Class 7 Assamese Chapter 9 অসম

Lesson 9
অসম

২) কোৱা

(ক) লেখকে কোনখন ঠাইক ‘স্ৱৰ্গতো অধিক জনমভূমি’ বুলি কৈছে ।

উত্তৰঃ- লেখকে অসমক স্ৱৰ্গতো অধিক জনমভূমি বুলি কৈছে ।

(খ) প্ৰাচীন কালত আমাৰ ৰাজ্য়ৰ কোন ছোৱাক সৌমাৰ পীঠ বোলা হৈছিল?

উত্তৰঃ- প্ৰাচীন কালত আমাৰ ৰাজ্য়ৰ সুমেৰু বা দিৱলোকৰ তলত থকাৰ নিমিত্তে বোধকৰো এখণ্ডক সৌমাৰ পীঠ বোলা হৈছিল।

(গ) ইতিহাসৰ মতে কাৰ ৰাজত্ৱ কালত আমাৰ ৰাজ্য়খনৰ নাম অসম বা অহম হ’ল?

উত্তৰঃ- ইতিহাসৰ মতে অহোম সকলৰ ৰাজত্ৱ কালত এই ৰাজ্য়ৰ নাম অসম বা অহম হ’ল।

(ঘ) আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগিব?

উত্তৰঃ- আমাৰ সকলো শক্তি স্ৱদেশৰ সেৱাত লগাব লাগিব ।

(ঙ) ইংৰাজ গৱৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত কি বুলি লিখিছিল?

উত্তৰঃ- ইংৰাজ গৱৰ্ণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত ASAM বুলি লিখিছিল ।

(চ) অসমক কোনে অসমৰ দেশ বুলি কৈছিল?

উত্তৰঃ- অসম জাতীয়ে এই দেশ অধিকাৰ কৰিলত ইয়াৰ নামো অসমৰ দেশ বা অসম দেশ হ’ল। মুছলমান বুৰঞ্জীলেখকেওঁ এই দেশক অসমৰ দেশ বুলি কৈছিল ।

৩) উত্তৰ লিখা।

ক) প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তৃত আছিল?

উত্তৰঃ- প্ৰাচীন কামৰূপৰ দক্ষিণত আছিল বঙ্গোপসাগৰ, আৰু পশ্চিমে কৰতোৱালৈকে আৰু মৈমনসিংহ জিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ মৰা সুঁতি আছিল।

খ) সৌম্য় ৰাজ্য়ত থকা আৰ্য সন্তানসকলক কি বোলা হৈছিল।

উত্তৰঃ- সৌম্য় ৰাজ্য়ত থকা আৰ্য সন্তানসকলক সৌম্য় বা সোম বোলা হৈছিল।

গ) সৌমাৰৰ সোমসকলে স্বানজাতীয় লোকসকলক কি বুলি মাতিছিল।

উত্তৰঃ- সৌমাৰৰ সোমসকলকে স্বানজাতীয় সোকসকলক আহোম বা অসম বুলি মাতিছিল।

ঘ) চুকাফা ৰজাই কি পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল।

উত্তৰঃ- চুকাফা ৰজাই পাটকাই পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল।

৫৷ উত্তৰ লিখা ।

(ক) অসম নামৰ উৎপত্তি কেনেকৈ হ’ল ?

উত্তৰঃপূৰ্বতে, এই ভূমিখণ্ডক কামৰূপ আৰু প্ৰাগজ্যোতিষ ৰাজ্যৰ অংশ হিচাপে গণ্য কৰা হৈছিল, আৰু ইয়াৰ ৰাজধানী আছিল প্ৰাগ, যাক পোহৰৰ চহৰ বুলিও জনা যেতিয়া। গুৱাহাটী বা ইয়াৰ কাষৰীয়া অঞ্চলৰূপে পৰিচিত আছিল। ১৩শ শতিকাত এই ভূমি জয় কৰাৰ পিছত ‘অসম’ নামটো প্ৰচলিত হৈছিল।

(খ) বর্তমানৰ অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছে ?

উত্তৰঃ বিভিন্ন ধৰণৰ জাতি-জনজাতিৰ সংযোগত বৰ্তমান অসমীয়া জাতিটো গঠিত হৈছে।

(গ) অসমীয়া জাতিক এটা আদর্শ জাতিৰূপে গঢ়িবলৈ আমি কি কি কৰা উচিত ?

উত্তৰঃ প্ৰথমতে আমাৰ ভাষা আৰু সাহিত্য়ৰ উন্নতি সাধন কৰিব লাগিব। সাধাৰণ শিক্ষাৰ সোঁত প্ৰৱলৰূপে বোৱাই দিব লাগিব, আৰু ধৰ্মনীতিৰ বিমল কিৰণেৰে গোটেইখন দেশক আলোকিত কৰিব লাগিব ।

(ঘ) অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কি কাম কৰিব লাগে ?

উত্তৰঃ আৰ্য্য আৰু অনাৰ্য্যৰ সংমিশ্ৰণত, বিভিন্ন জাতি আৰু উপজাতিৰ মিলনেই বৰ্তমানৰ অসমীয়া জাতি গঠন হৈছে। অসমৰ ভাষা, সাহিত্য, বুৰঞ্জী, লোকতত্ত্ব, আৰু সমাজতত্ত্ব আদিৰ বিষয়বোৰ অত্যন্ত সমৃদ্ধ, আৰু এইবোৰ বিশেষকৈ শিক্ষিত ডেকাসকলৰ আলোচনা আৰু অনুসন্ধানৰ বিষয় হ’ব লাগে। পুৰণি সাধু, পটন্তৰ, ফকৰা, সাঁথৰ, নাম, গীত, মালিতা, ভাওনা, সবাহ, ক্ৰীড়া-কৌতুক, পুৰণি মন্দিৰ, দৌল, দেৱালয় আদিৰ তথ্য সংগ্ৰহ কৰাটো উচিত।

৭। তলৰ কথা কেইশাৰীৰ তাৎপর্য বহলাই লিখো আহা —

(ক) “ আগেয়ে নিজৰ ক্ষুদ্ৰ নিজৰাক বৰ নৈৰ নিচিনা বেগৱতী কৰিব পাৰিলে নিজৰাই নিজে গৈ সাগৰৰ লগত মিলিব পাৰিব ।

উত্তৰঃ- এই কথাষাৰৰ অৰ্থ হৈছে যে, প্ৰথমে নিজৰ সৰু কামটোক ডাঙৰ কামৰ দৰে যত্ন সহকাৰে কৰিলে, সেই সৰু কামটোৱেই এদিন ডাঙৰ কাম হৈ পৰিব। অৰ্থাৎ, আমি যদি এটা সাধাৰণ কামক সৰু বুলি ভাবি উপেক্ষা নকৰোঁ আৰু ইমানেই যত্ন কৰি কৰোঁ যেনেকৈ ডাঙৰ কামত কৰোঁ, তেন্তে সেই সাধাৰণ কামটোৱেই এদিন ডাঙৰ কামৰ সমান হৈ পৰিব।

৮) অসম ’ পাঠটিৰ পৰা তলৰ শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দবােৰ বাছি উলিয়াই লিখা ।

উত্তৰঃ-
পৰাধীন –
স্ৱাধীন।
অসন্তোষ – সন্তোষ।
বিদেশ – স্ৱদেশ ।
অনুচিত – উচিত ।
নিৰানন্দ – আনন্দ ।
বৰ্জন – নিৰ্বজন ।

৯) সন্ধি গঠন কৰা আৰু ভাঙা ।

যথাৰ্থ = যথা + অৰ্থ ।
বিদ্যালয় = বিদ্যা + আলয়।
উদগতি = উৎ + গতি ।
উৎযাপন = উৎ + যাপন।
দেৱালয় = দেৱা + আলয়।
নৰেন্দ্ৰ = নৰে + অন্দ্ৰ ।
উন্নতি = উন্ন + অতি ।
উদ্ভৱ = উৎ + ভৱ ।

Some Answer added by Chinmay kakati

Leave a Reply

Your email address will not be published. Required fields are marked *