰে। গতিকে এই পৰীক্ষাটোত বৈদ্য়ুতিক শক্তি চুম্বকীয় শক্তিলৈ পৰিৱৰ্তন হয়।

(৯)  কয়লা আৰু পেট্ৰ’লৰ পৰা কি কি শক্তি পাব পাৰি লিখা ।

উত্তৰঃ কয়লা আৰু পেট্ৰ’লৰ পৰা তাপ শক্তি, গতি শক্তি, শব্দ শক্তি আৰু পোহৰ শক্তি পোৱা যায়।

(১০)  বৰষুণৰ লগত সূৰ্য্যৰ তাপ আৰু পোহৰ শক্তিৰ সম্পৰ্ক কি ?

উত্তৰঃ বৰষুণৰ লগত সূৰ্য্য়ৰ তাপ আৰু পোহৰ শক্তি ওতঃপোতঃ ভাৱে জড়িত। সূৰ্য্য়ৰ তাপত পৃথিৱীৰ পানী লাহে লাহে ভাপ হয়। ভাপৰ পৰা ডাৱৰ হয় আৰু ডাৱৰৰ পৰা বৰষুণ হয়।

(১১)  শুদ্ধ নে অশুদ্ধ : ✓ চিন দিয়া ।

এটা উদাহৰণ : ফুটবলটো গুৰিয়ালে কাম কৰা হয় ।  শুদ্ধ /অশুদ্ধ

উত্তৰঃ শুদ্ধ।

(ক)  চাৰাইটোক উৰিবলৈ শক্তি লাগে ।   শুদ্ধ /অশুদ্ধ

উত্তৰঃ শুদ্ধ।

(খ)  গৈ থকা গাড়ী এখনৰ স্থিতি শক্তি থাকে ।  শুদ্ধ /অশুদ্ধ

উত্তৰঃ অশুদ্ধ।

(গ)  পানী ওপৰৰ পৰা পৰিলে স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰ হয় ।  শুদ্ধ /অশুদ্ধ
উত্তৰঃ
 শুদ্ধ।

(ঘ)  ঘড়ীৰ স্প্ৰিঙত স্থিতি শক্তি থাকে । শুদ্ধ /অশুদ্ধ

উত্তৰঃ শুদ্ধ।

(ঙ)  যন্ত্ৰই ইন্ধনৰ সহায়ত কাম কৰে । শুদ্ধ /অশুদ্ধ

উত্তৰঃ শুদ্ধ।

(১২)  খালী ঠাই পূৰোৱা ।

(ক)  _____ শক্তিয়ে বাল্বটো জ্বলায় ।

উত্তৰঃ বৈদ্য়ুতিক।

(খ)  গছত লাগি থকা আমটোৰ ________ শক্তি থাকে ।

উত্তৰঃ স্থিতি শক্তি থাকে।

(গ)  ভাপ ইঞ্জনত তাপ শক্তি ________ শক্তিলৈ সলনি হয় ।

উত্তৰঃ গতি শক্তিলৈ ।

(ঘ)  বাল্বত বৈদ্যুতিক শক্তি পৰা _______ শক্তি আৰু ______শক্তি  পাব পাৰি ।

উত্তৰঃ তাপ শক্তি আৰু পোহৰ শক্তি পাব পাৰি।

(ঙ)  সকলো শক্তিৰ মূলতে হ’ল সূৰ্য্যৰ ______ আৰু ______ শক্তি ।

উত্তৰঃ তাপ আৰু পাহৰ শক্তি।

(চ)  বিদ্যুৎচুম্বকত বৈদ্যুতিক শক্তি _______শক্তিলৈ সলনি হয় হয় ।

উত্তৰঃ চুম্বকীয় শক্তিলৈ সলনি হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects