AJB Class 8 Assamese Chapter 1 Question Answer | Class 8 Assames Chapter 1 বৰগীত Question Answer | 2026 Update

পাঠ ১

বৰগীত

অৰ্থৰ সৈতে চিনাকি হওঁ আহা:

চান্দ = চন্দ্ৰৰ দৰে উজ্জ্বল

বয়ন = মুখ

বাৱ = বায়ু, বতাহ

কোকিল = কুলি

ৰাৱ = শব্দ: মাত

পৰশন = ,স্পৰ্শন, স্পৰ্শ কৰা কাৰ্য্য়

তিমিৰ = অন্ধকাৰ;আন্ধাৰ; জ্ঞানহীন

নাশি = নষ্ট কৰি

পাঞ্চনী = এছাৰি, গৰু খেদা মাৰি

লহু লহু = লঘু লঘুকৈ, ধীৰে ধীৰে

গোষ্ঠে = গৰু চৰোৱা ঠাইলৈ, গৰু বন্ধা ঠাই বা খুঁটিলৈ

ডাকে = মাতে

সংগতি = লগৰীয়া

লেহু = লৈ

১ । একোটিকৈ বাক্যত উত্তৰ লিখাঃ

ক) যশােদা মাৱে কাক বাৰে বাৰে মাতিছে?

উত্তৰঃ যশােদা মাৱে তেওঁৰ পুত্ৰ শ্ৰীকৃষ্ণক বাৰে বাৰে মাতি

খ) যশােদাই কৃষ্ণক লগত কি কি লৈ গৰু চৰাবলৈ যাবলৈ কৈছিল?

উত্তৰঃ যশােদাই কৃষ্ণক লগত দৈ. গাখীৰ, ঘিঁউ, ভাত-আঞ্জা, এছাৰি শিঙা, বেত আৰু বেণু লৈ গৰু চৰাবলৈ যাবলৈ কৈছিল।

গ) কবি মাধৱদেৱে কাৰ বাহিৰে এই সংসাৰত আন কোনাে ত্রাণকর্তা নাই বুলি কৈছে?

উত্তৰঃ কবি মাধৱদেৱে হৰিৰ বাহিৰে এই সংসাৰত আন কোনাে ত্রাণকর্তা নাই বুলি কৈছে।

২। বৰগীতটিৰ মূলভাৱ লিখা।

উত্তৰঃ যশোদা আয়ে বাৰে বাৰে মাতি আছে – উঠা, বাপু চন্দ্ৰবদন, উঠা। ধীৰে ধীৰে মলয়া বতাহ বলিছে। কুলিয়ে সুললিত সুৰেৰে মাতিব লাগিছে। সূৰ্য্য়ৰ কিৰণ পৰি আন্ধাৰ দূৰ হ’ল; লগৰ ল’ৰাবিলাক আহি গোট খালে। দৈ, গাখীৰ, ঘিঁউ, ভাত-আঞ্জা, এছাৰি, শিঙাৰ আৰু বেণু লৈ গৰখীয়া ল’ৰাহঁতৰ লগত ওলোৱাঁ। মোৰ গোসাঁই কৃষ্ণ, উঠা; চৰণীয়া পথাৰলৈ ওলোৱাঁ। ষশোদাৰ কথা শুনি হৃষীকেশ কৃষ্ণই বালকসকলৰ সৈতে চৰণীয়া পথাৰলৈ ষাত্ৰা কৰিলে। দীন মাধৱে এই প্ৰমাসিদ্ধ কথা কৈছে যে, এইদৰে লীলা প্ৰকাশ কৰা হৰিৰ বাহিৰে এই সংসাৰত অন্য় কোনো ত্ৰাণকৰ্তা নাই।

৩। প্রসংগ – সংগতি দর্শাই ব্যাখ্যা কৰা :

ক) ৰবি পৰশন তিমিৰ নাশি।

  সংগতি বালকসব মিলিল আসি।।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্য়পুথি আপোন পাঠৰ মাধৱদেৱৰ বিৰচিত বৰগীত পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ উক্ত কবিতাফাঁকিৰ দ্বাৰা যশোদা মাৱে ত্ৰিজগতৰ পৰি শ্ৰীকৃষ্ণক জগাবলৈ চেষ্টা কৰিছে।

ব্য়াখ্য়াঃ শ্ৰীকৃষ্ণ নিজৰ শোৱাপাতিত শুই আছে। বেলি উলাইছে, আন্ধাৰ ফালি বেলিয়ে হাঁহিছে। কুলিয়ে সুললিত সুৰেৰে মাতিব লাগিছে। মৃদু মলয়া বতাহ বলিছে। শ্ৰীকৃষ্ণৰ লগৰীয়া বালকসকল গৰু চৰাবলৈ উলাই গ’ল। যশোৱাইয়ো নিজৰ পুত্ৰ শ্ৰীকৃষ্ণক জগাই গৰু চৰাবলৈ যাবলৈ কৈ আছে। তেওঁ শ্ৰীকৃষ্ণক কৈছে যে আন্ধাৰ ফালি বেলিয়ে পোহৰ দিছে। তোমাৰ লগৰীয়া সকলো বালক আহি লগ হৈ গৰু চৰাবলৈ গ’ল।

খ) দীন মাধৱে কহয় পৰমাণ।

 হৰি বিনে নাহি তাৰক আন।।

উত্তৰঃ প্ৰসংগঃ উক্ত কবিতাফাঁকি অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্য়পুথি আপোন পাঠৰ মাধৱদেৱৰ বিৰচিত বৰগীত কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ উক্ত কবিতাফাঁকিৰ দ্বাৰা কবি মাধৱদেৱে শ্ৰীহৰিৰ মহত্বৰ কথা বৰ্ণাবলৈ চেষ্টা কৰিছে।

ব্য়াখ্য়াঃ শ্ৰীহৰি হৈছে ত্ৰিজগতৰ পতি। তেওঁ ত্ৰিজগতৰ পতি হৈয়ো যশোদা মাৰ পুত্ৰ হৈ গৰু চৰাবলৈ যায়, আন বালকসকলৰ দৰেই কৰকৰা ভাত খায় আৰু মাকৰ পৰা এছাৰিৰ কোব খায়। এই সংসাৰত তেওঁৰ দৰে মহিমা প্ৰকাশ কৰা আন কোনোৱেই নাই।

গ) গাে বৎসপাল লেহু সংগে কৰি।

  উঠ গােষ্ঠে চল ঠাকুৰ মেৰি ।।

উত্তৰঃ

প্ৰসংগঃ উক্ত কবিতাফাঁকি অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্য়পুথি আপোন পাঠৰ মাধবদেৱ বিৰচিত বৰগীত কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ উক্ত কবিতাফাঁকিৰ দ্বাৰা যশোদা মাৱে ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণক জগাবলৈ চেষ্টা কৰিছে।

ব্য়াখ্য়াঃ দোকমোকালিৰ সময়ত যশোদা মাৱে শ্ৰকৃষ্ণক জগাই জগাই কৈছিল উঠা বাপু উঠা; আন্ধাৰ আঁতৰি ধৰালৈ পোহৰ নামিল। তোমাৰ লগৰীয়া সকলো বালক গৰু চৰাবলৈ উলাল। তুমিও উঠা, উঠি দৈ, গাখীৰ, ঘিঁউ, ভাত-আঞ্জা, এছাৰি, শিঙা আৰু বেণু লৈ গৰু চৰাবলৈ উলাই যোৱা।

৪। চমু টোকা লিখা।

ক) বৰগীতঃ শ্ৰীশ্ৰী শংকৰদেৱ আৰু মাাধৱদেৱৰ দ্বাৰা ৰচিত হৰিৰ গুণ-গৰিমা প্ৰকাশক গীতবোৰক বৰগীত বুলি কোৱা হয়। মহাপুৰুষ শংকৰদেৱে বাৰ কুৰি বৰগীত ৰচনা কৰিছিল কিন্তু তাৰে একুৰি চৈধ্য়তা হে পোৱা গৈছে আৰু মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা বৰগীত ১৫৭ টা পোৱা গৈছে। ইয়াৰ উপৰি মাধৱদেৱৰ ৰচিত বৰগীত নকুৰি এঘাৰটা বুলি পণ্ডিতসকলে অনুমান কৰিছে।

খ) ব্ৰজাৱলী ভাষাঃ ব্ৰজাৱলী ভাষা হ’ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্রীমাধৱদেৱ প্ৰমুখ্যে বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ভাষা। ই মৈথেলী, অসমীয়া আদি ভাষাৰ সংমিশ্ৰণত সৃষ্টি হােৱা এটা ভাষা। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে নাট আৰু বৰগীতসমূহত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। ইয়াৰ অন্য নাম ব্রজবুলি ভাষা।

৫। একে অর্থ বুজোৱা শব্দ লিখা :

ৰবি – সূৰ্য্য়, বেলি, দিনমণি, দিবাকৰ, তপণ, অৰুণ, ভাস্কৰ আদি।

দধি – দৈ।

বাণী – কথা।

দীন – দুখীয়া, অকিঞ্চন, নিঃকিন, দৰিদ্ৰ আদি।

৬। বিপৰীত শব্দ লিখা:

কোমল = কঠিন।

বাধ্য = অবাধ্য়।

জিকা = শুকান।

বিদ্যা = অবিদ্য়া।

ক্ষমা = প্ৰতিশোধ।

৭। ভাবার্থ লিখাঃ

আঁঠুৱা চাই ঠেং মেলাঃ মহৰ পৰা হাত সাৰিবৰ বাবে আমি আঁঠুৱা ব্য়ৱহাৰ কৰোঁ। আঁঠুৱাটো যিমান ডাঙৰ সেইমতে আমি ঠেং দীঘল কৰি দিব পাৰোঁ। চুটি আঁঠুৱাত দীঘলকৈ ঠেং মেলি দিলে, আঁঠুৱা দাং খাই থাকি মহ সোমাই কামুৰি থাকিব, তেতিয়া আঁঠুৱা তৰাৰ কোনো অৰ্থই নাথাকিব; তাৰোপৰি আঁঠুৱাও ফাটিব। গতিকে আঁঠুৱাৰ জোখ অনুযায়ীহে ঠেং মেলা উচিত। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে আয় চাইহে ব্য়য় কৰিব লাগে আৰু নিজৰ সামৰ্থ্য় অনুযায়ী হে কাম কৰিব লাগে। আয়তকৈ ব্য়য় বেছি হ’লে ধাৰত পোত খাব লাগিব আৰু সাম্য়ৰ্থতকৈ বেছি কৰিবখুজিলে শক্তি ভাঙি গৈ বিপদ ঘটাব।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top