Might Learn Logo Might Learn Shop Might Learn

SCERT Class 8 Assamese Chapter 12 Answer 2026 | Class 8 Assamese Chapter 12 Question and Answer Solution By SEBA Teachers সুখ ।

Chapter 12 –

সুখ

১। কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া।
২। কবিতাটো ছন্দ আৰু লয় ৰক্ষা কৰি আবৃত্তি কৰা।
৩। উত্তৰ দিয়া।

(ক) সুখ-সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে কি পায়?
উত্তৰঃ সুখ-সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে দুখৰ উপৰি দুখ পায়।

(খ) কবিয়ে মানুহক ‘দিন-কণা’ বুলি কিয় কৈছে?
উত্তৰঃ মানুহে সংসাৰত সুখ বিচাৰি হাবাথুৰি খাই ফুৰে, অথচ সুখ যে নিজৰ হাততেই আছে সেই কথা বুজিব নোৱাৰে। নিজৰ চৌপাশে থকা সুখ দেখিও নেদেখাৰ দৰে আচৰণ কৰে। সেইবাবেই কবিয়ে মানুহক ‘দিন-কণা’ বুলি কৈছে।

(গ) সুখ পাবলৈ হ’লে আমি কি বলিদান দিব লাগিব?
উত্তৰঃ সুখ পাবলৈ হ’লে আমি নিজৰ স্বাৰ্থৰ বলিদান দিব লাগিব আৰু আনৰ হকে চিন্তা কৰিবলৈ শিকিব লাগিব।

(ঘ) পৰমপিতাৰ সন্তান বুলি কাক কোৱা হৈছে?
উত্তৰঃ পৰমপিতাৰ সন্তান বুলি পৃথিৱীৰ সকলো নৰ-নাৰীক কোৱা হৈছে।

(ঙ) স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে?
উত্তৰঃ স্বাৰ্থৰ বাটত দুখৰ কাঁইট আৰু খোজে খোজে হুলে বিন্ধে বুলি কবিয়ে কৈছে।

(চ) সুগন্ধি কুসুম ক’ত ফুলে?
উত্তৰঃ সুগন্ধি কুসুম নিঃস্বাৰ্থৰ বাটত ফুলে।

(ছ) জীৱনটো অকল নিজৰ নিমিত্তে নহয়, তেনেহ’লে কাৰ বাবে?
উত্তৰঃ জীৱনটো অকল নিজৰ নিমিত্তে নহয়; আন মানুহ আৰু সমগ্ৰ জীৱকূলৰ হিতৰ বাবেও এই জীৱন।

(জ) কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ’ব?
উত্তৰঃ কেৱল নিজৰ কথা নাভাবি আনৰ হকে ত্যাগ কৰিব পাৰিলে, আনৰ হিতৰ বাবে কাম কৰিব পাৰিলে আৰু সকলোকে নিজৰ ভাই-ভনী বুলি নিঃস্বাৰ্থভাৱে মৰম কৰিব পাৰিলে সংসাৰৰ দুখ বহু পৰিমাণে দূৰ হ’ব।

৪। কবিতাটোৰ মূলভাব নিজৰ কথাৰে লিখা।

উত্তৰঃ কবি আনন্দচন্দ্ৰ আগৰৱালাৰ ‘সুখ’ কবিতাটোৰ মূল বক্তব্য হ’ল—প্ৰকৃত সুখ বাহিৰত বিচাৰি পোৱা বস্তু নহয়; ই মানুহৰ মন আৰু আচৰণৰ মাজত নিহিত হৈ থাকে। মানুহে গোটেই জীৱন সুখৰ সন্ধান কৰে, কিন্তু স্বাৰ্থপৰ মনোভাৱৰ বাবে সুখৰ পৰিৱৰ্তে দুখহে লাভ কৰে।

কবিৰ মতে, নিজৰ স্বাৰ্থ ত্যাগ কৰি আনৰ সুখত সুখী হ’ব পাৰিলে আৰু আনৰ দুখত দুখী হ’ব পাৰিলেহে প্ৰকৃত সুখ লাভ কৰিব পাৰি। সকলো মানুহকে একে পৰমপিতাৰ সন্তান বুলি ভাবি ভাই-ভনীৰ দৰে মৰম কৰিব লাগে। মানুহৰ সেৱা, ত্যাগ, নিঃস্বাৰ্থতা, সন্তোষ আৰু বিশ্বপ্ৰেমেই প্ৰকৃত সুখৰ পথ।

স্বাৰ্থৰ পথত দুখৰ কাঁইট থাকে, কিন্তু নিঃস্বাৰ্থতাৰ পথ সুন্দৰ আৰু সুগন্ধি কুসুমেৰে ভৰা। সেয়েহে কবিয়ে মানুহক স্বাৰ্থ ত্যাগ কৰি প্ৰেম, ভাতৃত্ববোধ আৰু পৰোপকাৰৰ পথত আগবাঢ়িবলৈ আহ্বান জনাইছে।

৫। সংসাৰত সুখ পাবলৈ হ’লে কি কি কৰিব লাগিব? কবিতাটোৰ আলমত লিখা।

উত্তৰঃ সংসাৰত প্ৰকৃত সুখ পাবলৈ হ’লে মানুহে নিজৰ সংকীৰ্ণ স্বাৰ্থ ত্যাগ কৰিব লাগিব। আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী হ’ব লাগিব। কেৱল নিজৰ ভালৰ কথা নাভাবি আনৰ হিতৰ বাবেও কাম কৰিব লাগিব।

পৃথিৱীৰ সকলো নৰ-নাৰীক একে পৰমপিতাৰ সন্তান বুলি ভাবি ভাই-ভনীৰ দৰে নিঃস্বাৰ্থভাৱে মৰম কৰিব লাগিব। মনত সন্তোষ, ত্যাগ আৰু বিশ্বপ্ৰেমৰ ভাব গঢ়ি তুলিব পাৰিলেহে মানুহে প্ৰকৃত সুখ লাভ কৰিব পাৰে।

৬। তলৰ শব্দবোৰৰ অৰ্থ লিখা।

দিন-কণা — দিনৰ পোহৰত ভালকৈ দেখা নোপোৱা; ৰূপক অৰ্থত দেখিও নেদেখা মানুহ।
স্বাৰ্থ — নিজৰ লাভ বা মঙ্গলৰ চিন্তা।
বলিদান — উচৰ্গা, ত্যাগ।
থিত — স্থিৰ, ধীৰ।
হিত — মঙ্গল, উপকাৰ।
সন্তোষ — তৃপ্তি, আনন্দ।
গাই-গোটা-পেটে ভঁৰাল — কেৱল নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰা; স্বাৰ্থপৰ।
পৱিত্ৰ — শুচি, শুদ্ধ।
তৰী — নাও, নৌকা।
যথাৰ্থ — সঁচা, প্ৰকৃত।
ব্ৰত — নিয়মপূৰ্বক পালন কৰা পৱিত্ৰ সংকল্প বা কৰ্তব্য।
পৰমপিতা — ঈশ্বৰ।
নিঃস্বাৰ্থ — নিজৰ লাভৰ আশা নৰখা; স্বাৰ্থহীন।
ওৰ — অন্ত, শেষ।
অভাৱ — প্ৰয়োজনীয় বস্তু নথকা অৱস্থা; ঘাটতি।
পমি — লীন হৈ; মিলি গৈ।
সামৰথ — শক্তি, ক্ষমতা।
হুল — সৰু জোঙা কাঁইট।

৭। তলৰ কবিতাংশ পঢ়ি উত্তৰ দিয়া।

“দেখিও নেদেখা কিয় দিন-কণা
সুখ হে হাততে আছে;
যিয়ে দিব পাৰে স্বাৰ্থ বলিদান
সুখ ফুৰে পাছে পাছে।”

(ক) কবিয়ে ‘দিন-কণা’ বুলি কাক আৰু কিয় কৈছে?

উত্তৰঃ কবিয়ে সংসাৰত সুখ বিচাৰি ফুৰা মানুহক ‘দিন-কণা’ বুলি কৈছে। মানুহে সুখৰ বাবে হাবাথুৰি খাই ফুৰে, অথচ সুখ যে নিজৰ মন আৰু কৰ্মৰ মাজতেই আছে সেই কথা বুজিব নোৱাৰে। স্বাৰ্থ ত্যাগ কৰিলেই যে সুখ লাভ কৰিব পাৰি, সেই সহজ সত্যটো দেখিও নেদেখাৰ বাবে কবিয়ে মানুহক ‘দিন-কণা’ বুলি কৈছে।

(খ) মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ’লে মানুহে কি কৰিব লাগিব?

উত্তৰঃ মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ’লে মানুহে নিজৰ স্বাৰ্থ বলিদান দি আনৰ হিতৰ বাবে কাম কৰিব লাগিব।

৮। প্ৰসংগ-সংগতি লগাই ব্যাখ্যা কৰা।

“যথাৰ্থ নিঃস্বাৰ্থ মৰমী জীৱন
বিশ্ব-প্ৰেমে ভৰ-পূৰ,
বিশ্বৰ সকলো ভাই-ভনী তাৰ,
সুখৰ নপৰে ওৰ।”

উত্তৰঃ উদ্ধৃত কবিতাংশ আনন্দচন্দ্ৰ আগৰৱালাৰ ‘সুখ’ কবিতাটোৰ পৰা লোৱা হৈছে।

প্ৰসংগঃ প্ৰকৃত সুখ লাভৰ পথ বুজাবলৈ কবিয়ে এই কবিতাংশৰ অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ যিজন মানুহৰ জীৱন নিঃস্বাৰ্থ মৰম আৰু বিশ্বপ্ৰেমেৰে পূৰ্ণ, তেওঁ পৃথিৱীৰ সকলো মানুহকে নিজৰ ভাই-ভনী বুলি ভাবিব পাৰে। তেওঁৰ মনত জাতি, ধৰ্ম, বৰ্ণ বা স্বাৰ্থৰ সংকীৰ্ণতা নাথাকে। তেওঁ আনৰ সুখত সুখী হয় আৰু আনৰ দুখত দুখী হয়। এনে মানুহে নিজৰ স্বাৰ্থ ত্যাগ কৰি আনৰ মঙ্গলৰ বাবে কাম কৰে। সেয়েহে তেওঁৰ জীৱনত সুখৰ অন্ত নাথাকে। কবিৰ মতে, নিঃস্বাৰ্থ মৰম আৰু বিশ্বপ্ৰেমেই প্ৰকৃত সুখৰ মূল উৎস।

৯। বাক্য ৰচনা কৰা।

স্বাৰ্থ-বলিদান — সমাজৰ মঙ্গলৰ বাবে স্বাৰ্থ-বলিদান দিব পৰা লোকেই প্ৰকৃত মহৎ ব্যক্তি।

সুগন্ধি — ফুলবাগিছাখন সুগন্ধি ফুলেৰে ভৰি পৰিছে।

সেন্দুৰীয়া — সন্ধিয়াৰ সেন্দুৰীয়া আকাশখন বৰ মনোমোহা লাগিছিল।

ভৰ-পূৰ — বসন্তকালত বাগিছাখন ফুলেৰে ভৰ-পূৰ হৈ পৰে।

দিন-কণা — সুখ নিজৰ ওচৰতে থাকিও বিচাৰি নোপোৱা মানুহক কবিয়ে দিন-কণা বুলি কৈছে।

০। কবিতাটোত থকা যুৰীয়া শব্দকেইটা বিচাৰি উলিয়াই বাক্য সাজা।

উত্তৰঃ

শক্তি-সামৰথ — নিজৰ শক্তি-সামৰথ অনুযায়ী মানুহে আনক সহায় কৰা উচিত।

দিন-কণা — কবিয়ে সুখৰ প্ৰকৃত পথ দেখা নোপোৱা মানুহক দিন-কণা বুলি কৈছে।

নৰ-নাৰী — সমাজৰ উন্নয়নত নৰ-নাৰী উভয়ৰে সমান ভূমিকা আছে।

গাই-গোটা — মানুহে কেৱল গাই-গোটা পেটে ভঁৰাল হৈ নিজৰ কথাই চিন্তা কৰা উচিত নহয়।

ভাই-ভনী — আমি সকলো মানুহকে ভাই-ভনীৰ দৰে মৰম কৰা উচিত।

১১। তলৰ শব্দবোৰৰ লিংগ পৰিৱৰ্তন কৰা।
শব্দপুংলিংগস্ত্ৰীলিংগ
হাতীদঁতালমাখুন্দী
মানুহমতা মানুহমাইকী মানুহ
ম’হমতা ম’হমাইকী ম’হ
ছাগলীপঠাপাঠী
কুকুৰামতা কুকুৰামাইকী কুকুৰা
১২। তলৰ শব্দকেইটাৰ প্ৰত্যয় ভাঙি দেখুওৱা।

উদাহৰণঃ সেন্দুৰ + ঈয়া = সেন্দুৰীয়া।

উত্তৰঃ

ঢোল + ঈয়া = ঢুলীয়া।
তেল + ঈয়া = তেলীয়া।
কপট + ঈয়া = কপটীয়া।
পাহাৰ + ঈয়া = পাহাৰীয়া।
সেউজ + ঈয়া = সেউজীয়া।
নগৰ + ঈয়া = নগৰীয়া।

১৩। তলৰ সৰল বাক্যবোৰ যৌগিক বাক্যলৈ পৰিৱৰ্তন কৰা।

(১) সঁচা কথা ক’লে সকলোৱে মৰম কৰিব।
যৌগিক বাক্যঃ সঁচা কথা কোৱা আৰু তেতিয়া সকলোৱে তোমাক মৰম কৰিব।

(২) ব্যায়াম নকৰিলে স্বাস্থ্য ভালে নাথাকিব।
যৌগিক বাক্যঃ ব্যায়াম নকৰিবা আৰু তেতিয়া স্বাস্থ্যও ভালে নাথাকিব।

(৩) পৰীক্ষাত প্ৰথম হোৱা বাবে প্ৰমোদক সকলোৱে ভাল পাইছিল।
যৌগিক বাক্যঃ প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল আৰু সেইবাবে সকলোৱে তাক ভাল পাইছিল।

(৪) ৰবীন আহিল, শ্যামল নাহিল।
যৌগিক বাক্যঃ ৰবীন আহিল কিন্তু শ্যামল নাহিল।

(৫) খেলুৱৈৰ দলটোৱে জিৰণি লৈ উঠি খেলপথাৰত নামিল।
যৌগিক বাক্যঃ খেলুৱৈৰ দলটোৱে জিৰণি ল’লে আৰু তাৰ পিছত খেলপথাৰত নামিল।

১৪। স্বাৰ্থপৰ মানুহ আৰু স্বাৰ্থ বলিদান দিয়া মানুহৰ দোষ-গুণবোৰ কেনেধৰণৰ কামত ফুটি উঠে লিখা।

উত্তৰঃ স্বাৰ্থপৰ মানুহে সাধাৰণতে সকলো কামতে নিজৰ লাভ আৰু সুবিধাৰ কথাই আগতে চিন্তা কৰে। তেওঁলোকে আনৰ সুখ-দুখ বা প্ৰয়োজনৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে। কোনো বস্তু বা সুবিধা লাভ কৰাৰ ক্ষেত্ৰতো নিজৰ ভাগটোকেই আগত ৰাখে। আন মানুহ বিপদত পৰিলেও বহু সময়ত তেওঁলোকে সহায় কৰাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে। এইবোৰ কামৰ মাজেৰে স্বাৰ্থপৰ মানুহৰ দোষবোৰ প্ৰকাশ পায়।

আনহাতে, স্বাৰ্থ বলিদান দিয়া মানুহে নিজৰ আগতে আনৰ মঙ্গলৰ কথা চিন্তা কৰে। নিজৰ সুবিধা ত্যাগ কৰিও তেওঁলোকে আনক সহায় কৰিবলৈ আগবাঢ়ি আহে। তেওঁলোকৰ কথা বা কামে যাতে আনৰ কোনো ক্ষতি নহয়, তাৰ প্ৰতিও সদায় সতৰ্ক থাকে। আনৰ বিপদৰ সময়ত সাহসেৰে সহায় কৰা, নিজৰ প্ৰাপ্যৰ এটা অংশ আনৰ বাবে এৰি দিয়া আৰু সমাজৰ মঙ্গলৰ বাবে ত্যাগ স্বীকাৰ কৰা আদি কামৰ মাজেৰে এনে মানুহৰ মহান গুণবোৰ ফুটি উঠে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects