অসম আমাৰ ৰূপহী
পাঠভিত্তিক ক্রিয়াকলাপ
১। উত্তৰ দিয়া:
(ক) ড° ভূপেন হাজৰিকাই ‘আই’ বুলি কাক সম্বোধন কৰিছে?
উত্তৰঃ ড° ভূপেন হাজৰিকাই ‘আই’ বুলি অসম দেশক সম্বোধন কৰিছে।
(খ) ড° ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে?
উত্তৰঃ ড° ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে।
(গ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়?
উত্তৰঃ শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায়।
(ঘ) পাহাৰ-ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে?
উত্তৰঃ পাহাৰ-ভৈয়ামৰ মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে।
(ঙ) ড° ভূপেন হাজৰিকাই ক’ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে?
উত্তৰঃ ড° ভূপেন হাজৰিকাই অসম দেশতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।
(চ) এই গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই ‘সূৰ্য উঠা দেশ’ বুলি কোনখন দেশক বুজাইছে?
উত্তৰঃ এই গীতটিত ড° ভূপেন হাজৰিকাই ‘সূৰ্য উঠা দেশ’ বুলি অসম দেশক বুজাইছে।
(ছ) গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক’তো কি নোপোৱাৰ কথা কৈছে?
উত্তৰঃ গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ৰসাল মাটি আন ক’তো নোপোৱাৰ কথা কৈছে।
২। ড° ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা।
উত্তৰঃ ড° ভূপেন হাজৰিকাই ‘অসম আমাৰ ৰূপহী’ গীতটিত অসমৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ সুন্দৰ বৰ্ণনা দাঙি ধৰিছে। তেওঁ অসমক ভাৰতৰ পূৱ দিশৰ সূৰ্য উঠা দেশ বুলি অভিহিত কৰিছে। অসমৰ ৰূপ আৰু গুণ অপৰিসীম আৰু ইয়াৰ দৰে ৰসাল মাটি আন ক’তো পোৱা নাযায় বুলি কৈছে। অসমৰ সেউজীয়া পৰিৱেশ চিৰ বিনন্দীয়া। ব’হাগত আই মহুৰা হৈ ঘূৰে আৰু মাঘত সোণৰ হাতেৰে লখিমী আদৰে। শৰৎ নিশাৰ তৰাবোৰে যেন আইৰ কেশ সজায়। বিভিন্ন ভাষা আৰু জনগোষ্ঠীৰ মানুহৰ মৰমে পাহাৰ-ভৈয়ামৰ মাজত ৰামধেনুৰ দৰে মিলনৰ সেতু গঢ়ি তুলিছে। গীতিকাৰে অসমৰ প্ৰাণস্বৰূপ লৌহিত্যৰ বহল পাৰক প্ৰণিপাত জনাই শেষত এই অসমতেই মৃত্যুবৰণ কৰাৰ কামনা প্ৰকাশ কৰিছে।
৩। দলত আলোচনা কৰি বহলাই লিখা:
(ক) ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ-ভৈয়াম একে কৰা মানে কি?
উত্তৰঃ সূৰ্যৰ পোহৰ বৰষুণৰ পানীৰ টোপালৰ মাজেৰে পাৰ হৈ বিচ্ছুৰিত হ’লে আকাশত সাতটা ৰঙৰ ধনুৰ দৰে যি ৰঙীন দৃশ্য দেখা যায়, তাক ৰামধেনু বোলে। ৰামধেনুৰ দৰে পাহাৰ-ভৈয়াম একে কৰা মানে অসমৰ পাহাৰ আৰু ভৈয়ামত বাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী আৰু ভাষাভাষী মানুহে মৰম, সম্প্ৰীতি আৰু ঐক্যৰে একেলগে বাস কৰাকে বুজাইছে।
(খ) লৌহিত্য মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে?
উত্তৰঃ লৌহিত্য মানে লুইত বা ব্ৰহ্মপুত্ৰ নদ। লুইত অসমৰ জীৱন, সংস্কৃতি আৰু ঐক্যৰ অন্যতম প্ৰতীক। ইয়াৰ দুয়োপাৰে বিভিন্ন জাতি-জনগোষ্ঠী আৰু ভাষাভাষী মানুহে মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে। সেয়েহে গীতিকাৰে লৌহিত্যৰ বহল পাৰক শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছে।
৪। গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা।
উত্তৰঃ ‘অসম আমাৰ ৰূপহী’ গীতটি ড° ভূপেন হাজৰিকাৰ অসম মাতৃৰ প্ৰতি গভীৰ ভালপোৱা আৰু স্বদেশপ্ৰেমৰ প্ৰকাশ। গীতটিত তেওঁ অসমক ভাৰতৰ পূৱ দিশৰ সূৰ্য উঠা ৰূপহী দেশ বুলি বৰ্ণনা কৰিছে। অসমৰ ৰূপ, গুণ, ৰসাল মাটি আৰু চিৰসেউজীয়া পৰিৱেশৰ তুলনা আন ক’তো নাই বুলি তেওঁ অনুভৱ কৰিছে। ব’হাগত আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে আৰু শৰৎ নিশাৰ তৰাবোৰে আইৰ কেশ সজায়। অসমৰ বিভিন্ন ভাষা আৰু জনগোষ্ঠীৰ মানুহৰ মৰমে পাহাৰ-ভৈয়ামক ৰামধেনুৰ দৰে একতাৰ বান্ধোনেৰে জুৰি ৰাখিছে। গীতিকাৰে লৌহিত্যৰ বহল পাৰক প্ৰণিপাত জনাই এই অসমতেই জীৱনৰ অন্ত হোৱাৰ কামনা প্ৰকাশ কৰিছে।
৫। উত্তৰ দিয়া:
(ক) গীতটিত ‘ম’ আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে। ‘ৰ’ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে?
উত্তৰঃ গীতটিত ‘ৰ’ আখৰটো ৪৯ বাৰ ব্যৱহাৰ হৈছে।
(খ) গীতটিত ‘া’-কাৰ স্বৰচিহ্নটো ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো স্বৰচিহ্ন এবাৰো ব্যৱহাৰ হোৱা নাই?
উত্তৰঃ গীতটিত ‘ৃ’-কাৰ স্বৰচিহ্নটো এবাৰো ব্যৱহাৰ হোৱা নাই।
(গ) ‘অসম আমাৰ ৰূপহী’ গীতটিত থকা ‘ৰ’ আৰু ‘ৰে’-ৰে শেষ হোৱা শব্দবোৰ লিখা।
উত্তৰঃ
‘ৰ’-ৰে শেষ হোৱা শব্দ: আমাৰ, দেশৰ, তোমাৰ, দিশৰ, সোণৰ, চিৰৰ, ভাষাৰ, মধুৰ, পাহাৰ, ৰূপৰ।
‘ৰে’-ৰে শেষ হোৱা শব্দ: ঘূৰে, তৰাৰে, আমাৰেই/আমাৰে, হাতেৰে, আইৰে, আদৰে, ভাৰতৰে, লৌহিত্যৰে, মৰমবোৰে।
৬। গীতটিৰ পৰা স্বৰচিহ্ন (-কাৰ) যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা আৰু সেইবোৰত কি কি স্বৰচিহ্ন যোগ হৈছে ভাঙি দেখুওৱা।
উত্তৰঃ
- ৰূপহী — ৰূ = ৰ + ঊ-কাৰ
- গুণৰো — ৰো = ৰ + ও-কাৰ
- দেশ — দে = দ + এ-কাৰ
- জীৱন — জী = জ + ঈ-কাৰ
- চিৰ — চি = চ + ই-কাৰ
- ৰাতি — ৰা = ৰ + আ-কাৰ
- সেতু — তু = ত + উ-কাৰ
- লৌহিত্য — লৌ = ল + ঔ-কাৰ
৭। গীতটিত থকা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা আৰু সেইবোৰৰ প্ৰতিটোৰে দুটাকৈ নতুন শব্দ লিখা।
উত্তৰঃ
- বিনন্দীয়া — ন্দ = ন্ + দ — আনন্দ, সুন্দৰ।
- পূৰ্ব — ৰ্ব = ৰ্ + ব — গৰ্ব, পৰ্ব।
- সূৰ্য — ৰ্য = ৰ্ + য — কাৰ্য, আৰ্য।
- লৌহিত্য — ত্য = ত্ + য — সত্য, নিত্য।
- প্ৰণিপাত — প্ৰ = প্ + ৰ — প্ৰতি, প্ৰমাণ।
- জন্ম — ন্ম = ন্ + ম — জন্মভূমি, সন্মান।
৮। উদাহৰণ দেখুওৱাৰ দৰে শব্দ গঠন কৰা।
(ক) উদাহৰণ — ৰূপহ — ৰূপহী, কাঁহ — কাঁহী।
উত্তৰঃ
কপাহ — কপাহী
চেনেহ — চেনেহী
বাঁহ — বাঁহী
(খ) উদাহৰণ — ৰস — ৰসাল।
উত্তৰঃ
নোম — নোমাল
জীপ — জীপাল
তেজ — তেজাল
কোব — কোবাল
(গ) উদাহৰণ — সোণ — সোণালী।
উত্তৰঃ
ৰং — ৰঙালী
জোন — জোনালী
ৰূপ — ৰূপালী
ভোগ — ভোগালী
(ঘ) উদাহৰণ — বিনন্দ — বিনন্দীয়া।
উত্তৰঃ
চহৰ — চহৰীয়া
দুখ — দুখীয়া
নিয়ম — নিয়মীয়া
নগৰ — নগৰীয়া
৯। দলগতভাৱে আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা শব্দ (সমাৰ্থক শব্দ) লিখা।
উদাহৰণ — সূৰ্য — বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, দিবাকৰ, দিনমণি।
উত্তৰঃ
- পদুম — পদ্ম, কমল, শতদল।
- ঘৰ — গৃহ, ভৱন, আলয়, আৱাস, নিলয়।
- আকাশ — গগন, অম্বৰ, নভ, আকাশমণ্ডল।
- বায়ু — বতাহ, পৱন, সমীৰ, অনিল।
- পৃথিৱী — ধৰণী, ধৰিত্ৰী, ধৰা, বসুমতী, মেদিনী।
১০। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দবোৰ গীতটিত আছে। তাৰ পৰা বিচাৰি উলিয়াই লিখা।
উত্তৰঃ
আৰম্ভণি — শেষ
বিচ্ছেদ — মিলন
নিৰস — ৰসাল
কুৰূপ — ৰূপহী
ঠেক — বহল
অনাদৰ — আদৰ
দিৱস — ৰাতি
পশ্চিম — পূৱ
১১। তলৰ অংশ দুটা আঁচ টানি মিলোৱা।
উত্তৰঃ
যি চিত্ৰ আঁকে — চিত্ৰকাৰ
যি ৰসেৰে পৰিপূৰ্ণ — ৰসাল
যি সোণৰ নিচিনা বৰণ — সোণালী
যি গীত লিখে — গীতিকাৰ
১২। তলৰ শব্দবোৰেৰে বাক্য সাজা:
অলেখ: উত্তৰঃ ৰাতিৰ আকাশত অলেখ তৰা জিলিকি থাকে।
আদৰ: উত্তৰঃ আমাৰ ঘৰলৈ আলহী আহিলে আমি তেওঁলোকক আদৰ-সাদৰ কৰোঁ।
পৰিৱেশ: উত্তৰঃ আমাৰ চাৰিওফালৰ পৰিৱেশটো বৰ সুন্দৰ।
সমাৱেশ: উত্তৰঃ সভাখনত বহু মানুহৰ সমাৱেশ ঘটিল।
বিনন্দীয়া: উত্তৰঃ অসমৰ সেউজীয়া পৰিৱেশ চিৰ বিনন্দীয়া।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post