AJB Class 8 Assamese Chapter 13 Answer তেজীমলা

পাঠ- ১৩

তেজীমলা

* অর্থৰ সৈতে চিনাকি হওঁ আহাঃ

তেজগােৰা – ৰঙাৰে সৈতে মিহলি বগা

দিগঙ্গনা – বিভিন্ন দিশৰ অধিষ্ঠাত্রী দেৱী; আঠোটা দিশৰ অধিবাসিনী দেৱী 

কুটুম – বংশৰ মানুহ 

চিকুণ – মিহি, নিমজ

মিতিৰ – মিত্র; বন্ধু 

ভাও – অভিনয়

 ১ | একোটিকৈ বাক্যত উত্তৰ লিখাঃ

ক) তেজীমলাক কোনে টোপনিৰ পৰা উঠা বুলি কৈছে?

উত্তৰঃ পুঁৱাৰ মলয়াই তেজীমলাক টোপনিৰ পৰা উঠা বুলি কৈছিল।

খ) তেজীমলাই মাতিলে কি আহি হাতত পৰিছিল?

উত্তৰঃ তেজীমলাই মাতিলে পাৰযুৰি আহি হাতত পৰিছিল।

গ) মানুহৰ চোতালত কি ফুটিলে বুলি কবিয়ে কৈছে?

উত্তৰঃ মানুহৰ চোতালত মাধুৰী ফুটিলে বুলি কবিয়ে কৈছে।

ঘ) তেজীমলাই কি হৈ মানুহৰ পৰা দূৰৈত শিপাই ৰৈছে?

উত্তৰঃ তেজীমলাই পাৰিজাত হৈ মানুহৰ পৰা দূৰৈত শিপাই ৰৈছে।

ঙ ) ‘তেজীমলা’ সাধুটো কাৰ ৰচনা?

উত্তৰঃ তেজীমলা সাধুটোৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা।

২। কবিতাটোৰ মূলভাব লিখা । 

৩।প্রসংগ – সংগতি দর্শাই ব্যাখ্যা কৰাঃ

ক) মৰমৰ পানী      নােহােৱা ঠাইত 

           কেনেকৈ বিশ্বাস থয়? 

সেয়ে তজীমলা       দূৰতে শিপাই 

              পাৰিজাত হই ৰয়।

উত্তৰঃ উক্ত কথা ফাঁকি আমাৰ পাঠ্যপুথি “আপোন পাঠ’ৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা “তেজীমলা” নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।

 ইয়াত কবিয়ে মাহীমাকৰ অত্যাচাৰত মানুহৰ প্ৰতি বিশ্বাস নাইকীয়া হৈ যোৱা তেজীমলা বিষয়ে এইদৰে কৈছে।

 মাহীমাকৰ অন্তৰত তেজীমলাৰ প্ৰতি অলপো মৰম নাছিল। তেজীমলাক মাহীমাকৰ ইমানেই বেয়া পাইছিল যে দেউতাক নিচিনা এজনী সহজ-সৰল ছোৱালীক মাহীমাকে মাৰি পেলাবলৈ চেষ্টা কৰিছিল। ফলস্বৰূপে তেজীমলাক ধান বঢ়াবলৈ লগাই দি নিজে ঢেঁকী দি তেজীমলাৰ হাত-ভৰি মূৰ সকলোতে ঢেকীৰে খুন্দি তেজীমলাক মৃত প্ৰায় কৰিলে আৰু গাতত পুতি থলে। তেজীমলাই বুজি পালে যে’ মাহীমাকে তাইক অকণো মৰম নকৰে। সুবিধা বুজি দেউতাকৰ চকুৰ আগৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা চলাই আছে। গতিকে তেজীমলাই মানুহৰ মাজত পৰা আঁতৰি আহি প্ৰকৃতিৰ বুকুত  আশ্ৰয় গ্ৰহণ কৰিছে। নদীৰ বুকুত পাৰিজাত ফুল হৈ থাকি প্ৰকৃতিৰ মৰমৰ মাজত আনন্দ লভিছে। যাতে ধুমুহা বতাহে উভালি দিব নোৱাৰে তাৰ বাবে নদীৰ তলৰ সৈতে শিপাই ভালদৰে খামুচি ধৰিছে। পুনৰ আকৌ তেজীমলাৰ মানুহৰ মাজলৈ উভতি যোৱাৰ অকণো ইচ্ছা নাই।

খ ) হাতে নেমেলিবি  ফুলাে নিছিঙিবি 

               কৰে নাৱৰীয়া তই;

    মানুহে ফুলৰ কি জানে আদৰ?

              তেজীমলাহে মই।

উত্তৰঃ উক্ত  কথা ফাঁকি আমাৰ পাঠ্যপুথি “আপোন পাঠ’ৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা “তেজীমলা” নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে।

 কবিয়ে তেজীমলা নদীত পাৰিজাত ফুল হৈ ফুলি থাকোতে তেতিয়া নাৱৰীয়া জনে ফুল চিঙিবলৈ  হাত মেলিছিল তেতিয়া তেজীমলাই এই কথাখিনি কৈছিল।

 তেজীমলাক ঘৰত মাহীমাকৰ সৈতে ৰাখি দেউতাক আৰু তেজীমলাৰ  স্বামী বাণিজ্য কৰিবলৈ নদীৰে বহু দূৰলৈ গৈছিল। মাহীমাকে , তেজীমলাক অকলে পাই তাইৰ মনৰ কামনা পূৰ্ণ কৰিবলৈ ঠিক কৰিছিল। তেজীমলা আছিল মাহীমাকৰ চকুৰ কটা দাঁতৰ শাল। কেনেকৈ তাইক  চকুৰ আগৰ পৰা আঁতৰি কৰিব পাৰে সদায় সেই চিন্তাত মগ্ন আছিল। দেউতা নোহোৱা হোৱাত সেই সুযোগ ওলাল। ধান বন্ধাৰ বুদ্ধি কৰি তেজীমলাক মাৰি নদীত পেলাই দিলে আৰু তেজীমলা পাৰিজাত ফুল হৈ ফুলি থাকিল। যেতিয়া ফুলৰূপী তেজীমলাক নাৱৰীয়াই শিঙিবলৈ গৈছিল তেতিয়া মানুহৰ ওপৰত বিশ্বাস হেৰুৱাই তেজীমলাই নাৱৰীয়াক ফুল শিঙিবলৈ বাধা দিছিল। কাৰণ মানুহে ফুলৰ আদৰ নাজানে। ফুল ছিঙি আনি তাৰ হাতেৰে মোহাৰি পেলাই দিয়ে আৰু মানুহে গচকী ৰাস্তাত পেলাই থৈ য়ায । 

 8) “সাৰি তুলি ছিঙি     মােহাৰি পেলালে 

              মানুহৰ মৰমাে নাই।”

—কোনে, কাক সাৰি তুলি ছিঙি পেলালে বুলি কবিয়ে কৈছে লিখা। 

উত্তৰঃ তেজীমলাৰ মাহীমাকে তেজীমলাক সাৰি তুলি ছিঙি মোহাৰি পেলালে বুলি কবিয়ে কৈছে।

৫। তেজীমলাক কোনে কেনেদৰে ৰাখিছিল কবিতাটোৰ সহায়ত লিখা।

 উত্তৰঃ তেজীমলা এগৰাকী মাক নোহোৱা ছোৱালী। দেউতাকে দ্বিতীয় বিবাহ কৰোৱাত তেজীমলাৰ মহীমাকে তাইক এনেদৰে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে যে তেজীমলাৰ শান্তি নোহোৱা হল। অৱশেষত দেউতাকৰ অনুপস্থিতত তেজীমলাক মাৰি সাৰি তুলি, ছিঙি মোহাৰি পানীত পেলাই দিলে। তাত তেজীমলাই এপাহী ধুনীয়া পাৰিজাত ফুল হৈ থাকিল আৰু প্ৰকৃতিৰ বুকুত থকা নানা বস্তু তেজীমলাক মৰমেৰে আৱৰি ৰাখিছিল। পানীত থকা পানীৰ লতা,পানীৰ চৰাই, পোৱাল পোক, সোণালী- ৰূপালী মাছ, মলয়া বতাহ আদি সকলোয়ে তেজীমলাৰ লগত উমলি জামলি মৰমেৰে আৱৰি ৰাখিছিল।

৬। সমার্থক শব্দ লিখা 

বেথা – সমস্য়া।

বাতৰি – খবৰ।

চকুলাে – অশ্ৰু।

হাঁহি – হাসি।

ফুল – পুষ্প।

ভাও – অভিনয় কৰা।।

বায়ু – বতাহ।

সখী – বান্ধৱী।

৭। বিপৰীত শব্দ লিখা।

বিসর্জন – আৱাহন।

সন্ধিয়া – ৰাতিপুৱা।

আশা – নিৰাশা।

বিশ্বাস – অবিশ্বাস।

স্বপ্ন – দিথক।

৮।  চন্দ্ৰকুমাৰ আগৰৱালাক ‘প্রতিমাৰ খনিকৰ’ বুলি কোৱা হয়। কিয় কোৱা হয় শিক্ষকক সুধি জানি লােৱা।

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম আছিল প্ৰতিমা। সেইকাৰণে তেখেতক “প্ৰতিমা খনিকৰ” বোলা হৈছিল।

৯)বাক্য ৰচনা কৰাঃ

বুকুৰ কুটুমঃ মাকৰ বুকুৰ কুটুম ল’ৰাটোৰ মৃত্য়ুত মাক পাগলী হৈ গ’ল।

মাটিৰ মানুহঃগজেন সচাকৈয়ে মাটিৰ মানুহ ।

বিধিৰ লিখনঃ বিধিৰ লিখন কোনেও খন্দাব নোৱাৰে।

বিনা মেঘে বজ্রপাতঃ  মানুহ জন বিনা মেঘে বজ্ৰপাত  হৈ ঢুকাল।

১১। এটা শব্দত প্ৰকাশ কৰা ঃ

ক) আকাশ চুব পৰা – আকাশচুম্বী।

খ)একে মাকৰ সন্তান – সহোদৰ।

গ) কাৰাে নাম নধৰাকৈ পৰা গালি – গোৱালগালি।

ঘ) নাৱেৰে বেপাৰ কৰা বেপাৰী  – সদাগৰ।

ঙ) বেলি উঠাৰ আগৰ সময় – দোকমোকালি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top