Might Learn Logo Might Learn

AJB Class 5 Assamese Chapter 20 Answer উৰুকাৰ ৰাতি

উৰুকাৰ ৰাতি

 Lesson 20 

〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ

আমেজ    =    আনন্দ

বাঁহনি    =    বাঁহগছৰ বাৰী

ঢাপলি মেলা   =   বেগেৰে যোৱা কাৰ্য

কাঠনি    =    ডাঙৰ ডাঙৰ থকা হাবি

সম্ভাষণ    =    আদৰণি; আগ্ৰহেৰে কৰা মাত

নৰা      =    দাই 

[১] প্ৰথমে কোৱাঁ, তাৰ পিছত লিখাঁ ঃ

ক) সৌৰভৰ বৰদেউতাক আৰু পেহীয়েক কত থাকে?

উত্তৰঃ সৌৰভৰ বৰদেউতাক  থাকে গোলাঘাটত আৰু পেহীয়েক থাকে ফৰকাটিঙত।

খ) সৌৰভ পেহীয়েকৰ ঘৰলৈ কিয় আহিছে?

উত্তৰঃ মাঘৰ বিহুৰ উৰুকা কেনেকৈ পাতে তাকে চাবলৈ সৌৰভ পেহীয়েকৰ ঘৰলৈ আহিছে।

গ) কণদাদাকহঁতে ক’ৰপৰা আৰু কিয় কাঠ কাতিছিল?

উত্তৰঃ  কণদাদাকহঁতে কণহঁতৰ ঘৰৰ পাছফালে থকা হাবিপৰা আৰু উৰুকা নিশা সকলোৱে মিলি পাতে কাৰণে কাঠ কাতিছিল।

ঘ) কণদাদাকহঁতে নৰা কিয় কাতিছিল?

উত্তৰঃ কণদাদাকহঁতে নৰা ভেলাঘৰ সাজিবলৈ কাটিছিল।

ঙ) কণদাদাকহঁতে কিদৰে মেজি সাজিছিল?

উত্তৰঃ কণদাদাকহঁতে এঠাইত বাঁহৰ চাৰিটা খুঁটি পুতি তাৰ ভিতৰত চাৰিকোণীয়াকৈ কাঠবোৰ জাপি মেজি সাজিছিল।

চ) খেৰৰ মেজি কিদৰে সাজে?

উত্তৰঃ খেৰৰ মেজি মাজত এডাল দীঘল বাঁহ আৰু কাষে কাষে সৰু বাঁহ কেইডালমান পুতি লৈ অতি ঘনকৈ খেৰ জাপি সাজে।

ছ) মেজি জ্বলোৱা প্ৰথাটো তোমাৰ পাঠৰ আলমত লিখাঁ।

উত্তৰঃ অসমৰ কোনো কোনো ঠাইত কাঠেৰে আৰু খৰিৰেহে মেজি সাঁজে।তলত ডাঙৰ কাঠৰ টুকুৰা দি ওপৰত খৰি জাপি দিয়া হয়। মেজিটো যিমানে ওখ হয় সিমানেই ভাল।অসমৰ সকলো স্থানতে মেজি সজাৰ ধৰণ বেলেগ বেলেগ হয়। নামনি অসমত খেৰেৰে মেজি সজা হয়। মাজত এডাল দীঘল বাঁহ আৰু কাষে কাষে সৰু বাঁহকেইডালমান পুতি লোৱা হয়। তাৰ পাছত তাত অতি ঘনকৈ খেৰ জাপি যোৱা হয়। মেজিটো দেখা দ’লৰ দৰে লাগে। নামনি অসমত এই মেজিটোক কোৱা হয় ভেলাপুজি। মাজৰ দীঘল বাঁহডালক কয় ছাট। খেৰবোৰ বাঁহৰ লগত বান্ধিবৰ কাৰণে খেৰেৰেই ৰছী তৈয়াৰ কৰি লোৱা হয়। এই ৰছীডালক কোৱা হয় ধূৰি। ধূৰিৰে খেৰবোৰ পকাই পকাই শেষত যিটো গাঁঠি দিয়া হয় সেইটোক সাঁবটা গাঁঠি বুলি কোৱা হয়। 

[২] কোনে, কাক, কিয় কৈছিল ঃ

ক) “কাটিম অ’। আমাৰ চুবুৰীটোৰ আটায়ে মিলিহে উৰুকাটো পাতিম।”

উত্তৰঃ উক্ত কথাষাৰ কণে, সৌৰভক কৈছিল কাৰণ সি সুধিছিল আৰু খৰি কাটিব নে নাকাটে বুলি।

খ) “বুজিলোঁ! বুজিলো! বাঃ বাঃ কেনে মজা লাগিব।”

উত্তৰঃ উক্ত কথাষাৰ সৌৰভে কণক কৈছিল কাৰণ সি উৰুকা ৰাতি ভেলাঘৰত ভোজ খাবলৈ পাব বুলি।

গ) “অ’, আমি খেৰৰ মেজি নাসাজোঁ।”

উত্তৰঃ  উক্ত কথাষাৰ  কণে সৌৰভক কৈছিল কাৰণ সৌৰভে কণক খেৰৰ মেজি কেতিয়া সাজিবা বুলি সুধিছিল।

[৩] সৌৰভহঁতৰ উৰুকাৰ ৰাতিৰ আয়োজন কিদৰে চলিছিল তোমাৰ নিজৰ কথাৰে লিখাঁ।

উত্তৰঃ সৌৰভহঁতৰ উৰুকাৰ  আয়োজন সৌৰভৰ পেহীয়েকহঁতৰ ঘৰৰ পিছফালে থকা প্ৰকাণ্ড অৰণ্যখত বাঁহ কাটিবৰ কাৰণে সোমালহি। তাৰ পিছত এডাল ভলূকা বাঁহ কাটি এজোপা গছৰ তলত পৰি থকা গছৰ শুকান ডাল কেইটামানক লৈ আহিলে। তাৰ পিছত নৰা কাটিবলৈ গ’ল। তাৰ পাছত সকলোৱে হাতত দা-কুঠাৰ লৈ কামত ধৰিলেষ। কোনো কোনোৱে খৰি কটাত লাগিল, কোনোৱে আকৌ বাঁহৰ পৰা কামি কাটি নৰাৰ বেৰ নিৰ্মাণত লাগিল, নিশাৰ ভোেজটোৰ কাৰণে ৰাজহুৱা পুখুৰীটোত মাছ ধৰিবৰ কাৰণে গ’ল।

[৪] বাক্য সাজাঁ ঃ

সহজ-সৰলঃ আজিৰ দিনত সহজ-সৰল লোক পাবলৈ নাই।

 ঢাপলি মেলঃ গাঁৱৰ সকলো লোক মেলা চাবলৈ ঢাপলি মেল পাতি আহিব।

 নঙলামুখ ঃ  ঘৰৰ পদুলিক নঙলামুখ বুলিও কোৱা হয়।

ভোজ-ভাতঃ উৰুকা নিশা গাঁৱৰ সকলোৱে মিলি একেলগে ভোজ-ভাত খায়।

 বয়োজ্যেষ্ঠঃ বিহুৰদিনা বয়োজ্যেষ্ঠ লোকৰ পৰা আশীৰ্বাদ লব লাগে। 

[৫]তোমালোকে নিজ নিজ ঠাইত উৰুকা কিদৰে পালন কৰা সেই বিষয় বৰ্ণনা কৰি লিখাঁ।

উত্তৰঃ মই নিজৰ স্থানত নৰা কাটি মেজি নিৰ্মাণ কৰো আৰু নিশাৰ ভোজভাতৰ কাৰণে ভেলাঘৰ নিৰ্মাণ কৰো আৰু ভেলাঘৰত ভোজভাত খাওঁ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects