Might Learn Logo Might Learn Shop Might Learn

Class 5 Assamese Chapter 2 Answer

 পখী আৰু মানুহ 


১। উত্তৰ দিয়া:


(ক) সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল?

উত্তৰঃ সৰ্বধনু এজন চিকাৰপ্ৰিয় প্ৰকৃতিৰ ৰজা আছিল। চৰাইৰ মঙহ নোহোৱাকৈ তেওঁ ভাতেই নাখাইছিল।


(খ) সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল?

উত্তৰঃ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মঙহ।


(গ) সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে?

উত্তৰঃ সাধুটোত চৰাই-চিৰিকটিক মানুহৰ উপকাৰী প্ৰাণী বুলি কোৱা হৈছে।


(ঘ) মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি?

উত্তৰঃ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী।


(ঙ) মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল?

উত্তৰঃ মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই-চিৰিকটি চিকাৰ নকৰিবলৈ উপদেশ দিছিল।


২। কোনে, কাক, কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা।


(ক) “আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক।”

উত্তৰঃ উক্ত কথাষাৰ মধুকৰে ৰজা সৰ্বধনুক কৈছিল। সৰ্বধনু এজন চিকাৰপ্ৰিয় ৰজা আছিল আৰু তেওঁ সদায় কপৌ, শালিকা, বগলী আদি চৰাই চিকাৰ কৰিছিল। চৰাইবোৰে কীট-পতংগ খাই খেতি-বাতি ৰক্ষা কৰে, সেয়েহে চৰাই খেতিয়কৰ পৰম বন্ধু। ৰজাৰ চৰাই বধ কৰাৰ স্বভাৱ দেখি মধুকৰে প্ৰজাৰ মংগলৰ কথা চিন্তা কৰি তেওঁক চৰাই চিকাৰ কৰিবলৈ এৰি দিবলৈ উক্ত কথাষাৰ কৈছিল।


(খ) “এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন-পালন কৰিব।”

উত্তৰঃ উক্ত কথাষাৰ মধুকৰে ৰজা সৰ্বধনুক কৈছিল। সৰ্বধনুৰ ৰাজ্যত চৰাইবোৰ প্ৰায় নাইকিয়া হৈ যোৱাৰ ফলত কীট-পতংগৰ সংখ্যা বৃদ্ধি পাইছিল, খেতি-বাতি নষ্ট হৈছিল আৰু ৰাজ্যত দুৰ্ভিক্ষই দেখা দিছিল। তেতিয়া সৰ্বধনুৱে ভিক্ষা খুজি খুজি মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। মধুকৰে তেওঁক চিনি পাই আদৰ-সাদৰ কৰি নিজৰ ৰাজকাৰেঙলৈ লৈ যায় আৰু নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই দি সিহঁতক সন্তানৰ দৰে লালন-পালন কৰিবলৈ উক্ত কথাষাৰ কৈছিল।


৩। কাৰণ দৰ্শাই লিখা:


(ক) সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ’ল?

উত্তৰঃ সৰ্বধনু ৰজাই অত্যধিক চৰাই চিকাৰ কৰাৰ ফলত ৰাজ্যত চৰাইৰ সংখ্যা কমি গ’ল। চৰাই কমি যোৱাত কীট-পতংগৰ সংখ্যা বহুগুণে বৃদ্ধি পালে। কীট-পতংগই গছ-গছনি, পাত-লতা আৰু শস্য নষ্ট কৰাত পৰিৱেশৰ ভাৰসাম্য নষ্ট হয় আৰু ৰাজ্যত বৰষুণ নোহোৱা হ’ল।


(খ) কীট-পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে?

উত্তৰঃ কীট-পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সিহঁতে খেতি-পথাৰৰ শস্য, গছ-গছনি, পাত-লতা আদি খাই নষ্ট কৰিলে। ফলত শস্য উৎপাদন কমি গ’ল, খাদ্যৰ অভাৱ হ’ল আৰু ৰাজ্যত দুৰ্ভিক্ষই দেখা দিলে।


(গ) মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল?

উত্তৰঃ মধুকৰে প্ৰথমে সৰ্বধনুক চৰাই বধ নকৰিবলৈ উপদেশ দিছিল। পাছত সৰ্বধনুৰ ৰাজ্যত দুৰ্ভিক্ষ হোৱাত আৰু তেওঁ ভিক্ষাৰী অৱস্থাত মধুকৰৰ ৰাজ্যলৈ আহোতে, মধুকৰে তেওঁক আদৰ-সাদৰ কৰি এজাক চৰাই উপহাৰ দিলে। সেই চৰাইজাক নিজৰ ৰাজ্যলৈ লৈ গৈ লালন-পালন কৰিবলৈ উপদেশ দি মধুকৰে সৰ্বধনুক সহায় কৰিছিল।


৪। ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখা।

উত্তৰঃ ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিলগৈ। মধুকৰে তেওঁক চিনি পাই আদৰ-সাদৰ কৰি ৰাজকাৰেঙলৈ লৈ যায়। তাৰ পাছত মধুকৰে নিজৰ পৰিচয় দিয়ে আৰু সৰ্বধনুক আগতে দিয়া উপদেশৰ কথা সোঁৱৰাই দিয়ে। তেওঁ সৰ্বধনুক ভৱিষ্যতে চৰাই বধ নকৰিবলৈ কৈ এজাক চৰাই উপহাৰ দিয়ে। সৰ্বধনুৱেও সেই চৰাইজাক নিজৰ ৰাজ্যলৈ লৈ গৈ মুকলি আকাশত এৰি দিয়ে আৰু সিহঁতক সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰে।


৫। তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা।


(ক) সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল।

উত্তৰঃ সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিল।


(খ) ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল।

উত্তৰঃ ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল।


(গ) কীট-পতংগবোৰে খেতি-বাতি ৰক্ষা কৰে।

উত্তৰঃ কীট-পতংগবোৰে খেতি-বাতি নষ্ট কৰে।


(ঘ) ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে।

উত্তৰঃ ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে।


৬। বিপৰীত লিংগ বুজোৱা শব্দ লিখা।

উত্তৰঃ

ৰজা — ৰাণী
যুৱক — যুৱতী
ল’ৰা — ছোৱালী
দৰা — কইনা
বন্ধু — বান্ধৱী


৭। শব্দবোৰ ভাঙি দেখুওৱা।

উত্তৰঃ

মধুকৰে — মধুকৰ + এ
যুৱকে — যুৱক + এ
মানুহে — মানুহ + এ
চৰাইজাকক — চৰাইজাক + ক
ৰজাক — ৰজা + ক
কাঁড়েৰে — কাঁড় + এৰে
দেশলৈ — দেশ + লৈ


৮। পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা।

উত্তৰঃ

বিশেষ্য বিশেষণ সৰ্বনাম
পখী সজ তেওঁ
মাধৱী ভাল আপুনি
চৰাই প্ৰিয় মই
সৰ্বধনু উপকাৰী সকলোৱে
মধুকৰ চিকাৰপ্ৰিয়
শালিকা
বগলী


৯। বিপৰীত অৰ্থবোধক শব্দ লিখা।

উত্তৰঃ

প্ৰিয় — অপ্ৰিয়
ভয় — নিৰ্ভয়
বন্ধু — শত্ৰু
সুফল — কুফল
অনুচিত — উচিত
পুৰস্কাৰ — তিৰস্কাৰ
অপকাৰী — উপকাৰী
অমংগল — মংগল
অনুপস্থিত — উপস্থিত


১০। বাক্য ৰচনা কৰা।

আদৰ-সাদৰঃ উত্তৰঃ অতিথিসকলক আমি আদৰ-সাদৰেৰে আপ্যায়ন কৰিলোঁ।

লালন-পালনঃ উত্তৰঃ পিতৃ-মাতৃয়ে সন্তানক মৰমেৰে লালন-পালন কৰে।

খেতি-বাতিঃ উত্তৰঃ কীট-পতংগই খেতি-বাতিৰ যথেষ্ট ক্ষতি কৰে।

চৰাই-চিৰিকটিঃ উত্তৰঃ পুৱাই চৰাই-চিৰিকটিৰ মিঠা মাত শুনিবলৈ পোৱা যায়।

গছ-গছনিঃ উত্তৰঃ গছ-গছনিয়ে পৰিৱেশ সেউজীয়া আৰু সুন্দৰ কৰি ৰাখে।

কীট-পতংগঃ উত্তৰঃ বহু চৰাইয়ে কীট-পতংগ খাই খেতি-বাতি ৰক্ষা কৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership