খাদ্যৰ পৰিষ্কৰণ | Lesson ৪ | Class 6 Science Question And Answer Assam Jatiya Bidyalay | ষষ্ঠ শ্ৰেণী অসম জাতীয় বিদ্যালয় নতুন বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |
পাঠ ৪
খাদ্য়ৰ পৰিষ্কৰণ
1. খালী ঠাই পূৰণ কৰা—
a) মিশ্রটোত থকা প্রতিবিধ বস্তুৱেই হ’ল ইয়াৰ উপাদান।
b) বায়ু হ’ল অক্সিজেন, নাইট্রজেন আদি গেছৰ মিশ্ৰণ।
2. শুদ্ধ উত্তৰ বাছি উলিওৱা—
i) পানীত নিমখৰ দ্ৰৱৰ পৰা পানীখিনি আহৰণ কৰা পদ্ধতিটো হল—
a) পৰিস্ৰাৱন
b) আস্ৰাৱন
c) অৱক্ষেপণ
উত্তৰঃআস্ৰাৱন।
ii) ধানৰ পৰা পতান পৃথক কৰা পদ্ধতিটো হ’ল
a) জৰা
b) মৰণা মৰা
c) হাতেৰে বন্ধা
d) চালন
উত্তৰঃজৰা।
3. ঘেঁহুৰ বাকলি আৰু আটা কি পদ্ধতিত পৃথক কৰিব পাৰি?
উত্তৰঃ ঘেঁহুৰ বাকলি আৰু আটা চলা পদ্ধতিত পৃঠক কৰিব পাৰি।
4. মিশ্রৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ দুই বা ততোধিক বস্তু মিহলালে পোৱা উপাদানেই হ’ল মিশ্ৰ।
5. পৰিস্ৰাৱণ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ পানীত থকা মাটিৰ কণিকাবোৰ পৃথক কৰিবলৈ ফিল্টাৰ কাগজ লোৱা হয় সেই কাগজখনৰ মাজেৰে পানী সৰকি যায়। মাটিৰ কণিকাবোৰ কাগজখনত ৰৈ যায়। এই পদ্ধতিটোৱে হ’ল পৰিস্ৰাৱণ পদ্ধতি।
6. যি পদ্ধতিৰে গেছীয় পদার্থক জুলীয়া অৱস্থালৈ পৰিবৰ্তন কৰা হয়, তাক কি বােলে?
উত্তৰঃ যি পদ্ধতিৰে গেছীয় পদার্থক জুলীয়া অৱস্থালৈ পৰিবৰ্তন কৰা হয়,তাকে ঘনীভৱণ বোলে।
7 . ঘৰত শাক-পাচলিৰ খেতি কৰোঁতে মাটিত থকা শিলৰ টুকুৰাবােৰ কেনেদৰে আঁতৰ কৰিবা?
উত্তৰঃ হাতেৰে বাছি পৃথক কৰিব পাৰি।
8. সাগৰৰ পানীৰ পৰা কিদৰে নিমখ আহৰণ কৰা হয় চমুকৈ লিখা।
উত্তৰঃ সাগৰৰ কিছুমান বাম গাঁতত পানীবোৰ জমা হৈ থাকে।সূৰ্যৰ তাপত পানীখিনি ভাপ হৈ উৰি যায় আৰু নিমখ খিনি ৰৈ যায় এইদৰে নিমখ খিনি প্ৰতিশোধন কৰি আহৰণ কৰা হয়।
9. ময়দা-লােৰ গুড়িৰ মিশ্ৰনৰ পৰা লােৰৰ গুড়ি কিহৰে পৃথক কৰিবা?
উত্তৰঃ ময়দা-লোড় গুৰিৰ মিশ্ৰণৰ পৰা লোৰৰ গুড়ি এনেদৰে পৃথক কৰা হয়- মিশ্ৰখিনি এখন বগা কাগজৰ ওপৰত ৰাখা হয়।তাৰপিছত চুম্বক এটুকুৰাৰে মিশ্ৰখিনি কেইবাবাৰো লৰাই দিয়া হয়।তেতিয়া চুম্বক টোকোৰাটোত লোৰ গুড়ি খিনি লাগি ধৰিব।
10. দৈনন্দিন জীৱনত ছেকন-পদ্ধতিৰ ব্যৱহাৰৰ উদাহৰণ দিয়া।
উত্তৰঃ ছেকনিৰে চাহ ছেকা প্ৰক্ৰিয়া হৈছে দৈন্দিন জীৱনত ব্য়ৱহৃত ছেকন পদ্ধতিৰ উদাহৰণ।
11. পানী আৰু চেনিৰ দ্ৰৱৰ পৰা উপাদানবােৰ কেনেকৈ পৃথক কৰিবা লিখা।
উত্তৰঃ পানী আৰু চেনি দ্ৰৱৰ পৰা উপাদানবোৰ বাষ্পীভৱণ প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি।
12. শস্যৰ লগত বিভিন্ন অলাগতিয়াল পদার্থ মিহলি হৈ থাকিলে কিদৰে পৃথক কৰিবা?
উত্তৰঃ শস্যৰ লগত অন্য়ান্য় অলাগতিয়াল পদাৰ্থ পৃথক কৰিবলৈ আমি হাতে বছা পদ্ধতি ব্য়ৱহাৰ কৰিম।
13. মৰণা মৰা আৰু জৰা পদ্ধতি উদাহৰণৰ সৈতে ব্যাখ্যা কৰা।
উত্তৰঃ খেতিৰ পৰা ধান, মাহ, ঘেহুঁ আদি শস্য়বোৰৰ মুঠি খেতিয়কে ঘৰলৈ আনে। এই মুঠিবোৰ খেতিয়কে চোতালত ভালদৰে পাৰি দিয়ে। পিছত সেইবোৰৰ ওপৰেৰে গৰু বা ম’হক ঘূৰায়। ফলত গৰু-ম’হৰ গচকত ধানবোৰ গছৰ পৰা পৃথক হয়। ইয়াকে মৰণা মৰা বোলা হয়।
ধান বানি অনাৰ পিছত চাউল আৰু তুঁহৰ মিশ্ৰ পোৱা যায়। মিশ্ৰটো কুলাত লৈ জাৰিলে তুঁহবোৰ আতৰি যায়। ফলত চাউল আৰু তুঁহ পৃথক হৈ পৰে। এই পদ্ধতিটোক জৰা পদ্ধতি বোলা হয়।
14. নিমখ-পানীৰ পৰা কেনেকৈ নিমখ আৰু পানী পৃথক কৰি সংগ্ৰহ কৰিবা লিখা।
উত্তৰঃ পানী আৰু নিমখৰ মিশ্ৰৰ পৰা পানী আৰু নিমখ পৃথক কৰিবলৈ হ’লে মিশ্ৰটোক এটা পাত্ৰত লৈ গৰম কৰিলে মিশ্ৰটোৰ পৰা পানী নোহোৱা হৈ যাব। আৰু নিমখবোৰ ৰৈ যাব। এইদৰে বাষ্পীভৱন প্ৰক্ৰিয়াৰ দ্বাৰা পানী আৰু নিমখ পৃথক কৰি সংগ্ৰহ কৰিব পাৰি।
← Previous Chapter NEXT Chapter →
-Hiru Moni Bora
Check by –Mukesh Borah
Post ID : DABP005924
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post