Might Learn Logo Might Learn

AJB Class 5 Assamese Chapter 1 Answer লাহে লাহে

লাহে লাহে

Lesson ১


ক্ৰিয়া কলাপঃ

 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ
    টিং         = শিখৰ    দেশান্তৰ  = অন্য দেশ    বক্তৃতা   = সভাত কোৱা কথা; ভষণ    আপুনি    = স্বয়ং; নিজে

(1) প্ৰথমে কোৱাঁ, তাৰ পাছত লিখাঁঃক) পৰ্বতৰ টিং কেনেকৈ পাবগৈ পাৰি ?

উত্তৰঃ এখোজ এখোজকৈ কৰি খোজ বহুৱাই পৰ্বতৰ টিং পাবগৈ পাৰি।
খ) পুথি-পাঁজিবোৰ কেনেদৰে লিখা হয় ?

উত্তৰঃ একোটা একোটা কৰি আখৰ জোঁটাই পুথি-পাঁজিবোৰ লিখা হয়।
গ) দীঘল কাপোৰখন কেনেদৰে বোৱা হয় ?

উত্তৰঃ এডাল এডাল কৰি সূতা বৈ বৈ দীঘল কাপোৰখন বোৱা হয়।
(২) পঢ়াঁ, বুজা আৰু লিখাঁঃ
এক খোজ  –   এখোজএক ভৰি   –   এভৰিএক ডাল   –   এডালএক টোপ   –   এটোপএক টি    –   এটিএক আষাৰ –   এআষাৰদুই খোজ   –   দুখোজদুই ভৰি   –   দুভৰিদুই ডাল   –   দুডালদুই টোপ   –   দুটোপদুই টি     –   দুটিদুই আষাৰ  –   দুআষাৰ

(৩) লাহে লাহে আগ বাঢ়া        কৰি মন ডাঠ  আধৰুৱা এষাৰো নেৰিবা    তোমাৰ অচীন আজি        বহু পুথি-পাঁজি             সময়ত আপুনি দেখিবা।    ওপৰৰ পদ্যাংশৰ অৰ্থ গদ্যত বুজাই লিখাঁ
উত্তৰঃ মনটো ডাঠ কৰি একো আধৰুৱা নোৰোৱাকৈ লাহে লাহে আগবাঢ়িব দিছে তেতিয়া অচিনাকি বহু পুথি-পাঁজি সময়ত সকলো চিনাকি হৈ পৰিব।

(৪) খালী ঠাই পূৰ কৰাঁঃ

(ক) কৰি বাঢ়ি গৈ গৈ দেখা পোৱা গছজুপি।
উত্তৰঃ এডোপ এডোপ কৰি বাঢ়ি গৈ গৈ দেখা পোৱা বৰ গছজুপি

(খ) এষাৰ পঢ়ি পঢ়ি  আনসকলো পাহৰি।

উত্তৰঃ এষাৰ-দুষাৰকৈ পঢ়ি পঢ়ি যোৱা            আন ভাৱ সকলো পাহৰি।

(৫) অভিধান চাই অৰ্থ লিখাঃ
    প্ৰবাহিত- বৈ থকা পৰিহৰি- পাহৰি অচীন – অচিনাকী।

(৬) ক-অংশৰ লগত খ-অংশ মিলোৱাঁ ঃ
ক-অংশখ-অংশ    গছ     –     টাৰি    বাঢ়নী   –    জাক    চৰাই    –     টো    কল     –     জোপা    চাদৰ    –     খন    ধাননী   –    থোক    কলম   –     টাৰ    চুলি     –    ডৰা
উত্তৰঃ ক-অংশ                               খ অংশ
             গছ      ———————  জোপা
             বাঢ়নী  ———————   টাৰ           

চৰাই    ———————-  জাক
             কল  ———————-  থোক
             চাদৰ ———————–   খন
             ধাননী ——————–    ডৰা
            কলম  ———————   টো  

চুলি  ———————-  টাৰি 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects