AJB Class 8 Social Science Chapter 3 Answer ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামঃ ভাৰতত জাতীয়তাবাদৰ সূচনা (1857-1858)

পাঠ ৩

ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামঃ ভাৰতত জাতীয়তাবাদৰ সূচনা (1857-1858)

1. একোটিকৈ বাক্যত উত্তৰ লিখাঁ।

a. স্বত্ব বিলােপ নীতি কোনগৰাকী গৱৰ্ণৰ জেনেৰেলে প্ৰৱৰ্তন কৰিছিল? 

উত্তৰঃ স্বত্ব বিলােপ নীতি গৱৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউচিয়ে প্ৰৱৰ্তন কৰিছিল।

b. স্বত্ব বিলােপ নীতিৰ অধীনত ৰাজ্য হেৰুওৱা ৰাণীগৰাকীৰ নাম কি?

উত্তৰঃ ঋান্সিৰ ৰাণী লক্ষ্মীবাঈ।

c. চিপাহী বিদ্ৰোহৰ প্রথম শ্বহীদ কোন? 

উত্তৰঃ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ হৈছে মঙ্গল পাণ্ডে।

d. ‘আত্মীয় সভা’ কোন চনত গঢ়ি তােলা হৈছিল?

উত্তৰঃ  ‘আত্মীয় সভা’ 1815 চনত গঢ়ি তােলা হৈছিল।

e.‘সতীদাহ প্রথা’ কোন চনত নিষিদ্ধ কৰা হৈছিল?

উত্তৰঃ 1846 খ্ৰি.ত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল।

f. নানাচাহেবে কোন ঠাইত বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল?

 উত্তৰঃ নানাচাহেবে ভাৰতত বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল।

2. চমুটোকা লিখা। 

ৰাজা ৰামমােহন ৰায়ঃ ৰাজা ৰামমোহন ৰায় ( 1772 – 1833 )  আছিল আধুনিক ভাৰতবৰ্ষৰ প্ৰথম প্ৰবক্তা। ৰাজা ৰামমোহন ৰায়ে দ্বাৰকানাথ ঠাকুৰৰ সহযোগত 1828 খ্ৰি.ৰ 20 আগষ্টত কলিকতাত ব্ৰাহ্ম সমাজ স্থাপন কৰে। ইয়াৰ ফলত তেওঁ সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক শক্তিশালী হৈ পৰে। ইয়াৰ ফল স্বৰূপেই লৰ্ড উইলিয়াম বেণ্টিংকে সতীদাহ প্ৰথাক বে-আইনী বুলি ঘোষণাৰ প্ৰতি বহুসংখ্য়ক ভাৰতীয়ৰ সমৰ্থন লাভ কৰিছিল।

বংগদেশত জাতীয়তাবাদৰ পটভূমিঃ ভাৰতবৰ্ষলৈ ইউৰূপীয় আগমন, তেওঁলোকৰ লগত হোৱা বাণিজ্য়িক আদান-প্ৰদান, পাশ্চাত্য়ৰ শিক্ষা তথা আধুনিক শিক্ষাৰ প্ৰচলন আদিৰ ফলত ভাৰতত জাতীয় চেতনাৰ বিকাশ হয়। সামাজিক, ধৰ্মীয় আদি দিশত পৰিবৰ্তনৰ সূচনা হয়। বংগদেশত নতুন ধৰ্মীয় চিন্তা আৰু সামাজিক বিকাশৰ অগ্ৰণী ভূমিকা লৈছিল ৰাজা ৰামমোহন ৰায়ে।

3. ভাৰতৰ প্রথম স্বাধীনতা সংগ্রামৰ তিনিটা কাৰণ লিখ। 

উত্তৰঃ ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ তিনিটা কাৰণ হৈছে ー

(i) ৰাজনৈতিক কাৰণঃ বৃতিছে প্ৰণয়ন কৰা স্বত্ববিলোপ নীতি, পেঞ্চন বন্ধ কৰা আদি বিভিন্ন ৰাজনৈতিক কাৰণত ভাৰতবাসী বৃটিছ শাসনৰ প্ৰতি ক্ষুব্ধ হৈ উঠি স্বাধীনতা সংগ্ৰাম কৰিছিল।

(ii) সামাজিক কাৰণঃ ভাৰতীয় সমাজত চলি থকা সতীদাহ প্ৰথা, বাল্য়বিবাহ, নৰবলি, শিশুকণ্য়া বধ আদি ইংৰাজে বিৰোধিতা কৰাৰ উপৰিও বিধৱা বিবাহ আদিৰ সপক্ষে মাত মতাৰ কাৰণেও কিছুসংখ্য়ক ভাৰতবাসীয়ে স্বাধীনতা সংগ্ৰাম কৰিছিল।

(iii) ধৰ্মীয় কাৰণঃ বিদ্ৰোহৰ আন এটা কাৰণ হৈছে ধৰ্মীয় অসন্তুষ্টি। হিন্দুসকলৰ দত্তক গ্ৰহণ নীতি অগ্ৰাহ্য়, হিন্দু বিধৱা বিবাহ অধিনিয়ম, উত্তৰাধিকাৰী আইন গ্ৰহণ কৰি ইংৰাজে হিন্দুসকলৰ ধৰ্মীয় উনুভূতিত আঘাত হানিছিল। এইবোৰ কাৰণতো স্বাধীনতা সংগ্ৰাম কৰিছিল।

4. ভাৰতবৰ্ষত জাতীয়তাবাদী চেতনা গঢ়ি উঠাত ৰামমােহন ৰায়ৰ অৱদান সম্পর্কে আলােচনা কৰাঁ।

উত্তৰঃ ভাৰতবৰ্ষত নতুন ধৰ্মীয় চিন্তা আৰু সামাজিক বিকাশৰ অগ্ৰণী ভূমিকা লৈছিল ৰাজা ৰামমোহন ৰায়ে। তেওঁক আধুনিক ভাৰতৰ প্ৰথম প্ৰবক্তা বুলি ক’ব পাৰি। তেওঁ পশ্চিমীয়া সভ্য়তা-সংস্কৃতিৰ ভাল দিশবোৰ অনুপ্ৰেৰণাৰ উৎস হিচাপে লৈ  ৰক্ষণশীল ভাৰতীয় সমাজ-সংস্কৃতিৰ সংস্কাৰ আৰু উৎকৰ্ষ সাধনৰ কামত ব্ৰতী হৈ পৰিছিল। জাতিভেদ প্ৰথা দূৰীকৰণ, নাৰীৰ সামাজিক মৰ্যাদা বৃদ্ধি, সতীদাহ প্ৰথা নিবাৰণ আদি গোড়ামিৰ পৰা ভাৰতীয় জনসাধাৰণক উদ্ধাৰ কৰিবলৈ যত্নপৰ হৈছিল। 1815 খ্ৰি,ত তেওঁ ‘আত্মীয় সভা’ নামে এটা অনুষ্ঠান গঢ়ি তোলে। এই অনুষ্ঠানৰ তেওঁ হিন্দু ধৰ্মৰ আনুষ্ঠানিকতাৰ দিশটোক বৰ্জন কৰি বেদ উপনিষদৰ ওপৰত ভিত্তি কৰি হিন্দু ধৰ্মক একশ্বৰবাদী আৰু কুসংস্কামুক্ত কৰি তুলিব বিচাৰিছিল। ৰাজা ৰামমোহন ৰায়ে দ্বাৰকানাথ ঠাকুৰৰ সহযোগত 1828 খ্ৰি.ৰ 20 আগষ্টত কলিকতাত ব্ৰাহ্ম সমাজ স্থাপন কৰে। ইয়াৰ ফলত তেওঁ সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক শক্তিশালী হৈ পৰে। ইয়াৰ ফল স্বৰূপেই লৰ্ড উইলিয়াম বেণ্টিংকে 1829 খ্ৰি.ত সতীদাহ প্ৰথাক বে-আইনী বুলি ধৰা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top