AJB Class 6 Social Science Chapter 15 Answer পৃথিৱীৰ আৱৰ্তন আৰু পৰিভ্ৰমণ

পৃথিৱীৰ আৱৰ্তন আৰু পৰিভ্ৰমণ | Lesson 15 | Class 6 Social Science Question and Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

পাঠ ১৫

পৃথিৱীৰ আৱৰ্তন আৰু পৰিভ্ৰমণ

১। একোটাকৈ বাক্যত উত্তৰ দিয়া।

(ক) আহ্নিক গতি কাক বোলে?

উত্তৰঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি এপাক ঘূৰাকে আহ্নিক গতি বোলা হয়।

(খ) বাৰ্ষিক গতি কাক বোলে?

উত্তৰঃ পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰাকে বাৰ্ষিক গতি বোলা হয়।

(গ) অধিবৰ্ষ বুলিলে কি বুজা?

উত্তৰঃ প্ৰত্য়েক চাৰিবছৰৰ মূৰত ফ্ৰেব্ৰুৱাৰী মাহটো ২৯ দিনীয়া হয়। এই বছৰটোক অধিবৰ্ষ বোলা হয়।

(ঘ) অপসূৰ কাক বোল? ই কোন তাৰিখে সংঘটিত হয়?

উত্তৰঃ যিদিনাখন সূৰ্যৰ দূৰত্ব পৃথিৱীৰ পৰা সৰ্বাধিক হয়, সেই দিনটোক অপসূৰ বুলি কোৱা হয়।

    ই ৪ জুলাই তাৰিখে সংঘটিত হয়।

(ঙ) কৰ্কট সংক্ৰান্তি কাক বোলে? ই কোন তাৰিখে হয়?

উত্তৰঃ সূৰ্যৰ ৰশ্মি কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত লম্বভাৱে পৰা দিনটোকে কৰ্কট সংক্ৰান্তি বোলা হয়।

    ই ২১ জুনৰ দিনা সংঘটিত হয়।

২। খালী ঠাই পূৰ কৰা।

(ক) পৃথিৱীৰ মেৰুদণ্ডডালে কক্ষতলৰ লগত ৬৬.৫° কোণ কৰি  আছে।

(খ) জানুৱাৰী মাহৰ ৩ তাৰিখে হোৱা সূৰ্যৰ অৱস্থানটোক অলুসূৰ বোলে।

(গ) মহাবিষুব ২১ মাৰ্চ তাৰিখে সংঘটিত হয়।

(ঘ) মকৰ সংক্ৰান্তি ২২ ডিচেম্বৰ তাৰিখে হয়।

৩। আহ্নিক গতিৰ ফলত কেনেদৰে দিন-ৰাতি হয় ছবি আঁকি বুজাই লিখা।

উত্তৰঃ 

    আহ্নিক গতিৰ ফলত পৃথিৱীত দিন-ৰাতি হয়। পৃথিৱীয়ে নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ ঘূৰে। সেয়েহে পৃথিৱীৰ ওপৰত থকা পূবফালৰ ঠাইবোৰত আগেয়ে সূৰ্যৰ পোহৰ পৰে। পৃথিৱীখন ঘূৰণীয়া হোৱাৰ বাবে পৃথিৱীৰ সকলো ঠাইতে একেটা সময়তে নপৰে। পশ্চিমৰ পৰা পূবলৈ ঘূৰোঁতে যিটো অংশ সূৰ্যৰ সন্মুখত পৰে তাতে দিন হয় আৰু তাৰ বিপৰীত অংশত ৰাতি হয়।

৪। বাৰ্ষিক গতিৰ ফলাফল লিখা।

উত্তৰঃ বাৰ্ষিক গতিৰ ফলত দিন-ৰাতি দীঘল-চুটি হোৱাৰ উপৰিও ঋতু পৰিবৰ্তন হয়। ঋতু হ’ল বছৰটোত হোৱা তাপ, বৰষুণ আৰু উদ্ভিদৰ পৰিবৰ্তনৰ সংকেত। ঋতু ছয়টাঃ গ্ৰীষ্ম, বৰ্ষা, শৰত, হেমন্ত, শীত আৰু বসন্ত।

৫। চিত্ৰৰ সহায়ত মহাবিষুব আৰু জলবিষুবৰ অৱস্থান দেখুওৱা।উত্তৰঃ

← Previous Chapter

NEXT Chapter →

– Hiru Moni Bora

Check by – Mukesh Borah

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top