Might Learn Logo Might Learn

AJB Class 8 Assamese Chapter 19 Answer সীতাৰ প্ৰতি ৰামৰ বচন 

পাঠ ১৯

সীতাৰ প্ৰতি ৰামৰ বচন 

ক্রিয়াকলাপ 

১। একোটিকৈ বাক্যত উত্তৰ লিখা ।

ক) জনক জীয়াৰী কোন ? 

উত্তৰঃ জনক জীয়াৰী সীতা।

খ) সীতাৰ প্রতি ৰামৰ বচন ’ কবিতাটো ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লােৱা হৈছে?

উত্তৰঃ সীতাৰ প্ৰতি ৰামৰ বচন” কবিটাতো ৰামায়ন অযোধ্য়া কাণ্ডৰ  পৰা লোৱা হৈছে।

গ) মাধৱ কন্দলিক কোনে অপ্রমাদী কবি বুলি অভিহিত কৰিছিল ?

উত্তৰঃ মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল।

২। ৰামে সীতাক বনৰ জয়াল ছবিখন কেনেদৰে বুজাই দিছিল লিখা ।

উত্তৰঃ সীতাই ৰামৰ লগত বনবাস খাটিবলৈ ময়ো যাওঁ বুলি কোৱাত  নাযাবলৈ বনৰ এখন জয়াল ছবিৰ বৰ্ণনা কৰিছিল। ৰামে সীতাক এনেদৰে বুজাই দিছিল যে বনত ভয়ঙ্কৰ সিংহ বাঘে গৰ্জন কৰি থাকে। হাতীবোৰেও মাটি কপি যোৱাকৈ শব্দ কৰি ঘূৰি ফুৰে। ম’হ, বৰাহ, বাঘ, বৰ বৰ নাগ আদি দেখিলে ভয়তে সকলো পাহৰি যাব লগীয়া অৱস্থা হ’ব লগা হয়। জোক, পোক, মহ,  আদি বিভিন্ন জন্তু দেখিলে সীতাই বৰ ভয় খাব। কাৰণ সীতাই স্বভাৱতে এজনী  কোমল নাৰী। এইদৰে ৰামে বনৰ এটা জয়াল ছবিৰ সীতাৰ আগত দাঙি ধৰিছিল। 

৩। ৰামৰ সৈতে বনলৈ নগ’লে সীতাই কি কৰিম বুলি কৈছিল ?

উত্তৰঃ ৰামৰ সৈতে সীতাই বনলৈ নগলে বিষ খাি মৰিম বুলি কৈছিল।

 ৪।প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :

ক ) সীতাৰ কাৰুণ্য শুনি       পুনু ৰামচন্দ্র বােলে 

                     শুন শুন জনক জীয়াৰী ।

       স্ত্রীৰ বনবা                     সুখৰ নাহিকে আশ 

                শুনি হাসিবেক নৰ – নাৰী । 

উত্তৰঃ প্ৰসংগঃ উক্ত কথাফাঁকী আমাৰ পাঠ্য়পুথিৰ মাধৱ কন্দলীয়ে ৰচিত কবিতা “সীতাৰ প্ৰতি ৰামৰ বচন” নামৰ পাঠৰ পৰা তুলি দিছে।

সংগতিঃ পিতৃ সত্য় পালন কৰাৰ কাৰণে ৰামে বনবাস খাটিবলৈ যাৱলৈ ওলোৱাত লগত সীতাও যাব খুজিছিল। তেতিয়া ৰামে সীতাক এই কথাখিনি কৈছিল।

ব্য়াখ্য়াঃ ৰামে ৰাজ অভৰন ত্য়াগ কৰি বাকলি বসন পিন্ধি বনলৈ যাৱলৈ সাজু হোৱাত ৰামৰ লগত পতীব্ৰতা সীতাও যাৱলৈ ওলাল।কিন্ত অটব্য় অৰণ্য়ৰ মাজত এগৰাকী তিৰোতা মানুহ থকাটো সহজ নহয়। সেয়েহে ৰামে ভাবিছিল সীতাক বনবাসলৈ নিনিও।ৰামে বাৰে বাৰে সীতাক বনৰ মাজত থকাৰ ভয়ানক কথাবোৰ কৈছিল। কিন্ত সীতাই কোনো পধ্য়ই মান্তি নহয়। তেতিয়া ৰামে কৈছিল যে এগৰাকী মহিলাৰ  সৈতে বনত গৈ বাস কৰাটো অকণো সুখৰ নহয়। এই কথা মানুহে শুনিলে হাহিব।গতিকে বনত গৈ কষ্ট কৰাটকৈ ঘৰত থকাই মংগল।

খ ) সীতাই বেলন্ত প্রভু           আত মােৰ ভয় নাই 

               প্রাণ মােৰে আছে তযু পাৱে ।

  সিংহ ব্যাঘ্র হস্তীগন              ওচৰত নাসিবেক

               পলাইবেক তােমাৰ প্ৰভাৱে ।।

উত্তৰঃ প্ৰসংগঃ উক্ত কথাফাকি আমাৰ পাঠ্য়পুথিৰ মাধৱ কন্দলিয়ে ৰচিত “সীতাৰ প্ৰতি ৰামৰ বচন” নামৰ পীঠৰ পৰা তুলি দিছে।

সংগতিঃ সীতাক ৰামে বনলৈ যাবলৈ নালাগে বুলি কয় মনৰ ভয় দেখুৱাত প্ৰত্য়ুত্তৰত সীতাই ৰামৰ লগত থাকিলে যে একোৰে প্ৰতি ভয় নাই সেই কথা উল্লেক কৰিছে।

ব্য়াখ্য়াঃ পতীব্ৰতা সীতাই ৰামৰ এই কথা শুনি মানি লব মান্তি নহল।ৰামে সীতাৰ আগত বনৰ ভয়ংকৰৰূপ বোৰৰ বিষয়ে বৰ্ণনা কৰাত সীতাই এইবুলি কৈছিল যে যিমান ভয়ংকৰ বাঘ, হাতী, সিংহ থাকিলেও মই ৰামৰ লগত থাকিলে মোৰ একো বিপদ হৱ নোৱাৰে।ৰামৰ পত্নী হিচাপে সীতাৰ প্ৰাণ সদাই ৰামৰ চৰনত আছে। সেইবাবে বনৰ একোভয়ে সীতাক তলাব নোৱাৰে বুলি কৈছিল।ৰামৰ নাম শুনিলেই যমকালও দূৰ হৈ যায়। তেনেক্ষেত্ৰত অন্য় সাধাৰণ ভয়ে সীতাক একো কৰিব নোৱাৰে। গতিকে ৰামে নিজৰ  পিতৃ সত্য় পালন কৰিবলৈ বনলৈ গলে সীতাও ৰামৰ  লগতে বনবাসলৈ যাব বুলি ৰামৰ আগত সীতাই দূঢ়ভাৱে প্ৰকাশ কৰিছিল।

৫। সমার্থক শব্দ লিখা : 

স্ত্রী =        পত্নী।

গহ্বৰ  =   গুহা। 

চৰণ  =    ভৰি।

শােণিত =  তেজ।

কণ্টক =  কাঁইত।

শয়ন =      শোৱা।

অৰুণ=    সূৰ্য।

গৰল=        বিষ  ।

 ৬। তলৰ ভুল বাক্যবােৰ শুদ্ধ কৰা :

 ক ) কালিলৈ এটা বজাত আহিবা ।

উত্তৰঃ কাইলৈ এক বজাত আহিবা।

 খ ) তােমালৈ ৰখি ৰখি আমনি লাগিছে ।

উত্তৰঃ তোমালৈ ৰৈ ৰৈ আমনি লাগিছে।

 গ ) তুমি কালি যেনে – তেনে যাবা ।

উত্তৰঃ তুমি কাইলৈ যেনে-তেনে যাবা।

 ঘ ) মায়ে ভাত বনাইছে ।

উত্তৰঃ মায়ে ভাত ৰান্ধিছে।

 ঙ ) ৰূপমৰ দেউতাক দিল্লী গৈছে ।

উত্তৰঃ ৰূপমৰ দেউতাক দি্ল্লীলৈ গৈছে।

৭। অভিধান চাই অর্থ লিখা ; ( শিক্ষকৰ সহায় ল’বা ) 

হাসিবেক , নাদ , প্রমাদ , ত্রাস , কাম্পে , উৰুক , হান্থিবি , চিন্তি , তযু ।

উত্তৰঃ

(ক) হাসিবেক – হাঁহিব।  

(খ) নাদ – চিঞৰ।

(গ) প্ৰমাদ – বিপদ।        

(ঘ) ত্ৰান –  ভয়।

(ঙ) কাম্পে – কপে।      

(চ) ভৰুক – ভয়াতুৰ।

(ছ) হান্হিবি – খোজ কঢ়া। 

(জ) চিন্তি চিন্তাকৰি।

(ঝ) তযু – তোমাৰ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects