ASSEB Class 9 Social Science Geography Chapter 3 (ভাৰতবৰ্ষৰ ভূগোল ) Question Answer 2026 | Class 9 Social Science(Part-II) Chapter 3 Solution

ভাৰতবৰ্ষৰ ভূগোল 

১। ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা।

উঃ ভাৰতবৰ্ষ পৃথিৱীৰ এখন বিস্তৃত আৰু গুৰুত্বপূর্ণ দেশ। ই পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত আৰু এছিয়া মহাদেশৰ দক্ষিণ অংশত বিস্তৃত হৈ আছে। ভাৰতবৰ্ষৰ উত্তৰে সুউচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ অৱস্থিত। দক্ষিণ দিশে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা দ্বীপ আছে। পূৱ ফালে বঙ্গোপ সাগৰ আৰু ম্যানমাৰ দেশ অৱস্থিত আৰু পশ্চিমে আৰব সাগৰ আৰু পাকিস্তান আছে। ভাৰতৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু পূৱা-পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূৱ সীমাৰ পৰা সৌৰাষ্ট্ৰ অঞ্চললৈ বিস্তৃত। উত্তৰা-দক্ষিণাকৈ ভাৰতবৰ্ষ প্ৰায় ৩,২১৪ কিলোমিটাৰ আৰু পূৱা-পশ্চিমাকৈ প্ৰায় ২,৯৩৯ কিলোমিটাৰ দীঘল। ভাৰতবৰ্ষ ৮°৪′২৮″ উত্তৰ অক্ষাংশৰ পৰা ৩৭°১৭′৫৩″ উত্তৰ অক্ষাংশ আৰু ৬৮°৭′৩৩″ পূৱ দ্রাঘিমাৰ পৰা ৯৭°২৪′৪৭″ পূৱ দ্রাঘিমাৰ মাজত অৱস্থিত। ভাৰতৰ সোঁমাজেদি ২৩°৩০′ কৰ্কটক্রান্তি ৰেখা পাৰ হৈ গৈছে।

২। ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য কিমান?

উঃ ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য প্ৰায় ৬,১০০ কিলোমিটাৰ।

৩। ভাৰতৰ মুঠ স্থলসীমাৰ দৈর্ঘ্য কিমান?

উঃ ভাৰতৰ মুঠ স্থলসীমাৰ দৈর্ঘ্য প্ৰায় ১৫,২০০ কিলোমিটাৰ।

৪। ভাৰতৰ ভূখণ্ড সম্পর্কে এটি চমুটোকা লিখা।

উঃ ভাৰতবৰ্ষ এখন বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ দেশ। মাটিকালিৰ দিশৰ পৰা ই পৃথিৱীৰ সপ্তম স্থান অধিকাৰ কৰিছে। পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় ২.৪ শতাংশ ভাৰতবৰ্ষই আগুৰি আছে। ইয়াৰ উত্তৰত সুউচ্চ হিমালয় পৰ্বতমালা অৱস্থিত। দক্ষিণ অংশত আৰাৱলী, বিন্ধ্য, পূর্বঘাট, পশ্চিমঘাট আৰু মহাকাল আদি পৰ্বতশ্রেণী আছে। দক্ষিণ ভাৰতত এটা বিস্তৃত মালভূমি অঞ্চল দেখা যায়। ভাৰতৰ মাজেদি বৈ যোৱা বৃহৎ নদীবোৰ যেনে ব্ৰহ্মপুত্ৰ, গংগা আৰু সিন্ধু আদিয়ে সমভূমি সৃষ্টি কৰিছে। ইয়াৰ পশ্চিম অংশত ৰাজস্থানত থৰ মৰুভূমি অৱস্থিত।

৫। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পার্থক্য লিখা।

উঃ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীবোৰৰ মাজত কিছুমান গুৰুত্বপূর্ণ পাৰ্থক্য দেখা যায়। যেনেঃ

(ক) উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আচ্ছাদিত হিমালয় পৰ্বতৰ পৰা উৎপত্তি হোৱা বাবে সাৰাবছৰ পানী থাকে। কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ মালভূমি বা চাপৰ পৰ্বতৰ পৰা উৎপত্তি হোৱা বাবে খৰালি কালত পানী কমি যায়।

(খ) উত্তৰ ভাৰতৰ নদীবোৰে সঘনাই নিজৰ গতিপথ সলনি কৰে আৰু প্লাবন ভূমি বহল। কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ কঠিন শিলাময় ভূমিৰ মাজেৰে নিৰ্দিষ্ট পথত বৈ থাকে আৰু প্লাবন ভূমি সংকীর্ণ।

(গ) উত্তৰ ভাৰতৰ নদীবোৰত উচ্চ গতি, মধ্য গতি আৰু নিম্ন গতি দেখা যায়। কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰত এই ধৰণৰ গতিৰ স্পষ্ট বিভাজন দেখা নাযায়।

(ঘ) উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহল আৰু ধীৰগতিত বৈ নাব্য। কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা ঠেক আৰু সাধাৰণতে নাব্য নহয়।

৬। ভাৰতৰ ভূ-প্রাকৃতিক ভাগকেইটা কি কি?

উঃ ভাৰতৰ ভূ-প্রাকৃতিক ভাগ প্রধানকৈ চাৰিটা। যেনেঃ (ক) উত্তৰ হিমালয় পাৰ্বত্য অঞ্চল, (খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, (গ) দাক্ষিণাত্য মালভূমি অঞ্চল আৰু (ঘ) উপকূল অঞ্চল।

৭। উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা।

উঃ ভাৰতৰ উত্তৰ অংশত বিস্তৃত হিমালয় পাৰ্বত্য অঞ্চল পৃথিৱীৰ আটাইতকৈ উচ্চ পৰ্বতশ্রেণী। ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূৱ সীমালৈ পূৱা-পশ্চিমাকৈ বিস্তৃত। ইয়াৰ দৈর্ঘ্য প্ৰায় ২,৫০০ কিলোমিটাৰ আৰু প্ৰস্থ ২৪০ কিলোমিটাৰৰ পৰা ৫০০ কিলোমিটাৰলৈকে। ইয়াৰ মাটিকালি প্ৰায় ৫,০০,০০০ বর্গ কিলোমিটাৰ। ইয়াৰ উচ্চতা সাগৰৰ পৃষ্ঠৰ পৰা ৮,০০০ মিটাৰতকৈ অধিক। অধিকাংশ অঞ্চল বৰফেৰে আচ্ছাদিত থাকে। হিমালয় পৰ্বতশ্রেণী তিনিটা শাৰীত বিভক্ত—উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয়।

৮। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।

উঃ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো উত্তৰত হিমালয় আৰু দক্ষিণত মালভূমিৰ মাজত অৱস্থিত। পূৱে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে ই প্ৰায় ২,৪০০ কিলোমিটাৰ বিস্তৃত। ইয়াক সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ উপত্যকা বুলি কোৱা হয়। এই সমভূমিৰ প্ৰস্থ ২৪০ কিলোমিটাৰৰ পৰা ৩২০ কিলোমিটাৰলৈ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰস্থ গড়ে ৮০ কিলোমিটাৰ। এই অঞ্চলটো মুঠতে প্ৰায় ৭,০০,০০০ বর্গ কিলোমিটাৰ এলেকা আগুৰি আছে।

৯। দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।

উঃ উত্তৰ সমভূমিৰ দক্ষিণে দাক্ষিণাত্য মালভূমি অৱস্থিত। ইয়াৰ আকৃতি ত্ৰিভুজৰ দৰে। ই মূলত কঠিন শিলাৰে গঠিত। এই মালভূমি উত্তৰৰ মালৱা মালভূমি আৰু উত্তৰ-পূৱৰ ছোটনাগপুৰ মালভূমি মিলি গঠিত। বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতে ইয়াক উত্তৰ আৰু দক্ষিণ ভাগত বিভক্ত কৰিছে। ইয়াৰ পশ্চিমে পশ্চিমঘাট আৰু পূৱে পূর্বঘাট অৱস্থিত।

১০। উপকূল অঞ্চলৰ বৈশিষ্ট্য লিখা।

উঃ ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ দুয়োফালে উপকূল অঞ্চল বিস্তৃত। পূৱ ফালে বঙ্গোপ সাগৰ আৰু পশ্চিমে আৰব সাগৰৰ পাৰে এই অঞ্চল অৱস্থিত। ইয়াৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৩০-৫০ মিটাৰ। উপকূল অঞ্চল দীঘল আৰু সংকীর্ণ। ইয়াক পূৱ আৰু পশ্চিম উপকূলত ভাগ কৰা হয়। পূৱ উপকূল গংগাৰ মোহনাৰ পৰা কন্যাকুমাৰীলৈ বিস্তৃত। পশ্চিম উপকূল আৰব সাগৰৰ পৰা দক্ষিণে কুমাৰীলৈ বিস্তৃত।

১১। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা।

উঃ ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত এখন বৃহৎ আৰু বৈচিত্ৰ্যময় দেশ। ইয়াৰ জলবায়ুও অঞ্চলভেদে ভিন্ন ধৰণৰ। ভাৰতৰ মাজেদি কৰ্কটক্রান্তি ৰেখা পাৰ হৈ যোৱা বাবে দেশখনৰ উত্তৰ অংশ সমশীতল মণ্ডলত আৰু দক্ষিণ অংশ গ্রীষ্মমণ্ডলত অৱস্থিত। সেইবাবে উত্তৰ ভাৰতত শীতৰ প্ৰভাৱ অধিক আৰু দক্ষিণ ভাৰতত গ্ৰীষ্মৰ প্ৰভাৱ বেছি। ভাৰতৰ ভূ-প্রকৃতি পাহাৰ-পৰ্বত, মালভূমি, সমভূমি আৰু মৰুভূমিৰে গঠিত হোৱা বাবে জলবায়ুতো যথেষ্ট ভিন্নতা দেখা যায়। উচ্চতাৰ ভিন্নতাৰ বাবে উত্তাপ, বৰষুণ, বায়ুৰ চাপ আৰু আর্দ্ৰতাৰো পৰিৱৰ্তন হয়। হিমালয় পৰ্বতমালাই উত্তৰৰ ঠাণ্ডা বতাহক বাধা দিয়ে আৰু দেশখনক শীতল বতাহৰ পৰা ৰক্ষা কৰে। দক্ষিণ ভাৰত গ্রীষ্মমণ্ডলত অৱস্থিত হ’লেও ইয়াৰ জলবায়ু তুলনামূলকভাবে মৃদু।

১২। ভাৰতৰ মৌচুমী বতাহৰ প্ৰভাৱ সম্পর্কে এটি টোকা লিখা।

উঃ ভাৰতবৰ্ষ এখন মৌচুমী বতাহ প্ৰধান দেশ। দেশখনৰ জলবায়ু, কৃষি আৰু জীৱনযাত্ৰাত মৌচুমী বতাহৰ গুৰুত্বপূর্ণ প্ৰভাৱ আছে। গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰব সাগৰৰ পৰা জলীয় বাষ্প কঢ়িয়াই আনি পশ্চিমঘাট পৰ্বতত বাধা পাই প্ৰচুৰ বৰষুণ দিয়ে। বিশেষকৈ কংকন আৰু মালাবাৰ উপকূলত বছৰি ৩০০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়। এই বতাহৰ এটা শাখা বঙ্গোপ সাগৰৰ ওপৰেদি গৈ উত্তৰ-পূৰ্বাঞ্চলত মেঘালয় পৰ্বতমালাত বাধা পাই প্ৰচুৰ বৰষুণ দিয়ে। চেৰাপুঞ্জী আৰু মৌসিনৰামত বছৰি বিশ্বৰ আটাইতকৈ অধিক বৰষুণ হয়। শীতকালত উত্তৰ-পূৱ মৌচুমী বতাহ বংগোপ সাগৰৰ ওপৰেৰে গৈ জলীয় বাষ্প সংগ্ৰহ কৰি পূর্বঘাট পৰ্বতত বাধা পাই কৰমণ্ডল উপকূলত বৰষুণ দিয়ে।

১৩। ভাৰতৰ বৰষুণৰ বিতৰণ সম্পর্কে এটি আভাস দিয়া।

উঃ ভাৰতবৰ্ষ এখন বৃহৎ আৰু বৈচিত্ৰ্যময় দেশ হোৱা বাবে ইয়াৰ বিভিন্ন অঞ্চলত বৰষুণৰ পৰিমাণো ভিন্ন। উত্তৰ-পূৱ হিমালয়ৰ নামনি অঞ্চল, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয়। অৰুণাচল প্ৰদেশৰ বহিঃ হিমালয় অঞ্চলতো যথেষ্ট বৰষুণ হয়। আনহাতে ৰাজস্থান, পঞ্জাৱ আৰু হাৰিয়ানা আদি অঞ্চলত বৰষুণ কম হয়। থৰ মৰুভূমিত বৰষুণ অত্যন্ত কম। দাক্ষিণাত্য মালভূমিৰ উত্তৰ-পশ্চিম অংশ আৰু গুজৰাটতো বৰষুণ কম। ব্ৰহ্মপুত্ৰ সমভূমি আৰু উত্তৰ ভাৰতৰ সমভূমিত মধ্যমীয়া বৰষুণ হয়।

১৪। ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভাগ কৰা হৈছে লিখা।

উঃ ভাৰতবৰ্ষৰ জলবায়ু আৰু মাটিৰ বৈচিত্র্যৰ বাবে ইয়াত বিভিন্ন ধৰণৰ উদ্ভিদ জন্মে। এই উদ্ভিদসমূহক সাধাৰণতে ছয় ভাগত ভাগ কৰা হয়। যেনেঃ

(ক) চিৰসেউজীয়া উদ্ভিদ
(খ) মৌচুমীয় উদ্ভিদ
(গ) কাঁইটীয়া মৰু উদ্ভিদ
(ঘ) তৃণজাতীয় উদ্ভিদ
(ঙ) ব-দ্বীপীয় উদ্ভিদ
(চ) পাৰ্বত্য উদ্ভিদ।

১৫। ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি?

উঃ যি অঞ্চলত বছৰি ২০০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ আৰু গড় উত্তাপ ২৫°-২৭° চেন্টিগ্ৰেড থাকে, সেইবোৰ অঞ্চলত চিৰসেউজীয়া উদ্ভিদ অধিক জন্মে। ভাৰতত মৌচুমী বতাহৰ প্ৰভাৱত বহু ঠাইত অধিক বৰষুণ হয়, ফলত চিৰসেউজীয়া অৰণ্য বিস্তৃত। এই উদ্ভিদসমূহৰ পাত সাৰাবছৰ সেউজীয়া থাকে আৰু একেবাৰে নসৰে। ভাৰতত শিশু, শাল, ৰবৰ, চন্দন আদি মূল্যৱান গছ এই শ্রেণীৰ অন্তৰ্গত। অসম, মেঘালয়, মিজোৰাম, মণিপুৰ, হিমালয়ৰ নামনি অঞ্চল, পশ্চিমঘাটৰ পশ্চিম ঢাল আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জত এইবোৰ অৰণ্য অধিক দেখা যায়।

১৬। ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা।

উঃ ভাৰতৰ পাৰ্বত্য অঞ্চলসমূহত উচ্চতা, বৰষুণ আৰু উত্তাপৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণৰ উদ্ভিদ দেখা যায়। ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ হ’লঃ

(ক) প্ৰায় ১০০০ মিটাৰ উচ্চতাত শাল আৰু বাঁহজাতীয় গছ দেখা যায়। বিশেষকৈ অসম, অৰুণাচল প্ৰদেশ আৰু হিমালয়ৰ পাদদেশত এইবোৰ অধিক হয়।

(খ) ১০০০ মিটাৰৰ পৰা ২০০০ মিটাৰ উচ্চতাত বহল পাতৰ গছ আৰু চিৰসেউজীয়া সৰল গছ জন্মে। উত্তৰ-পূৰ্বাঞ্চলত এইবোৰ অধিক।

(গ) ১৬০০ মিটাৰৰ পৰা ৩০০০ মিটাৰ উচ্চতাত দেৱদাৰু জাতীয় সৰল গছৰ অৰণ্য দেখা যায়। কাশ্মীৰ, হিমাচল প্ৰদেশ, দাৰ্জিলিং আৰু ছিকিমত এইবোৰ অধিক হয়।

১৭। ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান?

উঃ জনসংখ্যাৰ দিশৰ পৰা ভাৰতৰ স্থান পৃথিৱীত দ্বিতীয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা ১,২১,০১,৯৩,৪২২ জন। সেই অনুসৰি জনসংখ্যাৰ ঘনত্ব প্রতি বর্গকিলোমিটাৰত ৩৮২ জন।

১৮। জনপ্রব্ৰজন কেইপ্ৰকাৰৰ আৰু কি কি?

উঃ মানুহে এঠাইৰ পৰা আন ঠাইলৈ স্থায়ী বা অস্থায়ীভাৱে গমন কৰাকে জনপ্রব্ৰজন বোলা হয়। জনপ্রব্ৰজন দুটা প্ৰধান ভাগত বিভক্ত— আন্তঃৰাষ্ট্ৰীয় আৰু আভ্যন্তৰীণ প্ৰব্ৰজন। এখন দেশৰ পৰা আন দেশলৈ গমন কৰিলে তাক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলা হয়। এখন দেশৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ গমন কৰিলে তাক আভ্যন্তৰীণ প্ৰব্ৰজন বোলা হয়।

১৯। জনপ্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্ৰভাৱ পৰিছে?

উঃ ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যময় দেশ। ইতিহাসৰ বিভিন্ন সময়ত বিভিন্ন দেশৰ পৰা মানুহ ইয়ালৈ আহি বসতি স্থাপন কৰিছে। ইয়াৰ ফলত ভাৰতৰ জনসংখ্যা বৃদ্ধি পাইছে আৰু কেতিয়াবা জনবিস্ফোৰণো দেখা গৈছে। বাংলাদেশ, নেপাল, ভূটান, পাকিস্তান আৰু আফগানিস্তান আদি দেশৰ পৰা প্ৰব্ৰজন হৈছে। কিন্তু এই প্ৰব্ৰজনৰ ফলত ভাৰতৰ সংস্কৃতি আৰু সমাজত বৈচিত্ৰ্য বৃদ্ধি পাইছে আৰু বিশ্বৰ আগত এক বিশেষ পৰিচয় লাভ কৰিছে।

২০। ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা।

উঃ ভাৰতৰ অৰ্থনীতিৰ প্রধান বৈশিষ্ট্যসমূহ হ’লঃ

(ক) কৃষিপ্রধান অৰ্থনীতি
(খ) জনমুৰি আয় কম
(গ) দাৰিদ্ৰতাৰ সমস্যা
(ঘ) আয় বৃদ্ধিৰ গতি মন্থৰ
(ঙ) নিবনুৱা সমস্যা বৃদ্ধি
(চ) পৰিকল্পনা ভিত্তিক উন্নয়ন ব্যৱস্থা।

২১। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা আৰু কি কি?

উঃ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা ৭ খন। যেনেঃ দিল্লী, চণ্ডীগড়, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, দদ্ৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ, পণ্ডিচেৰী আৰু লাক্ষাদ্বীপ।

২২। ভাৰতৰ বৰ্তমান ৰাজ্য কিমানখন?

উঃ বৰ্তমান ভাৰতৰ ৰাজ্যৰ সংখ্যা ২৯ খন।

২৩। ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি? ইয়াৰ মাটিকালি কিমান?

উঃ ভাৰতবৰ্ষৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্য হৈছে তেলেঙ্গেনা। ইয়াৰ মুঠ মাটিকালি প্ৰায় ১,১৪,৮৪০ বর্গ কিলোমিটাৰ।

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। ভাৰতৰ মণিপুৰত থকা হ্ৰদটোৰ নাম কি?
উঃ লোকতাক হ্ৰদ।

২। ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য কোনখন?
উঃ উত্তৰ প্ৰদেশ।

৩। হিমালয় পৰ্বতশ্রেণী কোন যুগত সৃষ্টি হৈছিল?
উঃ টাৰচিয়েৰী যুগত। আদিতে ইয়াত সাগৰ আছিল।

৪। টেথিছ সাগৰ কি?
উঃ বর্তমান হিমালয় অঞ্চলত আগতে থকা এখন সাগৰক টেথিছ সাগৰ বোলা হয়।

৫। গংগা নদীৰ উৎপত্তিস্থল ক’ত?
উঃ গংগোত্ৰী হিমবাহত।

৬। উপমহাদেশ বুলিলে কি বুজায়?
উঃ ভাৰতবৰ্ষক উপমহাদেশ বোলা হয়।

৭। দাক্ষিণাত্য মালভূমিৰ আকৃতি কেনেকুৱা?
উঃ ত্ৰিভুজাকাৰ।

৮। ভাৰতৰ প্ৰাকৃতিক ভাগ কেইটা?
উঃ ৫ টা।

৯। পৃথিৱীৰ জনসংখ্যাৰ কিমান শতাংশ ভাৰতত বাস কৰে?
উঃ প্ৰায় ১৭.৫ শতাংশ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top