Might Learn Logo Might Learn Shop Might Learn

Class 5 Assamese Chapter 4 Answer

(ক) “এই দেশত আৰু বেছি দিন
নাই আমাৰ ভাত।”
উত্তৰঃ উক্ত কথাষাৰ চুঙা পিঠাই খোলাচাপৰীয়া পিঠাক পিঠাবোৰৰ ঘোৰ অপমান দেখি কৈছিল।

(খ) “কিয় কৱ তেনে দুখ লগা কথা?”
উত্তৰঃ উক্ত কথাষাৰ সুতুলী পিঠাই চুঙা পিঠাক কৈছিল। কাৰণ চুঙা পিঠাৰ কথা শুনি সুতুলী পিঠাৰ খং উঠিছিল।

(গ)”লাৰু আৰু পিঠাবোৰক হায়
ঘিণৰ চকুৰে চায়।”
উত্তৰঃ উক্ত কথাষাৰ চুঙা পিঠাই খোলাচাপৰীয়া পিঠাক পিঠাবোৰৰ ঘোৰ অপমান দেখি কৈছিল।

প্ৰশ্নঃ তলৰ খালী ঠাইত বাকচত থকা উপযুক্ত শব্দৰে পূৰোৱা-

ভঁৰালী কোঠা, উৰুকা, পাচি, ঘপৰাই, ঘোৰ অপমান,হঠাৎ, ঘিণ

উদাহৰণ – অতি অসন্মান / অৱমাননা – ঘোৰ অপমান
অকস্মাৎ – হঠাৎ
বিহুৰ আগদিনা – উৰুকা
শস্য় আদিৰ থ’বৰ বাবে বাহঁৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি – পাচি
লৰালৰিকৈ কৰা কাৰ্য – ঘপৰাই
ঘৃণা, ভাল নোপোৱা – ঘিণ
বস্তু সামৰি থোৱা কোঠা – ভঁৰালী কোঠা

*পদ্য়টোত উল্লেখ থকা পিঠাৰ নামবোৰ পাচিৰ পৰা উলিয়াই খালী ঠাইত লিখা।

টেকেলি পিঠা, ঘিলা পিঠা, পানী পিঠা, সুতুলী পিঠা, ফেনি পিঠা, চুঙা পিঠা, নাৰিকল পিঠা, খোলাচাপৰীয়া পিঠা, তিল পিঠা, বৰ পিঠা, খীৰ পিঠা, কল পিঠা, তাল পিঠা, জেং পিঠা।

উদাহৰণ – চুঙা পিঠা
খোলাচাপৰীয়া পিঠা।
সুতুলী পিঠা।
ফেনি পিঠা।

উত্তৰ লিখা।

(ক) খোলাচাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল?
উত্তৰঃ খোলাচাপৰীয়া পিঠাক চুঙা পিঠাই বাই বুলি সম্বোধন কৰিছিল।

(খ) কি কি পিঠাই ‘পিঠাৰ মেল’ ত ভাগ লৈছিল?
উত্তৰঃ চুঙা পিঠা, খোলাচাপৰীয়া পিঠা, সুতুলী পিঠা আৰু ফেনি পিঠাই ‘পিঠাৰ মেল’ ত ভাগ লৈছিল।

(গ) অকমানীয়ে পিঠা, লাৰুৰ সলনি কি কি খাবলৈ বিচাৰে?
উত্তৰঃ অকমানীয়ে পিঠা, লাৰুৰ সলনি ৰসৰ গোল্লা, লুচি, বিচ্কুট খাবলৈ বিচাৰে।

প্ৰশ্নঃ “চুঙা পিঠাই মাতিলে ঘপৰাই খোলাচাপৰীয়া বাই”
‘ঘপৰাই’ শব্দটোৰ দৰে ‘টপৰাই’ শব্দটোৱেও ‘ততালিকৈ’ অৰ্থ প্ৰকাশ কৰে।
উদাহৰণ – ক) ৰাজুৱে সকলো কথাতে ঘপৰাই মাতে।
খ) সি টোপনিৰ পৰা ঘপৰাই উঠিল।
গ) সকলো প্ৰশ্নৰ উত্তৰ ঘপৰাই দিয়া সহজ কথা নহয়।

প্ৰশ্নঃ ওপৰৰ ‘ঘপৰাই’ শব্দটো ব্য়ৱহাৰ কৰি লিখাৰ নিচিনাকৈ ‘টপৰাই’ শব্দটো ব্য়ৱহাৰ কৰি তিনিটা বেলেগ বেলেগ বাক্য় লিখা।

           ক) অলিয়ে প্ৰশ্নটো শুধোতে ৰাজুৱে টপৰাই উত্তৰ দিলে।
           খ) সকলো কথাতে টপৰাই উত্তৰ দিব নালাগে। 
           গ) অলিৰ জিভাখন পাতল, সেইবাবে তাই টপৰাই উত্তৰ দিয়ে।

প্ৰশ্নঃ দলত আলোচনা কৰি শব্দবোৰৰ পাৰ্থক্য় উলিয়াই একোটাকৈ বাক্য় ৰচনা কৰা।

উদাহৰণ – পাঁতি ( শাৰী অৰ্থত ) – তামোলৰ পুলিবোৰ পাঁতি -পাঁতিকৈ ৰুবা।
পাটী ( ঢাৰি বা পাটী) – পাটীত বহি কণমইনাই সাধু শুনি আছে।

(ক) কথা কঠা
উত্তৰঃ কথা (মুখৰ কথা) – মাম্পী আৰু চিমাক্ষীয়ে কথা পাতি আছে।
কঠা (মাটিৰ জোখ) – ৰাজৰ দুই কঠা মাটি আছে।

(খ) পানী পাণি
উত্তৰঃ পানী (খোৱা পানী বা জল) – পানীয়েই প্ৰাণীৰ প্ৰাণ।
পাণি (বহ্মাৰ জীয়ৰি সৰস্বতী) – পাণি হ’ল এগৰাকী দেৱী।

(গ) মাটি মাতী
উত্তৰঃ মাটি (ভূমি) – অসমৰ মাটি পলসুৱা।
মাতি (কাৰোবাক মাতা) – অলিয়ে মাম্পীক মাতি আছে।

(ঘ) দিন দীন
উত্তৰঃ দিন (সূৰ্য উলাই থকাৰ সময়) – আজি দিনত মই বহুত খেলিলো।
দীন (দুখীয়া) – দীনক সহায় কৰিব লাগে।

(ঙ) কালি কালী
উত্তৰঃ কালি (পাৰহৈ যোৱা দিন) – মাম্পী কালি গুৱাহাটীলৈ গৈছিল।
কালী (গণিতৰ জোখ) – কালীৰ একক বৰ্গ।

(চ) খালি খালী
উত্তৰঃ খালী (শুদা) – নিহাই খালী ভাত খাব নোৱাৰে।
খালি (ভক্ষণ কৰা) – মাক-দেউতাক বাহিৰলৈ যাঁওতে ৰাহুলে সকলো খায় খালি কৰিলে।

প্ৰশ্নঃ নাওখনত দিয়া অব্য়য় পদেৰে তলৰ বাক্য়কেইটা সম্পূৰ্ণ কৰা।
এতেকে, গতিকে, নাইবা, যিহেতু, দেখোন, কিন্তু, আৰু, বা

(ক) ৰমলা আৰু ৰহিমলা দুয়ো বাই-ভনী।
(খ) বিদ্য়াই পৰম ধন গতিকে মনোযোগেৰে পঢ়া- শুনা কৰিব লাগে।
(গ) এটা ঘৰ নাইবা এখন চকীৰ ছবি আঁকা।
(ঘ) কাহিনী শুনিও দেখোন ৰস পোৱা যায়।
(ঙ) মই আজি খেলিবলৈ নাযাওঁ যিহেতু কাইলৈ মোৰ পৰীক্ষা আছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects