AJB Class 8 New Science 2 Chapter 15 Answer 2026 | পোহৰ | অধ্যায় ১৫ | Light | Chapter 15 | Question Answer Assam | Class 8 Science2 Notes And Suggestion

Chapter 15

পোহৰ

প্ৰশ্নাৱলী :

1) শুদ্ধ উত্তৰটো বাছি উলিওৱা:

i) বগা পোহৰত থকা ৰঙৰ সংখ্যা

a) এটা               b) পাঁচটা                  c) সাতটা                        d) দহটা

উত্তৰঃ  c) সাতটা 

ii) সমতল দাপোণৰ পৰা সক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ দূৰত্ব-

a) সমান              b) সমান নহয়           c) সদায় সমান নহয়              d) শুদ্ধ উত্তৰ নাই

উত্তৰঃ a) সমান

iii) দুডাল সমান্তৰাল পোহৰ ৰশ্মি প্ৰতিফলিত হৈ পুনৰ সমান্তৰালভাৱে গতি কৰিলে তেনে প্ৰতিফলনৰ নাম-

a) অনিয়ন্ত্ৰিত             b) নিয়মিত               c) প্ৰতিসৰণ                d) বিচ্ছুৰণ

উত্তৰঃ  b) নিয়মিত।

iv) চকুৰ সমুখৰ স্বচ্ছ অংশৰ নাম-

a) ৰেটিনা                 b) আইৰিছ               c) পিউপিল                       d) ক’ৰ্ণিয়া

উত্তৰঃ d) ক’ৰ্ণিয়া।

v) অন্ধ লোকে পঢ়িবৰ বাবে ব্যৱহৃত হোৱা পদ্ধতিটোৰ নাম-

a) ব্ৰেইল                       b) ইজি ৰীড                c) ব্লাইণ্ড ৰীড             d) তিনিওটা শুদ্ধ

উত্তৰঃ a) ব্ৰেইল  ।

2. চমু উত্তৰ দুয়া :

a) পোহৰৰ প্ৰতিফলন বুলিলে কি বুজা?

উত্তৰঃ কোনো মাধ্য়মৰ পৰা পোহৰ ৰশ্মি আহি দাপোনত পৰাৰ পাছত পুনৰ একে মাধ্য়মলৈ ঘূৰি অহা পৰিঘটনাটোক পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। 

b) আপতন কোণ আৰু প্ৰতিফলন কোণৰ মানৰ মাজত সম্পৰ্ক কি?

উত্তৰঃ প্ৰতিফলনৰ ক্ষেত্ৰত আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। আপতন বা প্ৰতিফলন বিন্দুত অঁকা অভিলম্ব একেখন সমতলত থাকে।

c) সমতল দাপোণত হোৱা প্ৰতিবিম্ব হাতেৰে চুই চাব পাৰিনে?

উত্তৰঃ সমতল দাপেনত হোৱা প্ৰতিবিম্ব হাতেৰে চুই চাব নোৱাৰে।

d) পাৰ্শ্বীয় বিলোমন কাক কয়?

উত্তৰঃ লক্ষ্য়বস্তুৰ সোঁফাল প্ৰতিবিম্বৰ বাঁফাল আৰু বাঁওফাল প্ৰতিবিম্ব সোঁফাল যেন লাগিব। প্ৰতিবিম্বৰ ধৰ্মৰ বাবে এনে হয় আৰু ইয়াক পাৰ্শ্বীয় বিলোমান বুলি কোৱা হয়।

e) পোহৰৰ কি পৰিঘটনাৰ বাবে ৰামধেনুৰ সৃষ্টি হয়?

উত্তৰঃ পোহৰৰ বিচ্ছুৰণৰ বাবে ৰামধেণুৰ সৃষ্টি হয়।

f) চকুৰ কোন অংশত লক্ষ্যবস্তুৰ প্ৰতিবিম্ব গঠন হয়?

উত্তৰঃ চকুৰ ৰেটিনা অংশত লক্ষ্য়বস্তুৰ প্ৰতিবিম্ব গঠন হয়।

3. উত্তৰ দিয়া : 

a) প্ৰতিফলনৰ সূত্ৰ দুটা লিখা।

উত্তৰঃ প্ৰতিফলনৰ সূত্ৰ দুটা হ’ল-

১) আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বা প্ৰতিফলন বিন্দুত অঁকা অভিলম্ব একেখন সমতলত থাকে।

২) প্ৰতিফলনৰ ক্ষেত্ৰত আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান।

b) এখন সমতল দাপোণত প্ৰতিবিম্ব কেনেকৈ সৃষ্টি হয়, চিত্ৰ আঁকি বুজাই দিয়া।

উত্তৰঃ সমতল দাপোনত প্ৰতিবিম্বৰ কেনেকৈ সৃষ্টি হয়, তাক এটা পৰীক্ষাৰ সহায়ত দেখুওৱা হ’ল।

    ছবিত দেখুৱাৰ দৰে ‘o’ এটা বিন্দুৰ উৎস। ‘E’ হ’ল চকু আৰু ‘B’ আৰু ‘D’ হ’ল চকুৰ দুই প্ৰান্ত বিন্দু। আনহাতে ‘PQ’ হ’ল এখন দাপোন। এই দাপোনখনতেই প্ৰতিফলন হৈ বিন্দু উৎসটোৰ প্ৰতিবিম্ব সৃষ্টি হৈছে।

         এতিয়া ‘O’ পৰা অহা এডাল পোহৰ ৰশ্মিয়ে দাপোনখনৰ ‘A’ বিন্দুত প্ৰতিফলিত হৈ চকুৰ ‘B’ বিন্দু পাইছেগৈ। এই ক্ষেত্ৰত আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। তেনেকৈ ‘O’ ৰ পৰা অহা আন এডাল পোেহৰ ৰশ্মিয়ে ‘C’ বিন্দুত প্ৰতিফলিত হৈ চকুৰ আনটো প্ৰান্ত বিন্দু ‘D’ পাইছেগৈ। এতিয়া মন কৰিবলগীয়া যে ‘AB’ আৰু ‘CD’ ৰেখা অপসাৰী ৰেখা। অৰ্থাৎ তুমি যদি এই ৰেখা দুডাল বিপৰীত দিশত লৈ যোৱা, তেন্তে এই ৰেখা দুডালে ‘I’ বিন্দুত কটাকটি কৰিব।

       প্ৰতিফলিত ৰশ্মি দুডালে আপাতভাবে কটাকটি কৰা এই ‘I’ বিন্দুতে বিন্দু উৎটোৰ প্ৰতিবিম্ব সৃষ্টি হ’ব।দাপোনৰ পৰা O আৰু I ৰ দূৰত্ব জোখা। দেখিবা যে এই দূৰত্ব সমান। অৰ্থাৎ দাপোনৰ পৰা লক্ষ্য়বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান।

c) নিয়মিত আৰু পৰিব্যাপ্ত প্ৰতিফলন কি?

উত্তৰঃ যদি দুডাল সমান্তৰাল পোহৰ ৰশ্মি কোনো পৃষ্ঠত প্ৰতিফলিত হোৱাৰ পাছত পুনৰ সমান্তৰালভাৱে গতি কৰে, তেন্তে তাক নিয়মিত প্ৰতিফলন বুলি কোৱা হয়।

           যদি দুডাল সমান্তৰাল পোহৰ ৰশ্মি কোনো পৃষ্ঠত প্ৰতিফলিত হোৱাৰ পাছত পুনৰ সমান্তৰালভাবে গতি নকৰে, তেন্তে তাক কোৱা হয় অনিয়মিত বা পৰিব্য়াপ্ত প্ৰতিফলন।

d) এটা প্ৰিজমে কেনেকৈ পোহৰৰ বিচ্ছুৰণ ঘটাব পাৰে, চিত্ৰৰ সহায়ত দেখুওৱা।

উত্তৰঃ একাধিক ৰঙৰ পোহৰ কোনো মাধ্য়মৰ মাজেৰে প্ৰতিফলিত হ’লে ভিন ভিন ৰঙৰ পোহৰবোৰ পৃথক হৈ পৰে। ইয়াকে পোহৰ বিচ্ছুৰণ বোলে।এটা প্ৰিজমে কেনেকৈ পোহৰৰ বিচ্ছুৰণ ঘটাব পাৰে, চিত্ৰৰ সহায়ত দেখুওৱা হ’ল।

e) এটা মানৱ চকু আঁকি তাৰ অংশবোৰ দেখুওৱা।

উত্তৰঃ 

f) অন্ধ বিন্দু বুলিলে কি বুজা?

উত্তৰঃ চকুৰ বিভিন্ন গুৰুত্বপূৰ্ণ অংশৰ যেনেঃ ক’ৰ্ণিয়া, আইৰেছ, লেন্স, ৰেটিনা, স্নায়ু কোষ, মগজুত দৃষ্টিৰ সংবেদন সৃষ্টি কৰা অংশ আদি যি কোনো এটা অংশ নষ্ট হ’লে বা অকাৰ্য্য়কৰী হোৱাকে অন্ধ বুলি কোৱা হয়।

g) চকুৰ সুৰক্ষাৰ বাবে আমি কি কি যত্ন ল’ব লাগে?

উত্তৰঃ চকুৰ সুৰক্ষাৰ বাবে আমি কি কি যত্ন ল’ব লাগে তলত উল্লেখ কৰা হ’ল-

১) চকু ডক্তৰৰ হতোৱাই নিয়মিত ভাৱে পৰীক্ষা কৰিব লাগে। তেঁও যদি উপদেশ দিয়ে, তেন্তে চশমা ব্য়ৱহাৰ কৰিব লাগে।

২) কম পোহৰ আৰু বেছি পোহৰ দুয়োটাই চকুৰ বাবে ক্ষতিকাৰক। এনে পোহৰত পঢ়িলে চকুৰ ওপৰত হেঁচা পৰে আৰু মূৰৰ বিষো হ’ব পাৰে।

৩) সূৰ্য্য় বা কোনো পোহৰৰ উৎসলৈ প্ৰতক্ষ্য়ভাবে চাব নালাগে। এনে পোহৰে চকুৰ ৰেটিনাক ক্ষতিক্ষাধন কৰাব পাৰে।

৪) চকুযুৰি বেছিকৈ মোহাৰি থাকিব নালাগে। যদি ধূলি কণা চকুত সোমায়, চকুটো পৰিষ্কাৰ পানীৰে ধূই পেলাব লাগে। ভাল নাপালে ডাক্তৰৰ ওচৰলৈ যাব লাগে।

৫) পঢ়িবৰ সময়ত কিতাপখন খুব ওচৰলৈ আৰু দূৰলৈ নি পঢ়িব নালাগে।

h) চকু দানৰ যোগেদি সকলো প্ৰকাৰৰ অন্ধ লোকক দৃষ্টি দান দিব পৰা যায়নে?

উত্তৰঃ চকু দানৰ যোগেদি সকলো প্ৰকাৰৰ অন্ধ লোকক দৃষ্টি দান দিব পৰা নাযায়। চকু দানৰ যোগেদি কেৱল নষ্ট হোৱা ক’ৰ্ণিয়া লোককহে দান দিব পৰা যায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top