Chapter 4 –
জাগা জননীৰ সন্তান
১। গীতটো সুৰ লগাই গোৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে গীতটো সুৰ লগাই গাব।
২। গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে পঢ়ি বুজি ল’ব।
৩। উত্তৰ দিয়া।
(ক) কবিয়ে কাক জাগি উঠিবলৈ কৈছে?
উত্তৰঃ কবিয়ে দেশমাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে।
(খ) দুৰ্জয় অভিযান বুলি কি বুজাইছে?
উত্তৰঃ মৃত্যুকো জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ অভিযানকে দুৰ্জয় অভিযান বুলি বুজাইছে।
(গ) দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে?
উত্তৰঃ দুৰ্জয় অভিযানেৰে মৃত্যুক গচকি দেশমাতৃৰ জয় জিনি আনিবলৈ কৈছে।
(ঘ) জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?
উত্তৰঃ কৰ্মহীনতা আৰু কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল কৰাৰ কথা কৈছে।
(ঙ) “তথাপিও নাই ভয়” বুলি কিয় কৈছে?
উত্তৰঃ দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা, কাপুৰুষতা আৰু ভয় তেনেই তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে স্বদেশপ্ৰেমীসকলক “তথাপিও নাই ভয়” বুলি সাহস যোগাইছে।
(চ) কাৰ জয়-নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে?
উত্তৰঃ স্বদেশপ্ৰেমী নৱ-জোৱানসকলৰ জয়-নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে।
(ছ) আপোন-পাহৰা বীৰক কি বুলি আখ্যা দিছে?
উত্তৰঃ আপোন-পাহৰা বীৰক দুৰ্ম্ময় বীৰ আৰু অজেয় নৱ-জোৱান বুলি আখ্যা দিছে।
৪। গীতটোৰ বুজি নোপোৱা শব্দবোৰৰ অৰ্থ শব্দ-সম্ভাৰ আৰু অভিধান চাই জানি লোৱা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।
৫। ‘জাগা জননীৰ সন্তান’ গীতটোৰ মূলভাব লিখা।
উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা ‘জাগা জননীৰ সন্তান’ এটা দেশপ্ৰেমমূলক গীত।
দেশমাতৃৰ আহ্বানত যুগে যুগে সু-সন্তানসকলে সকলো শংকা আঁতৰাই নিজৰ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা আৰু কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে আৰু অন্তৰৰ সাহসী সত্তাক জগাই তোলে।
নিজৰ দেশক ৰক্ষা কৰিবলৈ আৰু মাতৃভূমিৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ অজেয় নৱ-জোৱানসকল সদায় আগবাঢ়ি যাব লাগে। তেওঁলোকেই দেশৰ ভৱিষ্যৎ সুৰক্ষাৰ প্ৰহৰী। কবিয়ে এই গীতটোৰ জৰিয়তে দেশৰ নৱ-জোৱানসকলক সাহস, দেশপ্ৰেম আৰু কৰ্মপ্ৰেৰণা যোগাইছে।
ব্যৱহাৰিক ব্যাকৰণ
৬। বাক্য ৰচনা কৰা।
শক্তিমান — শাৰীৰিক আৰু মানসিকভাৱে শক্তিমান হ’লেহে মানুহে সফলতা অৰ্জন কৰিব পাৰে।
কাপুৰুষ — কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে।
নিনাদ — বিজয়ী পক্ষৰ জয়-নিনাদত শত্ৰুপক্ষ কম্পিত হৈ পৰিছিল।
অজেয় — দেশমাতৃৰ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানেই একো একোজন অজেয় বীৰ।
অভিযান — লাচিতে নৰিয়া গাৰেও মোগলৰ বিৰুদ্ধে যুদ্ধৰ অভিযান চলাইছিল।
৭। সন্ধি গঠন কৰা আৰু ভাঙা।
উত্তৰঃ
দেৱ + অসুৰ = দেৱাসুৰ
কুশ + আসন = কুশাসন
বিদ্যা + অলংকাৰ = বিদ্যালংকাৰ
দশ + আনন = দশানন
মহা + অৰ্ণৱ = মহাৰ্ণৱ
মহা + ঋষি = মহৰ্ষি
নৰ + ইন্দ্ৰ = নৰেন্দ্ৰ
মনঃ + হৰ = মনোহৰ
মনঃ + যোগ = মনোযোগ
উৎ + লেখ = উল্লেখ
উৎ + জল = উজ্জ্বল
নৌ + ইক = নাৱিক
দিক্ + অন্ত = দিগন্ত
৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
উত্তৰঃ
মৃত্যু — জন্ম
জয় — পৰাজয়
কাপুৰুষ — বীৰ
ভয় — সাহস
শত্ৰু — মিত্ৰ
দুৰ্বল — সবল
৯। তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।
উত্তৰঃ
মৃত্যু — মৰণ, দেহত্যাগ
জননী — আই, মাই, মা
সন্তান — সতি-সন্ততি, ল’ৰা-ছোৱালী
বীৰ — বলৱন্ত, সাহসী
নিনাদ — ধ্বনি, শব্দ
১০। এটা শব্দত প্ৰকাশ কৰা।
(ক) সাহস নথকা মানুহ — কাপুৰুষ বা ভীৰু।
(খ) জাকৈৰে মাছ ধৰা মানুহ — জাকৈয়া।
(গ) যাৰ শক্তি আছে — শক্তিমান।
(ঘ) যাক জিনিব নোৱাৰি — অজেয়।
১১। তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা।
উত্তৰঃ
| বিশেষ্য | বিশেষণ |
|---|---|
| মান | মানী |
| দুৰ্বলতা | দুৰ্বল |
| দৰ্শন | দাৰ্শনিক |
| দুখ | দুখী |
| মানৱ | মানৱীয় |
১২। ভাব বহলাই লিখা।
“সাঁতোৰ সাঁতোৰ, নিজ বাহুবলে,
সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে।”
উত্তৰঃ সাঁতুৰিবলৈ নিজৰ বাহুত বল আৰু নিজৰ চেষ্টা থাকিব লাগে। আনৰ বাহুবলেৰে কোনোবাই নিজে সাঁতুৰিব নোৱাৰে। নিজে চেষ্টা নকৰিলে পানীত ডুব যোৱাৰ সম্ভাৱনা থাকে।
এই কথাষাৰৰ অন্তৰ্নিহিত অৰ্থ হ’ল—জীৱনত সফলতা লাভ কৰিবলৈ মানুহে নিজৰ শক্তি, সামৰ্থ্য আৰু পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। কেৱল আনৰ সহায়ৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে জীৱনত উন্নতি কৰিব নোৱাৰি। আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰম আৰু নিজ শক্তিৰে আগবাঢ়িলেহে মানুহে লক্ষ্যত উপনীত হ’ব পাৰে।
১৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘নূপুৰে মাতে ৰুণ জুণ’ গীতটি সংগ্ৰহ কৰি সুৰ লগাই গাবলৈ অভ্যাস কৰিব।
নূপুৰে মাতে ৰুণ জুণ
নূপুৰে মাতে ৰুণ জুণ
নূপুৰে মাতে।
সখী যাবৰ বেলি আমাৰ হিয়াখনি
বিষাদে ছাটে।।
চলে চলি চকুতে
সখী চকুপানী নাটে।।
যোৱা সখী দিছোঁ বিদায়,
যোৱা সখী দিছোঁ বিদায়,
মনতে ৰাখিবা সদায়।
এৰানো কি স’তে,
সখী এৰানো কি স’তে।।
১৫। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটককেইখনৰ নাম লিখি তাৰে এখনৰ কাহিনীটো চমুকৈ লিখা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটকসমূহৰ ভিতৰত কাৰেঙৰ লিগিৰী, ৰূপালীম, শোণিত কুঁৱৰী, নিমাতী কইনা, লভিতা, সোণ পখিলী, কনকলতা, সুন্দৰ কোঁৱৰ আৰু খনিকৰ উল্লেখযোগ্য।
এই নাটসমূহৰ ভিতৰত ‘নিমাতী কইনা’ এখন মনোমোহা শিশু-নাটিকা। ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত ‘নিমাতী কইনা’ নামৰ সাধুটিৰ আধাৰত নাটখন ৰচনা কৰা হৈছে। ইয়াৰ দুটা প্ৰধান চৰিত্ৰ হ’ল নিমাতী কইনা আৰু ৰূপকোঁৱৰ।
নিমাতী কইনাক ‘কলালক্ষ্মী’ৰ প্ৰতীক হিচাপে আৰু ৰূপকোঁৱৰক চিৰসুন্দৰৰ সাধক হিচাপে অংকন কৰা হৈছে। কলালক্ষ্মীৰ হাঁহি আনন্দৰ আৰু তেওঁৰ গান বিশ্বশান্তিৰ প্ৰতীক। মানৱ জাতিৰ কলা-সাধনাই পৃথিৱীত আনন্দ আৰু শান্তি প্ৰতিষ্ঠা কৰে। ৰূপকোঁৱৰৰ সাধনাৰ দ্বাৰা নিমাতী কইনা অৰ্থাৎ কলালক্ষ্মীৰ মুখত মাত ফুটে, হাঁহি বিৰিঙে আৰু আনন্দৰ গীত বাজি উঠে। এয়াই থূলমূলকৈ ‘নিমাতী কইনা’ নাটিকাখনৰ মূল কাহিনী।
১৬। কৰ্মহীনতাই মানুহক এলেহুৱা কৰে। গতিকে আজৰি সময়ত নিজকে সক্ৰিয় কৰি ৰাখিবলৈ কিছুমান কাম কৰা।
ছবি অঁকা, ক’লাজ কৰা, গল্প-কবিতা লিখা, অপ্ৰয়োজনীয় কাপোৰেৰে দলিচা তৈয়াৰ কৰা, পেলনীয়া কাগজেৰে ফুল বা মুখা প্ৰস্তুত কৰা, বেজিৰে কাপোৰত ফুল তোলা, কাগজৰ মোনা তৈয়াৰ কৰা আদি।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ পছন্দ অনুসৰি যিকোনো এটা কাম নিজে কৰি শিক্ষকৰ হাতত জমা দিব।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post