পাঠঃ এঘাৰ
[ ১] একোটিকৈ বাক্যত উত্তৰ লিখাঁঃ
ক) বড়ো শব্দৰ অৰ্থ কি?
উত্তৰঃ বড়ো শব্দ অৰ্থ মানুহ।
খ) বাথৌ বেদীত কাক কাক থাপনা কৰা হয়?
উত্তৰঃ বাথৌ বেদীত মহাদেৱ আৰু কামাখ্যাক থাপনা কৰা হয়।
গ) বড়োসকলৰ জাতীয় পানীয়বিধৰ নাম কি ?
উত্তৰঃ বড়োসকলৰ জাতীয় পানীয়বিধৰ নাম জুমায়।
ঘ) ‘দখনা’ কোনে পিন্ধে?
উত্তৰঃ দখনা বড়ো-কছাৰী মহিলাই পিন্ধে।
ঙ) খেৰায় পূজা কাৰ উৎসৱ?
উত্তৰঃ খেৰায় পূজা বড়ো-কছাৰী সকলৰ উৎসৱ।
চ) বড়োসকলে বহাগ বিহুক কি বুলি কয়?
উত্তৰঃ বড়োসকলে বহাগ বিহুক বৈছাগু বুলি কয়।
[ ২] চমু উত্তৰ লিখাঁঃ
ক) কি কি তিনিটা কথাক বড়োসকলে প্ৰধানকৈ গুৰুত্ব দিয়ে?
উত্তৰঃ বড়োসকলে প্ৰধানকৈ গুৰুত্ব দিয়া কথা কাইটা হৈছে-স্থায়ী খেতি পথাৰ, ঘৰৰ মাটি আৰু চৰণীয়া পথাৰ।
খ) বড়ো মহিলাসকলে কেনেধৰণৰ সাজ-পাৰ আৰু আ-অলংকাৰ পিন্ধে লিখাঁ।
উত্তৰঃ বড়ো মহিলাসকলে দখনা বা মেখেলা পিন্ধে আৰু গাত নানা ৰঙৰ সূতাৰে বোৱা আলেৱান উৰি লয়।
তেওঁলোকে কাণত পিন্ধা অলংকাৰবোৰ হৈছে- খেৰা ( কাণপাচা), জাপখ্ৰিং (ইয়াৰ ৰিং), তালিংলৰা ( দুল) আদি।
নাকত পিন্ধা অলংকাৰবোৰ হৈছে- গণ্ঠংনি বালি (নাকফুল), বৌলা।
ডিঙিত চন্দ্ৰহাৰ বা বিছাহাৰ আৰু হাতত আছান (খাৰুৰ) পিন্ধে।
গ) খোৰায় পূজা বড়োসকলে কি কি তিনিটা কাৰণত পালনকৰে লিখাঁ।
উত্তৰঃ খেৰায় পূজা বড়োসকলে পালন কৰা তিনিটা কাৰণ হৈছে- আহুখেৰায় কৰা হয় আহাৰ বা শাওণ মাহত বাৰিষাৰ আহুধান আৰু অন্যান্য শস্যৰ মংগল কামনা কৰি।
শালি খেৰায় কৰা হয় কাতি মাহত খৰালিৰ ৰবিশস্য আৰু শালি ধানৰ মংগল কামনা কৰি।
শেষৰ বিধ খেৰায় কৰা হয় পৰিয়ালৰ কোনো অসুখীয়া সদস্যৰ আশু আৰোগ্য কামনা কৰি।
[ ৩] ‘বড়োসকলৰ জীৱিকাৰ প্ৰধান উপায় হৈছে খেতি।’ 一 জীৱিকাৰ উপায় বুলিলে কি বুজা? খেতিৰ উপৰি আৰু কি কি উপায়েৰে জীৱিকা নিৰ্বাহ কৰিব পাৰি চমুকৈ লিখাঁ।
[ ৪] উৎসৱ বুলিলে কি বুজা? (শিক্ষকৰ সহায় লৈ উত্তৰটো যুগুত কৰিবা।)
[ শিক্ষকৰ সহায় লৈ উত্তৰটো যুগুত কৰিবা ]
[ ৫] তলৰ কোনটো উৎসৱ কোন জনগোষ্ঠীৰ লিখাঁ।
ক) চমাংকান
খ) বিছু
গ) পঃৰাগ
ঘ) কৰম পৰব
[ ৬] অসমত বাস কৰা কেইটামন পাহাৰীয়া জনগোষ্ঠী আৰু কেইটামান ভৈয়ামৰ জনগোষ্ঠীৰ নাম লিখাঁ।
[৭] অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখাঁঃ
থাপনা, আলপৈচান, অবিচ্ছেদ্য, আৱাহন, মেৰুদণ্ড, নৈৱেদ্য, ন-ঘৰ।
থাপনা – যি ওখ ঠাই বা কাঠৰ বেদীত ঈশ্বৰ সেৱাৰ বাবে শাস্ত্র বা মূৰ্তি ৰখা হয়, উপাসনাৰ স্থল।
আলপৈচান – পৰিচর্যা।
অবিচ্ছেদ্য – যাক বিভক্ত বা বিচ্ছিন্ন কৰিব নােৱাৰি।
আবাহন – আহৰণ।
মেৰুদণ্ড – ৰাজহাড়, পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰু স্পর্শ কৰি থকা কাল্পনিক ৰেখা।
নৈবেদ্য – দেৱতাক নিবেদন কৰা দ্রব্য।
ন- ঘৰ – নতুনকৈ লােৱা ঘৰ।
[ ৮] উদাহৰণটো চাই বাকীকেইটা কৰাঁঃ
উদাহৰণঃ গছ —- বৃক্ষ
গাঁও —-গ্রাম
হেতু —- কাৰণ
কাপোৰ —- বস্ত্ৰ
জেউতি —- পোহৰ
নৃত্য —– নাচ
নতুন — আধুনিক
[ ৯] তলত দিয়া শব্দবোৰেৰে নতুন শব্দ গঠন কৰাঁঃ
প + মান = অপমান
প্ৰতি + ধ্বনি = প্ৰতিধ্বনি।
পৰা + জয় = পৰাজয়।
সম্ + বাদ =সংবাদ.।
অধি + কাৰ = অধিকাৰ।
প্ৰ + মান = প্ৰমাণ।
অভি + বাদন = অভিবাদন।
[ ১০] বাক্য ৰচনা কৰাঁঃ
আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, উৎসৱ-পাৰ্বণ, সাজ-পাৰ, আ-অলংকাৰ।
আচাৰ-ব্যৱহাৰ :- ভাৰতৰ লোক সকলৰ আচাৰ-ব্যৱহাৰ অতি সৰল।
ৰীতি-নীতি :- সমাজত প্ৰচলিত ৰীতি-নীতিসমূহে সামাজিক বান্ধোন দৃঢ় কৰাত সহায় কৰে।
উৎসব-পার্বন :- উৎসৱ-পাৰ্বনবােৰে মানুহক বিনােদনৰ যােগান ধৰাৰ লগতে ন-ন কামত আগবাঢ়ি যাবলৈ প্ৰেৰণা যােগায়।
সাজ-পাৰ :- অসমৰ প্ৰতিটো জনগােষ্ঠীৰে নিজা নিজা সাজ-পাৰ আছে।
আ-অলংকাৰ :- আ-অলংকাৰ বোৰৰ ।
[ ১১] লোক-সাহিত্যৰ বিষয়ে এটা টোকা প্ৰস্তুত কৰাঁ।
← Previous Chapter NEXT Chapter →
Type: Nayan Moni Deka
Check By – Mukesh Borah
Post ID :DABP005911
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post