অৰ্থনৈতিক কাৰ্য বা বৃত্তি
১। বৃত্তি বুলিলে কি বুজা?
উত্তৰঃ মানুহে নিজৰ জীৱিকা উপাৰ্জনৰ বাবে যিবোৰ অৰ্থনৈতিক কাম-কাজত লিপ্ত হয়, তাকে বৃত্তি বোলে।
২। বৃত্তি প্ৰধানকৈ কেই প্ৰকাৰৰ? উদাহৰণসহ লিখা।
উত্তৰঃ মানুহৰ বৃত্তিবোৰক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰিব পাৰি:
প্ৰাথমিক বৃত্তি: প্ৰকৃতিৰ পৰা পোনপটীয়া সম্পদ আহৰণ (যেনে— কৃষি, মাছ ধৰা)।
দ্বিতীয়ক বৃত্তি: কেঁচামালৰ পৰা নতুন দ্ৰব্য উৎপাদন (যেনে— উদ্যোগিক কাম-কাজ)।
তৃতীয়ক বৃত্তি: সেৱা খণ্ডৰ কাম-কাজ (যেনে— যাতায়ত, শিক্ষা, স্বাস্থ্য)।
চতুৰ্থক বৃত্তি: উচ্চ পৰ্যায়ৰ সেৱা আৰু বৌদ্ধিক কাৰ্য (যেনে— বেংক, গৱেষণা, প্ৰশাসন)।
৩। প্ৰাথমিক বৃত্তি কাক বোলে?
উত্তৰঃ যিবোৰ অৰ্থনৈতিক কাৰ্য বা বৃত্তি প্ৰকৃতিৰ পৰা পোনপটীয়াভাৱে সম্পদ আহৰণৰ লগত জড়িত, সেইবোৰক প্ৰাথমিক বৃত্তি বোলা হয়।
উদাহৰণ: কৃষি কাৰ্য, মাছ ধৰা, খনিজ সম্পদ আহৰণ, বনজ সম্পদ সংগ্ৰহ আদি।
৪। প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰঃ * প্ৰাথমিক বৃত্তি: এই বৃত্তিত মানুহে প্ৰকৃতিৰ পৰা পোনপটীয়াভাৱে সম্পদ সংগ্ৰহ কৰে। ই মূলত প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল।
দ্বিতীয়ক বৃত্তি: এই বৃত্তিত প্ৰাথমিক বৃত্তিৰ পৰা পোৱা সম্পদবোৰক প্ৰযুক্তি প্ৰয়োগ কৰি ব্যৱহাৰোপযোগী নতুন দ্ৰব্যলৈ ৰূপান্তৰ কৰা হয়। ই মূলত শিল্প-উদ্যোগৰ সৈতে জড়িত।
৫। কেনেবোৰ অৰ্থনৈতিক কাৰ্যক তৃতীয়ক বৃত্তি বুলি কোৱা হয়? উদাহৰণসহ লিখা।
উত্তৰঃ প্ৰাথমিক আৰু দ্বিতীয়ক খণ্ডত উৎপাদিত দ্ৰব্যসমূহ উপভোক্তাৰ ওচৰলৈ লৈ যোৱাৰ বাবে যিবোৰ সেৱামূলক কামৰ প্ৰয়োজন হয়, তাকে তৃতীয়ক বৃত্তি বোলে।
উদাহৰণ: যাতায়ত-পৰিবহণ, পাইকাৰী আৰু খুচুৰা ব্যৱসায়, শিক্ষা, স্বাস্থ্য, পৰ্যটন আৰু যোগাযোগ আদি।
৬। চতুৰ্থক বৃত্তিৰ গুৰুত্ব সম্বন্ধে লিখা।
উত্তৰঃ চতুৰ্থক বৃত্তিয়ে মূলত জ্ঞানভিত্তিক সেৱাসমূহক বুজায়। ইয়াৰ ভিতৰত বেংক, বীমা, প্ৰশাসন, তথ্য-প্ৰযুক্তি আৰু গৱেষণা আদি পৰে। বৰ্তমান বিশ্বায়নৰ যুগত উৎপাদন আৰু বাণিজ্যৰ ধৰণ সলনি হোৱাৰ লগে লগে এই বৃত্তিৰ গুৰুত্ব বহুত বাঢ়িছে। ই অন্য তিনিটা বৃত্তিক সঠিক দিশত পৰিচালনা কৰাত সহায় কৰে।
৭। অৰ্থনৈতিক উন্নয়নে বৃত্তিৰ পৰিৱৰ্তন কেনেকৈ ঘটায়?
উত্তৰঃ অৰ্থনৈতিক উন্নয়নৰ লগে লগে মানুহৰ চাহিদা আৰু কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তন ঘটে।
যেতিয়া এটা অঞ্চলত উদ্যোগ গঢ়ি উঠে, তেতিয়া কিছুমান মানুহ কৃষিৰ (প্ৰাথমিক বৃত্তি) পৰা উদ্যোগলৈ (দ্বিতীয়ক বৃত্তি) ধাৱমান হয়।
উদ্যোগিক উৎপাদন বৃদ্ধিয়ে ব্যৱসায়-বাণিজ্য আৰু যাতায়তৰ (তৃতীয়ক বৃত্তি) প্ৰসাৰ ঘটায়।
আয় বৃদ্ধিৰ ফলত মানুহে অধিক উন্নত সেৱা আৰু প্ৰযুক্তি বিচাৰে, যাৰ ফলত চতুৰ্থক বৃত্তিৰ সৃষ্টি হয়।
৮। বৃত্তিৰ ক্ষেত্ৰত অসমত ঘটা পৰিৱৰ্তনৰ এটি আভাস দিয়া।
উত্তৰঃ বৃটিছ শাসনৰ আগতে অসমৰ মানুহৰ বৃত্তি মূলত কৃষি আৰু বনজ সম্পদ আহৰণতে (প্ৰাথমিক বৃত্তি) সীমাবদ্ধ আছিল। বৃটিছসকলে চাহ শিল্প, তেল আৰু কয়লা খনি স্থাপন কৰাত ৰাজ্যখনত দ্বিতীয়ক বৃত্তিৰ সূচনা হয়। স্বাধীনতাৰ পিছত প্ৰশাসন, শিক্ষা আৰু পৰিবহণৰ দ্ৰুত উন্নতিয়ে তৃতীয়ক বৃত্তিৰ প্ৰসাৰ ঘটায়। বৰ্তমান ডিজিটেল যুগ আৰু বিশ্বায়নৰ প্ৰভাৱত বেংক, বীমা আৰু গৱেষণাৰ দৰে চতুৰ্থক বৃত্তিত নিয়োজিত লোকৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে।
৯। অসমৰ বৃত্তিগত ক্ষেত্ৰখনলৈ পৰিৱৰ্তন অনা কাৰকসমূহ কি কি?
উত্তৰঃ ১/ বেংক, যোগাযোগ আৰু প্ৰচাৰ মাধ্যমৰ দ্ৰুত সম্প্ৰসাৰণ।
২/ বিশ্বায়নৰ প্ৰভাৱ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য।
৩/ থলুৱা বজাৰৰ বিকাশ আৰু গ্ৰাহকৰ চাহিদা বৃদ্ধি।
৪/ চৰকাৰৰ অৰ্থনৈতিক নীতিৰ পৰিৱৰ্তন।
৫/ আধুনিক প্ৰযুক্তি আৰু গৱেষণাৰ প্ৰয়োগ।