Class 10 Science Assamese Medium Chapter 7 solution 2026 | SEBA Class 10 Science Chapter 7 নিয়ন্ত্ৰণ  আৰু সমন্বয় Question Answer

নিয়ন্ত্ৰণ  আৰু সমন্বয়

প্রশ্নঃ প্রান্তীয় স্নায়ুতন্ত্র কি?
উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্রক দেহৰ বিভিন্ন অংগ-প্ৰত্যংগৰ লগত সংযোগ কৰা স্নায়ুতন্ত্রক প্রান্তীয় স্নায়ুতন্ত্র বোলে।

প্রশ্নঃ মগজুৰ দুটা কার্য লিখা।
উত্তৰঃ
(ক) চিন্তা-ভাবনা আৰু সিদ্ধান্ত লোৱাত সহায় কৰে।
(খ) দেহৰ সমতা আৰু সমন্বয় ৰক্ষা কৰে।

প্রশ্নঃ মগজুৰ যি অংশই দেহ লৰচৰ আৰু সমতা নিয়ন্ত্রণ কৰে, সেই অংশৰ নাম কি?
উত্তৰঃ চেৰিবেলাম।

প্রশ্নঃ দুই প্ৰকাৰৰ স্নায়ু প্ৰৱৰ্ধ কি কি?
উত্তৰঃ এক্সন আৰু ডেনড্ৰাইট।

প্রশ্নঃ মস্তিষ্কৰ পৰা ওলোৱা স্নায়ুক কি বোলা হয়?
উত্তৰঃ ক্রেনিয়েল স্নায়ু।

প্রশ্নঃ প্রমস্তিষ্কৰ দুটা কার্য লিখা।
উত্তৰঃ
(ক) চিন্তা আৰু স্মৰণ শক্তি নিয়ন্ত্রণ কৰে।
(খ) ইন্দ্ৰিয়ৰ পৰা আহা উদ্দীপনা গ্ৰহণ কৰে।

প্রশ্নঃ অনৈচ্ছিক ক্ৰিয়া কোন অংশই নিয়ন্ত্রণ কৰে?
উত্তৰঃ মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক।

প্রশ্নঃ প্রতীপ ক্রিয়াত মগজুৰ ভূমিকা কি?
উত্তৰঃ প্রতীপ ক্রিয়া মূলতঃ স্নায়ুৰজ্জুত হয়, কিন্তু মগজুৱে তথ্য সংগ্ৰহ আৰু নিয়ন্ত্রণত সহায় কৰে।

প্রশ্নঃ এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ দুটা পার্থক্য লিখা।
উত্তৰঃ
(ক) এক্সনে বাৰ্তা বাহিৰলৈ প্ৰেৰণ কৰে, ডেনড্ৰাইটে বাৰ্তা গ্ৰহণ কৰে।
(খ) এক্সন দীঘল, ডেনড্ৰাইট চুটি।

প্রশ্নঃ উদ্ভিদৰ চলন কেই প্ৰকাৰৰ?
উত্তৰঃ দুটা—
(ক) বৃদ্ধি চলন
(খ) স্বতঃস্ফূর্ত চলন

প্রশ্নঃ প্রতীপ ক্রিয়া আৰু খোজ কঢ়াৰ মাজত পার্থক্য লিখা।
উত্তৰঃ
(ক) প্রতীপ ক্রিয়া খৰতকীয়া আৰু অনৈচ্ছিক, খোজ কঢ়া ঐচ্ছিক।
(খ) প্রতীপ ক্রিয়া স্নায়ুৰজ্জুতে নিয়ন্ত্রিত, খোজ মস্তিষ্কে নিয়ন্ত্রণ কৰে।

প্রশ্নঃ উদ্ভিদৰ সঞ্জীবনী পদার্থ কি?
উত্তৰঃ উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্রণ কৰা ৰাসায়নিক পদার্থবোৰক সঞ্জীবনী পদার্থ বোলে। যেনে- অক্সিন, জিবাৰেলিন, চাইটোকাইনিন।

প্রশ্নঃ অন্তঃস্রাবী গ্রন্থি কি?
উত্তৰঃ যিবোৰ গ্রন্থিয়ে পোনে পোনে তেজত হৰম’ন নিঃসৰণ কৰে, সেইবোৰক অন্তঃস্রাবী গ্রন্থি বোলে।

প্রশ্নঃ অন্তঃস্রাবী আৰু বহিঃস্রাবী গ্রন্থিৰ মাজৰ পাৰ্থক্য কি?
উত্তৰঃ
অন্তঃস্রাবী গ্রন্থিয়ে তেজত হৰম’ন নিঃসৰণ কৰে, বহিঃস্রাবী গ্রন্থিয়ে নলীযোগে নিঃসৰণ কৰে।

প্রশ্নঃ দুয়ো ধৰণৰ কাৰ্য কৰা গ্রন্থিটোৰ নাম কি?
উত্তৰঃ অগ্নাশয়।

প্রশ্নঃ এড্ৰিনেলিন হৰম’নৰ কাৰ্য লিখা।
উত্তৰঃ
(ক) হৃদস্পন্দন বৃদ্ধি কৰে।
(খ) শ্বাস-প্রশ্বাস তীব্ৰ কৰে।
(গ) পেশীত তেজৰ যোগান বৃদ্ধি কৰে।

প্রশ্নঃ প্রতীপ ক্রিয়া কি? উদাহৰণ দিয়া।
উত্তৰঃ
উদ্দীপনাৰ প্রতি দ্ৰুত আৰু অনৈচ্ছিক সঁহাৰিক প্রতীপ ক্রিয়া বোলে।
উদাহৰণ—
(ক) গৰম বস্তু ছুঁই হাত আঁতৰোৱা।
(খ) উজ্জ্বল পোহৰত চকু বন্ধ কৰা।

প্রশ্নঃ স্নায়ুৰজ্জুত আঘাত হ’লে কি ঘটে?
উত্তৰঃ প্রতীপ ক্রিয়া আৰু অনৈচ্ছিক কাৰ্যত ব্যাঘাত ঘটে।

প্রশ্নঃ মস্তিষ্কৰ কোন অংশই অনৈচ্ছিক কার্য নিয়ন্ত্রণ কৰে?
উত্তৰঃ মেডুলা।

প্রশ্নঃ ইনচুলিন ক’ত উৎপন্ন হয়?
উত্তৰঃ অগ্নাশয়ত।

প্রশ্নঃ আয়ডিনযুক্ত লবণ খোৱাটো কিয় প্রয়োজন?
উত্তৰঃ থাইৰ’ক্সিন হৰম’ন উৎপাদনৰ বাবে আয়ডিন প্রয়োজন; অভাৱত গৰল ৰোগ হয়।

প্রশ্নঃ ডায়েবেটিছ ৰোগীক ইনচুলিন কিয় দিয়া হয়?
উত্তৰঃ তেজত চেনিৰ পৰিমাণ নিয়ন্ত্রণ কৰিবলৈ।

MCQ অংশ

প্রশ্নঃ কোনটো উদ্ভিদৰ সঞ্জীবনী পদার্থ?
(a) ইনচুলিন
(b) থাইৰ’ক্সিন
(c) অ’বেষ্ট্ৰ’জেন
(d) চাইটোকাইনিন
উত্তৰঃ (d) চাইটোকাইনিন

প্রশ্নঃ প্রতীপ ক্রিয়া নিয়ন্ত্রণ কৰে—
(a) চেৰিবেলাম
(b) মগজু
(c) স্নায়ুৰজ্জু
(d) এটাও নহয়
উত্তৰঃ (c) স্নায়ুৰজ্জু

প্রশ্নঃ মগজুৰ সমতা নিয়ন্ত্রণ কৰা অংশ—
(a) মেডুলা
(b) চেৰিবেলাম
(c) প্রমস্তিষ্ক
(d) পন্স
উত্তৰঃ (b) চেৰিবেলাম

প্রশ্নঃ তেজত চেনিৰ পৰিমাণ নিয়ন্ত্রণ কৰা হৰম’ন—
(a) এড্ৰিনেলিন
(b) থাইৰ’ক্সিন
(c) ইনচুলিন
(d) টেষ্ট’ষ্টেৰন
উত্তৰঃ (c) ইনচুলিন

প্রশ্নঃ উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰম’ন—
(a) অক্সিন
(b) জিবাৰেলিন
(c) চাইটোকাইনিন
(d) এবচাইছিক এছিড
উত্তৰঃ (d) এবচাইছিক এছিড

প্রশ্নঃ শিপাৰ গতি কিহৰ উদাহৰণ?
(a) পোহৰানুবেগ
(b) জলানুবেগ
(c) ভূকেন্দ্রাবেগ
(d) এটাও নহয়
উত্তৰঃ (c) ভূকেন্দ্রাবেগ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top