Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Science Chapter 7 Answer গুটিৰ বিস্তাৰণ

Chapter 7

গুটিৰ বিস্তাৰণ

◻️ প্ৰশ্নাৱলী

(১) গুটিৰ বিস্তাৰণ কাক বোলে ?

উত্তৰঃ গছ এজোপাৰ গুটি দূৰলৈকে সিঁচৰিত হৈ পৰাকে গুটিৰ বিস্তাৰণ বোলে।

(২) গুটিৰ বিস্তাৰণৰ চাৰিটা উপায় লিখা। প্ৰত্য়কৰে একোটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ গুটি বিস্তাৰৰ চাৰিটা উপায় হ’ল

১) বতাহৰ দ্বাৰা গুটি বিস্তাৰণ। কিছুমান গুটি সৰু আৰু পাতল, বতাহে এনে গুটি উৰুৱাই নি দূৰৈত পেলায়। যেনেঃ শিমলু, চজিনা, শাল গছৰ গুটি।

২) পানীৰ সোঁতত গুটি বিস্তাৰণ। নৈ আৰু সাগৰৰ কাষত গছ থাকে। তেনেবোৰ গছৰ গুটি পানীত উটি দূৰলৈ যায়। যেনেঃ সাগৰৰ পাৰত থকো নাৰিকল গছ।

৩) প্ৰাণীৰ দ্বাৰা গুটি বিস্তাৰণ। চৰাই, কেৰ্কেটুৱা, বান্দৰ আদিয়ে ফলবোৰ লৈ গৈ আন ঠাইত বা আন গছৰ ওপৰত খায়। তেতিয়া গুটিবোৰ গছজোপাৰ পৰা আঁতৰত পৰেগৈ।কিছুমান গছৰ গুটিত শুং থাকে, মানুহ বা আন প্ৰাণীৰ গাত লাগি ধৰি এঠাৰপৰা আন ঠাইলৈ বিয়পি পৰে। যেনেঃ বিয়নিসাবটা।

৪) ফল জোৰেৰে ফাটিলেও ছিটিকি পৰে আৰু বহু দূৰৈত পৰাৰ ফলত আন ঠাইলৈ বিস্তাৰিত হয়। যেনেঃ মাটিমাহ, টেঙেচি, তিল ইত্য়াদি।

(৩) গছৰ আটাইবোৰ গুটি গছজোপাৰ তলতে গজি বাঢ়িব নোৱাৰে । কাৰণটো লিখা ।

উত্তৰঃ কিছুমান গছৰ গুটি গছজোপাৰ তলতে সৰি পৰে আৰু গুটিবোৰৰ পৰা একেলগে গজালি ওলায়। কিন্তু সকলো গজালি সমানে বাঢ়িব নোৱাৰে কাৰণ সকলো গজালিয়ে সমানে বাঢ়িবলৈ যথেষ্ট পৰিমানৰ পানী, সাৰ আৰু ঠাই নাপায়।

(৪) বতাহ আৰু পানীয়ে গুটি কেনেদৰে বিস্তাৰিত কৰে লিখা ।

উত্তৰঃ বতাহে গুটি উৰুৱাই নিয়ে। কিছুমান গছৰ গুটি সৰু, পাতল সেইবাবে বতাহে এনে গুটি সহজে উৰুৱাই নি দূৰৈত পেলায়। কিছুমান গছৰ গুটিত সৰু পাখি লাগি থাকে আৰু কিছুমান গুটিত সৰু আঁহ লাগি থাকে এই পাখি আৰু আঁহৰ সহায়ত গুটিবোৰ বতাহত ভাঁহি দূৰলৈ যাব পাৰে।

        পানীৰ দ্বাৰাও গুটি বিস্তাৰণ হয়। নৈ আৰু সাগৰৰ কাষত থকা গছৰ গুটি পানীত উটি দূৰলৈ যায় উদাহৰণস্বৰূপে, সাগৰৰ পাৰত থকা নাৰিকলৰ গছ। নাৰিকলৰ বাকলি শুকান আঁহ যুক্ত হোৱাৰ বাবে পানীত ওপঙি থাকে আৰু পানীত উটি-ভাঁহি নাৰিকল বহু দূৰলৈ যায়গৈ। 

(৫) প্ৰানীয়ে গুটি কেনেকৈ বিয়পায় লিখা ।

উত্তৰঃ প্ৰাণীয়ে গুটি বহু দূৰলৈ বিয়পায়। চৰাই, বান্দৰ, কেৰ্কেটুৱাই ফলবোৰ লৈ গৈ আন ঠাইত খাইগৈ তেতিয়া গছজোপাৰ গুটি গছজোপাৰপৰা আঁতৰত পৰেগৈ।মানুহেও ফলৰ গুটিবোৰ গছজোপাৰ পৰা দূৰৈত পেলায়। কিছুমান ফল খাওঁতে গুটিবোৰ পানীৰ পেটলৈ যায়। পাছত মলৰ লগত গুটিবোৰ বাহিৰ হয়। কিছুমান গছৰ গুটিত শুং থাকে। শুঙৰ সহায়ত গুটিবোৰ মানুহ বা আন প্ৰাণীৰ গাত লাগি ধৰে আৰু গুটিবোৰ আন ঠাইত বিয়পি পৰে। এনেদৰে বিভিন্ন ধৰণে প্ৰাণীয়ে গুটি বিস্তাৰিত কৰে।

(৬) পকিলে জোৰেৰে যোৱা দুবিধ ফলৰ নাম লিখা ।

উত্তৰঃ পকিলে জোৰেৰে যোৱা দুবিধ ফলৰ নাম হ’ল- তিল আৰু মাটিমাহ।

(৭) খাওঁতে গুটি পেটলৈ যোৱা পাঁচবিধ ফলৰ নাম লিখা ।

উত্তৰঃ খাওঁতে গুটি পেটলৈ যোৱা পাঁচবিধ ফলৰ নাম হ’ল- বিলাহি, বেঙেনা, ডালিম, তিয়হ, মধুৰিআম ।

(৮) খালী ঠাই পূৰ কৰা ।

(ক) কপাহৰ গুটি __ দ্বাৰা বিস্তাৰিত হয় ।

উত্তৰঃ বতাহৰ দ্বাৰা।

(খ) তিলৰ গুটি _ পৰে ।

উত্তৰঃ ছিটিকি পৰে।

(গ) মধুৰীআমৰ গুটি প্ৰণীৰ _ লগত বিয়পে ।

উত্তৰঃ প্ৰাণীৰ মলৰ লগত বিয়পে।

(ঘ) শুঙৰ সহায়ত আনৰ গাত লাগি ধৰি বিয়পা এবিধ গুটি হ’ল _

উত্তৰঃ বিয়নিসাবটা।

(৯) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা ।

    ‘ক’

নাৰিকল

বনগুটি

মদাৰৰ গুটি

ভোটএৰাৰ গুটি

     ‘খ’

বতাহে উৰুৱাই নিয়ে

পানীৰ সোঁতত উটি যায়

ফাটি ছিটিকি পৰে

শুঙৰ সহায়ত আন প্ৰানীৰ গাত লাগি ধৰে ◼️

উত্তৰঃ নাৰিকল পানীৰ সোঁতত উটি যায়।

       বনগুটি                    শুঙৰ সহায়ত আন প্ৰাণীৰ গাত লাগি যায়।

       মদাৰৰ গুটি            বতাহে উৰুাই নিয়ে।

      ভোটএৰাৰ গুটি        ফাটি ছিটিকি পৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects