Class 10 Science Assamese Medium Chapter 2 solution 2026 | SEBA Class 10 Science Chapter 2 এছিড, ক্ষাৰক আৰু লৱণ Question Answer

এছিড, ক্ষাৰক আৰু লৱণ

প্ৰশ্নঃ ঘ্ৰাণেন্দ্ৰিক সূচক কাক বোলে? এটা উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ পদাৰ্থ এছিড আৰু ক্ষাৰকৰ উপস্থিতিত নিজৰ গোন্ধ সলনি কৰে, সেইবোৰক ঘ্ৰাণেন্দ্ৰিক সূচক বোলে। যেনে– পিঁয়াজ।

প্ৰশ্নঃ প্ৰশমন বিক্ৰিয়া কি?
উত্তৰঃ এছিড আৰু ক্ষাৰকৰ মাজত সংঘটিত হোৱা বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে।

প্ৰশ্নঃ এছিডত নীলা লিটমাছ দিলে কি হয়?
উত্তৰঃ এছিডে নীলা লিটমাছ কাগজ ৰঙা কৰি তোলে।

প্ৰশ্নঃ দুবিধ প্ৰাকৃতিক সূচকৰ নাম লিখা।
উত্তৰঃ হালধী আৰু ৰঙা বন্ধাকবিৰ পাত।

প্ৰশ্নঃ এবিধ কৃত্ৰিম সূচকৰ নাম লিখা।
উত্তৰঃ মিথাইল অৰেঞ্জ বা ফিন’লফথেলিন।

প্ৰশ্নঃ প্ৰশমন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ NaOH + HCl → NaCl + H₂O

প্ৰশ্নঃ দৈ আৰু টেঙা খাদ্য পিতল বা তামৰ পাত্ৰত কিয় নথোৱা হয়?
উত্তৰঃ এইবোৰ খাদ্যত থকা এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি খাদ্য আৰু পাত্ৰ দুয়ো নষ্ট কৰিব পাৰে।

প্ৰশ্নঃ এছিডবোৰে কিয় আম্লিক ধৰ্ম দেখুৱায়?
উত্তৰঃ এছিডে জলীয় দ্ৰৱত H⁺ আয়ন উৎপন্ন কৰে বাবে আম্লিক ধৰ্ম দেখুৱায়।

প্ৰশ্নঃ এছিড বা ক্ষাৰকৰ লঘুকৰণ কাক বোলে?
উত্তৰঃ পানীৰে মিহলাই আয়নৰ গাঢ়তা হ্ৰাস কৰাৰ প্ৰক্ৰিয়াক লঘুকৰণ বোলে।

প্ৰশ্নঃ এছিডৰ জলীয় দ্ৰৱে কিয় বিদ্যুৎ পৰিবহণ কৰে?
উত্তৰঃ H⁺ আয়নৰ উপস্থিতিৰ বাবে ই বিদ্যুৎ পৰিবহণ কৰে।

প্ৰশ্নঃ এছিড লঘু কৰিলে H₃O⁺ আয়নৰ গাঢ়তা কেনেকুৱা হয়?
উত্তৰঃ গাঢ়তা হ্ৰাস পায়।

প্ৰশ্নঃ NaOH দ্ৰৱত অধিক ক্ষাৰক যোগ কৰিলে OH⁻ আয়নৰ গাঢ়তা কেনেকুৱা হয়?
উত্তৰঃ গাঢ়তা বৃদ্ধি পায়।

প্ৰশ্নঃ শুকান HCl য়ে কিয় লিটমাছৰ ৰং সলনি নকৰে?
উত্তৰঃ ই H⁺ আয়ন উৎপন্ন কৰিব নোৱাৰে বাবে ৰং সলনি নকৰে।

প্ৰশ্নঃ তীব্ৰ এছিড আৰু তীব্ৰ ক্ষাৰক কাক বোলে?
উত্তৰঃ য’ত H⁺ বা OH⁻ আয়নৰ পৰিমাণ অধিক থাকে, সিহঁতক তীব্ৰ এছিড বা তীব্ৰ ক্ষাৰক বোলে।

প্ৰশ্নঃ দন্তক্ষয় কেতিয়া হয়?
উত্তৰঃ মুখৰ pH 5.5 তকৈ কম হ’লে দন্তক্ষয় হয়।

প্ৰশ্নঃ দন্তক্ষয় ৰোধৰ এটা উপায় লিখা।
উত্তৰঃ ক্ষাৰকীয় টুথপেষ্ট ব্যৱহাৰ কৰা।

প্ৰশ্নঃ মৌ-মাখিয়ে বিন্ধিলে কিয় বিষ হয়?
উত্তৰঃ মিথানইক এছিড নিঃসৰণৰ বাবে বিষ আৰু পোৰণি হয়।

প্ৰশ্নঃ ইয়াৰ পৰা ৰক্ষা পাবলৈ কি ব্যৱহাৰ কৰা হয়?
উত্তৰঃ বেকিং ছ’ডা ব্যৱহাৰ কৰা হয়।

প্ৰশ্নঃ তীব্ৰ এছিড আৰু মৃদু ক্ষাৰকৰ লৱণৰ প্ৰকৃতি কেনেকুৱা?
উত্তৰঃ আম্লিক।

প্ৰশ্নঃ তীব্ৰ ক্ষাৰক আৰু মৃদু এছিডৰ লৱণৰ প্ৰকৃতি কেনেকুৱা?
উত্তৰঃ ক্ষাৰকীয়।

প্ৰশ্নঃ ব্রাইন কি?
উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্ৰৱক ব্রাইন বোলে।

প্ৰশ্নঃ হাইড্ৰ’জেনৰ দুটা ব্যৱহাৰ লিখা।
উত্তৰঃ (i) ইন্ধন হিচাপে
(ii) কৃত্ৰিম মাখন প্ৰস্তুতত

প্ৰশ্নঃ ক্ল’ৰিণৰ দুটা ব্যৱহাৰ লিখা।
উত্তৰঃ (i) পানী পৰিশোধনত
(ii) বীজাণুনাশক হিচাপে

প্ৰশ্নঃ NaOH ৰ দুটা ব্যৱহাৰ লিখা।
উত্তৰঃ (i) গ্ৰীজ আঁতৰাবলৈ
(ii) চাবোন প্ৰস্তুতত

প্ৰশ্নঃ ব্লিচিং পাউদাৰ কেনেকৈ প্ৰস্তুত কৰা হয়?
উত্তৰঃ চূণ আৰু ক্ল’ৰিণৰ বিক্ৰিয়াৰ দ্বাৰা।

প্ৰশ্নঃ ইয়াৰ সমীকৰণ লিখা।
উত্তৰঃ Ca(OH)₂ + Cl₂ → CaOCl₂ + H₂O

প্ৰশ্নঃ মৃদু এছিড আৰু মৃদু ক্ষাৰক কাক বোলে?
উত্তৰঃ য’ত আয়নৰ পৰিমাণ কম থাকে, সিহঁত মৃদু হয়।

প্ৰশ্নঃ এছিড বৰষুণ কেতিয়া হয়?
উত্তৰঃ বৰষুণৰ পানীৰ pH 5.6 তকৈ কম হ’লে।

প্ৰশ্নঃ অজীর্ণতা কি?
উত্তৰঃ পেটত অধিক এছিডৰ বাবে হোৱা জ্বলা-পোৰা অৱস্থা।

প্ৰশ্নঃ ব্লিচিং পাউদাৰৰ এটা ব্যৱহাৰ লিখা।
উত্তৰঃ পানী বীজাণুমুক্ত কৰিবলৈ।

প্ৰশ্নঃ বেকিং ছ’ডাৰ এটা ব্যৱহাৰ লিখা।
উত্তৰঃ বেকিং পাউদাৰ প্ৰস্তুতত।

প্ৰশ্নঃ কাপোৰ ধোৱা ছ’ডা কেনেকৈ তৈয়াৰ কৰা হয়?
উত্তৰঃ ছ’ডিয়াম কাৰ্বনেটৰ পুনঃস্ফটিকীকৰণেৰে।

প্ৰশ্নঃ ইয়াৰ এটা ব্যৱহাৰ লিখা।
উত্তৰঃ পানীৰ কঠিনতা দূৰ কৰিবলৈ।

প্ৰশ্নঃ pH কাক বোলে?
উত্তৰঃ H₃O⁺ আয়নৰ ঋণাত্মক লগাৰিথিম মানক pH বোলে।

MCQ (সংক্ষিপ্ত)

1. NaOH 10 mL এ HCl 8 mL প্ৰশম কৰে, 20 mL NaOH ৰ বাবে HCl লাগিব –
উত্তৰঃ (c) 16 mL

2. অজীর্ণতাৰ ঔষধ –
উত্তৰঃ (c) অম্লনাশক

3. এছিড + কাৰ্বনেট → কোন গেছ?
উত্তৰঃ (a) CO₂

4. নেমুত থকা এছিড –
উত্তৰঃ (c) চাইট্ৰিক এছিড

5. বিশুদ্ধ পানীৰ pH –
উত্তৰঃ (a) 7

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top