Might Learn Logo Might Learn Shop Might Learn

AJB Class 8 Assamese Chapter 6 Question Answer | Class 8 Assames Chapter 6 সেতুবন্ধন Question Answer | 2026 Update

পাঠঃ ৬

সেতুবন্ধন

১। উত্তৰ লিখা।

ক) ৰাৱণে সীতাক ক’ত বন্দী কৰি ৰাখিছিল?

উত্তৰঃ ৰাৱণে সীতাক অশোক বাটিকাত বন্দী কৰি ৰাখিছিল।

খ) বানৰ বাহিনী কিয় গৃহাভিমুখে পলাব খুজিছিল?

উত্তৰঃ সাগৰত আকাশচুম্বী জোৱাৰ দেখি বানৰ বাহিনী ভয়ত গৃহাভিমুখে পলাব খুজিছিল।

গ) সুগ্রীৱে বানৰ সেনাক কি বুলি বুজালে?

উত্তৰঃ সুগ্ৰীৱে বানৰ সেনাক বুজালে যে – ” যি বীৰত্বৰ খ্য়াতিয়ে তোমালোকক চিৰকালে গৌৰৱান্বিত কৰিব, সেই যশস্য়া লাভৰ পৰা তোমালোক বিমুখ নহ’বা। মই জানো ৰাক্ষস কুল নিধন কৰা কঠিন। সাগৰ লঙ্ঘনো সহজসাধ্য় কাম নহয়। কিন্তু তোমালোকৰ শক্তিও কম বুলি নাভাবিবা। শ্ৰীৰামচন্দ্ৰৰ সান্নিধ্য়ত সেই কাম অৱশ্য়েই সফল হ’ব। যুদ্ধ বিজয়ৰ খ্য়াতিয়ে উৎসাহ বঢ়ায়; উদ্য়মহীন লোকে তাৰ মোল বুজি নাপায়। ”

ঘ) বান্দৰবােৰ কিয় লজ্জিত হৈছিল? 

উত্তৰঃ সুগ্ৰীৱে বানৰ সেনাক তেওঁৰ বুজনিৰে বুজাব নোৱাৰি ঘোষণা কৰিলে – ” ভাইহঁত! শৰীৰত অন্তিম ৰক্তবিন্দু থাকে মনে প্ৰাণে পণে যুঁজি মই ৰণতৃষ্ণা পূৰ্ণ কৰিম। ৰণ উদ্য়মো সমানে অটুত ৰাখিম।” সুগ্ৰীৱৰ এই গোষণা শুনি বান্দৰবোৰ লজ্জিত হৈছিল।

ঙ) বানসেনাহঁতে কিদৰে ৰণৰ অনুশীলন কৰিছিল?

উত্তৰঃ ঋষভে পৰ্বতৰ শৃঙ্গ এটা ভাঙি তাৰ বাওঁ কান্ধত থেকেচি খণ্ড-বিখণ্ড কৰিলে। খণ্ডিত গৃৰিশৃঙ্গৰ ধূলি চৌদিশে উৰিল। মৈন্দই সাগৰ তীৰৰ চন্দন গছ এজোপা উঘালি পেলালে, ফল তাত বাহ লোৱা সাপ, সৰীসৃপ আদি যেনিয়ে তেনিয়ে উফৰি পৰিল। দ্বিবিদৰ ভয়ানক চকুদুটা ধোঁৱাময় অগ্নিৰ দৰে ঢিমিক-ঢামাককৈ জ্বলিবলৈ ধৰিলে। শৰভে কাণ তাল মৰা চিঞৰ এটা মাৰিলে। সেই বিকট চিঞৰে মলয় পৰ্বতৰ গুহাত ঠেকা খাই পৰ্বতৰ নামনি ছিৰাছিৰ কৰিলে। এনেদৰেই বনসেনাহঁতে ৰণৰ অনুশীলন কৰিছিল।

চ) ৰামে কিয় অগ্নিবাণ নিক্ষেপ কৰিছিল আৰু তাৰ ফলাফল কি হৈছিল?

উত্তৰঃ ৰামে যুদ্ধ জয়ৰ পথত বাধা নিদিবলৈ ওৰে নিশা সাগৰক তুতি কৰিলে। কিন্তু নিৰ্বোধ সাগৰে সেই প্ৰাৰ্থনা অস্বীকাৰ কৰিলে। সাগৰে যেন লঙ্কা অভিযানৰ পথ এৰি দিবলৈ সাজু লহ’ল। তেতিয়া শ্ৰীৰামৰ মুখমণ্ডল ভয়ানক ক্ৰোধে আৱৰিলে। সাগৰৰ গৰ্জন তল পেলাবলৈ ৰামে অগ্নিবাণ নিক্ষেপ কৰিলে।

ছ) নলে কিদৰে সেতুবন্ধনৰ কামত দক্ষতা দেখুৱাইছিল?

উত্তৰঃ সেতু বন্ধা কাৰ্য ক্ষিপ্ৰতাৰে চলিল। কিন্তু কোনো ফল নধৰিল। সমুদ্ৰজলত মগ্ৰ শৈলৰাশি পৰি অদৃশ্য় হ’ল। সেতু নিৰ্মাণৰ ব্য়ৰ্থতাত কপিগণ ভাগৰি পৰিল। শ্ৰীৰামৰ ধনুৰ্বাণ যেন পুনৰ জুৰিবলগীয়া নহয়, সেই আশঙ্কা কৰি সুগ্ৰীৱে এই কাৰ্য্য়ত সুদক্ষ কাৰিকৰ নলক অনুৰোধ জনালে। নিজ শিল্পদক্ষতাত বিশ্বাসী নলেও ভক্তিসহকাৰে সেতু নিৰ্মাণৰ ভাৰ কান্ধ পাতি ল’লে।

২। সমাস নির্ণয় কৰা: 

দশানন = দশ আননৰ সমাহাৰ, দ্বিগু সমাস।

মহাসাগৰ = মহা যি সাগৰ, বহুব্ৰীহি সমাস।

কপিৰাজ = 

ৰণতৃষ্ণা = 

সিংহাসন = 

ৰঘুপতি = 

নির্বোধ = 

অগ্নিবাণ = 

কুম্ভকর্ণ = 

মেঘনাদ = 

দ্বৈৰৰ্থ =  

৩। সন্ধি ভাঙাঃ

দশানন     =    দশ     +     আনন।  

উদ্ধাৰ      =          উৎ     +     ধাৰ।

দুৰ্বৃত্ত        =        দুঃ      +    বৃত্ত।

উদ্যোগ    =      উৎ     +     যোগ।

উচ্চল       =       উৎ     +     চল।

উদ্‌গীৰণ  =      উৎ    +    গীৰন।

অত্যন্ত     =      অতি   +    অন্ত। 

জয়ােল্লাস =       জয়    +     উল্লাস।

মােহাচ্ছন্ন =     মোহ    +     আচ্ছন্ন।

৪। প্রত্যয় ভাঙি দেখুওৱাঃ

ভাগৰুৱাঃ ভাগৰ      +    উৱা ।

পৰাক্ৰমীঃ পৰাক্ৰম   +     ঈ ।

স্বর্ণময়ীঃ    স্বৰ্ণময়       +    ঈ ।

গৰীয়সীঃ  গৰীয়স       +     ঈ ।

৫। তলৰ শব্দবােৰত ‘ণত্ব’ বিধি আৰু ‘ষত্ব’ বিধিৰ কোনটো নিয়ম প্রয়ােগ হৈছে লিখাঃ

ৰাৱণঃ ৰ’ আৰু ‘ন’ ৰ মাজত ‘ক’ বৰ্গ ‘প’ বৰ্গ ৰ আখৰ বা ‘ৱ’ আৰু ‘য়’ থাকিলে ‘ন’ ‘ণ’ লৈ সলনি হয়।

