অনুশীলনীঃ
১। আহোম ৰজাৰ ওচৰত শংকৰদেৱৰ বিৰুদ্ধে গোচৰ তৰিবলৈ যোৱা মানুহবোৰ কোন আছিল ? তেওঁলোকে ৰজাক কি কথা লগাইছিল ?
উত্তৰঃ- আহোম ৰজাৰ ওচৰত শংকৰদেৱৰ বিৰুদ্ধে গোচৰ তৰিবলৈ পুৰোহিত ব্ৰাহ্মন শ্ৰেণীটোৰ কেইজনমান ব্ৰাহ্মন গৈছিল। তেওঁলোকে ৰজাৰ আগত কৈছিল যে শংকৰদেৱে ধৰ্মৰ নামত দেশলৈ ব্য়ভিচাৰ আনিছে। সাতামপুৰুষীয়া জাত-কুলৰ বাচ-বিচাৰ নোহোৱা কৰি সকলো একাকাৰ কৰি পেলাইছে। সমাজৰ নিম্ন শ্ৰেণীৰ মানুহক সামৰি একেখন পাততে খাইছে। ধৰ্মৰ গোপন কথাবোৰ সাধাৰণ মানুহবোৰক জনাইছে। ধৰ্মক মূল্য়হীন কৰি পেলাইছে।
২। কোনজন আহোম ৰজাৰ ওচৰত ব্ৰাহ্মণসকলে শংকৰৰ বিপক্ষে গোচৰ দিছিল ? ৰজাই শংকৰদেৱক কি কামৰ দায়িত্ব দিছিল, তাৰ পৰিণতি কি হল খৰচি মাৰি লিখাঁ ।
উত্তৰঃ- আহোম ৰজাৰ দিহিঙীয়া ৰজাৰ আগত ব্ৰাহ্মণসকলে শংকৰৰ বিপক্ষে গোচৰ দিছিল। ৰজাই শংকৰদেৱক হাতীধৰা গড় চোৱা-চিতা কামৰ দায়িত্ব দিছিল। এদিনাখন ৰাতি কেইপৰমান যোৱাত পালি-পহৰীয়া টোপনি যোৱাৰ সুযোগ লৈ গড় ভাঙি তাৰপৰা বহুকেইটা হাতী পলাই গ’ল। এই কথাত ৰজাই শংকৰদেৱক ধৰি আনিবলৈ চাওদাঙক নিৰ্দেশ দিলে। শংকৰদেৱক বিচাৰি নাপাই চাওদাঙে মাধৱ আৰু জোঁৱায়েক হৰিকে পাই ধৰি লৈ গ’ল। কেও কিছু নোহোৱা বাবে ৰজাৰ বিচাৰত মাধৱে মুক্তি পালে। কিন্তু শংকৰদেৱৰ মৰমৰ জীয়ৰী মনুৰ গিৰীয়েক হৰিক ৰজাই শিৰশ্ছেদ আদেশ দিলে।
৩। দিহিঙীয়া ৰজাৰ ৰোষত পৰা মানুহ দুজন কোন আছিল ? তেওঁলোকক ৰজাই কি শাস্তি দিছিল ?
উত্তৰঃ- দিহিঙীয়া ৰজাৰ ৰোষত পৰা মানুহ দুজন আছিল মাধৱ আৰু হৰি। কেও কিছু নোহোৱা বাবে ৰজাৰ বিচাৰত মাধৱে মুক্তি পালে কিন্তু হৰিক ৰজাই শিৰশ্ছেদৰ আদেশ দিলে।
Type Sumit Patar
Author By- Himadree Bora
Post ID : DABP006636
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post