AJB Class 8 Science Chapter 2 Answer অণুজীৱ

অণুজীৱ

1. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ  দিয়া ।

(ক) অণুজীৱ কাক বোলে ?

উত্তৰঃ ভাইৰাছ, বেক্টেৰিয়া, কিছুমান ভেঁকুৰ, শেলাই আৰু প্ৰ’টজ’ৱাৰ আকাৰ খালী চকুৰে মনিব নোৱাৰি। এই সুক্ষ্ম জীৱবোৰকে অণুজীৱ বোলে।

(খ) অণুজীৱক কি কি প্ৰধান ভাগত বিভক্ত কৰা হয় ?

উত্তৰঃ অণুজীৱৰ প্ৰধান ভাগকেইটা হৈছে-

(ক) ভাইৰাছ

(খ) বেক্টেৰিয়া

(গ) ভেঁকুৰ

(ঘ) শেলাই 

(ঙ) প্ৰ’টজ’ৱা 

(গ) কোনজনা বিজ্ঞানীয়ে পোনপ্ৰথমে অণুজীৱ আৱিস্কাৰ কৰে ?

উত্তৰঃ এন্টনী ভান লিউৱেনহ’কে পোনপ্ৰথমে অণুজীৱ আৱিষ্কাৰ কৰে।

(ঘ) ক্ষুদ্ৰতম অণুজীৱ  কি ?

উত্তৰঃ ক্ষুদ্ৰতম অণুজীৱ হৈছে ভাইৰাছ।

(ঙ) মাইক্ৰ’মিটাৰৰ হিচাবত  বেক্টেৰিয়া আৰু নেন’মিটাৰ হিচাবত ভাইৰাছৰ আকাৰ কি সীমাৰ ভিতৰত থাকে উল্লেখ কৰা ।

উত্তৰঃ  বেক্টেৰিয়াবোৰৰ আকাৰ বেলেগ বেলেগ। এছাৰিকিয়া কলাই নামৰ বেক্টেৰিয়াবিধ প্ৰস্থই 1.1-1.5 মাইক্ৰ’মিটাৰ আৰু দীঘে 2.0-6.0 মাইক্ৰ’মিটাৰ। মাইক’প্লাজমানামৰ আটাইতকৈ সৰু বেক্টেৰিয়াৰ ব্যাস 0.3 মাইক্ৰ’মিটাৰ। ভাইৰাছৰ ব্যায়স 10 ৰ পৰা 300-400 নেন’মিটাৰ সীমাত থাকে।

(চ) বেক্টেৰিয়াপৰা হোৱা উপকাৰিতাৰ বিষয়ে লিখাঁ ।

উত্তৰঃ বেক্টেৰিয়াৰ পৰা হোৱা উপকাৰিতাঃ ক্ল’ছড্ৰিয়াম, এজট’বেক্টাৰ আদি বেক্টেৰিয়াবোৰে বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন গেছ শোষণ কৰি কোষৰ ব্যৱহাৰৰ ুপযোগী যৌগলৈ নিয়ে। ৰাইজ’বিয়াম বেক্টেৰিয়াই মাহজাতীয় গছৰ শিপাৰ ভিতৰত আশ্ৰয় লয়। এনেদৰে আশ্ৰয় লওঁতে এইবোৰ গছৰ শিপাত কিছুমান সৰু সৰু টেমুনা বা ‘নডিউল’ ৰ সৃষ্টি হয়। টেমুনাবোৰৰ ভিতৰত থকা ৰাইজ’বিয়ামে নাইট্ৰ’জেন গেছ শোষণ কৰি ইয়াৰ যৌগীকৰণ সম্পন্ন কৰে। 

(ছ) ভাইৰাছৰ বৈশিষ্ট্য কি ?

উত্তৰঃ ভাইৰাছৰ বৈশিষ্ট্য় হৈছে ইয়াৰ কেতবোৰ বৈশিষ্ট্য় জীৱিত পদাৰ্থৰ দৰে আৰু আন কেতবোৰ বৈশিষ্ট্য় নিৰ্জীৱ পদাৰ্থৰ দৰে। জীৱদেহৰ সান্নিধ্য়লৈ আহিলে ই জীৱিত পদাৰ্থৰ দৰে আচৰণদেখুৱায় আৰু বংশ বৃদ্ধি কৰে।

(জ) মানুহৰ শৰীৰত  বেক্টেৰিয়া, প্ৰ’ট’জৱা আৰু ভাইৰাছৰপৰা হোৱা দুটাকৈ ৰোগৰ নাম লিখা ।

উত্তৰঃ মানুহৰ শৰীৰত  বেক্টেৰিয়াৰ পৰা হোৱা দুটা ৰোগৰ নাম হৈছে- টাইফয়েড আৰু গ্ৰহণী। প্ৰ’টজৱাৰ পৰা হোৱা দুটা ৰোগৰ নাম হৈছে- মেলেৰিয়া আৰু এমিবায়’ছিছ। ভাইৰাছৰপৰা হোৱা দুটা ৰোগৰ নাম হৈছে- ইলফ্লুয়েঞ্জা আৰু হেপাটাইচিছ।

(ঝ) পেনিছিলিন কিহৰপৰা প্ৰস্তুত কৰা হয় ?

উত্তৰঃ পেনিছিলিয়াম নামৰ ভেংকুৰবিধৰ পৰা পেনিছিলন প্ৰস্তুত কৰা হয়।

(ঞ) কোনবিধ প্ৰট’জ’ৱাৰ দেহৰ কোনো নিৰ্দিষ্ট আকৃতি নাই ?

উত্তৰঃ  এমিবাৰ দেহত কোনো নিৰ্দিষ্ট আকৃতি নাই।

(ট) লাইকেন বুলিলে কি বুজা ?

উত্তৰঃ শেলাই আৰু ভেঁকুৰ সহজীৱী হিচাবে একেলগে থাকি লাইকেন নামৰ জীৱ সৃষ্টি কৰে।

2. খালী ঠাই পূৰ কৰাঁ ।

(ক) গাখীৰক দৈত পৰিণত কৰা অণুজীৱ নাম 

উত্তৰঃ লেক্ট’বেছিলাছ।

(খ) যক্ষ্মা ৰোগৰ সৃষ্টি কৰা অণুজীৱ হ’ল 

উত্তৰঃ মাইকবোক্টেৰিয়াম টিউবাৰ কিউল’ছিছ।

(গ) কলেৰা ৰোগ এবিধৰ পৰা হয় ।

উত্তৰঃ বেক্টেৰিয়া।

(ঘ) এইডছ ৰোগ এবিধ জৰিত ৰোগ।

উত্তৰঃ ভাইৰাছ।

(ঙ) শেলাই আৰু ভেঁকুৰৰ সহজীৱিতাক বুলি কোৱা হয় ।

উত্তৰঃ লাইকেন।

3. বিজ্ঞানসন্মত কাৰণ দিয়াঁ ।

(ক) ভাইৰাছক জীৱ আৰু জড়ৰ মধ্যাৱস্থা বুলি কোৱা হয় ।

উত্তৰঃ ভাইৰাছক জীৱ আৰু জড় এই দুয়োটা পদাৰ্থৰ মাজতে ধৰা হয়। কাৰণ ইয়াৰ কিছুমান বৈশিষ্ট্য় জীৱিত পদাৰ্থৰ নিচিনা আৰু অন্য় কিছুমান বৈশিষ্ট্য় জড় পদাৰ্থৰ নিচিনা।কাৰণ যেতিয়া ই জীৱৰ ওচৰলৈ আহে ই জীৱিত পদাৰ্থৰ দৰে আচৰণ কৰে আৰু প্ৰজনন কৰে। আনহাতে, ভাইৰাছটোৰ শৰীৰ আন জীৱৰ দৰে কোষৰ দ্বাৰা গঠিত নহয়, কিন্তু ৰাসায়নিক অণুৰ এটা সংহতিৰে গঠিত কণিকা।  

(খ) কিছুমান ভেঁকুৰ সহজীৱী হিচাপে বাস কৰে ।

উত্তৰঃ কিছুমান ডাঙৰ গছৰে শিপাৰ ভিতৰত ভেঁকুৰ সহজীৱী হিচাবে থাকে। এইবোৰক মাইক’ৰাইজা বোলে। মাইক’ৰাইজাবোৰে মাটিৰপৰা বিভিন্ন পুষ্টিকৰ ৰাসায়নিক পদাৰ্থ, বিশেষকৈ ফছফৰাছ শোষণ কৰাত আৰু গছৰ আন কিছুমান প্ৰক্ৰিয়াত সহায় কৰে। ভেঁকুৰ আৰু শেলাই সহজীৱী হিচাবে থাকি লাইকেন নামৰ জীৱ সৃষ্টি কৰে।

4. চমুটোকা লিখা ।

(ক) কৃষিকাৰ্যত বেক্টেৰিয়াৰ গুৰুত্ব ।

উত্তৰঃ খেতিপথাৰতকৃষি উদ্ভিদৰ খেতি কৰি থাকিলে মাটিত নাইট্ৰ’জেনৰ পৰিমাণ কমি যায়। সেয়েহে খেতিপথাৰত নাইট্ৰ’জেনযুক্ত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয়। কৃত্ৰিমভাৱে প্ৰয়োগ কৰা নাইট্ৰ’জেন আৰু আন মৌলযুক্ত (ফছফৰাছ আৰু পটেছিয়াম) ৰাসায়নিক সাৰ বেছিকৈ প্ৰয়োগ কৰিলে ই মাটিৰ গুণাগুণনষ্ট কৰে। ইয়াৰোপৰি অতিৰিক্ত সাৰ মাটিৰপৰা গৈ পানীৰ লগত মিহলি হৈ খোৱাপানীৰ উৎসও প্ৰদূষিত কৰে। আধুনিক কৃষিবিজ্ঞান অনুসৰি খেতিপথাৰত ৰাসায়নিক নাইট্ৰ’জেন গেছ শোষণ কৰি কোষৰ ব্যৱহাৰৰ উপযোগী যৌগলৈ (যেনে, এম’নিয়া, নাইট্ৰেট আদি) নিয়ে। এই প্ৰক্ৰিয়াক জৈৱিক নাইট্ৰ’জেন যৌগীকৰণ (biological nitrogen fixation) বোলে।

(খ) ভেঁকুৰৰপৰা মানুহৰ উপকাৰ ।

উত্তৰঃ বিভিন্ন ধৰণৰ ইষ্ট প্ৰয়োগ কৰি নানাবিধ ফটিকা প্ৰস্তুত কৰা হয়। ৰুটি বা ব্ৰেড প্ৰস্তুত কৰোঁতেও ইষ্ট ব্যৱহাৰ কৰা হয়। কিছুমান পনিৰ ছয়া ছছ্ আদি খাদ্য়বস্তু প্ৰস্তুত কৰোঁতেও ভেঁকুৰ ব্যৱহাৰ কৰা হয়। কিছুমান ভেঁকুৰৰপাই ছাইট্ৰিক এছিড, গেলিক এছিড আদি জৈৱিক এছিড উৎপাদন কৰা হয়। আনহাতে পেনিছিলন, গিছইঅ’পালডিন, ষ্ট্ৰেপ’মাইছিন আদি এন্টিবায়টিক,কৰ্টিছন, ভিটামিন ইত্য়াদি ঔষধবোৰো কিছুমান ভেঁকুৰৰ সহায়তে উৎপাদন কৰা হয়। এনেদৰেই ভেঁকুৰৰ পৰা মানুহৰ উপকাৰ হয়।

(গ) প্ৰকৃতিত শেলাইৰ গুৰুত্ব ।

উত্তৰঃ পৃথিৱীৰ চাৰিওভাগ তিনিভাগেই পানী। পনীত হোৱা উদ্ভিদৰ ভিতৰত শেলাই প্ৰধান। শেলায়ে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত বায়ুৰপৰা কাৰ্বন ডাই-অক্সাইড শোষণ কৰি সূৰ্যৰ পোহৰ শক্তিৰ সহায়ত প্ৰয়োজনীয় খাদ্য় (ৰাসায়নিক পদাৰ্থ, যেনে গ্লুক’জ) উৎপন্ন কৰে। এই প্ৰক্ৰিয়াত অক্সিজেন গেছ উদ্ভৱ হয়। পৃথিৱীৰ জলৰাশিত থকা শেলায়ে যথেষ্ট পৰিমাণৰ অক্সিজেন গেছ বায়ুমণ্ডলৰত এৰি দিয়ে। বায়ুমণ্ডলত অক্সিজেন নিৰ্দিষ্ট পৰিমাণত ৰক্ষা কৰাৰ ক্ষেত্ৰত শেলাইৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ইয়াৰ ওপৰিও শেলাইবোৰ পানীত থকা মাছ, ভেকুলী, পোক-পৰুৱা ইত্য়াদিৰো খাদ্য়। খাদ্য়ৰ জৰিয়তে সৌৰশক্তি প্ৰথমে তৃণভোজী আৰু পাছত মাংসভোজী প্ৰাণীলৈ যায়। খাদ্য়ৰ জৰিয়তে বিভিন্ন জীৱলৈ শক্তিৰ চলাচলে প্ৰকৃতিত খাদ্য়-শৃংখল (food chain) ৰ সৃষ্টি কৰে। পানীত থকা জীৱৰ খাদ্য়-শৃংখলত শেলাইৰ গুৰুত্ব অতি বেছি।

(ঘ)  বেক্টেৰিয়াপৰা হোৱা অপকাৰ ।

উত্তৰঃ কিছুমান বেক্টেৰিয়াই জীৱৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰে। এইবিলাক বেক্টেৰিয়াক ৰোগসৃষ্টিকাৰী বেক্টেৰিয়া বুলি কোৱা হয়। যক্ষ্মা, ডিফ্থেৰিয়া, টাইফয়ড, কলেৰা, গ’ন’ৰিয়া, ছিফিলিছ আদি ৰোগ এই ৰোগসৃষ্টিকাৰী বেক্টেৰিয়াবোৰৰ ফলতেই হয়। ৰোগসৃষ্টিকাৰী বেক্টেৰিয়াৰ সংক্ৰমণ বায়ু, পানী দূষিত খাদ্য় আৰু পোক-পৰুৱাৰ জৰিয়তে হয়।  

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top