Might Learn Logo Might Learn Shop Might Learn

SCERT Class 8 Social Science Chapter 22 Answer 2026 | সংবিধান আৰু ইয়াৰ প্ৰয়ােজনীয়তা | Chapter 22 | Class 8 Social Science Answer SCERT | Assam government School | Class 8 Social Science Question And Answer Assam Government Bidyalay | Class 8 Suggestion Assam Government School | Class 8 Notes Assam Government School | Download Book PDF | অসম গৰমেণ্ট বিদ্যালয় | অধ্যায় 21 | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ উত্তৰ | অসম গৰমেণ্ট স্কুল | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰসংবিধান আৰু ইয়াৰ প্ৰয়ােজনীয়তা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

১। চমু উত্তৰ লিখা—

(ক) সংবিধান বুলিলে কি বুজা?

উত্তৰঃ ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু নাগৰিকসকলৰ অধিকাৰ আৰু স্বাৰ্থ ৰক্ষা কৰাৰ বাবে কিছুমান নীতি-নিয়ম আৰু আইন-কানুনৰ প্ৰয়োজন হয়। ৰাষ্ট্ৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় এই মৌলিক নীতি-নিয়ম আৰু আইনসমূহৰ সমষ্টিক সংবিধান বোলে।

(খ) সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে?

উত্তৰঃ সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংবিধান সংশোধন প্ৰক্ৰিয়া বোলে।

(গ) নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়?

উত্তৰঃ নেপালত ২০০৮ চনত গণতান্ত্ৰিক গণৰাজ্য প্ৰতিষ্ঠিত হয়।

(ঘ) লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰ হ’ল— ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চুইজাৰলেণ্ড।


২। চমু টোকা লিখা—

(ক) নমনীয় সংবিধান

উত্তৰঃ যি সংবিধান সাধাৰণ আইন প্ৰণয়নৰ দৰে সহজ পদ্ধতিৰে সংশোধন কৰিব পাৰি, তেনে সংবিধানক নমনীয় সংবিধান বোলে। নমনীয় সংবিধান লিখিত বা অলিখিত দুয়ো ধৰণৰ হ’ব পাৰে। ইংলেণ্ডৰ সংবিধান ইয়াৰ উল্লেখযোগ্য উদাহৰণ।

(খ) অলিখিত সংবিধান

উত্তৰঃ যি সংবিধানৰ সকলো নিয়ম একেটা লিখিত দস্তাবেজত সন্নিৱিষ্ট নাথাকে আৰু যি বিভিন্ন আইন, প্ৰথা-পদ্ধতি, ৰীতি-নীতি, ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত গঢ় লৈ উঠে, তাক অলিখিত সংবিধান বোলে। ইংলেণ্ডৰ সংবিধান ইয়াৰ উদাহৰণ।

(গ) ক্ষমতাৰ বিভাজন

উত্তৰঃ ৰাষ্ট্ৰৰ চৰকাৰৰ বিভিন্ন অংগ—বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত ক্ষমতা আৰু কাৰ্যৰ ভাগ-বতৰা কৰাকে ক্ষমতাৰ বিভাজন বোলে। সংবিধানে প্ৰতিটো অংগৰ ক্ষমতা আৰু দায়িত্ব নিৰ্ধাৰণ কৰে আৰু কোনো অংগই যাতে ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে নিয়ন্ত্ৰণৰ ব্যৱস্থাও কৰে।


৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা—

(ক) ইংলেণ্ডৰ সংবিধান লিখিত/অলিখিত।

উত্তৰঃ অলিখিত।

(খ) ভাৰতবৰ্ষৰ সংবিধান অনমনীয়/নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ।

উত্তৰঃ নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ।

(গ) কাৰ্যপালিকাই/বিধানমণ্ডলে/ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে।

উত্তৰঃ বিধানমণ্ডলে।


৪। সংবিধান কেই প্ৰকাৰৰ আৰু কি কি? ব্যাখ্যা কৰা।

উত্তৰঃ সংবিধানক বিভিন্ন ভিত্তিত ভাগ কৰিব পাৰি।

উপলব্ধতা বা ৰূপৰ ভিত্তিত সংবিধান দুটা ভাগত বিভক্ত—

(ক) লিখিত সংবিধানঃ
যি সংবিধান মূলতঃ লিখিত দস্তাবেজৰ ৰূপত সন্নিৱিষ্ট থাকে, তাক লিখিত সংবিধান বোলে। এনে সংবিধান সাধাৰণতে স্পষ্ট আৰু নিৰ্দিষ্ট হয়। ইয়াত চৰকাৰৰ গঠন, ক্ষমতাৰ বিভাজন, নাগৰিকৰ অধিকাৰ আদি বিষয় স্পষ্টভাৱে উল্লেখ থাকে। ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চুইজাৰলেণ্ডৰ সংবিধান লিখিত সংবিধানৰ উদাহৰণ।

(খ) অলিখিত সংবিধানঃ
যি সংবিধানৰ সকলো নিয়ম একেটা লিখিত দস্তাবেজত সন্নিৱিষ্ট নাথাকে আৰু বিভিন্ন আইন, ৰীতি-নীতি, প্ৰথা, পৰম্পৰা আৰু সাংবিধানিক আচাৰৰ ওপৰত নিৰ্ভৰ কৰি গঢ় লৈ উঠে, তাক অলিখিত সংবিধান বোলে। ইংলেণ্ডৰ সংবিধান ইয়াৰ উদাহৰণ।

সংশোধন পদ্ধতিৰ ভিত্তিত সংবিধান দুটা ভাগত বিভক্ত—

(ক) নমনীয় সংবিধানঃ
যি সংবিধান সাধাৰণ আইন প্ৰণয়নৰ দৰে সহজ পদ্ধতিৰে সংশোধন কৰিব পাৰি, তাক নমনীয় সংবিধান বোলে। ইংলেণ্ডৰ সংবিধান ইয়াৰ উদাহৰণ।

(খ) অনমনীয় সংবিধানঃ
যি সংবিধান সংশোধন কৰিবলৈ বিশেষ আৰু তুলনামূলকভাৱে কঠিন পদ্ধতি অনুসৰণ কৰিব লাগে, তাক অনমনীয় সংবিধান বোলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান ইয়াৰ উদাহৰণ।

ভাৰতবৰ্ষৰ সংবিধানত কিছুমান ধাৰা সহজে আৰু কিছুমান ধাৰা বিশেষ পদ্ধতিৰে সংশোধন কৰিব লাগে। সেয়েহে ভাৰতৰ সংবিধানক নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ বুলি কোৱা হয়।


৫। উত্তৰ লিখা—

(ক) লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য লিখা।

উত্তৰঃ

লিখিত সংবিধানঅলিখিত সংবিধান
১। মূলতঃ লিখিত দস্তাবেজৰ ৰূপত থাকে।১। সকলো নিয়ম একেটা লিখিত দস্তাবেজত সন্নিৱিষ্ট নাথাকে।
২। ৰচনাকাল আৰু ৰচনাকাৰী সম্পৰ্কে স্পষ্ট তথ্য পোৱা যায়।২। ইয়াৰ কোনো এক নিৰ্দিষ্ট ৰচনাকাল বা একক ৰচনাকাৰী নাথাকে।
(খ) অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ

১। অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি তুলনামূলকভাৱে জটিল।
২। সাধাৰণ আইন প্ৰণয়নৰ পদ্ধতিৰে ইয়াক সহজে সংশোধন কৰিব নোৱাৰি।


৬। ‘গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে’— যুক্তিসহ আলোচনা কৰা।

উত্তৰঃ গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ। ইয়াৰ কাৰণসমূহ হ’ল—

(ক) ৰাষ্ট্ৰ পৰিচালনাৰ বাবে নীতি-নিয়ম নিৰ্ধাৰণঃ
ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰিবলৈ কিছুমান নিৰ্দিষ্ট নীতি-নিয়মৰ প্ৰয়োজন হয়। সংবিধানে এই নীতি-নিয়ম নিৰ্ধাৰণ কৰে। অন্যথা ৰাষ্ট্ৰত বিশৃংখলতা আৰু অৰাজকতাৰ সৃষ্টি হ’ব পাৰে।

(খ) নাগৰিকৰ অধিকাৰ ৰক্ষাঃ
নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয়। সংবিধানে নাগৰিকৰ অধিকাৰসমূহ স্বীকৃতি দিয়ে আৰু সেই অধিকাৰ ৰক্ষাৰ ব্যৱস্থা কৰে। লগতে নাগৰিকৰ কৰ্তব্যসমূহো উল্লেখ কৰে।

(গ) চৰকাৰৰ ক্ষমতা সীমাবদ্ধ কৰাঃ
সংবিধানে চৰকাৰৰ বিভিন্ন অংগৰ ক্ষমতা আৰু কাৰ্য নিৰ্ধাৰণ কৰে। কোনো অংগই যাতে ইচ্ছামতে ক্ষমতা ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবে সাংবিধানিক নিয়ন্ত্ৰণৰ ব্যৱস্থা থাকে।

(ঘ) নিৰ্বাচনী ব্যৱস্থা নিৰ্ধাৰণঃ
গণতান্ত্ৰিক দেশত জনসাধাৰণে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে অনুষ্ঠিত নিৰ্বাচনৰ জৰিয়তে নিজৰ প্ৰতিনিধি বাছনি কৰে। নিৰ্বাচনৰ মূল নিয়ম আৰু পদ্ধতিসমূহ সংবিধানত নিৰ্ধাৰিত থাকে।

(ঙ) চৰকাৰৰ তিনিটা অংগৰ মাজত ক্ষমতাৰ ভাগ-বতৰা কৰাঃ
ৰাষ্ট্ৰৰ চৰকাৰৰ তিনিটা প্ৰধান অংগ হ’ল—বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। সংবিধানে এই তিনিটা অংগৰ ক্ষমতা, দায়িত্ব আৰু পাৰস্পৰিক সম্পৰ্ক নিৰ্ধাৰণ কৰে। ইয়াৰ ফলত চৰকাৰৰ অংগসমূহৰ মাজত সংঘাতৰ সম্ভাৱনা হ্ৰাস পায়।

সেয়েহে গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সুস্থ পৰিচালনা, নাগৰিকৰ অধিকাৰ ৰক্ষা আৰু চৰকাৰৰ ক্ষমতা নিয়ন্ত্ৰণৰ বাবে সংবিধান অপৰিহাৰ্য।


৭। তলত উল্লেখ কৰা ৰাষ্ট্ৰসমূহ উপযুক্ত স্থানত বহুওৱা— ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড।

উত্তৰঃ

নমনীয়অনমনীয়নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ
ইংলেণ্ডআমেৰিকা যুক্তৰাষ্ট্ৰভাৰতবৰ্ষ
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects