মানৱ ভূগোলঃ পৃথিৱীৰ মানুহ
১) ‘মানৱ ভূগোল’ৰ এটি সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।
উত্তৰঃ ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে বহলভাৱে মানৱ ভূগোল বোলে।
ইয়াৰ প্ৰধান শাখাবোৰ হ’ল— বসতি ভূগোল, সমাজ ভূগোল, অৰ্থনৈতিক ভূগোল, সাংস্কৃতিক ভূগোল, ৰাজনৈতিক ভূগোল, নগৰীয় ভূগোল ইত্যাদি।
২) মানৱ ভূগোলৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ মানৱ ভূগোলৰ বিষয়বস্তু অতি ব্যাপক। ইয়াৰ মূল লক্ষ্য হ’ল প্ৰাকৃতিক পৰিৱেশৰ সৈতে মানুহৰ সম্বন্ধ আৰু মানুহে কৰা বিভিন্ন কাৰ্যকলাপৰ অধ্যয়ন কৰা। যিহেতু এই বিভাগটো মানৱকেন্দ্ৰীক, সেয়েহে পৃথিৱীৰ মানুহৰ গঠন, বৃদ্ধি, বিতৰণ, দৈহিক বৈশিষ্ট্য আৰু ধৰ্মীয় তথা সাংস্কৃতিক কাৰ্যকলাপ আদি অধ্যয়ন কৰাটো ইয়াৰ প্ৰধান বিষয়বস্তু।
৩) মানৱ জাতি বুলিলে কি বুজা চমুকৈ লিখা।
উত্তৰঃ প্ৰায় একে দৈহিক গঠন আৰু ছালৰ বৰণ বিশিষ্ট এক থূপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশাণুক্ৰমে একে বৈশিষ্ট্যবোৰ কঢ়িয়াই লৈ ফুৰে, তাকে মানৱ জাতি (Race) বোলে।
৪) কি কি ভিত্তিত মানৱজাতিক বিভাজন কৰা হয় চমুকৈ লিখা।
উত্তৰঃ মানুহৰ ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠন যেনে— চুলিৰ ধৰণ, উচ্চতা, নাক আৰু মুখৰ আকৃতিৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি মানৱজাতিক বিভাজন কৰা হয়। এই ভিত্তিত পৃথিৱীৰ মানুহক প্ৰধানকৈ তিনিটা ভাগত ভগোৱা হৈছে: (১) ককেছীয়, (২) নিগ্ৰ’ইড আৰু (৩) মঙ্গোলীয়।
৫) মানুহ আৰু মানৱজাতিৰ সৃষ্টি সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ জীৱ বিজ্ঞানীৰ বিৱৰ্তনৰ সূত্ৰ অনুসৰি, প্লিষ্ট’চিন যুগৰ মাজভাগত অনুকূল প্ৰাকৃতিক পৰিৱেশৰ ফলত স্তন্যপায়ী প্ৰাণীৰ বিৱৰ্তন ঘটি ‘হ’ম’ চেপিয়েন’ নামৰ মানৱ প্ৰাণীৰ সৃষ্টি হৈছিল। নৃতত্ত্ববিদসকলৰ মতে, আদিতে আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল আৰু তাৰ পিছতহে পৃথিৱীৰ অন্য অঞ্চললৈ বিস্তাৰিত হৈছিল।
৬) দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহৰ শ্ৰেণীবিভাজন কৰা।
উত্তৰঃ চুলি, নাক, মুখ, উচ্চতা আৰু ছালৰ বৰণৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক তিনিটা প্ৰধান গোষ্ঠীত বিভক্ত কৰা হৈছে:
১) ককেছীয় গোষ্ঠী (Caucasoid)
২) নিগ্ৰ’ইড গোষ্ঠী (Negroid)
৩) মঙ্গোলীয় গোষ্ঠী (Mongoloid)
৭) পৃথিৱীৰ প্ৰধান মানৱজাতি তিনিটাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ * ক) ককেছীয় গোষ্ঠী: ছালৰ বৰণ বগা বা বাদামী। চুলিবোৰ পোন বা কিছু পকোৱা। ইউৰোপীয়, পশ্চিম-এছিয়াৰ লোকসকল এই গোষ্ঠীৰ অন্তৰ্গত।
খ) নিগ্ৰ’ইড গোষ্ঠী: ছালৰ বৰণ ক’লা বা গাঢ় বাদামী, চুলি কেঁকোৰা আৰু নাকটো বহল তথা চেপেটা। এওঁলোক প্ৰধানকৈ আফ্ৰিকা আৰু দক্ষিণ এছিয়াত বাস কৰে।
গ) মঙ্গোলীয় গোষ্ঠী: ছালৰ বৰণ হালধীয়া, চকুবোৰ সৰু আৰু চুলি পোন। মধ্য আৰু পূব এছিয়াৰ লোকসকল (যেনে— বড়ো, মিচিং আদি) এই গোষ্ঠীৰ।
৮) পৃথিৱীৰ কোন অঞ্চলত প্ৰথমতে মানুহৰ সৃষ্টি হোৱা বুলি ধৰা হয়?
উত্তৰঃ আধুনিক পুৰাতত্ত্বৰ তথ্য অনুসৰি, প্ৰায় এক লাখ বছৰ আগতে ক্ৰান্তীয় আফ্ৰিকাৰ পূব অংশত মানুহৰ প্ৰথম আৱিৰ্ভাৱ হৈছিল বুলি ধৰা হয়। সেই সময়ত মানুহৰ দৈহিক গঠন তিনিওটা প্ৰধান জাতিৰ এক সংমিশ্ৰিত ৰূপ আছিল।
৯) পৃথিৱীৰ প্ৰধান ধৰ্মবোৰ কি কি? ইয়াৰ বিতৰণ আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ জনসংখ্যা অনুসৰি খ্ৰীষ্টান, ইছলাম, হিন্দু আৰু বৌদ্ধ ধৰ্মই হ’ল পৃথিৱীৰ প্ৰধান ধৰ্ম।
খ্ৰীষ্টান ধৰ্ম: ২১৩ কোটি জনসংখ্যাৰে ই বিশ্বৰ বৃহত্তম ধৰ্ম।
ইছলাম ধৰ্ম: ১৩৫ কোটি জনসংখ্যাৰে ই বিশ্বৰ দ্বিতীয় বৃহত্তম ধৰ্ম।
হিন্দু ধৰ্ম: ই পৃথিৱীৰ প্ৰাচীনতম ধৰ্ম আৰু ইয়াৰ জন্মভূমি ভাৰতবৰ্ষ।
বৌদ্ধ ধৰ্ম: ২৫০০ বছৰ পূৰ্বে উত্তৰ ভাৰতত ইয়াৰ জন্ম হৈছিল। বিশ্বৰ প্ৰায় ৬ শতাংশ লোক বৌদ্ধধৰ্মী।
১০) ভাৰতবৰ্ষৰ জনসংখ্যাৰ ধৰ্মীয় গাঁথনি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ ভাৰত এখন হিন্দু প্ৰধান দেশ হ’লেও ইয়াত সকলো ধৰ্মৰ লোক আছে। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ ধৰ্মীয় গাঁথনি হ’ল— হিন্দু (৬৪.৯%), ইছলাম (৩০.৯%), খ্ৰীষ্টান (৩.৭%), বৌদ্ধ (০.২%), শিখ (০.১%) আৰু জৈন (০.১%)। জনপ্ৰব্ৰজনৰ বাবে বৰ্তমান বিশ্বৰ প্ৰায় সকলো ঠাইতে সকলো ধৰ্মৰ লোক পোৱা যায়।
১১) চমুটোকা লিখাঃ
ক) মানুহ আৰু মানৱ ভূগোল: প্লিষ্ট’চিন যুগত বিৱৰ্তনৰ ফলত মানুহৰ সৃষ্টি হয়। ভূগোলৰ যি শাখাত প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহৰ সম্পৰ্কৰ অধ্যয়ন কৰা হয়, তাকে মানৱ ভূগোল বোলে।
খ) মানৱ জাতি: দৈহিক বৈশিষ্ট্যৰ ভিত্তিত ভাগ কৰা মানুহৰ একোটা গোট। ইয়াৰ প্ৰধান ভাগ তিনিটা— ককেছীয়, নিগ্ৰ’ইড আৰু মঙ্গোলীয়।
গ) নিগ্ৰ’ইড গোষ্ঠী: আফ্ৰিকা আৰু এছিয়াৰ কিছু অংশত বাস কৰা ক’লা ছাল আৰু কেঁকোৰা চুলিৰ মানৱ গোষ্ঠী।
ঘ) ধৰ্মীয় গাঁথনি: সমাজ পৰিচালনাৰ বাবে থকা বিশ্বাস আৰু নীতি-নিয়মৰ সমষ্টি। পৃথিৱীৰ ৭৫% লোক খ্ৰীষ্টান, ইছলাম, হিন্দু আৰু বৌদ্ধ ধৰ্মৰ অন্তৰ্গত।
ঙ) বৌদ্ধ ধৰ্ম: ২৫০০ বছৰ আগতে বৌদ্ধ গয়াত জন্ম হোৱা ধৰ্ম। ইয়াৰ দুটা ভাগ— হিনায়ন আৰু মহায়ন।
চ) ভাৰতবৰ্ষত খ্ৰীষ্টান ধৰ্মীয় লোক: ভাৰতৰ মুঠ জনসংখ্যাৰ ২.৩% লোক খ্ৰীষ্টান। এওঁলোকৰ প্ৰধান ভাগ দুটা— ৰোমান কেথ’লিক আৰু প্ৰোটেষ্টাণ্ট।
১২) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
ক) পৃথিৱীত মানুহৰ সৃষ্টি কেতিয়া হৈছিল?
উত্তৰঃ (২) ১-২ লাখ বছৰ পূৰ্বে।
খ) জনসংখ্যা হিচাবে পৃথিৱীৰ বৃহত্তম ধৰ্মীয় গোষ্ঠীটো কি?
উত্তৰঃ (৩) খ্ৰীষ্টান ধৰ্ম।
গ) মানুহৰ সৃষ্টি প্ৰথমে কোন মহাদেশত হৈছিল?
উত্তৰঃ (২) আফ্ৰিকা মহাদেশ।
ঘ) চীনদেশৰ লোকসকল কোন মানৱগোষ্ঠীৰ অন্তৰ্গত?
উত্তৰঃ (৩) মঙ্গোলীয় গোষ্ঠী।