লক্ষ্মণঃ  ‘ক্ষ’ আৰু ‘ন’ ৰ মাজত ‘প’ বৰ্গৰ আখৰ থাকিলে ‘ন’ ‘ণ’ হয়।

হৰণঃ  ‘হ’ আৰু ‘ন’ ৰ মাজত ‘ঋ’, ‘ৰ’, ‘ষ’ আদি থাকিলে ‘ন’ ‘ণ’ হয়।

প্রাণঃ ‘ৰ’ ৰ পিছত থকা ‘ন’ ‘ণ’ হয়।

ভাষণঃ ‘ষ’ ৰ পিছত থকা ‘ন’ ‘ণ’ হয়।

পূর্ণঃ ‘ৰ’ ৰ পিছত থকা ‘ন’ ‘ণ’ হয়।

ৰণঃ ‘ৰ’ ৰ পিছত থকা ‘ন’ ‘ণ’ হয়।

সুষেণঃ ‘ষ’ ৰ পিছত থকা ‘ন’ ‘ণ’ হয়।

তৃষ্ণাঃ ‘ঋ’ ৰ পিছত বহাৰ বাবেই ‘ষ’ হয়।

ঋষভঃ  ‘ঋ’ ৰ পিছত হোৱাৰ বাবেই ‘স’ ‘ষ’ হৈছে।

নিষধঃ  ‘ই’ কাৰান্ত উপসৰ্গৰ পিছত থকাৰ বাবে ‘স’ ষ’ হৈছে।

কাণঃ কিছুমান শব্দত স্বাভাৱিকতে ‘ণ’ হয়।

সংঘর্ষঃ ‘ৰ’ ৰ পিছত থকাৰ বাবে ‘স’ ‘ষ’ হৈছে।

নির্মাণঃ ‘ৰ’ আৰু ‘ন’ ৰ মাজত ‘প’ বৰ্গৰ আখৰ থকাৰ বাবে ‘ন’ ‘ণ’ হৈছে।

বাণঃ কিছুমান শব্দত স্বাভাৱিকতে ‘ণ’ হয়।

কর্ণঃ  ‘ঋ’, ‘ৰ’, ‘ষ’ ৰ পিছত থকা ‘ন’ ‘ণ’ হয়।

বাৰিষাঃ ‘ৰ’ আৰু ‘স’ ৰ মাজত ‘ই’ থকাৰ বাবে ‘স’ ‘ষ’ হৈছে।

৬। সমার্থক শব্দ লিখাঃ

সাগৰঃ সমুদ্ৰ, পয়োধি, অৰ্ণৱ।

যুদ্ধঃ ৰণ।

বান্দৰঃ বানৰ, কপি।

পানীঃ জল।

আকাশঃ গগণ, শূণ্য়, অম্বৰ, নীলিমা।

ৰজাঃ মহীপাল, ক্ষিতিপাল, ভূপতি, মহিপতিক্ষিতীশ, ক্ষিতিপতি, নৰপাল, নৰপতি, নৰেশ্বৰ, নৃপতি, ৰাজন।

সঙ্গমঃ মিলিত হোৱা।

তীৰঃ পাৰ।

মূৰঃ শিৰ।

দর্পঃ আত্মসন্মান।

জননীঃ জন্মদাত্ৰী। 

পৰিণয়ঃ ।

ভাৰ্য্যাঃ পত্নী। 

পতিঃ স্বামী, বঙহৰদেউ ।

পর্বতঃ ডাঙৰ পাহাৰ।

সেতুঃ  দলং।

৭। ভাব বহলাই লিখাঃ

ক) জননী জন্মভূমিশ্চ স্বর্গাদপি গৰীয়সী।

উত্তৰঃ 

খ) অতি দর্পে হত লঙ্কা।

উত্তৰঃ 

গ) ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰঃ এটোপ এটোপ পানী লগ হৈয়ে নদীৰ সৃষ্টি হয়; সেইদৰে একত্ৰিত হোৱা অজস্ৰ নখৰ আগত উঠা এটোপ এটোপ পানী মিলিত হৈয়ো একোখন নদীৰ সৃষ্টি কৰিব পাৰে; আৱশ্য়ক মাত্ৰ একত্ৰিত কৰাৰ। সেইদৰে বহুতো মানুহ এক হৈ প্ৰত্য়েকে অলপ প্ৰচেষ্টা আগবঢ়াইও একোটা মহৎ কাৰ্য সম্পাদন কৰিব পাৰে। এপইচা, দুপইচাকৈ ৰাাইজে আগবঢ়োৱা বৰঙণিৰ দ্বাৰাই বৰ্তমান যুগত একো একোটা মহৎ শিক্ষানুষ্ঠান গঢ়ি তুলিছে। এতেকে ৰাইজৰ সন্মিলনিত শক্তিয়ে জগতত বহুত মহৎ কাৰ্য সম্পাদন কৰিব পাৰে।

৮। প্রসঙ্গ – সংগতি দর্শাই ব্যাখ্যা কৰাঃ

ক) যুদ্ধ বিজয়ৰ খ্যাতিয়ে উৎসাহ বঢ়ায়; উদ্যমহীন লােকে তাৰ মােল বুজি নাপায়।

উত্তৰঃ 

প্ৰসংগঃ প্ৰশ্নোদ্ধিত বাক্য়ফাঁকি অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্য়পুথি আপোন পাঠৰ অন্তৰ্গত ‘সেতুবন্ধন’ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ যুদ্ধক্ষেত্ৰৰ পৰা পলাব খোজা বানসেনাক ৰখাবলৈ সুগ্ৰীৱে উক্ত বাক্য়শাৰীৰ অৱতাৰণা কৰিছে।

ব্য়াখ্য়াঃ ৰামৰ লগত সীতাক উভতাই আনিবলৈ যোৱা বানসেনাসকল বিশাল সমুদ্ৰৰ পাৰত ৰ’ল। সমুদ্ৰৰ ঘন ঘন আকাশচুম্বী জোৱাৰৰ উত্তোলনত পাৰত ৰৈ থকা বানৰ বাহিনী হঠাৎ ভয়ত বিহ্বল হৈ ঘৰলৈ ঘূৰি যাবলৈ উদ্য়ত হ’ল। কপিৰাজ সুগ্ৰীবে বানসেনাৰ মনোবল ফিৰাই আনিবলৈ চেষ্টা কৰিলে। তেওঁ কৈছিল যে যুদ্ধত যেতিয়া জয় লাভ কৰাৰ আনন্দ তুলনাবিহীন। সেই সুখকণ যুদ্ধৰ বাবে উদ্য়মতাহীন লোকে অনুভৱ কৰিব নোৱাৰে। 

খ) শৰীৰত অন্তিম ৰক্তবিন্দু থাকে মানে প্রাণেপণে যুঁজি মই ৰণতৃষ্ণা পূর্ণ কৰিম।

উত্তৰঃ

প্ৰসংগঃ উদ্ধিত বাক্য়শাৰী অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্য়পুথি আপোন পাঠৰ অন্তৰ্গত ‘সেতুবন্ধন’ শীৰ্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ সাগৰত উঠা আকাশচুম্বী জোৱাৰ দেখি ভয়ত আতুৰ হোৱা বানসেনাক বুজাই ৰখাব নোৱাৰি উক্ত বাক্য়শাৰীৰ অৱতাৰণা কৰিছে।

ব্য়াখ্য়াঃ সাগৰত উঠা জোৱাৰ দেখি হতভম্ব হোৱা বানসেনাই কপিৰাজ সুগ্ৰীৱৰ বুজনি মানিব নোখোজে। সেইদেখি সুগ্ৰীৱে তেওঁলোকৰ মনোবল বঢ়াবলৈ কৈছিল যে তেওঁৰ শৰীৰত অন্তিম বিন্দু তেজ থকালৈকে ৰামৰ হকে যুঁজি যাম। সীতাদেৱীক ঘৰলৈঘূৰাই আনিহে এৰিম।

৯। বাক্য ৰচনা কৰাঃ

চকুৰে সৰিয়হ ফুল দেখাঃ ৰাইজৰ মাৰৰ কোবত চুৰটোৱে  চকুৱেদি সৰিয়হ ফুল  দেখি গ’ল।

খাই পাত ফলাঃ ৰিয়াৰ দৰে খাই পাত ফলা  মানুহ পৃথিৱীতে নাই।

কাণে কাণ মাৰিঃ 

বগলী ভকতঃ ৰাজুৱে ৰাতি ৰাতি গৰু চুৰ কৰে আৰু দিনত হ’লে নামঘৰত নাম-প্ৰসংগ কৰে। তাৰ দৰে বগলী ভকতক নামঘৰত সোমাবই দিব নালাগে।

কাণ তাল মাৰঃ দেৱালীত ফটকাৰ কাণ তাল মৰা শব্দই জীনাৰ আইতাকৰ হৃদৰোগ বৃদ্ধি কৰিলে।

চকুৰ কুটা দাঁতৰ শালঃ 

পানীত হাঁহ নচৰাঃ এইবাৰ বানপানীয়ে গোটেই অসমৰ মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।

১০। উদাহৰণৰ দৰে লিখা।

বনত বাস      =     বনবাস।

বনত জাত    =           বনজাত।

ঘৰত ওপজা =         ঘৰোপজা।

কথাত চহকী =     কথাচহকী।

মৌত সনা     =     মৌ-সনা।

দিনত কণা   =       দিনকণা।

গছত পকা   =           গছপকা। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects