Might Learn Logo Might Learn

Class 7 Science Chapter 10 প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ

প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ

অনুশীলনী

১) ১ নং স্তম্ভৰ লগত ২ নং স্তম্ভ মিলোৱা

স্তম্ভ-১----------------------------স্তম্ভ-২     

i) পত্ৰৰন্ধ্ৰ ———————————a) পানী শোষণ

ii) জাইলেম ——————————b) প্ৰম্বেদন

iii) চুলি শিপা —————————- d) পানী পৰিবহণ

iv) ফ্ল’ৱেম——————————- e) কাৰ্ব’হাইড্ৰেট সংশ্লেষণ

২) খালী ঠাই পূৰ কৰা।

i) __ ৰ দ্বাৰা হ্ৰদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়।

উত্তৰঃ ধমনীৰ

ii) __ কোষত হিম’গ্লবিন পোৱা যায়।

উত্তৰঃ লোহিত ৰক্ত কোষত।

iii) ধমনী আৰু শিৰাবোৰ_ জালিকাৰ দ্বাৰা সংলগ্ন।

উত্তৰঃ FOR STUDENTS

iv) হৃদযন্ত্ৰ সুসংহত প্ৰসাৰণ আৰু সংকোচনক__ বোলা হয়।

উত্তৰঃ স্পন্দন বোলা হয়।

v) মানুহৰ প্ৰধান বৰ্জিত দ্ৰব্য হ’ল _

উত্তৰঃ ৰেচন।

vi) ঘামত পানী আৰু __ থাকে।

উত্তৰঃ ইউৰীয়া থাকে।

vii) জুলীয়া অৱস্থাত বৃক্কই অপসাৰণ কৰা বৰ্জিত দ্ৰব্যক __ বোলা হয়।

উত্তৰঃ প্ৰস্বাৱ।

viii) শোষন টানৰ জড়িয়তে পানী গছৰ উচ্চতালৈ পৰিবহন হোৱাৰ কাৰণ হ’ল__ |

উত্তৰঃ প্ৰস্বেদন।

৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

a) উদ্ভিদত পানী পৰিবহন হয়,

i) জাইলেইম ii) ফ্ল’ৱেম iii) পত্ৰৰন্ধ্ৰ iv) চুলি শিপাৰ দ্বাৰা

উত্তৰঃ– জাইলেম।

b) শিপাৰ দ্বাৰা পানীৰ শোষণ বৃদ্ধি কৰিব পাৰি যদিহে উদ্ভিদক ৰখা হয়-

i) ছাঁত ii) কম পোহৰত iii) ফেনৰ তলত

iv) পলিথিন মোনাৰে ঢাকি থলে

উত্তৰঃ- ছাঁত।

৪) উদ্ভিদ বা প্ৰাণীৰ উপাদানসমূহৰ পৰিবহনৰ কিয় প্ৰয়োজন ব্যাখ্যা কৰা।

উত্তৰঃ– FOR STUDENTS

৫) যদি তেজত অনুচক্ৰিকা নাথাকে তেতিয়া কি হব লিখা ?

উত্তৰঃ– যদি তেজত অনুচক্ৰিকা নাথাকে তেনেহ’লে তেজ খমলা নাবান্ধে।

৬) পত্ৰৰন্ধ্ৰ কি ?পত্ৰৰন্ধ্ৰৰ দুটা কাম উল্লেখ কৰা ।

উত্তৰঃ– পাতত থকা সৰু সৰু ছিদ্ৰবোৰক পত্ৰৰন্ধ্ৰ বোলে ।

১) পত্ৰৰন্ধই বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড আহৰণ কৰে।

২) পাতত থকা পত্ৰৰন্ধৰ দ্বাৰা উদ্ভিদে প্ৰস্বেদন ক্ৰিয়া সম্পাদন কৰে।

৭) প্ৰস্বেদনে উদ্ভিদৰ প্ৰয়োজনীয় কাম কৰেনে ? ব্যাখ্যা কৰা ?

উত্তৰঃ– উদ্ভিদে মাটিৰ পৰা খনিজ পোষক দ্ৰব্য় আৰু পানী শোষণ কৰে। যিমান পানী উদ্ভিদে শোষণ কৰে, সেয়া সকলো পানী ব্য়ৱহাৰ নকৰা হয়। পাতৰ পৃষ্ঠত থকা পত্ৰৰন্ধ্ৰৰ মাজেৰে প্ৰস্বেদন প্ৰক্ৰিয়া দ্বাৰা পানী বাষ্পীভূত হয়। পাতৰ পৰা হোৱা পানীৰ বাষ্পীভৱনৰ ফলত উদ্ভিদৰ জাইলেম নলীকাৰ ভিতৰত শোষণ বলৰ সৃষ্টি হয়, যিয়ে উদ্ভিদৰ ওখ গছৰ বহু উচ্চতালৈ পানী পৰিবহন কৰিবলৈ সহায় কৰে। ইয়াৰ উপৰিও, প্ৰস্বেদন প্ৰক্ৰিয়া গছজোপাক শীতল কৰি ৰাখাত সহায়ক হয়।

৮) তেজৰ উপাদানসমূহ কি কি ?

উত্তৰঃ– তেজৰ উপাদান সমূহ হল – প্লাজমা, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, আৰু অনুচক্ৰিকা ।

৯) শৰীৰৰ সকলো অংশৰ বাবে তেজৰ কিয় প্ৰয়োজন ?

উত্তৰঃ– শৰীৰৰ সকলো অংশৰ বাবে তেজৰ অত্যাৱশ্যকীয়তা হৈছে, কিয়নো তেজই হজম হোৱা খাদ্য কণাসমূহ ক্ষুদ্ৰান্ত্ৰৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰে। তেজই লগতে হাওঁফাওঁৰ পৰা অক্সিজেনৰ কণিকাবোৰ শৰীৰৰ কোষলৈ কঢ়িয়াই নিয়ে আৰু শৰীৰত সৃষ্টি হোৱা অপ্ৰয়োজনীয় দ্ৰব্য়সমূহ দেহৰ পৰা বৰ্জন কৰাত সহায় কৰে।

১০) কিহে তেজৰ ৰঙা ৰং প্ৰদান কৰে ?

উত্তৰঃ-হিম’গ্লবিনে তেজৰ ৰঙা ৰং প্ৰদান কৰে।

১১) হ্দযন্ত্ৰৰ কাৰ্য বৰ্ণনা কৰা ?

উত্তৰঃ-হৃদযন্ত্ৰ এনে এটা অংগ যি অবিৰত ভাৱে স্পন্দন কৰি থাকে আৰু তেজৰ লগতে অন্য়ান্য় দ্ৰব্য় কঢ়িয়াই নিয়াত পাম্পৰ দৰে কাৰ্য সম্পাদন কৰে।

১২) বৰ্জিত দ্ৰব্য দেহৰ পৰা উলিয়াই দিয়াটো কিয় প্ৰয়োজন ?

উত্তৰঃ– বৰ্জিত দ্ৰব্য়বোৰ বিষাক্ত আৰু সেয়ে এইবোৰক শৰীৰৰ পৰা উলিয়াই দিয়াটো প্ৰয়োজন।

১৩) মানুহৰ ৰেচন তন্ত্ৰৰ এখন ছবি আঁকা আৰু তাৰ বিভিন্ন অংশসমূহ চিহ্নিত কৰা ।

উত্তৰঃ– এই কামটো তোমালোকে নিজে কৰিবা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects