যুগমীয়া শৰাইঘাট
২। উত্তৰ দিয়া।
(ক) অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল?
উত্তৰঃ অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক।
(খ) বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?
উত্তৰঃ বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হ’ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্যিক।
(গ) ৰামসিংহ কোন আছিল?
উত্তৰঃ ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। তেওঁক ঔৰংগজেৱ বাদছাহে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল।
(ঘ) তেওঁ কিয় অসমলৈ আহিছিল?
উত্তৰঃ তেওঁ অসম আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল।
(ঙ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
উত্তৰঃ শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল।
(চ) লাচিতৰ অধীনত কিমান সৈন্য আছিল?
উত্তৰঃ লাচিতৰ অধীনত এক লাখ সৈন্য আছিল।
(ছ) মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি?
উত্তৰঃ মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা।
(জ) মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল?
উত্তৰঃ মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল।
(ঝ) ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল?
উত্তৰঃ ৰজা ৰামসিংহই আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বীৰ লাচিতক বুজাবলৈ গৈছিল।
(ঞ) লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল?
উত্তৰঃ লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল।
৩। পাঠটোত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ-সম্ভাৰ আৰু অভিধান চাই জানি লোৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
৪। পাঠত থকাৰ দৰে সংলাপবোৰ লিখা।
(ক) কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল?
উত্তৰঃ লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কৈছিল—
“অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থ’বা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোকে সুখেৰে ঘৰলৈ উভতি যোৱা।”
(খ) অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল?
উত্তৰঃ অসম এৰি যোৱা সময়ত ৰামসিংহই কৈছিল—
“ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ।”
(গ) কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোঁসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল?
উত্তৰঃ বীৰ লাচিত বৰফুকনে ঘোষণা কৰিছিল—
“যুদ্ধৰ কামত পাছ হুহঁকিলে মই এই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম।”
(ঘ) বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল?
উত্তৰঃ বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কৈছিল—
“বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ’ব। ফুকনৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত।”
৫। বহলাই লিখা।
(ক) যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা।
উত্তৰঃ অকল যুদ্ধৰ আহিলা-পাতিৰে যুদ্ধ জয় কৰিব নোৱাৰি। যুদ্ধত জয়ী হ’বলৈ সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধজয়ৰ বাবে দৃঢ় তথা নিশ্চিত অভিলাষৰ প্ৰয়োজন। যুদ্ধৰ সামগ্ৰীৰ লগতে দেশৰ স্বাৰ্থত আত্মত্যাগ আৰু একাগ্ৰ মনোবল থাকিলেহে বিজয় সম্ভৱ হয়।
(খ) সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা।
উত্তৰঃ মোগলে সেনাপতি কোৱামৃদ্ধা হাজৰিকাক নাৱেৰে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক’লে। চাৰিওফালে মোগলৰ নাও আৰু মাজত কোৱামৃদ্ধাৰ নাও আছিল। হাজৰিকাই ক’লে, “মই নাচিম, ঢোল-মৃদংগ-খঞ্জৰী নাই, তোমালোকে চাপৰি মাৰা।” তেতিয়া মোগল সৈন্যই নাৱৰ বৈঠাৰ পৰা হাত এৰি চাপৰি মাৰিবলৈ ধৰিলে।
এই সুযোগতে কোৱামৃদ্ধাই নিজৰ নাৱৰ বৈঠা টিপি নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে ঘূৰাই দিলে। তেওঁৰ নাচোন চাই মোগল সৈন্য মচগুল হৈ থকা অৱস্থাতে নাওখন সাউৎকৰে আঁতৰি গ’ল। মোগলে খেদিবলৈ যো-জা কৰোঁতেই কোৱামৃদ্ধাৰ নাও অসমীয়া শিবিৰত গৈ উপস্থিত হ’ল। এইদৰে নিজৰ উপস্থিত বুদ্ধি আৰু কৌশলেৰে তেওঁ মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল।
(গ) শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা।
উত্তৰঃ শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুবৰ্তিতা, বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, দুৰ্নীতিৰ দমন, দেশৰ মংগলৰ বাবে আত্মবিলোপ আৰু স্বাৰ্থত্যাগ। লগতে আত্মকন্দল দূৰ কৰি সকলোৱে একতাৰে দেশৰক্ষা কৰাত অংশগ্ৰহণ কৰাটোও বিজয়ৰ অন্যতম কাৰণ আছিল।
৬। প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা।
(ক) “অগ্নি, সৰ্প আৰু প্ৰলোভন, এই তিনি একেধৰণেৰে বিষাক্ত।”
উত্তৰঃ উক্ত বাক্যশাৰী সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
অগ্নি, সৰ্প আৰু প্ৰলোভন—এই তিনিও সমানে বিপজ্জনক। সৰু ফিৰিঙতিৰ পৰাও ডাঙৰ অগ্নিকাণ্ড হ’ব পাৰে, বিষাক্ত সাপে মানুহৰ প্ৰাণ ল’ব পাৰে আৰু প্ৰলোভনেও মানুহক বিপথে লৈ গৈ সৰ্বনাশ ঘটাব পাৰে।
মোগল সেনাপতি ৰামসিংহই আহোম কটকী ৰামচৰণৰ মনত লোভ জগাবলৈ ৰাজপুতনাৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। ৰামচৰণে চৰাইটো অসমীয়াক দেখুৱাবলৈ খোজাত ৰামসিংহই দুটা চৰাই দিছিল। এই কথা জানি লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল। কাৰণ তেওঁ বুজিছিল যে যুদ্ধৰ সময়ত প্ৰলোভনে সৈন্যৰ মন দুৰ্বল কৰি সৰ্বনাশ ঘটাব পাৰে। এই প্ৰসংগতে উক্ত কথাষাৰ কোৱা হৈছে।
(খ) “বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোঁতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে।”
উত্তৰঃ উক্ত বাক্যশাৰী সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত ‘যুগমীয়া শৰাইঘাট’ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
আলাবৈৰ ৰণত একেদিনে দহ হাজাৰ অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে অত্যন্ত বেজাৰ পাইছিল। তেওঁ নিজৰ প্ৰতিজন সৈন্যক অতি মূল্যবান বুলি ভাবিছিল। এই বতৰা স্বৰ্গদেউলৈ জনাবলৈ বিচাৰোঁতে সু-বিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁইয়ে তেওঁক বুজাই কৈছিল যে, বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোঁতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে; তেনেস্থলত যুদ্ধত কিছু প্ৰাণহানি হোৱাটো স্বাভাৱিক।
এই কথাৰ জৰিয়তে বিপদৰ সময়ত ধৈৰ্য নেহেৰুৱাই সু-বিবেচনাৰে আগবাঢ়িব লাগে বুলি বুজোৱা হৈছে।
(গ) “সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।”
উত্তৰঃ উক্ত বাক্যশাৰী সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত ‘যুগমীয়া শৰাইঘাট’ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
এতিয়া লাচিত বৰফুকনৰ দিনৰ সেই সামৰিক শৰাইঘাট নাই। কিন্তু বৰ্তমানেও অসমে বিভিন্ন সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্যিক সমস্যাৰ সন্মুখীন হৈ আছে। এই সমস্যাবোৰৰ সমাধানৰ বাবে অতীতৰ শৰাইঘাটৰ দৰে সমগ্ৰ অসমীয়া জাতি একমুখী হোৱাৰ প্ৰয়োজন আছে।
এটা সমস্যা সমাধান হ’লে আন এটা সমস্যাই মূৰ দাঙি উঠে। সেয়ে সু-বিবেচনাৰে কাৰ্যপন্থা নিৰূপণ কৰি ক্ষীপ্ৰভাৱে তাক কাৰ্যকৰী কৰাটো আজিও সমানেই প্ৰয়োজনীয়। এই অৰ্থতেই লেখকে কৈছে— “সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।”
(ঘ) “আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ’ব।”
উত্তৰঃ উক্ত বাক্যশাৰী সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত ‘যুগমীয়া শৰাইঘাট’ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
মোগল সেনাপতি ৰামসিংহই নিজৰ বিশাল সৈন্যবল বুজাবলৈ লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াইছিল। তাৰ উত্তৰত লাচিত বৰফুকনে ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈছিল— “আফুগুটি পঠিয়াইছা, পটাত পিহিলে পানী হ’ব।”
ইয়াৰ অৰ্থ হ’ল, মোগলৰ সৈন্যসংখ্যা অধিক হ’লেও তেওঁলোকক সহজে পৰাস্ত কৰিব পৰা যাব; কিন্তু অসমীয়া সৈন্য বালিৰ দৰে দৃঢ় আৰু টান, তেওঁলোকক সহজে গুৰি কৰিব নোৱাৰি। এইদৰে লাচিত বৰফুকনে অসমীয়া সৈন্যৰ মনোবল আৰু শক্তি প্ৰকাশ কৰিছিল।
(ঙ) “এই সমস্যাবোৰৰ ভালৰূপে সমাধান নহ’লে অসমৰ অস্তিত্ব লৈ টনাটনি হ’ব।”
উত্তৰঃ উক্ত বাক্যশাৰী সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত ‘যুগমীয়া শৰাইঘাট’ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
অসমত বানপানী, খৰাং, মাৰি-মৰক, ভূঁইকঁপ, ওচৰ-চুবুৰীয়া জাতিবৃন্দৰ লগত লেন-দেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কু-প্ৰবৃত্তি দমন, শিক্ষা বিষয়ক বিভিন্ন সমস্যা আৰু শাসনকাৰ্য সুচাৰুৰূপে পৰিচালনা কৰা আদি বহু সমস্যা আছে। এটা সমস্যা সমাধান হ’লেও আন এটা সমস্যাই মূৰ দাঙি উঠে।
এই সমস্যাবোৰ যদি ভালদৰে সমাধান কৰা নহয়, তেন্তে অসমৰ অস্তিত্ব সংকটত পৰিব পাৰে। সেয়ে লাচিত বৰফুকন আৰু তেওঁৰ লগৰ বীৰসকলে যি একাগ্ৰ দেশপ্ৰেম, দৃঢ় মনোবল আৰু আত্মত্যাগেৰে নিজৰ সময়ৰ সমস্যা সমাধান কৰিছিল, সেই একে মনোবৃত্তি আজিও আমাৰ প্ৰয়োজন।
৭। তলত দিয়া শব্দবোৰৰ বৰ্ণ বিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা।
(ক) কিয় মূৰ্ধন্য ‘ণ’ হৈছে?
(খ) কিয় মূৰ্ধন্য ‘ণ’ নহ’ল?
পৰিণাম, পৰিধান, পৰিমাণ, প্ৰণাম, প্ৰাৰ্থনা, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, তৰানি, নৰানি, ফেৰেঙনি, ৰামায়ণ।
উত্তৰঃ ঋ, ৰ আৰু ষ-ৰ পাছত থকা দন্ত্য ‘ন’ কিছুমান ক্ষেত্ৰত মূৰ্ধন্য ‘ণ’ হয়। ণত্ববিধিৰ নিয়ম অনুসৰি পৰিণাম, পৰিমাণ, প্ৰণাম, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, ৰামায়ণ আদি শব্দত ‘ন’ মূৰ্ধন্য ‘ণ’ হৈছে।
এই নিয়ম মূলত সংস্কৃতমূলীয় শব্দত প্ৰযোজ্য। কিন্তু পৰিধান, প্ৰাৰ্থনা, তৰানি, নৰানি, ফেৰেঙনি আদি শব্দত দন্ত্য ‘ন’ৰ ঠাইত মূৰ্ধন্য ‘ণ’ হোৱা নাই।
৮। তলৰ শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ’ব নাম লিখা।
উত্তৰঃ
পৰীক্ষা — পৰি + ঈক্ষা = স্বৰসন্ধি
দৈনিক — দিন + ষ্ণিক্ = ব্যঞ্জনসন্ধি
নৰেন্দ্ৰ — নৰ + ইন্দ্ৰ = স্বৰসন্ধি
উল্লেখ — উৎ + লেখ = ব্যঞ্জনসন্ধি
সংযম — সম্ + যম = ব্যঞ্জনসন্ধি
মহাৰ্ঘ — মহা + অৰ্ঘ = স্বৰসন্ধি
উজ্জ্বল — উৎ + জল = ব্যঞ্জনসন্ধি
মুনীন্দ্ৰ — মুনি + ইন্দ্ৰ = স্বৰসন্ধি
ইত্যাদি — ইতি + আদি = স্বৰসন্ধি
প্ৰত্যেক — প্ৰতি + এক = স্বৰসন্ধি
মহাত্মা — মহান + আত্মা = স্বৰসন্ধি
নিশ্চয় — নিঃ + চয় = বিসৰ্গসন্ধি
সঞ্চয় — সম্ + চয় = ব্যঞ্জনসন্ধি
নয়ন — নে + অন = স্বৰসন্ধি
উদ্ধাৰ — উৎ + ধাৰ = ব্যঞ্জনসন্ধি
সম্ৰাট — সম্ + ৰাট = ব্যঞ্জনসন্ধি
উন্নতি — উৎ + নতি = ব্যঞ্জনসন্ধি
দুৰ্নীতি — দুঃ + নীতি = বিসৰ্গসন্ধি
দেৱালয় — দেৱ + আলয় = স্বৰসন্ধি
হিমালয় — হিম + আলয় = স্বৰসন্ধি
বিদ্যালয় — বিদ্যা + আলয় = স্বৰসন্ধি
ষড়ানন — ষট্ + আনন = স্বৰসন্ধি
সতীশ — সতী + ঈশ = স্বৰসন্ধি
দুশ্চিন্তা — দুঃ + চিন্তা = বিসৰ্গসন্ধি
শিৰচ্ছেদ — শিৰঃ + ছেদ = বিসৰ্গসন্ধি
জগন্নাথ — জগৎ + নাথ = ব্যঞ্জনসন্ধি
উচ্ছৃংখল — উৎ + শৃংখল = ব্যঞ্জনসন্ধি
আশাতীত — আশা + অতীত = স্বৰসন্ধি
যথোচিত — যথা + উচিত = স্বৰসন্ধি
ৰামায়ণ — ৰাম + অয়ন = স্বৰসন্ধি
৯। তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে। বিচাৰি উলিয়াই লিখা।
উত্তৰঃ
| বিশেষ্য | বিশেষণ |
|---|---|
| যুগ | যুগমীয়া |
| অসম | অসমীয়া |
| মাতাল | মাতলামি |
| যোগান | যোগনীয়া |
| শৰাইঘাট | শৰাইঘটীয়া |
| ইতিহাস | ঐতিহাসিক |
| সমৰ | সামৰিক |
| অৰ্থনীতি | অৰ্থনৈতিক |
| ৰাজনীতি | ৰাজনৈতিক |
| সমাজ | সামাজিক |
(ক) বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া।
| বিশেষ্য | বিশেষণ |
|---|---|
| গাঁও | গাঁৱলীয়া |
| নগৰ | নগৰীয়া |
| চহৰ | চহৰীয়া |
| পাহাৰ | পাহাৰীয়া |
| মিছা | মিছলীয়া |
| ঘৰ | ঘৰুৱা |
| ৰণ | ৰণুৱা |
| বন | বননি |
| খক | খকুৱা |
| পাম | পমুৱা |
(খ) বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া।
| বিশেষণ | বিশেষ্য |
|---|---|
| সৰল | সৰলতা |
| নম্ৰ | নম্ৰতা |
| ভদ্ৰ | ভদ্ৰতা |
| সত্য | সত্যতা |
| মিত্ৰ | মিত্ৰতা |
| দুষ্ট | দুষ্টালি |
| টেঙৰ | টেঙৰালি |
| ধূৰ্ত | ধূৰ্তালি |
| ধিতিঙা | ধিতিঙালি |
| ভাল | ভালৰি |
১০। তলত উল্লেখ কৰা সমস্যাৰাজি ‘যুগমীয়া শৰাইঘাট’ পাঠটোৰ সহায়ত চমুকৈ লিখা।
(ক) ৰাজনৈতিকঃ ৰাজ্যৰ শাসন-ব্যৱস্থা সুচাৰুৰূপে পৰিচালনা কৰা আৰু বিভিন্ন সমস্যাৰ সু-বিবেচনাৰে সমাধান কৰাটো ৰাজনৈতিক সমস্যাৰ অন্তৰ্গত।
(খ) সামাজিকঃ সমাজৰ মানুহৰ মাজত একতা ৰক্ষা কৰা, কু-প্ৰবৃত্তি দমন কৰা আৰু সমাজত শৃংখলা বজাই ৰখাটো সামাজিক সমস্যা।
(গ) অৰ্থনৈতিকঃ বানপানী, খৰাং আদি দুৰ্যোগে খেতি-বাতি আৰু মানুহৰ জীৱন-জীৱিকাত সৃষ্টি কৰা অসুবিধাবোৰ অৰ্থনৈতিক সমস্যাৰ অন্তৰ্গত।
(ঘ) ঐতিহাসিকঃ অসমৰ অতীতৰ ঐতিহ্য, বীৰত্ব আৰু জাতীয় অস্তিত্ব ৰক্ষা কৰাটো ঐতিহাসিক সমস্যাৰ সৈতে জড়িত।
(ঙ) প্ৰাকৃতিকঃ বানপানী, খৰাং, মাৰি-মৰক, ভূঁইকঁপ আদি অসমৰ উল্লেখযোগ্য প্ৰাকৃতিক সমস্যা।
১১। চমু উত্তৰ লিখা।
(ক) ‘চিলাৰায় দিৱস’ কি তাৰিখে পালন কৰা হয়?
উত্তৰঃ ‘চিলাৰায় দিৱস’ ৯ ফেব্ৰুৱাৰীত পালন কৰা হয়।
(খ) ‘লাচিত দিৱস’ কি তাৰিখে পালন কৰা হয়?
উত্তৰঃ ‘লাচিত দিৱস’ ২৪ নৱেম্বৰত পালন কৰা হয়।
(গ) ‘চুকাফা দিৱস’ (অসম দিৱস) কেতিয়া পালন কৰা হয়?
উত্তৰঃ ‘চুকাফা দিৱস’ বা ‘অসম দিৱস’ ২ ডিচেম্বৰত পালন কৰা হয়।
১২। ৰচনা লিখা।
(ক) অসমৰ প্ৰাকৃতিক দুৰ্যোগ
আৰম্ভণিঃ অসম বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা এখন ৰাজ্য। ভূমিস্খলন, বানপানী, ভূমিকম্প আৰু গৰাখহনীয়া আদি অসমৰ উল্লেখযোগ্য প্ৰাকৃতিক দুৰ্যোগ। এই দুৰ্যোগসমূহে মানুহৰ জীৱন আৰু সম্পত্তিৰ যথেষ্ট ক্ষতি কৰে।
ভূমিস্খলনঃ নেৰানেপেৰাকৈ বৰষুণ দি থাকিলে পাহাৰ বা ওখ ঠাইৰ মাটি, শিল আৰু গছ-গছনি খহি পৰাকে ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মাটি কটা আৰু গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন বৃদ্ধি পায়।
বানপানীঃ বানপানী অসমৰ এক জ্বলন্ত সমস্যা। প্ৰতি বছৰে বাৰিষাকালত বানপানীয়ে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আৰু খেতি-পথাৰৰ বিস্তৰ ক্ষতি কৰে। বহু মানুহ আৰু জীৱ-জন্তুও বানপানীৰ ফলত বিপদত পৰে।
ভূমিকম্পঃ ভূমিকম্প এটা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ। প্ৰবল ভূমিকম্পৰ ফলত ঘৰ-বাৰী আৰু অট্টালিকা ধ্বংস হ’ব পাৰে আৰু মানুহৰ জীৱনলৈ বিপদ নামি আহিব পাৰে।
গৰাখহনীয়াঃ নদীৰ সোঁতে নদীৰ পাৰৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বোলে। বানপানীৰ পিছত বহু সময়ত গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ ফলত নৈপৰীয়া অঞ্চলৰ মাটিৰ পৰিমাণ কমি আহে আৰু বহু লোকৰ ঘৰ-বাৰী নষ্ট হয়।
সামৰণিঃ অসমৰ প্ৰাকৃতিক দুৰ্যোগসমূহ সম্পূৰ্ণৰূপে ৰোধ কৰা সম্ভৱ নহ’লেও সতৰ্কতা আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণৰ জৰিয়তে ইয়াৰ ক্ষয়-ক্ষতি কিছু পৰিমাণে কমাব পাৰি।
১৩। চমুটোকা লিখা।
(ক) স্বৰ্গদেউ চক্ৰধ্বজ সিংহ
উত্তৰঃ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃয়ে চক্ৰধ্বজ সিংহ নাম লৈ ১৬৬৩ চনত আহোম সিংহাসনত উঠে। তেওঁ এগৰাকী দেশপ্ৰেমিক, সাহসী আৰু স্বাধীনচিতীয়া ৰজা আছিল। জয়ধ্বজ সিংহৰ সময়ত আহোম ৰাজ্য মোগলৰ কৰতীয়া হৈ পৰিছিল। চক্ৰধ্বজ সিংহে লাচিত বৰফুকনক সেনাপতি নিযুক্ত কৰি মোগলৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিয়ে। লাচিতৰ নেতৃত্বত আহোমসকলে জয়দুৱাৰ, ইটাখুলি, পাণ্ডু আৰু উত্তৰ গুৱাহাটী দখল কৰে। আলাবৈৰ ৰণত বহু অসমীয়া সৈন্য নিহত হোৱাত চক্ৰধ্বজ সিংহ গভীৰভাৱে শোকাহত হৈছিল।
(খ) লাচিত বৰফুকন
উত্তৰঃ লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। তেওঁৰ নেতৃত্বতে আহোম আৰু মোগলৰ মাজত বিখ্যাত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল। লাচিতে অসীম সাহস আৰু পৰাক্ৰমেৰে যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল।
মোগলক বাধা দিবলৈ আমিনগাঁৱত ৰাতিৰ ভিতৰতে গড় নিৰ্মাণৰ দায়িত্ব নিজৰ মোমায়েকক দিয়া হৈছিল। কামত গাফিলতি হোৱা দেখি লাচিতে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেওঁৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠা আৰু বীৰত্ব অসমীয়া জাতিৰ বাবে চিৰস্মৰণীয়।
(গ) ৰামসিংহ
উত্তৰঃ ৰামসিংহ অম্বৰ ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংগজেৱৰ আদেশত তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। ঔৰংগজেৱে তেওঁক বৃহৎ সৈন্যবাহিনীসহ অসম জয় কৰিবলৈ পঠিয়াইছিল। শৰাইঘাটৰ ৰণত আহোম সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া বাহিনীয়ে ৰামসিংহৰ মোগল বাহিনীক পৰাস্ত কৰিছিল।
১৪। শৰাইঘাটৰ দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা দুজন বীৰৰ প্ৰতিমূৰ্তি আছে। সেই বীৰ দুজন কোন কোন? তেওঁলোকৰ বীৰত্বৰ কাহিনী লিখা।
উত্তৰঃ শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা দুজন বীৰৰ প্ৰতিমূৰ্তি হ’ল চিলাৰায় আৰু লাচিত বৰফুকন।
চিলাৰায় অসমৰ এজন বিখ্যাত বীৰ আৰু দক্ষ সেনানায়ক আছিল। তেওঁৰ অসীম সাহস আৰু যুদ্ধ-কৌশলৰ বাবে তেওঁ অসমৰ ইতিহাসত বিশেষ স্থান লাভ কৰিছে।
লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন পৰাক্ৰমী সেনাপতি আছিল। শৰাইঘাটৰ ৰণত তেওঁৰ নেতৃত্বত আহোম সেনাই মোগল বাহিনীক পৰাস্ত কৰিছিল। দেশৰ স্বাৰ্থত তেওঁ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰিছিল। তেওঁৰ বীৰত্ব আৰু দেশপ্ৰেম অসমীয়া জাতিৰ বাবে আজিও আদৰ্শ।
খ — ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)
জানাে আহাঃ
- এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব আৰু এক শ্রেণীৰ সমস্যা সমাধান হ’লে আন শ্রেণীৰ সমস্যাই মূৰ দাঙি উঠিব।
•. . . . . . . . . দেশৰ মঙ্গলৰ কার্যত সম্পূর্ণ আত্মবিলােপ . . . . . .
- সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰতাৰে কাৰ্যপন্থা গ্রহণ আৰু সম্পাদন—এই দুইৰ সমাৱেশ শৰাইঘাট ৰণত অসমীয়াৰ বাবে অত্যাৱশ্যক আছিল। ওপৰৰ বাক্যত থকা তিনিটা ডাঙৰ হৰফৰ পদৰ সকলোতকৈ আগত মূৰ্দ্ধন্য ‘ণ’ আছে। এই পদকেইটাৰ বানান বা বর্ণবিন্যাস কৰিলে দেখা যায় যে, ‘ণ’-ৰ আগত ‘ৰ’ বৰ্ণ আছে।
- অৱশ্যে ‘ধৰণ’, ‘ৰণ’ আৰু ‘কাৰণ’ এই শব্দকেইটাত ‘ৰ’ বৰ্ণটো একেবাৰে ওচৰত নিজ ৰূপত আছে। সম্পূর্ণ শব্দটোত ‘ৰ’ (ৰেফ) আকাৰত ‘ণ’-ৰ লগত যুক্ত হৈছে, আৰু ‘শ্রেণী’ শব্দত ‘ৰ’কাৰ ৰূপে আছে। তলৰ বাক্যত ব্যৱহাৰ হোৱা ‘ভীষণ’ আৰু ‘বিশ্লেষণ’ পদ দুটাৰ ‘ণ’-ৰ আগত ‘ষ’ আছে:
- লাচিতৰ তেতিয়া ভীষণ জ্বৰ।
- এই উক্তিয়ে বিৰাজমান লাচিত বৰফুকনে কৰা জাতীয়তাবাদৰ সুন্দৰ বিশ্লেষণক প্ৰতিফলিত কৰে। ‘ঋণ’, ‘তৃণ’ আদি শব্দৰ ‘ণ’-ৰ আগত ‘ঋ’ বা ‘কাৰ’ আছে। ইয়াৰ পৰা আমি ক’ব পাৰোঁ যে—’ঋ’, ‘ৰ’ আৰু ‘ষ’-ৰ পাছত থকা ‘ণ’ মূৰ্দ্ধন্য ‘ণ’ হয়। কিন্তু ‘নিৰূপণ’, ‘গ্ৰহণ’, ‘কৃপণ’, ‘ৰাৱণ’, ‘নাৰায়ণ’, ‘বৰষুণ’ আদি শব্দৰ ‘ণ’ মূৰ্দ্ধন্য ‘ণ’ তলৰ নিয়ম অনুসৰি হয়—’ঋ’, ‘ৰ’, ‘ষ’ আৰু ‘ণ’-ৰ মাজত কোনো স্বৰবৰ্ণ বা ‘ক’ আৰু ‘প’ বৰ্গৰ কোনো বৰ্ণ, ‘য’, ‘ৱ’, ‘হ’ বা অনুস্বাৰ (ং) থাকিলে ‘ণ’ মূৰ্দ্ধন্য হয়।
- পিছে এই নিয়ম কেৱল সংস্কৃতমূলীয় শব্দৰ ক্ষেত্ৰতহে খাটে, অসমীয়া শব্দত নহয়। যেনে—’ৰইনা’, ‘বৰিয়নি’, ‘গেৰেকনি’, ‘বৰীয়ানী’ আকৌ এটা শব্দৰ শেষত ‘ৰ’ আৰু দ্বিতীয় শব্দৰ ‘আদিত’ ‘ণ’ থাকি দুটা শব্দ লগ লাগিলেও ‘ণ’-মূৰ্দ্ধন্য নহয়। যেনে—
- ‘নৰ’ + ‘নাথ’ ⇒ ‘নৰনাথ’
- ‘হৰি’ + ‘নাথ’ ⇒ ‘হৰিনাথ’
- ‘হৰি’ + ‘নাৰায়ণ’ ⇒ ‘হৰিনাৰায়ণ’
- ‘নৰ’ + ‘নাৰায়ণ’ ⇒ ‘নৰনাৰায়ণ’
- ‘ত্রি’ + ‘নয়ন’ ⇒ ‘ত্রিনয়ন’
- ‘হৰি’ + ‘নাম’ ⇒ ‘হৰিনাম’
- ‘সর্ব’ + ‘নাম’ ⇒ ‘সৰ্বনাম’
- ইত্যাদি।
- অসমীয়া স্ত্রী প্ৰত্যয়ৰ ‘নী’-ৰ ‘ণ’ মূৰ্দ্ধন্য ‘ণ’ নহয়। যেনে—’বৰানী’, ‘বৰুৱানী’, ‘কমাৰনী’, ‘কুমাৰনী’, ‘গৰাকিনী’ ইত্যাদি।
Check by – Mukesh Borah
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post