Class 8 Assamese Chapter 7 Answer


1. উত্তৰ দিয়া।

(ক) বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল? 

উত্তৰঃ- বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। মানুহে বিজ্ঞান শাস্ত্ৰৰ ফলতেই জ্ঞান লাভ কৰি অদ্ভূদ অদ্ভূদ কাম কৰিব পাৰিছে। 

(খ) বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে? 

উত্তৰঃ- বিজ্ঞানৰ বলত মানুহে ৰে’ল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অনুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকমৰ চিকিৎসা প্ৰণালী আদি উলিয়াব পাৰিছে। 

(গ) বিজ্ঞান-চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে?

উত্তৰঃ- বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰে। অৰ্থাৎ, প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰে। 

(ঘ) উদগতি পথত কিহে বাধা দিয়ে? উত্তৰঃ- উদগতিৰ পথত কু-সংস্কাৰে বাধা দিয়ে।  

(ঙ) ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে? উত্তৰঃ- ধনগুলৈক মানুহে প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে। 

(চ) হাতীয়ে গা লৰালে কি হয় বুলি ভাবে?

উত্তৰঃ- বিজ্ঞানৰ জ্ঞান নথকাৰ বাবে মানুহে বহুতো অন্ধ-বিশ্বাস আৰু কু-সংস্কাৰ মানি চলে।এনে কিছুমান মানুহে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি, সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে।

(ছ) বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়? 

উত্তৰঃ- বিজ্ঞান শিক্ষাৰ পৰা প্ৰকৃতিত ঘটি থকা ঘটনাবোৰৰ কাৰণসমূহ জনা যায়। বস্তুৰ মূল তত্ত্ব জনা যায় আৰু তেতিয়া মানুহৰ মনত কোনো মিছা সংস্কাৰ জন্মিব নোৱাৰে।


2। “ধনগুলৈ”ৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা।

উত্তৰঃ- সাধাৰণতে, জাৱৰ-জোঁথৰ, জীৱ-জন্তুৰ মল-মূত্ৰ আদি পচা বস্তু থকা ঠাইৰ পৰা এবিধ বাষ্প নিৰ্গত হয়। জৈৱিক পদাৰ্থৰ, বিশেষকৈ প্ৰাণীদেহৰ পচনৰ ফলত ফচফিন বা মিথেন গেছ উৎপন্ন হয়। এই দুয়ো গেছ অক্সিজেনৰ সংস্পৰ্শত আহিলে বিস্ফোৰক মিশ্ৰণ সৃষ্টি হয়। যদি এই বিস্ফোৰক মিশ্ৰণ উৎপন্ন হোৱা ঠাইত ফচফৰাচ-ডাই-অক্সাইড উৎপন্ন হয় আৰু বায়ুৰ সংস্পৰ্শলৈ আহে, তেন্তে সেয়া তৎক্ষণাত জুই জ্বলি উঠে।

এই জুই চাকি এটাৰ দৰে হৈ বতাহত কিছু সময়ৰ বাবে লৰ্ চৰ্ কৰি ফুৰে। কিছুমান মানুহে বিশ্বাস কৰে যে এইবোৰ পুতি থোৱা ধন-সোণৰ পৰা ওলোৱা জুই। ধনবোৰক কিছুমান ঠাইত আধামূৰীয়া, আধামুণ্ডী বুলি কোৱা হয়।

3. “প্ৰতিধ্বনি” কেনেকৈ হয় চমুকৈ লিখা। 

উত্তৰঃ- আমি বন্ধ, ডাঙৰ, খালী কোঠা এটাত চিঞৰিলে আমি কৰা শব্দটো শুনাৰ পিছ মুহূৰ্ততে আকৌ এবাৰ আমাৰ অনুৰূপ শব্দ এটা শুনিবলৈ পাওঁ। এয়াই হৈছে প্ৰতিধ্বনি।আমি কৰা শব্দটো বন্ধ কোঠাৰ বেৰৰ কঠিন অংশত খুন্দা খাই প্ৰতিফলিত হৈ আমাৰ ওচৰলৈ পুনৰ ঘূৰি আহে। তেনেদৰেই প্ৰতিধ্বনিৰ সৃষ্টি হয়।
4. কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়?

উত্তৰঃ- বিজ্ঞান শাস্ত্ৰৰ দ্বাৰা প্ৰকৃতিৰ ঘটনাবোৰৰ মূল কাৰণসমূহ জানিব পাৰি আৰু নতুন নতুন বস্তু আৱিষ্কাৰ কৰিব পাৰি। বিজ্ঞানৰ সহায়ত মানুহে ৰে’ল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, ফনোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অনুবীক্ষণ যন্ত্ৰ, দূৰৱীক্ষণ যন্ত্ৰ, বিভিন্ন প্ৰকাৰৰ বিমান, আৰু নানাবিধ ঔষধ, চিকিৎসা পদ্ধতি আদি উলিয়াব পাৰিছে।

সেইদৰে, দৈনন্দিন প্ৰকৃতিত হোৱা ঘটনা যেনে বিজুলী, বজ্ৰপাত, ভূমিকম্প, প্ৰতিধ্বনি আদি ঘটনা সমূহৰ মূল কাৰণ বিচাৰি উলিয়াব পাৰি। আমি যিবোৰ ঘটনা দেখি আচৰিত বা আনন্দিত হওঁ, এই সকলোবোৰৰ মাজেৰে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰি ইয়াৰ মূল কাৰণবোৰ জানিব পাৰি কেৱল বিজ্ঞান চৰ্চাৰ যোগেদি। সেয়েহে, বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়।

5. বিজ্ঞানবিদসকলে শব্দ-তত্ত্ব নিৰূপণ কৰি কি কি আৱিষ্কাৰ কৰিছে?

উত্তৰঃ- বিজ্ঞানবিদসকলে শব্দ-তত্ত্ব নিৰূপণ কৰি টেলিফোনেৰে এঠাইৰ শব্দ আন এঠাইলৈ নিব পাৰিছে, শব্দক ধৰি ৰাখি ফনোগ্ৰাফ, গ্ৰামোফোন, ৰেডিঅ’ আদি আৱিষ্কাৰ কৰিব পাৰিছে।

৬। প্ৰসংগ সংগতি দৰ্শাই ব্য়াখ্য়া কৰা।

(ক) কু-সংস্কাৰ উদগতি পথৰ এটা বাধা।

উত্তৰঃ- এই বাক্য়শাৰী “বস্তু বিজ্ঞান অধ্যয়ন” নামৰ পাঠটোৰ পৰা তুলি লোৱা হৈছে। 

        মানুহৰ মাজত চলি অহা সকলোবোৰ কথায়ে যে সঁচা নহয়, বিজ্ঞানে তাৰ সঁচা-মিছা প্ৰমাণ কৰিব পাৰে এই কথা ক’বলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰা হৈছে।

  প্ৰাচীন কালৰ পৰাই মানুহে কিছুমান মিছা কথা সঁচা বুলি বিশ্বাস কৰি আহিছে, যাক কু-সংস্কাৰ বুলি কোৱা হয়। এনে কু-সংস্কাৰে জাতীয় উদগতিৰ পথত আৰু ব্যক্তিগত উদগতিৰ ক্ষেত্ৰতো বাধা সৃষ্টি কৰিছে। এই কু-সংস্কাৰবোৰ আঁতৰাবলৈ বিজ্ঞান বৰ্তমান অহৰহ চেষ্টা কৰি আহিছে, কাৰণ বিজ্ঞান কু-সংস্কাৰ নিৰূপণ কৰি মানুহৰ বাবে ডাঙৰ উপকাৰ সাধন কৰে।

(খ) বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। 

উত্তৰঃ- উক্ত বাক্য়শাৰী আমাৰ পাঠ্যপুথি “অংকুৰণ”ৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে লিখা “বস্তু বিজ্ঞান অধ্যয়ন” নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

        আমি বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰি যে সকলো জ্ঞান আহৰণ কৰিব পাৰো তাকে লেখকে এই কথাষাৰৰ দ্বাৰা বুজাব বিচাৰিছে।

বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰাৰ জৰিয়তে আমি প্ৰকৃত জ্ঞান লাভ কৰিব পাৰো। বিজ্ঞানৰ অধ্যয়নৰ দ্বাৰা মানুহে নিয়মিত নতুন নতুন বস্তু উদ্ভাৱন কৰিব পৰা যায়। বিজ্ঞানৰ মাধ্যমে, আমি প্ৰকৃতিত হোৱা ঘটনাবোৰৰ প্ৰকৃত কাৰণ জানিব পাৰো, আৰু সেই বিষয়ক আগবঢ়াই বিজ্ঞানীসকলে নতুন নতুন বস্তুৰ উদ্ভাৱন তথা আৱিষ্কাৰ কৰিছে।

এই বিশাল বিশ্বজগতৰ যিকোনো কথা বা ঘটনা জানিবলৈ, বিজ্ঞানৰ চৰ্চা কৰাটো অত্যাৱশ্যক। যেনেকৈ মানুহে পথাৰৰ শস্য সংগ্ৰহ কৰি ভঁৰালত সঞ্চিত কৰে, তেনেকৈ বিজ্ঞান শাস্ত্ৰতো সকলো জ্ঞান সঞ্চিত কৰা হয়। আমি মাত্ৰ এই বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলে সেই জ্ঞান লাভ কৰিব পাৰোঁ।

(গ) মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল।

উত্তৰঃ- উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি “অংকুৰণ”ৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে লিখা “বস্তু বিজ্ঞান অধ্যয়ন” নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে।

        কেৱল বিজ্ঞান চৰ্চাৰ ফলতহে যে আজিৰ সভ্যতাৰ সৃষ্টি হৈছে সেই কথা বুজাবলৈকে লেখকে কথাষাৰ কৈছে।

        গুহাত বাস কৰা আদিম মানুহে ক্ৰমবিৱৰ্তনৰ বহুতো স্তৰ পাৰ হৈ আজিৰ অৱস্থাত উপনীত হৈছেহি। যেতিয়াই তেওঁলোকে বিজ্ঞানৰ প্ৰথমটো খাপত ভৰি দিলে তেতিয়াৰ পৰাই মানুহে উত্তৰণৰ পথত ভৰি দিলে। যেতিয়াৰ পৰা মানুহে বিজ্ঞানৰ জৰিয়তে বিভিন্ন প্ৰাকৃতিক ঘটনাবোৰৰ আঁৰত থকা তত্ত্ববোৰৰ কাৰণবোৰ জানিব পাৰিলে তেতিয়াৰ পৰাই বিজ্ঞানীসকলে নতুন নতুন বস্তুৰ আৱিষ্কাৰ তথা উদ্ভাৱন কৰিলে। আজিৰ মানুহৰ জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞানৰ এই অৱদানসমূহৰ প্ৰয়োগ অপৰিহাৰ্য। সেয়া চিকিৎসা বিভাগ, প্ৰতিৰক্ষা বিভাগ, শিক্ষা-সংস্কৃতি বিভাগ, যাতায়ত-পৰিবহন ব্যৱস্থা, কৃষি-শিল্প, দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীকে ধৰি সকলোবোৰতেই বিজ্ঞানে আগবঢ়োৱা আৱিষ্কাৰসমূহৰ প্ৰয়োগ হয়। গতিকে লেখকে কোৱাৰ দৰে সমগ্ৰ মনুষ্য জাতিৰ বৰ্তমানৰ সভ্যতাটোৱেই বিজ্ঞান চৰ্চাৰ ফল।

(ঘ) সকলোৰে কিঞ্চি কিঞ্চি তেহে এটাৰ সমুচিত।

উত্তৰঃ- উক্ত বাক্য়শাৰী আমাৰ পাঠ্যপুথি “অংকুৰণ”ৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে লিখা “বস্তু বিজ্ঞান অধ্যয়ন” নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

             বিজ্ঞানৰ যে অনেক বিভাগ আছে আৰু আমাৰ সেই সকলোবোৰৰে সামান্য হ’লেও যে জ্ঞান থকা উচিত এই কথাষাৰ বুজাবলৈকে উক্ত বাক্য়শাৰী উল্লেখ কৰা হৈছে। 

        বিজ্ঞান শাস্ত্ৰৰ পৰিসৰ অতি বহল, আৰু ইয়াক অধ্যয়ন কৰিবলৈ বিভিন্ন বিভাগত বিভক্ত কৰা হৈছে। উদাহৰণ স্বৰূপে, পদাৰ্থ বিজ্ঞান, ৰসায়নিক বিজ্ঞান, জ্যোতি বিজ্ঞান, উদ্ভিদ বিজ্ঞান, আৰু জীৱ বিজ্ঞান উল্লেখযোগ্য। বিজ্ঞানৰ ইমানবোৰ বিভাগৰ বিষয়ে সম্পূৰ্ণ জ্ঞান লাভ কৰা কোনো এজন ব্যক্তিৰ বাবে সহজ নহয়। অতীতৰ বিজ্ঞানবিদ পণ্ডিতসকল সাধাৰণতে একোটা বিষয়ৰ ওপৰত বিশেষ চৰ্চা কৰিছিল। সেয়েহে, মানুহে ইয়াৰে এবিধ বা দুবিধ শাখাৰ ওপৰত কেন্দ্ৰীভূত হৈ তাক সম্পূৰ্ণ আয়ত্ত কৰিবলৈ চেষ্টা কৰা উচিত। কিন্তু যিকোনো এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ, সকলো বিষয়ৰ বিষয়ে অলপ অলপ জ্ঞান থকা উচিত। এই কথাষাৰটোক লেখকে ইয়াত বুজাব বিচাৰিছে।

৭। বহলাই লিখা।

(ক) পাঠৰ আলমত কু-সংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কু-সংস্কাৰবোৰ দূৰ কৰিব পাৰি লিখা।

উত্তৰঃ- পাঠত উল্লেখ কৰা হৈছে যে বহুতো মানুহে ধনক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে, আৰু কিছুমান মানুহে পৃথিৱীখন এটা হাতীৰ পিঠিত থকা বুলি ভাবে। তেওঁলোকৰ বিশ্বাস অনুযায়ী, সেই হাতীয়ে গা লৰালে ভূমিকম্প হয়। ইয়াৰোপৰি, মানুহৰ মাজত কিছুমান গুৰুত্বপূর্ণ কু-সংস্কাৰও আছে। উদাহৰণ স্বৰূপে, আগৰ দিনৰ কিছুমান মানুহৰ মাজত সতীদাহ প্ৰথা আছিল, যিটো এটা কু-প্ৰথা।

বিজ্ঞান শিক্ষা লাভ কৰাৰ দ্বাৰা সমাজৰ পৰা এই কু-সংস্কাৰবোৰ দূৰ কৰিব পাৰি। বিজ্ঞানই মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সঁচা-মিছা, ভাল-বেয়া, ন্যায়-অন্যায় বুজিবলৈ সক্ষম হয়।

(খ) ‘বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয়’ 一 যুক্তিৰে তোমাৰ মতামত দাঙি ধৰা। 

উওৰঃ- ‘বিজ্ঞান শাস্ত্র অধ্যয়নৰ এটা ঘাই বিষয়’ 一 এই কাৰণেই যে ইয়াক অধ্যয়ন কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, অর্থাৎ প্রাকৃতিক ঘটনাবােৰৰ মূল কাৰণ জানিব পাৰি।

৮। তলৰ শব্দকেইটাৰ প্ৰত্য়য় ভাঙি দেখুওৱা।

উত্তৰঃ– ৰোৱনী 一 ৰো + অনী

ৰান্ধনি 一 ৰান্ধ + অনি

নাৱৰীয়া 一 না + অৰীয়া

মৰমীয়াল 一 মৰম + ঈয়াল

পনীয়া 一 পানী + আ

জোনালী 一 জোন + আলী

দয়ালু 一 দয়া + আলু

ধৰুৱা 一 ধাৰ + উৱা

Leave a Reply

Your email address will not be published. Required fields are marked *