Might Learn Logo Might Learn Shop Might Learn

AJB Class 5 Science Chapter 5 Answer আমাৰ ইন্দ্ৰিয় আৰু স্নায়ু তন্ত্ৰ

Chapter 5

আমাৰ ইন্দ্ৰিয় আৰু স্নায়ু তন্ত্ৰ

১) ইন্দ্রিয় কেইবিধ আৰু কি কি? ইন্দ্রিয়কেইটাৰ কামকাজ কিহে নিয়ন্ত্রণ কৰে? 

উত্তৰঃ ইন্দ্ৰিয় পাঁচবিধ আৰু সেইকেইটা হৈছে – চকু, কাণ, নাক, ছাল আৰু জিভা।

    ইন্দ্ৰিয়কেইটাৰ কাম-কাজ লাওখোলাৰ ভিতৰত থকা মগজুৱে নিয়ন্ত্ৰণ কৰে।

২) স্নায়ুৰ কাম কি?

উত্তৰঃ স্নায়ুৰ কাম হৈছে মগজুলৈ বাৰ্তা প্ৰেৰণ কৰা।

৩) স্নায়ু তন্ত্ৰ কি?

উত্তৰঃ স্নায়ু আৰু মগজুৱে শৰীৰৰ কাম পৰিচালনা কৰা তন্ত্ৰকে স্নায়ু তন্ত্ৰ বোলে।

৪) আমি বস্তু এটা দেখা পাবলৈ স্নায়ুবােৰে কি ভূমিকা লয় লিখা।

উত্তৰঃ কোনো বস্তুত পোহৰ পৰিলে পোহৰৰ ৰশ্মি প্ৰতিফলিত হৈ চকুৰ মণিৰ আইৰিছৰ মাজ অংশত থকা সৰু ফাঁকেৰে সোমাই আহে। এই ৰশ্মি লেন্ছৰ মাজেৰে পাৰ হৈ ৰেটিনাত বস্তুটোৰ এটা ওলোটা প্ৰতিবিম্ব বা ছবিৰ সৃষ্টি কৰে। ছবিখনে ৰেটিনাত থকা স্নায়ুবোৰত উত্তেজনাৰ সৃষ্টি কৰে। এনেকৈ স্নায়ুবোৰে আমাক কোনো এটা বস্তু দেখা পোৱাত সহায় কৰে।

৫) স্নায়ু কেই প্ৰকাৰৰ? প্রতিবিধৰে কাম উল্লেখ কৰা।

উত্তৰঃ স্নায়ু তিনি প্ৰকাৰৰ। এবিধে ইন্দ্ৰিয়বোৰৰ পৰা মগজুলৈ বাৰ্তা প্ৰেৰণ কৰে। আন এবিধে মগজুৰ পৰা শৰীৰৰ আন অংগ-পতংগ বোৰলৈ বাৰ্তা কঢ়িয়াই নিয়ে আৰু তৃতীয়বিধে প্ৰয়োজন সাপেক্ষে দুইধৰণৰ কাম কৰে।

৬) চকুৰ ৰেটিনাত বস্তুৰ ছবি কেনেদৰে গঠন হয় এটা আৰ্হিৰ সহায়ত বর্ণনা কৰা।

উত্তৰঃ কোনো বস্তুত পোহৰ পৰিলে পোহৰৰ ৰশ্মি প্ৰতিফলিত হৈ চকুৰ মণিৰ আইৰিছৰ মাজ অংশত থকা সৰু ফাঁকেৰে সোমাই আহে। এই ৰশ্মি লেন্ছৰ মাজেৰে পাৰ হৈ ৰেটিনাত বস্তুটোৰ ওলোটা প্ৰতিবিম্ব বা ছবিৰ গঠন হয়। ছবিখনে ৰেটিনাত থকা স্নায়ুবোৰত উত্তেজনাৰ সৃষ্টি কৰে। উত্তেজনাৰ বাতৰি স্নায়ুবোৰে মগজুলৈ পঠিয়ায়। ফলত আমি বস্তুটো দেখা পাওঁ।

৭) আমি কেনেকৈ নাকেৰে গােন্ধ পাওঁ?

উত্তৰঃ নাকৰ ভিতৰ অংশ হ’ল নাসাগহ্বৰ। নাসাগহ্বৰত অতি মিহি সৰু নোম থাকে। বায়ুৰ মাজেৰে গোন্ধ থকা বস্তুৰ পৰা সৰু সৰু কণিকা আহি আমাৰ নাকত সোমালে নাসাগহেবৰত থকা স্নায়ুবোৰত উত্তেজনাৰ সৃষ্টি হয়। এই উত্তেজনা মগজুলৈ অহাৰ ফলত  আমি গোন্ধ পাওঁ।

৮) আমি কাণেৰে কেনেদৰে শুনাে?

উত্তৰঃ আমাৰ কাণেৰে শব্দ ঢৌ ৰূপে সোমাই কাণৰ মধ্য় অংশত থকা কাণৰ পৰ্দা বা কৰ্ণ-পটহ স্পৰ্শ কৰে। লগে লগে পৰ্দাখনত কম্পনৰ সৃষ্টি হয়। এই কম্পন শেষত গৈ অন্তঃকৰ্ণ বা কাণৰ ভিতৰ ভাগ পায়গৈ। তেতিয়া আমি শব্দ শুনো।

৯) স্বাদ কলিকাৰ কাম কি?

উত্তৰঃ স্বাদ কলিকাই আমাক খাদ্য়বস্তুৰ সোৱাদ দিয়ে।

১০) শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম কি?

উত্তৰঃ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম হৈছে – যকৃৎ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects