Might Learn Logo Might Learn

Assam board SEBA Class 3 Rongere – Khelere (ৰঙেৰে – খেলেৰে) (Part 2) Chapter 2 Solution 2026 (SCERT Assam Board)

 Chapter 2

খিলঞ্জীয়া খেল

প্রশ্ন ১: খিলঞ্জীয়া খেল কাক কয়?

উত্তৰ: থলুৱা বা খিলঞ্জীয়া খেল হৈছে কোনো বিশেষ অঞ্চলৰ থলুৱা মানুহে খেলা পৰম্পৰাগত খেল।

প্রশ্ন ২: খিলঞ্জীয়া খেলবোৰ কিয় গুৰুত্বপূর্ণ?

উত্তৰ: এই খেলবোৰে কোনো এক সম্প্রদায়ৰ সাংস্কৃতিক আৰু সামাজিক মূল্যবোধৰ বিষয়ে ধাৰণা দিয়ে।

প্রশ্ন ৩: খিলঞ্জীয়া খেল কিদৰে খেলিব পাৰি?

উত্তৰ: এই খেলবোৰ ব্যক্তিগতভাবে বা দলত খেলিব পাৰি।

প্রশ্ন ৪: খিলঞ্জীয়া খেলবোৰে কি উপকাৰ দিয়ে?

উত্তৰ: এই খেলবোৰে সাংস্কৃতিক পৰিচয়, শাৰীৰিক সুস্থতা, জ্ঞান, দক্ষতা আৰু সামাজিকৰণৰ মাজত এখন সেতু গঠন কৰে।

পাঠ-১: কুটকুট

প্রশ্ন ১: কুটকুট খেলত কিমানজন খেলুৱৈ লাগে?

উত্তৰ: কুটকুট খেলত ন্যূনতম দুজন খেলুৱৈ লাগে।

প্রশ্ন ২: কুটকুট খেল খেলিবলৈ কি-কি লাগে?

উত্তৰ: মাটিত অংকন কৰা ক’ৰ্ট বা বাকচ সদৃশ ছবি আৰু চেপেটা শিল লাগে।

প্রশ্ন ৩: কুটকুট খেলৰ ক্ষেত্ৰ কেনেদৰে সাজে?

উত্তৰ: মাটিত বর্গক্ষেত্ৰৰ আকৃতিৰ এখন জালি আঁকি খেলৰ ক্ষেত্ৰ সাজে।

 পাঠ-২: পাৰ পানী

প্রশ্ন ১: পাৰ পানী খেল কেনেকৈ আৰম্ভ হয়?

উত্তৰ: মাটিত ডাঙৰ এটা বৃত্ত আঁকি বা ৰছী দিয়ে খেলপথাৰ বনাই খেল আৰম্ভ হয়।

প্রশ্ন ২: পাৰ পানী খেলত আহ্বানকাৰীৰ ভূমিকা কি?

উত্তৰ: আহ্বানকাৰীজন বৃত্তৰ মাজত থিয় হৈ “ভিতৰ” বা “বাহিৰ” বুলি ক’য়ে খেলুৱৈক দিশ দিয়ে।

প্রশ্ন ৩: খেলুৱৈসকলে “ভিতৰ” শব্দ শুনিলে কি কৰিব লাগে?

উত্তৰ: “ভিতৰ” শব্দ শুনিলে খেলুৱৈসকলে বৃত্তৰ ভিতৰত জপিয়াব লাগে।

প্রশ্ন ৪: খেলুৱৈসকলে “বাহিৰ” শব্দ শুনিলে কি কৰিব লাগে?

উত্তৰ: “বাহিৰ” শব্দ শুনিলে খেলুৱৈসকলে বৃত্তৰ বাহিৰলৈ দৌৰি যাব লাগে।

প্রশ্ন ৫: পাৰ পানী খেলত কিমানজন বিজয়ী হয়?

উত্তৰ: যিজন খেলুৱৈ শেষলৈ খেলত থাকে, তেওঁ বিজয়ী হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects