Might Learn Logo Might Learn Shop Might Learn

AJB Class 7 Assamese Chapter 1 Question Answer | Class 7 Assamese Chapter 1 স্বদেশ-প্ৰেম Question Answer | 2026 Update

পাঠ – ১

স্বদেশ-প্ৰেম

অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ

শিলাময় = শিলৰ দৰে কঠোৰ, অনুভূতিহীন।

উথলি = ওফন্দি উঠি।

বিভূতি = ধন-সম্পত্তি, ঐশ্বৰ্য, বিভৱ।

কাঠ-চিত = কঠিন হৃদয়।



১। কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰঃ নিজৰ ওপজা দেশখনক ভাল নোপোৱা মানুহ এই সংসাৰত নাই বুলিয়েই ক’ব পাৰি। কিন্তু তাৰ মাজতো এনেকুৱা কিছুমান শিলাময় হৃদয়ৰ মানুহ আছে, যিবিলাকে নিজৰ জন্মভূমিৰ কথা মনে মনে এবাৰো নাভাবে। সাধাৰণতে বিদেশলৈ গ’লে নিজৰ জন্মভূমিৰ কথা বেছিকৈ মনত পৰে। বিদেশৰ পৰা উভতি আহোঁতে নিজৰ দেশখন পাবলৈ মানুহ ব্যাকুল হৈ পৰে আৰু অন্তৰ স্বদেশ-প্ৰেমেৰে উপচি পৰে। কিন্তু কিছুমান কাঠচিতীয়া অন্তৰৰ মানুহ আছে, যাৰ অন্তৰত স্বদেশৰ প্ৰতি অলপো প্ৰেম নাই। তেনে মানুহ যিমানেই ডাঙৰ নহওক, যিমানেই মুধাফুটা নহওক নাইবা ঐশ্বৰ্য-বিভূতিৰে ভঁৰাল উপচি থাকিলেও, সেই মানুহক লৈ কবিয়ে কবিতা ৰচনা নকৰে আৰু গায়কে কোনো গীত নাগায়। সেই স্বাৰ্থপৰ মানুহে জীৱনত কেতিয়াও প্ৰকৃত খ্যাতি নাপায়। তেওঁলোকৰ মৃত্যুত কোনেও চকুলো নোটোকে আৰু সন্মানো নকৰে। সেয়েহে কবিয়ে কৈছে যে যিসকলৰ অন্তৰত স্বদেশ-প্ৰেম আছে, তেওঁলোকহে প্ৰকৃততে ধন্য।


২। স্বদেশ-প্ৰেমমূলক কবিতা বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ কবিতাৰ মাজেৰে কবিৰ স্বদেশ-প্ৰেমৰ ভাব প্ৰকাশ পায়, সেইবোৰ কবিতাকে স্বদেশ-প্ৰেমমূলক কবিতা বোলে।


৩। প্ৰথমে কোৱা তাৰ পাছত লিখা।


(ক) কবিয়ে কাৰ হিয়া শিলাময় বুলিছে?

উত্তৰঃ যিজন মানুহে নিজৰ জন্মভূমিক আপোন বুলি মনে মনে এবাৰো কোৱা নাই, সেইজন মানুহৰ হিয়া শিলাময় বুলি কবিয়ে কৈছে।


(খ) কাৰ গুণ গাবলৈ গায়কৰ উচ্ছ্বাস উথলি নুঠে?

উত্তৰঃ বিদেশৰ পৰা উভতি আহোঁতে যি মানুহৰ অন্তৰত স্বদেশ-প্ৰেম নাজাগে, তেনে কাঠচিতীয়া হৃদয়ৰ মানুহৰ গুণ গাবলৈ গায়কৰ উচ্ছ্বাস উথলি নুঠে।


(গ) কোনবোৰ মানুহ ধূলিৰ লগত মিলি যাব আৰু কিয়?

উত্তৰঃ যিবোৰ মানুহৰ অন্তৰত জন্মভূমিৰ প্ৰতি অলপো ভালপোৱা নাথাকে, সেইবোৰ মানুহ ধূলিৰ লগত মিলি যাব। কাৰণ তেনে মানুহৰ মৃত্যুত কোনেও চকুলো নোটোকে, কোনেও সন্মান নকৰে আৰু তেওঁলোকৰ গুণ-গৰিমা প্ৰকাশ কৰি কবিয়ে কেতিয়াও কবিতা ৰচনা নকৰে।


৪। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

**”তাৰ বাবে কেৱেঁ আৰু নোটোকে চকুলো,

কেৱে তাক নকৰে সন্মান;

কবিয়ে কবিতা ৰচি নকৰে নকৰে

কেতিয়াও তাৰ গুণ গান।”**

উত্তৰঃ

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘আপোন পাঠ’ৰ অন্তৰ্গত পদ্মধৰ চলিহাদেৱে ৰচনা কৰা ‘স্বদেশ-প্ৰেম’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ কবিতাফাঁকিৰ জৰিয়তে কবিয়ে দেশৰ প্ৰতি ভালপোৱা নথকা মানুহৰ প্ৰতি সমাজৰ মনোভাৱ প্ৰকাশ কৰিছে।

ব্যাখ্যাঃ কবিৰ দেশৰ প্ৰতি গভীৰ ভালপোৱা আছে। সেইবাবে যিসকল মানুহৰ অন্তৰত জন্মভূমিৰ প্ৰতি অলপো ভালপোৱা নাই, তেওঁলোকক কবিয়ে কঠোৰ হৃদয়ৰ মানুহ বুলি কৈছে। দেশক ভাল নোপোৱা মানুহৰ মৃত্যুত কোনেও চকুলো নোটোকে আৰু তেনে মানুহক কোনেও সন্মান নকৰে। তেওঁলোক যিমানেই ধনী বা ডাঙৰ মানুহ নহওক কিয়, দেশৰ প্ৰতি ভালপোৱা নাথাকিলে তেওঁলোকৰ গুণ-গৰিমা প্ৰকাশ কৰি কবিয়ে কবিতা ৰচনা নকৰে আৰু গায়কেও তেওঁলোকৰ গুণ-গান নাগায়। ইয়াৰ জৰিয়তে কবিয়ে স্বদেশ-প্ৰেমৰ মহত্ত্ব প্ৰকাশ কৰিছে।


৫। অসমীয়া ভাষাত ৰচনা কৰা কেইটামান স্বদেশ-প্ৰেমমূলক কবিতাৰ নাম লিখা।

উত্তৰঃ অসমীয়া ভাষাত ৰচনা কৰা কেইটামান স্বদেশ-প্ৰেমমূলক কবিতাৰ নাম হ’ল—

১। মোৰ দেশ মানুহৰ দেশ — দেৱকান্ত বৰুৱা।

২। জনমভূমি — নলিনীবালা দেৱী।

৩। মোৰ দেশ — হীৰেন ভট্টাচাৰ্য।


৬। ‘স্বদেশ-প্ৰেম’ নামৰ কবিতাটোৰ ৰচক কোন?

উত্তৰঃ ‘স্বদেশ-প্ৰেম’ নামৰ কবিতাটোৰ ৰচক হ’ল পদ্মধৰ চলিহা।


৭। ‘স্বদেশ-প্ৰেম’ নামৰ কবিতাটো কোনটো ইংৰাজী কবিতাৰ সৰল ভাঙনি?

উত্তৰঃ ‘স্বদেশ-প্ৰেম’ নামৰ কবিতাটো ইংৰাজ কবি ছাৰ ৱাল্টাৰ স্কটৰ ‘Patriotism’ নামৰ কবিতাটোৰ সৰল ভাঙনি।


৮। কবি পদ্মধৰ চলিহাৰ কবিতাৰ মূল উৎস কি?

উত্তৰঃ কবি পদ্মধৰ চলিহাৰ কবিতাৰ মূল উৎস হ’ল স্বদেশ-প্ৰীতি।


৯। পদ্মধৰ চলিহাই ৰচনা কৰা দুখন পুথিৰ নাম লিখা।

উত্তৰঃ পদ্মধৰ চলিহাই ৰচনা কৰা দুখন পুথিৰ নাম হ’ল—

১। ফুলনি।

২। গীতি-লহৰী।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership