পাঠ ১৩
মানৱ ভূগোল
1. চমু উত্তৰ দিয়া।
a. ভূগোল কি?
উত্তৰঃ গোলাকাৰ পৃথিৱীখনৰ বিষয়ে কৰা অধ্য়য়নেই হৈছে ভূগোল।
b. পৰিৱেশ বুলিলে কি বুজা?
উত্তৰঃ আমাৰ চাৰিওফালে থকা ৰাস্তা-ঘাত, দলং, বজাৰ, গছ-গছনি, পৰ্বত-পাহাৰ, চৰাই-চিৰিকতি, মানুহ-দুনুহ সকলোবোৰকে একেলগে পৰিৱেশ বোলে।
c. প্ৰাকৃতিক ভূগোল কাক বোলে?
উত্তৰঃ ভূগোলৰ যিটো শাখাই প্ৰাকৃতিক পৰিৱেশ যেনে মাটি, পানী আৰু বায়ুমণ্ডল আদিৰ বিষয়ে অধ্য়য়ন কৰে তাকে প্ৰাকৃতিক ভূগোল বোলে।
d. মানৱ ভূগোল কাক বোলে?
উত্তৰঃ ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে অধ্য়য়ন কৰে তাকে বহলভাৱে মানৱ ভূগোল বোলে।
e. ঠাইভেদে জনসংখ্যা ঘন আৰু পাতল হোৱাৰ কাৰণ লিখা।
উত্তৰঃ ঠাই অনুসৰি জলবায়ু বেলেগ বেলেগ হোৱাৰ বাবে ঠাইভেদে জনসংখ্য়া ঘন আৰু পাতল হোৱা দেখা যায়।
2. পাৰ্থক্য লিখাঁ।
a. প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল।
উত্তৰঃ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোলৰ মাজত পাৰ্থক্য় হৈছে 一
প্ৰাকৃতিক ভূগোলত পৃথিৱীৰ প্ৰাকৃতিক অবয়বটোৰ কথা বিস্তাৰিত ৰূপত আলোচনা কৰা হয়। পৃথিৱীৰ সৃষ্টি কিদৰে হৈছিল, সৌৰ জগতত ইয়াৰ স্থান আৰু প্ৰাকৃতিক শক্তি সমূহে পৃথিৱীত যি অহৰহ ক্ৰিয়া কৰি আছে, তাৰ পৰিণতিত পৃথিৱীৰ কি ধৰণৰ পৰিৱৰ্তনে দেখা দিছে সেই সকলোবোৰ কথাকে প্ৰাকৃতিক ভূগোল বোলে।
আনহাতে মানৱ ভূগোলত পৃথিৱীত বাস কৰা মানুহে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খুৱাই কিদৰে বাস কৰে সেইবিষয়ে আলোচনা চলায়। প্ৰাকৃতিক পৰিৱেশে কিদৰে মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে আৰু মানুহৰ বিভিন্ন কাৰ্য্য কলাপে পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ক্ৰিয়া কৰে সেই বিষয়ে মানৱ ভূগোলত আলোচনা কৰে।
b. সমভূমিৰ কৃষি আৰু পাহাৰীয়া কৃষি।
উত্তৰঃ সমভূমিৰ কৃষি আৰু পাহাৰীয়া কৃষিৰ মাজত পাৰ্থক্য় হৈছে 一
কৃষিজীৱী লোকে সাধাৰণতে সমভূমিত বসতি স্থাপন কৰিবলৈ বিচাৰে পলসুৱা মাটি আৰু পানীৰ সুবিধাৰ বাবে। কিন্তু সেয়ে হ’লেও পাহাৰীয়া অঞ্চলতো কৃষিজীৱী মানুহে বাস কৰে। অৱশ্যে সমভূমিৰ কৃষি কাৰ্য্যৰ লগত পাহাৰীয়া অঞ্চলৰ কৃষি কাৰ্য্যৰ যথেষ্ট পাৰ্থক্য থকা দেখা যায়।
উদাহৰণ স্বৰূপে সমভূমি অঞ্চলৰ কৃষি কাৰ্য্য তুলনামূলকভাৱে সহজ যিহেতু ইয়াৰ মাটি পলসুৱা আৰু পানী যোগানৰ যথেষ্ট সুবিধা থাকে। যেনে― নৈ,জান, জুৰি, পুখুৰী আদিৰ পৰা কৃষি ভূমিলৈ জলসিঞ্চনৰ দ্বাৰা পানী যোগান ধৰিব পাৰি।
কিন্তু পাহাৰীয়া অঞ্চলত কৃষি কাৰ্য্য যথেষ্ট কষ্ট সাধ্য হোৱা দেখা যায়। এনে ধৰণৰ কৃষি কাৰ্য্যক ঝুমখেতি বোলা হয়। পাহাৰৰ এঢলীয়া মাটিত থকা গছ-গছনিবোৰ কাটি কৃষি উপযোগী কৰি তোলা হয়। বনজংঘল জ্বলাই, চাফা কৰি মাটিৰ চহাই শস্যৰ বীজ ৰোপণ কৰা হয়। একে ঠাইতে প্ৰতি বছৰে ঝুম খেতি কৰা নহয়। বছৰি ঠাই সলনি কৰিহে ঝুম খেতি কৰা হয়।
3. মানৱ ভূগোলৰ পৰিসৰ সম্পৰ্কে লিখা।
উত্তৰঃ মানৱ ভূগোলৰ পিতৃস্বৰূপ হ’ল জাৰ্মান গৱেষক ফ্ৰেডৰিক ৰেটজেল। মানৱ ভূগোলে পৃথিৱীৰ অৱস্থা, পৃথিৱীপৃষ্ঠত বাস কৰা জনসংখ্য়াৰ বিতৰণ, বিভিন্ন পৰিৱেশত মানুহে পৰিৱেশৰ লগত স্থাপন কৰা সম্পৰ্ক আদিৰ কথা সামৰি লয়। দৰাচলতে মানৱ ভূগোল হ’ল মানুহ আৰু সমাজে প্ৰাকৃতিক পৰিৱেশত স্থাপন কৰা নিবীড় সম্পৰ্ক।
4. মানৱ ভূগোলৰ বিষয়বস্তু সম্পৰ্কে লিখা।
উত্তৰঃ মানুহ আৰু পৃথিৱীৰ মাজত থকা স্বাভাৱিক সম্পৰ্কই হৈছে মানৱ ভূগোলৰ বিষয়বস্তু। মানৱ ভূগোলত প্ৰকৃতি আৰু মানুহৰ কথা আলোচনা কৰা হয়। প্ৰকৃতিয়ে মানুহৰ ওপৰত অবিৰতভাৱে প্ৰভাৱ বিস্তাৰ কৰে। ঠিক সেইদৰে মানুহেও প্ৰকৃতিৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলিবলগীয়া হয়। প্ৰসিদ্ধ ভূগোলবিজ্ঞানী এলেন চাৰ্চিল চেম্পেলৰ( Miss Semple ) মতে, “ভূগোল হৈছে গতিশীল মানুহ আৰু অস্থিৰ পৃথিৱীখনৰ মাজত থকা পৰিবৰ্তনশীল সম্পৰ্কৰ অধ্য়য়ন।” ( Human geography is the study if the changing relkationship between the unresting man and unstable Earth )
5. প্ৰাকৃতিক পৰিৱেশে মানুহৰ ওপৰত কেনে ধৰণে প্ৰভাৱ বিস্তাৰ কৰে লিখা।
উত্তৰঃ এই পৃথিৱীত মানুহে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত ভিত্তি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে। প্ৰাকৃতিক পৰিৱেশে মানুহক জীয়াই থকাত গুৰুত্ব পূর্ণ ভূমিকা পালন কৰিছে। ইয়াৰ অবিহনে মানুহে জীৱন নির্বাহ কৰাত বাধাগ্ৰস্ত হ’লহেঁতেন। প্ৰাকৃতিক পৰিৱেশে জলবায়ু নিৰ্ধাৰণ কৰে আৰু এই জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰিয়েই মানুহ জীয়াই থাকে। মানুহে যদি প্ৰাকৃতিক পৰিৱেশত নিজৰ ক্ৰিয়া-কলাপৰ দ্বাৰা আঘাত হানে তেন্তে প্ৰাকৃতিক পৰিৱেশ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয় যাৰ ফলত জলবায়ু সঘন পৰিবৰ্তন হোৱা দেখা যায় যিটো মানুহৰ বসতিৰ প্ৰতিকূল হোৱা পৰিলক্ষিত হয়। মানুহে প্ৰকৃতিৰ বুকুত থকা গছ-গছনি, বনাঞ্চল আদি কাটি তহলিং কৰাৰ ফলত পৃথিৱীৰ বুকুত সঘনাই পৰিবৰ্তন দেখা দিছে। যাৰ ফলত মানুহেই আটাইতকৈ ক্ষতি গ্রস্ত হৈছে। জলবায়ুৰ সঘন পৰিৱৰ্তন, বায়ুমণ্ডলৰ ক্ৰমান্বয়ে বাঢ়ি অহা উষ্ণতা আদিয়ে মানুহৰ জীৱন যাত্ৰাত ভালেমান জটিল সমস্যাৰ সৃষ্টি হৈছে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post