Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Science Chapter 8 Answer আমৰ দৰকাৰী উদ্ভিদ

Chapter 8

আমৰ দৰকাৰী উদ্ভিদ

⬜ প্ৰশ্নাৱলী

(১) শস্য কোনবোৰ ?

উত্তৰঃ মানুহৰ প্ৰধান খাদ্য় তৃণজাতীয় উদ্ভিদৰ পৰা পায়। তৃণজাতীয় উদ্ভিদৰ গুটিক শস্য় বোলে। যেনেঃ ধান, মাহ,ঘেঁহু ইত্য়াদি।

(২) পাঁচবিধ শস্য উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ পাঁচবিধ শস্য উদ্ভিদৰ নাম হ’ল- ধান, মাহ, ঘেঁহু, গোমধান, বজ্ৰা আদি।

(৩) আঁহ থকা গছ কেইবিধমানৰ নাম লিখা ।

উত্তৰঃ আঁহ থকা গছ কেইবিধমানৰ নাম হ’ল- কপাহ, শিমলু, মৰাপাত, চিচি, ৰেমি, মাটিকঁঠাল আৰু নাৰিকল।

(৪) অসমৰ কোনবোৰ গছৰ পৰা কাঠ পোৱা যায় ?

উত্তৰঃ অসমৰ শাল, চেগুন, গমাৰি,বনচোম, তিতাচঁপা আদি গছৰ পৰা কাঠ পোৱা যায়।

(৫) শস্যত থকা পুষ্টিকৰ দ্ৰব্যবিধ কি ?

উত্তৰঃ শস্য় থকা পুষ্টিকৰ দ্ৰব্য়বিধ হ’ল- প্ৰ’টিন।

(৬) দাইলত কোনবিধ পুষ্টিকৰ দ্ৰব্য বেছিকৈ থাকে ?

উত্তৰঃ দাইলত প্ৰ’টিন নামৰ পুষ্টিকৰ দ্ৰব্য়বিধ বেছিকৈ থাকে।

(৭) মাটিকাঁদুৰি, দুপৰটেঙা, চিৰতা, মানিমুনি, জাৰ্মানি বন, আদা, ব্ৰাক্ষী, আদি উদ্ভিদৰ কি ঔষধি ণ্ডণ আছে তোমাৰ ছাৰ/বাইদেউ আৰু আনক সুধি লাখা ।

উত্তৰঃ মাটিকাঁদুৰিঃ মাটিকাঁদুৰি খালে দৃষ্টিশক্তি বৃদ্ধি হোৱাৰ উপৰিও ছাল সুন্দৰ হয়। ই পেটৰ কাৰণেও ভাল।

দুপৰটেঙাঃ দুপৰটেঙা পাত পিহি ৰাতিপুৱা খালী পেটত খালে পাথ্বৰ নহয়।

চিৰতাঃ চিৰতা কৃমি নাশক।

মানিমুনিঃ মানিমুনি ৰস খালে পেট ভালে থাকে।

জাৰ্মানি বনঃকাটা-ছিঙাত তেজ ওলোৱা বন্ধ কৰে।

আদাঃ আদা খালে পাচন শক্তি বৃদ্ধি হয় ।

ব্ৰাহ্মীঃ স্মৃতি শক্তি বৃদ্ধি কৰে।

(৮) খালী ঠাই পূৰণ কৰা ।

(ক) ঘেঁহু এবিধ _ উদ্ভিদ ।

উত্তৰঃ তৃণজাতীয় উদ্ভিদ।

(খ) ছয়াবিনত __ থাকে ।

উত্তৰঃ ছয়াবিনত প্ৰ’টিন থাকে।

(গ) ছিনক’না গছৰ পৰা প্ৰস্তুত কৰা হয় আৰু ই __ বেমাৰ ভাল কৰে ।

উত্তৰঃ কুইনাইন। মেলেৰিয়া।

(ঘ) _ গছৰ পৰা শণ সূতা পোৱা যায় ।

উত্তৰঃ চিচি গছৰ পৰা।

(ঙ) প্ৰকৃতিৰ পৰা পোৱা শ্ৰেষ্ঠ সূতাবিধৰ নাম _ সূতা ।

উত্তৰঃ ৰেমি সূতা।

(চ) যৱৰ আন এটা নাম __

উত্তৰঃ বাৰ্লি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects