AJB Class 7 Assamese Chapter 1 Question Answer | Class 7 Assamese Chapter 1 স্বদেশ-প্ৰেম Question Answer | 2026 Update

পাঠ – ১

স্বদেশ-প্ৰেম

অৰ্থৰ সৈতে চিনাকী হওঁ আহাঁ
শিলাময়=শিলৰ দৰে কঠোৰ,অনুভূতিহীন

উথলি=ওফন্দি উঠি

বিভূতি=ধন-সম্পত্তি,ঐশ্বৰ্য, বিভৱ

কাঠ-চিত= কঠিন হৃদয়

১)কবিতাটোৰ সাৰাংশ লিখাঁ।

উত্তৰঃ উক্ত কবিতাটোত পদ্মধৰ চলিহাদেৱে আমাৰ জন্মভূমিৰ কথা বৰ্ননা কৰিছে, যেতিয়া ইংৰাজ কবি চাৰ ৱাল্টাৰ স্কটে আমাৰ দেশ ভ্ৰমণ কৰি উলতি আহে তেতিয়া তেওঁ কৈছিল যে যিজন মানুহে নিজৰ জন্মভূমিক এবাৰো আপোন বুলি কোৱা নাই তেওঁৰ হৃদয়খন শিলৰ দৰে কঠোৰ, যদি কোনোৱা মানুহে আনৰ দেশৰ পৰা ফুৰি-চাকি উভতি আহোতে যিজনৰ হৃদয়খন স্বদেশ-প্ৰেমেৰে জ্বলা নাই, তেওঁ হৈছে কঠিন হৃদয়ৰ। তেওঁৰ বাবে কোনো গায়কে উৎসাহ কৰি গীত ৰচনা নকৰে বা নাগায়। যদি তাৰ ডাঙৰ উপাধী বা যিমান ডাঙৰ মানুহে ন’হক কিয় তেওঁৰ জগতত ফটা-ফুটা নাম। তাৰ যিমানে ধন সম্পদ নাথাকক তেওঁৰ কিন্তু কোনো সন্মান নাই। এই ধৰণৰ লোক স্বাৰ্থপৰ, দুৰকপলীয়া ইহঁতে জীৱনত খ্য়াতি নাপায়। এওঁলোকে দুগুনে মৰিব আৰু ধূলিৰ লগত নিলি যায় চিনচাব নাইকীয়া হ’ব আৰু ইহঁতৰ বাবে কোনেও চকুলো নোটোকে আৰু সন্মানো নকৰে, কবিসকলে কেতিয়াও এনে লোকৰ গুণ-গৰিমাক লৈ কবিতা ৰচনা নকৰে। যি সকলে নিজৰ জন্মভূমিক প্ৰেম কৰে তেওঁলোক ধন্য়।

২) স্বদেশ-প্ৰেমমূলক কবিতা বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ কবিতা নিজৰ দেশখনক লৈ ৰচনা কৰা হয় বা নিজৰ দেশখনৰ গুন-গৰিমা আৰু নিজৰ ভালপোৱাক লৈ ৰচনা কৰা হয় তেনেবোৰ কবিতাকে স্বদেশ-প্ৰেমমূলক কবিতা বুলি জনা যায়।

৩) প্ৰথমে কোৱা তাৰ পাছত লিখাঁ।

ক) কবিয়ে কাক শিলাময় বুলিছে?

উত্তৰঃ যিসকল লোকে নিজৰ জন্মভূমিক এবাৰো আপোন বুলি ভবা তেওঁলোকৰ হিয়া শিলাময় বুলি কবিয়ে কৈছে।

খ) কাৰ গুন গাবলৈ গায়কৰ উচ্ছ্বাহ উথলি নুঠে?

উত্তৰঃ যি সকল লোক নিজৰ জন্মভূমিৰ প্ৰতি কঠিন হৃদয়ৰ তেওঁলোকৰ গুন গাবলৈ গায়কৰো উৎসাহ উথলি নাহে।

গ) কোনবোৰ মানুহ ধুলিৰ লগত মিলি যাব আৰু কিয়?

উত্তৰঃ যিবোৰ মানুহ স্বাৰ্থপৰ আৰু দুৰকপলীয়া সেই সকল মানুহ ধূলিৰ লগত মিলি যাব বুলি কবিয়ে কৈছে।কাৰন তেওঁলোকে স্বদেশৰ প্ৰতি কোনো ভালপোৱা আৰু সহানুভূতি প্ৰকাশ কৰা দেখা নাযায়.

৪) প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰাঁ।

তাৰ বাবে কেৱেঁ আৰু নোটোকে চকুলো

কেৱেঁ তাক নকৰে সন্মান;

কবিয়ে ৰচি নকৰে নকৰে

কেতিয়াও তাৰ গুন গান।

উত্তৰঃ প্ৰসংগ–উক্ত কথা শাৰী আমাৰ পাঠ্যপুঠি ”আপোন পাঠৰ’ অন্তৰ্গত ‘স্বদেশপ্ৰেম নামৰ’ পাঠটিৰ পৰা তুলি লোৱা হৈছে।

সংগতি– পাঠটোত ইয়াকে বুজাইছে যে যিবোৰ লোকে নিজৰ দেশখনক ভাল পাব নোৱাৰে সন্মান কৰিব নোৱাৰে তেনে লোক সকলক যাতে কোনেও চকুলো নোটোকে কবিয়ে তেনেকুৱা লোকক কবিয়ে কেতিয়াও গুন-নাগায়।

ব্যাখ্যা-কবিয়ে উক্ত কথাশাৰীৰ দ্বাৰা ইয়াকে বুজাইছে যে নিজৰ দেশক ভাল নোপোৱা মানুহক যাতে কোনেওঁ চকুপানী টোকিনিদিয়ে আৰু যাতে কোনেওঁ তেওঁত সন্মান নকৰে। আৰু কবিয়েওঁ কবিতা ৰচি কেতিয়াওঁ তেওৰ গুন গান নকৰে বুলি কৈছে।

৫ . অসমীয়া ভাষাত ৰচনা কৰা কেইটামান স্বদেশ-প্ৰেমমূলক কবিতাৰ নাম লিখা।

উত্তৰঃ অসমীয়া ভাষাত ৰচনা কৰা কেইটামান স্বদেশ-প্ৰেমমূলক কবিতাৰ নাম হল- ‘ফুলনি’, ‘স্বৰাজ-সঙ্গীত’, ‘গীতি-লহৰী’ আৰু ‘শৰাই’।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top