Class 7 Social Science Chapter 4

পাঠ-৪

আমাৰ পৰিৱেশ

১। উত্তৰ লিখা।

(ক) পৰিৱেশ মানে কি?

উত্তৰঃ পৰিৱেশ মানে হ’ল আমাৰ চাৰিওফালৰ উপাদানবিলাকৰ সম্বন্বয়ত গঢ়ি উঠা এক স্বাভাৱিক অৱস্থা।

(খ) পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি? উদাহৰণ দি লিখা।

উত্তৰঃ পৰিৱেশ দুই প্ৰকাৰৰ– প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ।

প্ৰাকৃতিক পৰিৱেশঃ- পৰ্বত-পাহাৰ, সমভূমি, মালভূমি, ৰ’দ, বতাহ, মাটি, প্ৰাণী আদি।

মানৱ সৃষ্ট পৰিৱেশঃ- ঘৰ-দুৱাৰ, যান-বাহন, দলং, ৰাস্তা-ঘাট, টেলিফোন, কল-কাৰখানা আদি।

(গ) পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি কি?

উত্তৰঃ পৰিৱেশৰ প্ৰধান উপাংশসমূহ হ’ল– মাটি, বালি, বেক্টেৰিয়া, ভেঁকুৰ, প্ৰাণী, পানী আদি।

(ঘ) মানৱ সৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয়?

উত্তৰঃ মানুহে নিজৰ প্ৰয়োজন পূৰণৰ বাবে বিভিন্ন উপায়েৰে পৰিৱেশত থকা সমলবোৰক ব্যৱহাৰ কৰে। এনে কাৰ্যৰ ফলত পৰিৱেশত কিছু পৰিৱৰ্তন সাধিত হয় আৰু নতুন এক পৰিৱেশ গঢ় লৈ উঠে। এইদৰে, মানুহে নিজৰ সুবিধা অনুসৰি গঢ়ি তোলা পৰিৱেশক মানৱ সৃষ্ট পৰিৱেশ বুলি কোৱা হয়।

২। শুদ্ধ উত্তৰত ☑ চিন দিয়া।

(ক) কোনটো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান নহয়?

(১) মাটি

(২) শিক্ষানুষ্ঠান

(৩) পৰিবহণ ব্যৱস্থা

উত্তৰঃ (১) মাটি।

(খ) কোনটো প্রাকৃতিক পৰিৱেশৰ উপাদান নহয়?

(১) পর্বত

(২) ঘৰ

(৩) নদী

উত্তৰঃ (২) ঘৰ।

(গ) তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে?

(১) গছ-গছনি

(২) কল-কাৰখানাৰ আৱৰ্জনা

(৩) খাদ্য শস্যৰ বৃদ্ধি

(৪) জনসংখ্যা বৃদ্ধি

(৫) জীৱ-জন্তু নিঃশেষ হ’লে।

উত্তৰঃ (২) কল-কাৰখানাৰ আৱৰ্জনা।

        (৪) জনসংখ্যা বৃদ্ধি,

        (৫) জীৱ-জন্তু নিঃশেষ হ'লে।

৪। জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱেশত বৰ্তি থাকে ৮০ টা মান শব্দৰ ভিতৰত লিখা।

উত্তৰঃ জৈৱিক উপাংশৰ সকলো উপাদানই একে পৰিৱেশত পৰস্পৰ নিৰ্ভৰ কৰি জীৱন যাপন কৰে। উদাহৰণস্বৰূপে, সেউজীয়া উদ্ভিদে সৌৰশক্তি (সূৰ্যৰ তাপ আৰু পোহৰ)ৰ সহায়ত জীয়াই থাকে। তৃণভোজী প্রাণীসকল এই উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে, আৰু তাৰপিছত সেই প্ৰাণী মাংসাহাৰী প্রাণীসকলে খায়। যেনে, গৰু, ছাগলী, আৰু হৰিণা ঘাঁহ খায়, আৰু বাঘ, সিংহ আদি গৰু, ছাগলী, আৰু হৰিণা ভক্ষণ কৰে। উদ্ভিদ, তৃণভোজী, আৰু মাংসাহাৰীৰ মৃত্যু হ’লে জীৱাণুবোৰে সিহঁতক পচাই মাটিত মিলাই দিয়ে। ইয়াৰ পৰা বুজা যায় যে একে পৰিৱেশত থকা সকলোবোৰ উপাদানে পৰস্পৰ সম্পৰ্কৰ জৰিয়তে একেলগে জীৱন নির্বাহ কৰে।

৫। তুমি কেনেকুৱা পৰিৱেশত থাকিব বিচৰা চমুকৈ লিখা। (১০০ টা মান শব্দৰ ভিতৰত লিখা।)

উত্তৰঃ

১) পৰিবেশত থকা প্ৰতিটো জীৱিত উপাদানে যেনেকৈ ইটো সিটোৰ লগত পৰস্পৰ সম্পৰ্ক ৰক্ষা কৰি চলে আমিও প্ৰত্যেকে তেনেকৈ আমাৰ চৌপাশৰ পৰিৱেশৰ লগত সহমৰ্মিতা দেখুওৱাটো উচিত।

২) পৰিৱেশৰ লগত সদ্ভাৱ দেখুৱাই আমি সকলো জীৱ-জন্তুৰ প্ৰতি দয়াশীল হোৱা উচিত। গছ-বন কটা অবৈধ আৰু অনুচিত। অবৈধ হাৰত বৃদ্ধি পোৱা বায়ু, পানী আৰু মাটি প্ৰদূষণই ক্ৰমাগত পৰিৱেশৰ ধ্বংসৰ মূল কাৰণ। সেয়ে, আমি আমাৰ কাৰ্যাৱলীসমূহ নিয়ন্ত্ৰণ কৰিলেই প্ৰদূষণ নিয়ন্ত্ৰণৰ দিশে আগবাঢ়িব পাৰিম। প্ৰদূষণমুক্ত পৃথিৱী এখনত বাস কৰিবলৈ আমি সকলোৰে আগ্ৰহী।

৩) আমি সম্পদৰ বহনক্ষমতাৰ ওপৰতো দৃষ্টি ৰখা উচিত। আমাৰ হাতত থকা সমল বা সম্পদবোৰ এনেধৰণে ব্যৱহাৰ কৰা উচিত যাতে সেইয়া ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত হৈ থাকে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top