SCERT Class 6 Social Science Chapter 8 Answer |

পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ

১) উত্তৰ লিখা-

(ক) পৃথিৱীৰ প্ৰধান ৪ টা মণ্ডল কি?

উত্তৰঃ স্থলমণ্ডল, জলমণ্ডল, জীৱমণ্ডল আৰু বায়ু মণ্ডল।

(খ) পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম কি?

উত্তৰঃ এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এন্টাৰ্কটিকা ।

(গ) দক্ষিণ গোলাৰ্ধত থকা মহাদেশখনৰ নাম কি?

উত্তৰঃ এন্টাৰ্কটিকা।

(ঘ) বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি?

উত্তৰঃ ট্ৰপ ‘স্ফিয়েৰ, ষ্ট্ৰেট ‘স্ফিয়েৰ, মেছ ‘স্ফিয়েৰ আৰু থাৰ্ম ‘স্ফিয়েৰ।

(ঙ) জীৱৰ বাবে বায়ুমণ্ডলত কি প্ৰয়োজনীয়?

উত্তৰঃ অক্সিজেন প্ৰয়োজনীায়।

(চ) মহাদেশৰ আৰু মহাসাগৰবোৰৰ নাম কি?

উত্তৰঃ মহাদেশসমূহৰ নাম হ’ল- এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা আৰু মহাসাগৰসমূহৰ নাম হ’ল- প্ৰসান্ত মহাসাগৰ , আটলান্টিক মহাসাগৰ , ভাৰত মহাসাগৰ , উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ ।

(ছ) জীৱ মণ্ডলত মানুহে কি কি পৰিৱৰ্তন সাধন কৰিছে?

উত্তৰঃ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে – ভূমিকম্প , বানপানী আগ্নেয়গিৰি আদিৰ পৰিৱৰ্তন সাধন কৰিছে।

২) চমু উত্তৰ লিখা-

(ক) এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা –

উত্তৰঃ য়ুৰাল ।

(খ) শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ –

উত্তৰঃ নাইট্ৰজেন।

(গ) কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো –

উত্তৰঃ স্থলমণ্ডল।

(ঘ) আটাইতকৈ বৃহৎ মহাদেশখন হ’ল –

উত্তৰঃ এছিয়া মহাদেশ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top