পাঠ ৭
ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ
১। বাক্যত উত্তৰ লিখাঃ
ক) অসমৰ নৈপৰীয়া জনগােষ্ঠীটোৰ নাম কি?
উত্তৰঃ অসমৰ নৈপৰীয়া জনগােষ্ঠীটোৰ নাম হৈছে মিছিং।
খ) অসমৰ কোনখন জিলাত মুখ্যতঃ ৰাভাসকলে বসবাস কৰে?
উত্তৰঃ অসমৰ গোৱালপাৰা জিলাত মুখ্যতঃ ৰাভাসকলে বসবাস কৰে।
গ) ৰাভাসকল কোন ভাষা-গােষ্ঠীৰ অন্তৰ্গত?
উত্তৰঃ ৰাভাসকল তিব্বত-বৰ্মীয় ভাষা-গােষ্ঠীৰ অন্তৰ্গত।
ঘ) ৰাভাসকলৰ প্রধান খেল কেইটা আৰু কি কি?
উত্তৰঃ ৰাভাসকলৰ প্রধান খেল আঠটা। সেইকেইটা হৈছে – ‘ৰংদানি’, ‘মায়তাৰি’, ‘কোচা’, ‘পাতি’, ‘দাহৰি’, ‘বিটলা’, ‘টোটলা’, আৰু ‘জানা’।
ঙ) ৰাভাসকলৰ খাদ্য-প্রণালীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ৰাভাসকলে ঘৰতে প্ৰস্তুত কৰা পানীয় গ্ৰহণ কৰে। এি পানীয়ৰ নাম হৈছে – চকো, মাখাম আৰু ছিনছিনা। তেওঁলোকে শুকান মাছ, গাহৰি, কুকুৰা, কুঁচিয়া, শামুক, কেঁকোৰা, বৰলৰ টোপ, পলু-উঁইচিৰিঙা আদিও খাদ্য় হিচাপে ব্য়ৱহাৰ কৰে। খাৰলি, পিঠাগুড়িৰ আঞ্জাৰ লগতে বিভিন্ন চুঙা পিঠা, টোপোলা পিঠা, সান্দহ কড়াাই আদিও তেওঁলোকে তৃপ্তিৰে খায়।
চ) ৰাভাসকলৰ কৃষিকৰ্মৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ৰাভাসকলে গৰু-ম’হৰ সহায়ত পথাৰত বিভিন্ন জাতৰ শালিধান, জহাধান, বাওধানৰ লগতে সৰিয়হ আৰু বতৰৰ শাক-পাচলিৰ খেতি কৰে। ঘৰৰ বাৰীত বিভিন্ন জাতৰ ফল-মূলৰ খেতি কৰি নিজৰ প্ৰয়োজনীয় অভাৱ পূৰণ কৰে।
৩। অসমৰ প্রধান পাহাৰীয়া জিলাকেইখন কি কি?
উত্তৰঃ ফৰকান্তি উৎসৱৰ প্ৰধান উদ্দেশ্য় হৈছে মৃতকৰ শ্ৰাদ্ধ কৰা।
অসমৰ পাহাৰীয়া জিলাকেইখন হৈছে – কাৰ্বি-আংলং।
৪। বাক্য ৰচনা কৰাঃ
জীৱন-ধাৰণ, ঐতিহ্য-পৰম্পৰা, স্বামী-স্ত্রী, সমাজ-সংস্কৃতি, ইনাই-বিনাই।
জীৱন-ধাৰণঃ অসমীয়া মানুহ আৰু বঙালী মানুহৰ জীৱন-ধাৰণ প্ৰণালী সুকীয়া।
ঐতিহ্য়-পৰম্পৰাঃ ঐতিহ্য়-পৰম্পৰা ৰাখিবলৈ আজিও গাৱেঁ গাৱেঁ মেলা অনুষ্ঠিত কৰা হয়।
স্বামী-স্ত্ৰীঃ স্বামী-স্ত্ৰীৰ মাজত একতাৰ খুবেই প্ৰয়োজন।
সমাজ-সংস্কৃতিঃ সকলো ঠাইৰে সমাজ-সংস্কৃতি বেলেগ বেলেগ।
ইনাই-বিনাইঃ পথ-দুৰ্ঘটনাত মাক আৰু দেউতাকৰ একেলগে মৃত্য়ু হোৱাত ল’ৰা-ছোৱালীকেইটাই ইনাই-বিনাই কান্দিছে।
৫। অসমৰ যিকোনাে এটি জনগােষ্ঠীৰ উৎসৱ-অনুষ্ঠান, খাদ্যাভ্যাস, জীৱন-ধাৰণৰ প্ৰণালী আদি উল্লেখ কৰি এখনি পৰিচয়মূলক ৰচনা প্রস্তুত কৰা।
উত্তৰঃ
ৰাভা সকল
উৎসৱ-অনুষ্ঠানঃ ৰাভা সকলৰ উৎসৱ-অনুষ্ঠান সমূহৰ ভিতৰত ফাৰকান্তি উৎসৱ অন্যতম । ৰাভা সকলে মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে বিভিন্ন ধৰণৰ শ্ৰাদ্ধ অনুষ্ঠান পাতে । ফাৰকান্তি উৎসৱ এক প্ৰকাৰৰ মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান । এই উৎসৱত বিভিন্ন ধৰণৰ গীত নৃত্যৰ দ্ৱাৰা সকলোৱে আনন্দ কৰে। ফাৰকান্তি উৎসৱত ফাৰকান্তি নৃত্যও পৰিবেশন কৰা হয়।
Events& Listings
জীৱন-ধাৰণৰ প্ৰণালীঃ ৰাভা সকলৰ প্ৰধান জীবিকা হৈছে কৃষি ৰাভাসকলে গৰু-ম’হৰ সহায়ত পথাৰত বিভিন্ন জাতৰ শালিধান, জহাধান, বাওধানৰ লগতে সৰিয়হ আৰু বতৰৰ শাক-পাচলিৰ খেতি কৰে। ঘৰৰ বাৰীত বিভিন্ন জাতৰ ফল-মূলৰ খেতি কৰি নিজৰ প্ৰয়োজনীয় অভাৱ পূৰণ কৰে।
খাদ্যাভ্যাস ঃ ৰাভাসকলে ঘৰতে প্ৰস্তুত কৰা পানীয় গ্ৰহণ কৰে। এি পানীয়ৰ নাম হৈছে – চকো, মাখাম আৰু ছিনছিনা। তেওঁলোকে শুকান মাছ, গাহৰি, কুকুৰা, কুঁচিয়া, শামুক, কেঁকোৰা, বৰলৰ টোপ, পলু-উঁইচিৰিঙা আদিও খাদ্য় হিচাপে ব্য়ৱহাৰ কৰে। খাৰলি, পিঠাগুড়িৰ আঞ্জাৰ লগতে বিভিন্ন চুঙা পিঠা, টোপোলা পিঠা, সান্দহ কড়াাই আদিও তেওঁলোকে তৃপ্তিৰে খায়।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post