বৰপেটা
পাঠঃতেৰ
ক্ৰিয়া-কলাপ
অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ
ধাম = পৱিত্ৰ ঠাই
ৰজ = ধূলি
পূত = পৱিত্ৰ
থান = বৈষ্ণৱসকলৰ গুৰু-ঘৰ; পূজা কৰা ঠাই
ইথানৰ = ইয়াৰ; এই ঠাইৰ
নিজান = নিৰ্জন
চউপাশে = চৌপাশে ( ‘চউপাশ’ কবিতাতহে ব্যৱহাৰ হয়)
[ ১] কবিতাটো মুখস্থ কৰাঁ।
[ ২] তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখাঁঃ
ক) কবিয়ে ‘বৰপেটা’ক অসমৰ কি বুলি কৈছে?
উত্তৰঃ কবিয়ে বৰপেটাক অসমৰ ধাম বুলি কৈছে।
খ) কি শুনি বাটৰুৱাক কবিয়ে পৰাণ জুৰাই যাবলৈ কৈছে?
উত্তৰঃ হৰিগুণ-নাম শুনি বাটৰুৱাক কবিয়ে পৰাণ জুৰাই যাবলৈ কৈছে।
গ) কাৰ পদ-ধূলিৰে বৰপেটা পুণ্য স্থানলৈ পৰিৱৰ্তিত হৈছে?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ পদ-ধূলিৰে পুণ্য স্থানলৈ পৰিৱৰ্তিত হৈছে।
ঘ) বৰপেটা ধামত ক’ত ক’ত হৰিনাম শুনা যায়?
উত্তৰঃ বৰপেটা ধামত আকাশত, বতাহত, শিশুৰ মুখত,নাৱত হৰিনাম শুনা যায়।
ঙ) কি শুনি শোক-তাপ দূৰতে পলায়?
উত্তৰঃ হৰিৰ মহিমা শুনি শোক-তাপ দূৰতে পলায়।
চ) কি কি উৎসৱত হৰিনাম গায়?
উত্তৰঃ বিবাহ, জন্মদিন, বিহু আদি উৎসৱত হৰিনাম গায়।
ছ) হৰিৰ মহিমা গাই নাৱৰীয়াই ক’ত নাও বায়?
উত্তৰঃ হৰি মহিমা গাই নাৱৰীয়াই বৰনৈৰ বিমল বুকুত নাও বায়।
জ) তিথি উৎসৱত ডেকাহঁতে কি কৰে?
উত্তৰঃ তিথি উৎসৱত ডোকাহঁতে নাও খেলে।
ঝ) বৰপেটা ধামত মানৱৰ কেনেদৰে মহামিলন ঘটিছে ?
উত্তৰঃসুখী-দুখী,পাপী-তাপী সকলোৱে কাষ চাপি হৰি নাম চাই যোৱা ফলত বৰপেটা ধামত মানৱৰ মহামিলন ঘটিছে।
ঞ) কি আদৰ্শ লৈ কোনে এই অসমী আইৰ বুকুলৈ আহিছে? তেৰাই কি এৰি গৈছে?
উত্তৰঃ সকলো হৰিভক্ত সমান আসন এই আদৰ্শ লৈ মহাপুৰুষ এই অসমী আইৰ বুকুলৈ আহিছে। তেৰাই সাম্যমন্ত্ৰ হৰিনাম আৰু পৱিত্ৰ কীৰ্তন থান এৰি গৈছে।
ট) জগতগুৰুজনাই কেনেদৰে অসমীয়া জাতি গঢ়িছ?
উত্তৰঃ জগতগুৰুজনাই হৰিনাম, হৰিৰ মহিমা আদিৰে অসমীয়া জাতিক গঢ়িছে।
ঠ) জগতগুৰুজনাৰ কি মহামন্ত্ৰ জপি পাপী-তাপীয়ে মুক্ত হ’ব বাৰু?
উত্তৰঃ জগতগুৰুজনাৰ হৰিনাম মহামন্ত্ৰ জপি পাপী-তাপীয়ে মুক্ত হব।
[ ৩] কবিতাটিৰ কথাখিনি তোমাৰ নিজৰ কথাৰে লিখিবলৈ যত্ন কৰাঁ।
[ ৪] বাক্য ৰচনা কৰাঁ।
পৰাণ-
মহিম- হৰিৰ মহিমা অপাৰ
নিজান- নিজান ঠাই গহীন হয়।
আৱাহন,
উচ্চ-নীচ-
[ ৫] খালী ঠাই পূৰ কৰাঁঃ
বাটেৰে যোৱা লোক যি = বাটৰুৱা।
নাও বায় যি = নাৱৰীয়া
নৈত নাৱেৰে বেপাৰ কৰে যি = সাউদ
হাল বায় যি = হালুৱা
খেল খেলে যি = খেলুৱৈ
বাঁহ-বেতৰ কাম কৰে যি = বাঢ়ৈ
[৬] পঢ়াঁ আৰু লিখাঁঃ
সুখী + দুখী = সুখী-দুখী
পাপী + তাপী = পাপী-তাপী।
উচ্চ + নীচ = উচ্চ-নীচ।
শোক + তাপ = শোক-তাপ।
গছে + পাতে = গছে-পাতে।
তাল + খোল = তাল-খোল।
[ ৭] পঢ়াঁ, বুজা আৰু লিখাঁঃ
আকাশ —- আকাশী
বন —– বননি
ধন —- ধনী
পাপ —- পাপী
তাপ —- .তাপী
সুখ —- সুখী
দুখ — দুখী
মান — মানী
হাবি — ……………….
কাঠ — কাঠনী
শাক —– শাকনী
বাদাম — বাদামী
গোলাপ — গোলাপী
দাগ —- দাগী
কপাহ — কপাহী
দৰদ — দৰদী
[ ৮] তলৰ উদাহৰণটো চাই বাকীকেইটা নিজে কৰাঁঃ
উচ্চ + আসন = উচ্চাসন
নীচ + আসন = নীচাসন
হিম + আলয় = হিমালয়
মহা + আশয় = মহাশয়
কুশ + আসন = কুশাসন
নিম্ন + আসন = নিম্নাসন
নীল + অচল = নীলাচল
[ ৯] তোমাৰ জনমভূমিখন বিশেষ কোনো কথাৰ বাবে বিশেষত্বপূৰ্ণ নেকি? যদি হয়, তেন্তে জনমভূমিখনক লৈ এই কবিতাটো আৰ্হিত কবিতা ৰচনা কৰিবলৈ যত্ন কৰাঁ।
[ ১০] কবিতাটোত উল্লেখ থকা বাদ্যযন্ত্ৰসমূহৰ উপৰি তুমি জনা আন আন বাদ্যযন্ত্ৰৰ নাম লিখাঁ আৰু যি কোনো এবিধৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰাঁ.
[ ১১] ‘কাশীৰ’, ‘মথুৰাপুৰী’ নামৰ ঠাইৰ দৰে ‘পুৰী’ শব্দটো থকা তুমি জনা আন ঠাইৰ নাম লিখাঁ।
[ ১২] চমুটোকা লিখাঁঃ
কাশীপুৰী, মথুৰাপুৰী, বৰপেটা ধাম।
Type: Nayan Moni Deka
Post ID : DABP005939
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post