পাঠ ৮
উত্তৰ পূব ভাৰত
১) উত্তৰ লিখা-
(ক) উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল?
উত্তৰঃ উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল।
(খ) কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ-পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে?
উত্তৰঃ পশ্চিমবংগৰ ঠেক সমভূমি অংশই উত্তৰ-পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে।
(গ) উত্তৰ-পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি?
উত্তৰঃউত্তৰ-পূব ভাৰতৰ প্ৰধান নদীসমূহৰ ভিতৰত মেঘালয়ৰ ডিগাৰু (উমট্ৰু), বৰাপানী (উমিয়াম), সোমেশ্বৰী, আৰু দুধনৈ উল্লেখযোগ্য।
সমভূমি অঞ্চলত কৃষি কাৰ্য কৰিবলৈ তুলনামূলকভাৱে সুবিধাজনক হৈছে। পাহাৰীয়া অঞ্চলত উচ্চতাৰ বাবে কৃষিৰ প্ৰয়োজনীয় সা-সামগ্ৰীবোৰ কঢ়িয়াই নিয়াত অসুবিধা হয়। অধিকন্তু, মাটি ওখোৰা আৰু মোখোৰা হোৱাৰ বাবে চহাবলৈ কষ্ট হয়, আৰু জলসিঞ্চনৰ ক্ষেত্ৰটো পাহাৰীয়া অঞ্চলত সমস্যাৰ সন্মুখীন হয়।
বিপৰীতে, সমভূমিত নদী, পুখুৰী, আৰু জলাশয়সমূহৰ পৰা পানী যোগানৰ সুবিধা উপলব্ধ। লগতে, পাহাৰীয়া অঞ্চলৰ জলবায়ু সকল ধৰণৰ খেতি বা কৃষিকাৰ্যৰ বাবে অনুকূল নহয়।
(ঘ) পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কিয়?
উত্তৰঃ সমভূমি অঞ্চলত থকা ৰাজ্যসমূহ কৃষিৰ ক্ষেত্ৰত আগবঢ়া। অন্যহাতে, পাহাৰীয়া অঞ্চলত স্থানান্তৰিত খেতি (ঝুম খেতি) কৰা হয়, কিয়নো পাহাৰীয়া অঞ্চলৰ পথাৰত পানী জমা কৰি ৰাখিব নোৱাৰি। ইয়াত কিছু পৰিমাণে বেদিকা কৃষিও কৰা হয়; পাহাৰৰ উচু মাটিত খাপ কাটি বেদিকা কৃষি চলে।
পাহাৰ আৰু সমভূমি অঞ্চলৰ উচু মাটিত চাহ, ৰবৰ আদিৰ দৰে ৰূপন কৃষিও কৰা হয়। তুলনামূলকভাৱে, পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চলত কৃষি কাৰ্য কৰাটো অধিক সুবিধাজনক।
পাহাৰীয়া অঞ্চললৈ উচ্চতাৰ বাবে কৃষিৰ প্ৰয়োজনীয় সা-সামগ্ৰীবোৰ কঢ়িয়াই নিয়াত অসুবিধা হয়। মাটি উচ্চ আৰু মোখোৰা হোৱাৰ বাবে জলসিঞ্চন কৰিবলে কষ্টসাধ্য হয়। সমভূমিত নদী, পুখুৰী, আৰু জলাশয়ৰ পৰা পানী যোগানৰ সুবিধা থাকে, যাৰ ফলত কৃষি কাৰ্য সহজ হয়। তাৰোপৰি, পাহাৰীয়া অঞ্চলৰ জলবায়ু সকলো ধৰণৰ খেতি বা কৃষিকাৰ্যৰ বাবে অনুকূল নহয়।
(ঙ) উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া?
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অসম উদ্য়োগৰ ক্ষেত্ৰত আগবঢ়া।
২। পাহাৰীয়া অঞ্চলত কেনে ধৰণে খেতি হয়? (৫০ টা মান শব্দৰ ভিতৰত লিখা।)
উত্তৰঃ পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে ঝুম খেতি পদ্ধতি ব্যৱহাৰ কৰে। প্রতি বছৰে পাহাৰৰ হাবি-বন কাটি জুই লগাই ঝুম খেতি পথাৰ মুকলি কৰা হয়। মাটি মুকলি কৰাৰ পাছত পৰম্পৰাগত সা-সঁজুলিৰে কৃষিকাৰ্য কৰা হয়।
পাহাৰত ঝুম পদ্ধতিৰে খেতি কৰি আলু, কচু, হালধি, কল, তিল, ধান আদিৰ দৰে বিভিন্ন শস্য উৎপাদন কৰা হয়। সাধাৰণতে, দুই-তিনিবছৰ মান এডোখৰ কৃষিভূমি ব্যৱহাৰ কৰাৰ পিছত সেই ঠাই এৰি আন এখন ঠাইত খেতিৰ বাবে মাটি মুকলি কৰা হয়।
৩। খালী ঠাই পূৰ কৰা-
(ক) উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যৰ মুঠ মাটিকালি ২,৫৫,০৮৩ বৰ্গ কিল’মিটাৰ।
(খ) ভাৰতৰ উত্তৰ-পূব অঞ্চল ২০º উত্তৰ অক্ষাংশৰ পৰা ২৯º৩০৴ উত্তৰ অক্ষাংশলৈকে বিস্তৃত।
(গ) উত্তৰ পূব মৌছুমী বতাহ শীত কালত বয়।
(ঘ) উত্তৰ – পূব ভাৰতত মুঠতে ৭ খন ৰাজ্য আছে।
(ঙ) মিজোৰাম উত্তৰ-পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য।
৪ । উত্তৰ-পূব ভাৰতৰ মানচিত্র এখন আঁকি তলত দিয়াবোৰ যথাস্থানত বহুওৱা —
(ক) উত্তৰ-পূব ভাৰতৰ চাৰিসীমা।
(খ) ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী
অৰুণাচল প্ৰদেশ- লুইত, সোৱণশিৰি, ছিয়াং, জীয়াভৰালী।
অসম- ব্ৰহ্মপুত্ৰ, বৰাক, সোৱণশিৰি, মানাহ, জীয়াভৰালী, বুঢ়ীদিহিং, কপিলী, ধনশিৰি।
ত্ৰিপুৰা- ফেনি, গোমতী, চলাই, মহুৰি।
মণিপুৰ- বৰাক, ইম্ফল, ইৰিল।
নাগালেণ্ড- ঝুমকি, দয়াং, টিজু।
মিজোৰাম- কালাদন, টুইভাই, সোণাই, টলং, লংগাই।
(গ) অসম, মেঘালয়, মণিপুৰৰ ৰাজধানী।
(ঘ) নামৰূপ সাৰ কাৰখানা।
(ঙ) পর্যটন ক্ষেত্ৰ টাৱাং।