ডক্টৰ বাণীকান্ত কাকতি
পাঠভিত্তিক ক্রিয়াকলাপ
১। উত্তৰ দিয়া:
(ক) নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে?
উত্তৰঃ নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে।
(খ) বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল?
উত্তৰঃ বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জন আৰু জ্ঞান-চৰ্চাত আত্মনিয়োগ কৰিছিল।
(গ) নতুন ডাক্তৰ বুলি কাক কোৱা হৈছিল?
উত্তৰঃ নতুন ডাক্তৰ বুলি ড° বাণীকান্ত কাকতিক কোৱা হৈছিল।
(ঘ) তেখেতে কি চিকিৎসা কৰিছিল?
উত্তৰঃ তেখেতে হোমিওপেথিক চিকিৎসা কৰিছিল।
(ঙ) বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম হ’ল ‘Assamese: Its Formation and Development’।
২। ড° বাণীকান্ত কাকতিৰ বিষয়ে পাঠটোৰ আলমত লিখা।
উত্তৰঃ ড° বাণীকান্ত কাকতি অসমৰ এগৰাকী বিশিষ্ট ভাষাবিজ্ঞানী, সাহিত্যিক আৰু পণ্ডিত আছিল। তেখেতৰ জন্ম ১৮৯৪ চনৰ ১৫ নৱেম্বৰত বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত হৈছিল। সৰুৰে পৰাই তেখেত অত্যন্ত মেধাৱী, অধ্যৱসায়ী আৰু দৃঢ়মনা আছিল।
তেখেতে জীৱনৰ অধিকাংশ সময় জ্ঞান অৰ্জন আৰু সাহিত্য-চৰ্চাত আত্মনিয়োগ কৰিছিল। তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেখেতৰ গৱেষণামূলক গ্ৰন্থ ‘Assamese: Its Formation and Development’-ত অসমীয়া ভাষাৰ উৎপত্তি, গঠন, শব্দভাণ্ডাৰ আৰু বিকাশৰ বিষয়ে গভীৰ আলোচনা কৰা হৈছে।
ডক্টৰেট উপাধি লাভ কৰাৰ পাছত কিছুমান কৌতুকপ্ৰিয় লোকে তেওঁক “নতুন ডাক্তৰ” বুলি উপলুঙা কৰিছিল। কিন্তু কাকতিদেৱে হোমিওপেথিক চিকিৎসাৰ বিষয়ে অধ্যয়ন কৰি ৰোগীক চিকিৎসা কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ উপস্থিত বুদ্ধি, দৃঢ়তা আৰু অধ্যয়নৰ প্ৰতি আগ্ৰহ দেখি তেওঁক উপলুঙা কৰা লোকসকলেও শেষত তবধ মানিছিল।
তেখেত এগৰাকী অগ্ৰণী ভাষাবিজ্ঞানী হিচাপে অসমীয়া সাহিত্য আৰু ভাষালৈ অমূল্য অৱদান আগবঢ়াই গৈছে। ১৯৫২ চনৰ ১৫ নৱেম্বৰত তেখেতৰ দেহাৱসান ঘটে।
৩। ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ড° বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল, চমুকৈ লিখা।
উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত এই খবৰ চৌদিশে বিয়পি পৰিছিল। সেই সময়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা লোকৰ সংখ্যা অতি কম আছিল। বহুতে তেখেতৰ এই সফলতাত গৌৰৱ অনুভৱ কৰিছিল যদিও কিছুমান কৌতুকপ্ৰিয় আৰু ঈৰ্ষাপৰায়ণ লোকে তেওঁক “নতুন ডাক্তৰ” বুলি উপলুঙা কৰিছিল।
তেওঁলোকে কিছুমান ৰোগীকো বাণীকান্ত কাকতিৰ ওচৰলৈ চিকিৎসাৰ বাবে পঠিয়াই দিছিল। কিন্তু কাকতিদেৱে থতমত নাখাই হোমিওপেথিক চিকিৎসাৰ পুথি সংগ্ৰহ কৰি মনোযোগেৰে অধ্যয়ন কৰিলে আৰু ৰোগীক বিধিমতে ঔষধ দিবলৈ ধৰিলে। তেওঁৰ এই দৃঢ়তা আৰু উপস্থিত বুদ্ধি দেখি কৌতুক কৰা লোকসকলেও শেষত তবধ মানিলে আৰু তেওঁৰ প্ৰতি শ্ৰদ্ধাশীল হৈ পৰিল।
৪। অভিধান বা শব্দ-সম্ভাৰ চাই অৰ্থ লিখা।
উত্তৰঃ
কৌতুকপ্ৰিয় — ধেমালি ভাল পোৱা।
ঈৰ্ষাপৰায়ণ — আনৰ ভাল বা উন্নতি সহ্য কৰিব নোৱাৰা।
আয়ত্ত — বশ বা নিজৰ অধীনলৈ অনা।
সাধনা — কোনো লক্ষ্য পূৰণৰ বাবে কৰা একাগ্ৰ আৰু নিৰন্তৰ চেষ্টা।
থতমত — বিমোৰ বা কিংকৰ্তব্যবিমূঢ় হোৱা অৱস্থা।
পৰিস্থিতি — চাৰিওফালৰ অৱস্থা বা পাৰিপাৰ্শ্বিক অৱস্থা।
নিষ্ঠা — দৃঢ় আস্থা, শ্ৰদ্ধা আৰু একাগ্ৰতা।
একান্ত — সম্পূৰ্ণ মনোযোগেৰে; একাগ্ৰচিত্তে।
সুখ্যাতি — সুনাম, যশ।
আত্মনিয়োগ — কোনো কামত নিজকে সম্পূৰ্ণৰূপে নিয়োজিত কৰা।
প্ৰবল — অত্যন্ত শক্তিশালী বা অধিক।
চৰ্চা — নিয়মিত অধ্যয়ন বা আলোচনা।
গতি-গোত্ৰ — স্বভাৱ, প্ৰকৃতি বা চাল-চলন।
৫। তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা।
উত্তৰঃ
নিষ্ঠা — ষ্ঠ = ষ্ + ঠ
বিজ্ঞানী — জ্ঞ = জ্ + ঞ
ডক্টৰ — ক্ট = ক্ + ট
৬। তলৰ আঁচ টনা শব্দবোৰৰ সলনি ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰাই লিখা।
(ক) ড° বাণীকান্ত কাকতি এগৰাকী ভাষাবিজ্ঞানী আছিল।
উত্তৰঃ তেখেত এগৰাকী ভাষাবিজ্ঞানী আছিল।
(খ) ৰহিম পঢ়া-শুনা মনোযোগেৰে কৰে।
উত্তৰঃ সি পঢ়া-শুনা মনোযোগেৰে কৰে।
(গ) নীলাই গান গাই ভাল পায়।
উত্তৰঃ তাই গান গাই ভাল পায়।
৭। বাক্য ৰচনা কৰা।
সহজ-সৰলভাৱে — উত্তৰঃ ৰিমাই সকলো কথা সহজ-সৰলভাৱে কয়।
প্ৰবল — উত্তৰঃ আজি প্ৰবল বতাহ বলিছে।
চিকিৎসা — উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে হোমিওপেথিক চিকিৎসা কৰিছিল।
দৃঢ়মনা — উত্তৰঃ ড° বাণীকান্ত কাকতি এজন দৃঢ়মনা ব্যক্তি আছিল।
আঁতিগুৰি — উত্তৰঃ তেখেতে সকলো বিষয়ৰ আঁতিগুৰি মাৰি জানিবলৈ চেষ্টা কৰিছিল।
কৌতুকপ্ৰিয় — উত্তৰঃ যদু এজন কৌতুকপ্ৰিয় ব্যক্তি।
জোকৰ মুখত চূণ — উত্তৰঃ বাণীকান্ত কাকতিয়ে নিজৰ বুদ্ধি আৰু যোগ্যতাৰে কৌতুকপ্ৰিয় লোকসকলক জোকৰ মুখত চূণ দিলে।
থতমত খা — উত্তৰঃ বাণীকান্ত কাকতিৰ উপস্থিত বুদ্ধি দেখি কৌতুকপ্ৰিয় লোকসকলে থতমত খালে।
৮। এটা শব্দত প্ৰকাশ কৰোঁ আহা।
(ক) যি শিক্ষা দান কৰে
উত্তৰঃ শিক্ষক।
(খ) যি ৰোগীক চিকিৎসা কৰে
উত্তৰঃ চিকিৎসক।
(গ) যি ভাষা চৰ্চা কৰে
উত্তৰঃ ভাষাবিজ্ঞানী।
(ঘ) একে সময়তে হোৱা
উত্তৰঃ সমসাময়িক।
(ঙ) একান্ত মনে চিন্তা কৰা
উত্তৰঃ একাগ্ৰ।
(চ) যি শিক্ষা গ্ৰহণ কৰে
উত্তৰঃ শিক্ষাৰ্থী।
৯। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
উত্তৰঃ
জ্ঞান — অজ্ঞান
সৰল — জটিল
সাধাৰণ — অসাধাৰণ
চোকা — ভোটা
ৰোগী — সুস্থ
সুখ্যাতি — কুখ্যাতি
১০। জানোঁ আহা — ভাব সম্প্ৰসাৰণ: “জোকৰ মুখত চূণ দিয়া।”
উত্তৰঃ “জোকৰ মুখত চূণ দিয়া” কথাষাৰৰ অৰ্থ হ’ল যথোপযুক্ত প্ৰত্যুত্তৰ দি কাৰোবাক নিৰ্বাক কৰি দিয়া।
জোক এবিধ সৰু জীৱ, যিয়ে মানুহ বা জীৱ-জন্তুৰ গাত লাগি তেজ শুহে। জোক এৰুৱাবলৈ তাৰ মুখত চূণ দিলে ই তৎক্ষণাৎ এৰি দিয়ে। এই কথাৰ পৰা ফকৰা-যোজনাটোৰ সৃষ্টি হৈছে।
ড° বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত কিছুমান কৌতুকপ্ৰিয় লোকে তেখেতক “নতুন ডাক্তৰ” বুলি উপলুঙা কৰিছিল আৰু ৰোগীক তেখেতৰ ওচৰলৈ চিকিৎসাৰ বাবে পঠিয়াইছিল। কিন্তু তেখেতে থতমত নাখাই হোমিওপেথিক চিকিৎসা অধ্যয়ন কৰি ৰোগীক চিকিৎসা কৰিবলৈ আৰম্ভ কৰে। ফলত তেওঁক উপলুঙা কৰা লোকসকল তবধ মানে। এইদৰে বাণীকান্ত কাকতিয়ে নিজৰ যোগ্যতা আৰু উপস্থিত বুদ্ধিৰে তেওঁলোকক যথোপযুক্ত উত্তৰ দি “জোকৰ মুখত চূণ” দিলে।
১১। উত্তৰ লিখা।
(ক) ড° কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি?
উত্তৰঃ ড° কৃষ্ণকান্ত সন্দিকৈৰ জন্ম ১৮৯৮ চনৰ ২০ জুলাইত হৈছিল।
(খ) তেখেতে কেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰিছিল?
উত্তৰঃ তেখেতে ছাত্ৰজীৱনৰ পৰাই সাহিত্য চৰ্চা কৰিছিল।
(গ) তেখেতে কোনটো বিষয়ত এম. এ. পাছ কৰিছিল?
উত্তৰঃ তেখেতে সংস্কৃত বিষয়ত এম. এ. পাছ কৰিছিল।
(ঘ) তেখেতে ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম লিখা।
উত্তৰঃ তেখেতে ৰচনা কৰা উল্লেখযোগ্য গ্ৰন্থকেইখন হ’ল — ‘নৈষধচৰিত’, ‘যশস্তিলক’ আৰু ‘সেতুবন্ধ’।
(ঙ) তেখেতে কি কি আলোচনীত প্ৰবন্ধ লিখিছিল?
উত্তৰঃ তেখেতে ‘বাঁহী’, ‘চেতনা’ আৰু ‘আৱাহন’ আদি আলোচনীত প্ৰবন্ধ লিখিছিল।
১২। ‘মহাভাৰত’ শব্দটোত থকা আখৰকেইটাৰে বেলেগ বেলেগ শব্দ গঠন কৰা।
উত্তৰঃ
ম — মহা, মৰত, মত
হ — হাঁহ, হাঁহি, হৰিণ
ভ — ভাত, ভাৰত, ভাগৱত
ৰ — ৰথ, ৰ’দ, ৰজা
ত — তপত, তপস্যা, তৰা
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post