AJB Class 8 Social Science Chapter 17 Answer সময় গণনাঃ স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা

পাঠ ১৭

সময় গণনাঃ স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা

অনুশীলনী 

1. উত্তৰ লিখাঁ।

a. স্থানীয় সময় আৰু মান সময় বুলিলে কি বুজা?

উত্তৰঃ  সূৰ্য্যৰ অৱস্থিতিৰ ওপৰত ভিত্তি কৰি বিশ্ববাসীয়ে সময় নিৰূপণ কৰিব পাৰে। সূৰ্য্যৰ পোহৰত এজন মানুহৰ ছাঁটো যি ধৰণে পৰে তাৰ ওপৰত ভিত্তি কৰি এক নিৰ্দিষ্ট সময়ত কেইটা  বাজিব পাৰে সেয়া জনাটো সম্ভৱ হয়।

স্থানীয় সময় বুলিলে সেয়েহে কোনো এখন ঠাইত যেতিয়া দুপুৰীয়া বা মধ্যান্হ হয়, সেই মধ্যান্হ সূৰ্য্যৰ অৱস্থানৰ ভিত্তিত যি সময় গণনা কৰা হয় তাকেই সেই ঠাই খনৰ স্থানীয় সময় বোলে।

আনহাতে কোনো এখন দেশৰ মান সময় হ’ল দেশখনৰ সোঁমাজেদি পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখাডালত যেতিয়া মধ্যান্হ হয়, সেই সময়টোক গোটেই দেশখনৰ “মান সময়” হিচাপে মানি সময় গণনা কৰে।

b. ভাৰতৰ মান সময় কোনডাল দ্ৰাঘিমাৰ ওপৰত ভিত্তি কৰি উলিওৱা হৈছে? ইয়াৰ ফলত ভাৰতৰ দুয়োটা দিশত অৱস্থিত  ঠাই দুখনত কিমান সমিয়ৰ পাৰ্থক্য হয়?

উত্তৰঃ ভাৰতৰ সোঁমাজেৰে পাৰ হৈ যোৱা ৪২/০৹ ডিগ্ৰী পূৱ দ্ৰাঘিমা ৰেখা ডালত হোৱা মধ্যান্হকে মান সময় বুলি মানি লোৱা হয়। এই দ্ৰাঘিমা ডাল ভাৰতত এলাহাবাদ চহৰৰ ওপৰেদি পাৰ হৈ যোৱা বুলি গ্ৰহণ কৰা হৈছে। 

ভাৰতত মুঠ ২৯ ডাল দ্ৰাঘিমাৰেখা আছে। গতিকে দেশৰ এটা মূৰৰ পৰা আনটো মূৰত সূৰ্য্য উদয় হ’বলৈ প্ৰায় ১ ঘণ্টা আৰু ৫৬ মিনিট সময় লাগে।

c. গ্ৰিণউইচ মান সময় বুলিলে কি বুজা? ভাৰতীয় মান সময়ৰ লগত গ্ৰিণউইচৰ মান সময়ৰ পাৰ্থক্য বুজাই লিখাঁ।

উত্তৰঃপৃথিৱীৰ ওপৰিভাগত ৩৬০ ডাল দ্ৰাঘিমা ৰেখা উত্তৰ দক্ষিণাকৈ কল্পনা কৰি লোৱা হৈছে। ইয়াৰে ০৹ ডিগ্ৰী দ্ৰাঘিমা ৰেখাডালক লণ্ডনৰ ওচৰত থকা গ্ৰীণ হাউচ মান মন্দিৰৰ ওপৰেৰে যোৱা বুলি কল্পনা কৰি লোৱা হৈছে। যিহেতু এই দ্ৰাঘিমাৰেখা ডালক মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হৈছে গতিকে এই ঠাইৰ সময়ক মান সময় বুলি ধৰি লৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ সময় আগবঢ়া বা পিছপৰা বুলি হিচাপ কৰা হয়।

ভাৰতত ২৯ ডাল দ্ৰাঘিমা ৰেখা আছে আৰু এটা মূৰৰ পৰা আনটো মূৰত সূৰ্য্য উদয় হবলৈ প্ৰায় ১ ঘণ্টা ৫৬ মিনিট সময় লাগে। আনহাতে ভাৰত আৰু লণ্ডনৰ মাজত ৮২.৫ ডাল দ্ৰাঘিমা ৰেখাৰ ব্যৱধান থকাত এই দুই ঠাইৰ সময়ৰ ব্যৱধান হ’ব ৫ ঘণ্টা ৩০ মিনিট। লণ্ডনৰ গ্ৰীণ হাউচ সময়তকৈ ভাৰতৰ মান সময় ৫ ঘণ্টা ৩০ মিনিট আগবঢ়া হ’ব যিহেতু ভাৰত পূব গোলাৰ্ধত অৱস্থিত।

d. আন্তৰ্জাতিক তাৰিখ ৰেখা বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজন কি?

উত্তৰঃ পৃথিৱীৰ দেশবোৰৰ অৱস্থানৰ বেলেগ বেলেগ হোৱা বাবে সময় আৰু বাৰ, তাৰিখ আদিৰো তাৰতম্য হোৱা দেখা যায়। উদাহৰণ স্বৰূপে জাপান পূৱ গোলাৰ্দ্ধৰ একেবাৰে পূৱত থকা বাবে ইয়াত সূৰ্য্য আগতে উদয় হ’ব। আনহাতে আলাস্কা পশ্চিম গোলাৰ্দ্ধৰ একেবাৰে পশ্চিমত হোৱা বাবে ২৪ ঘণ্টাৰ পিছতহে সূৰ্য্য উদয় হয়। ইয়াৰ ফলত জাপান আৰু আলাস্কাৰ বাৰ আৰু তাৰিখৰ ব্যৱধানো ২৪ ঘণ্টা বা এদিন হ’ব। অর্থাৎ জাপানৰ পৰা এজন মানুহে আলাস্কালৈ ফোন সোমবাৰে কৰিলে সিদিনা আলাস্কাত দেওবাৰহে চলি থাকিব। এনে কাৰণত আন্তৰ্জাতিক কামকাজ চলোৱাৰ ক্ষেত্ৰত ভিষণ অসুবিধাৰ সৃষ্টি হয়। 

সেয়েহে ১৮৮৬ চনত হোৱা আন্তৰ্জাতিক সন্মিলনত ভূগোলবিদ সকলে ০৹ ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ বিপৰীতে থকা ১৮০ ডিগ্ৰী ৰেখাডালক আন্তৰ্জাতিক তাৰিখ ৰেখা হিচাপে মানি ললে আৰু ইয়াৰ ভিত্তিত বিশ্ববাসীয়ে নিজৰ নিজৰ তাৰিখ আৰু বাৰ নিৰ্ণয় কৰি ল’ব পাৰিব। এয়ে হ’ল আন্তৰ্জাতিক তাৰিখ ৰেখা

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top