SCERT Class 8 Assamese Chapter 8 Answer 2026 | Class 8 Assamese Chapter 8 Question and Answer Solution By SEBA Teachers শ্ৰী শ্ৰী শংকৰদেৱ

Chapter 8 –

শ্ৰী শ্ৰী শংকৰদেৱ

১। কবিতাটো শুদ্ধকৈ লয়, ছন্দ ৰক্ষা কৰি পঢ়া।

২। কবিতাটো একক আৰু দলীয়ভাৱে আবৃত্তি কৰা।

৩। উত্তৰ দিয়া।

(ক) কবিয়ে “ধ্যানমগ্ন যোগী” বুলি কাক কৈছে?

উত্তৰঃ- কবিয়ে “ধ্যানমগ্ন যোগী” বুলি শ্ৰী শ্ৰী শংকৰদেৱৰ কথা কৈছে।


(খ) কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে?

উত্তৰঃ- কবিয়ে গুৰুজনাৰ আৱিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্র কৰাৰ কথা কৈছে। 
(গ) কবি কাননত কি বজোৱাৰ কথা কৈছে?
উত্তৰঃ-
 কবি কাননত বীণা বজোৱাৰ কথা কোৱা হৈছে।
(ঘ) মৰতত কোনে কিহৰ বাতৰি আনি দিলে?
উত্তৰঃ-
 গুৰু শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি মৰতত বিলালেহি বুলি কবিয়ে কৈছে।

(ঙ) কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে?
উত্তৰঃ-
 মধুৰ ঝঙ্কাৰ অসমৰ প্ৰতি ঘৰে ঘৰে বাজি উঠিছে বুলি কবিয়ে কৈছে।

৪। কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা।
উত্তৰঃ- 
তোমালোকে নিজে চেষ্টা কৰিবা।

৫। তলৰ আঁচ টনা শব্দবোৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে।সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা। 
(ক) কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি (তন্ময় / বিস্ময় / মহান)
উত্তৰঃ- তন্ময়।

(খ) গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ (শিপাই যোৱা / নাইকিয়া হোৱা / বিয়পি পৰা)
উত্তৰঃ- বিয়পি পৰা। (গ) তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে (যশস্যা / গঞ্জনা / লাঞ্ছনা) 
উত্তৰঃ- যশস্যা।
(ঘ) স্বৰ্গৰ বাতৰি আনি দিলা দেৱ! মৰতত (পৃথিৱী / পাতাল / আকাশ)
উত্তৰঃ- পৃথিৱী।

৬। বাক্য ৰচনা কৰা।

    পৱিত্ৰ    কৰ্মবীৰ    সদাচাৰ    ৰীতি-নীতি    মৰত    মধুৰ

উত্তৰঃ- তোমালোকে নিজে কৰিবা।

৭। কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা।

উত্তৰঃ-

    মধুৰ ঝঙ্কাৰ তাৰ গভীৰ উদাৰ সুৰে

    আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে।

    যি বীণৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা।

    অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা।

৮। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

(ক) নিৰলে বজাই বীণা কোন কবি কাননত

        স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত?

উত্তৰঃ- উক্ত কবিতাৰ কেইশাৰী আমাৰ পাঠ্যপুথি “অংকুৰণ”(অষ্টম ভাগ)ৰ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা “শ্ৰী শ্ৰী শংকৰদেৱ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

        ইয়াত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱে কেনেদৰে একান্ত সাধনাৰে কাব্যসমূহ ৰচনা কৰি মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাব বিচাৰিছে। 

      শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে বহু গ্ৰন্থ ৰচনা কৰিছিল। তেখেতে সাধাৰণ মানুহৰ বোধগম্য ভাষাত ঈশ্বৰৰ মহিমা প্ৰকাশ কৰি এই গ্ৰন্থসমূহ লিখিছিল। সেই সময়ত সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত তেনেধৰণৰ খুব কম মানুহ আছিল। শংকৰদেৱ প্ৰায় একাকীভাৱে সাহিত্যৰ জগতত অসংখ্য কষ্ট কৰি মানুহৰ মাজলৈ ঈশ্বৰৰ বাতৰি আগবঢ়াইছিল। তেওঁলোকৰ লেখনিৰ জৰিয়তে মানুহে ঈশ্বৰৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল।

(খ) তোমাৰ জীৱনী দেৱ! লিখে এনে সাধ্য কাৰ

        গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ।

উত্তৰঃ- উক্ত কবিতাৰ জৰিয়তে আমাৰ পাঠ্যপুথি “অংকুৰণ” (অষ্টম ভাগ)ৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা “শ্ৰী শ্ৰী শংকৰদেৱ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

        ইয়াত কবিয়ে গুৰুজনাৰ প্ৰতিভা তথা অসমৰ সাহিত্য-সমাজ-সংস্কৃতিত থকা তেখেতৰ অৱদানৰ কথা ক’বলৈ গৈ এনেদৰে উল্লেখ কৰিছে। 

শ্ৰী শ্ৰী শংকৰদেৱ কেৱল ধৰ্মগুৰুৰূপেই নাছিল; তেখেতে অসমৰ সমাজ-সংস্কৃতিৰ সকলো দিশলৈ নতুন চিন্তাৰ প্ৰবাহ বোৱাই এনে এজন মহান ব্যক্তিত্বৰ স্বৰূপত অসমখনক নতুনকৈ সজাই তুলিছিল। অসমৰ প্ৰতিটো দিশত তেখেতৰ অৱদান অসীম। সেয়েহে কবিয়ে কৈছে যে এনে এক মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে মাত্ৰ এখন জীৱনীতে লিখি সীমাবদ্ধ নকৰিব পাৰি। কাৰণ শংকৰদেৱৰ জ্ঞান আৰু অৱদান অসমৰ প্ৰতিজন মানুহৰ অন্তৰত, প্ৰতিজন মানুহৰ ঘৰতে, আৰু সমাজৰ প্ৰতিটো দিশতে বিস্তৃত হৈ আছে।

৯। শেষৰ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা।

উদাহৰণ 一 তুমি 一 ভূমি
উত্তৰঃ-

সাজে 一 বাজে

জ্ঞান 一 দান

ধাৰা 一 পৰা

সুৰে 一 ঘৰে

সদাচাৰ 一 ব্যৱহাৰ

১০। চমুকৈ লিখা।

(ক) ‘স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত?’………… ইয়াত উল্লেখ কৰা ‘স্বৰ্গৰ বাতৰি’ কি, বুজাই লিখা।

উত্তৰঃ– ইয়াত ‘দেৱ’ শব্দই মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক বুজাইছে। ‘মৰত’ শব্দৰ অৰ্থ যদিও পৃথিৱী ইয়াত অসমভূমিক বুজাইছে। স্বৰ্গৰ অমৰ কাহিনী মহাপুৰুষ জনাই ভক্তি-ধৰ্ম সাহিত্য-সংস্কৃতিৰ অমৃত ধাৰা বুৱাই অসম ভূমিক প্ৰৱিত্ৰ কৰাৰ কথা কোৱা হৈছে।

(খ) কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে?

উত্তৰঃ- কবিয়ে উল্লেখ কৰা মতে মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি, ধর্ম, ভাষা, সংস্কৃতি-সাহিত্য, ৰীতি-নীতি আদি দান দি অসমৰ সকলােকে নতুন সাজেৰে সজালে।

(গ) ‘কত যতনেৰে দেৱ! গাঁথিলা এই মালাধাৰি।’ 一 ইয়াত কোনে কি মালা গাঁথাৰ কথা কৈছে বুজাই লিখা।

উত্তৰঃ- ‘কত যতনেৰে দেৱ! গাঁথিলা এই মালাধাৰি।’ 一 ইয়াত মহাপুৰুষ শংকৰদেৱে মালা গাঁথাৰ কথা কৈছে।

(ঘ) শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে?

উত্তৰঃ-শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্রস্বার্থ, ভিনভাৱ, সৰু-বৰ এনেবােৰ ভাৱ আঁতৰালে।১১। তলত দিয়া শব্দসমূহৰ সমাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা।
উত্তৰঃ-

পৃথিৱী 一 মৰত, ধৰণী, ধৰা

মৰম 一 আদৰ

সন্ন্যাসী 一 যোগী

অন্তৰ 一 হৃদয়, হিয়া

বাগিচা 一 কানন

গংগা 一 মন্দাকিনী

গৌৰৱ 一 গৰিমা

মিঠা 一 মধুৰ

১২। তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
উত্তৰঃ-

অতীত 一 বৰ্তমান

পুণ্য 一 পাপ

প্ৰেম 一 ঘৃণা

পবিত্ৰ 一 অপবিত্ৰ

জীৱন 一মৰণ

অশেষ 一 শেষ

১৩। কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই দুখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ- বিশেষ্যঃ- যােগী, বীণা, কানন, মৰত, মন্দাকিনী, স্বর্গ, অসম, ভাষা, দেৱ, বেদ, সাধনা ইত্যাদি।

বিশেষণঃ- পুণ্য, প্ৰৱিত্ৰ, মধুৰ, গভীৰ, অসীম, ক্ষুদ্র, সৰু, বৰ ইত্যাদি।

১৪। ‘যি বীণৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা।’

        এই ‘ধাৰা’ শব্দটোৰ লগত বেলেগ বেলেগ শব্দ যোগ কৰি বেলেগ বেলগ অৰ্থ প্ৰকাশ কৰা হয়। তলত তাৰে কেইটামান শব্দ দিয়া হৈছে। এই শব্দকেইটাৰ অৰ্থ অভিধান চাই লিখা।

ফল্গু ধাৰা……………..

জীৱন ধাৰা…………….

ধাৰাসাৰ………………..

ধাৰাৱাহিক……………

ধাৰাভাষ্য………………

ধাৰাপাত………………

উত্তৰঃ- তোমালোকে নিজে কৰা।

১৫। এটা শব্দত প্ৰকাশ কৰা।

(ক) কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা 一 একশৰণ।

(খ) বিষ্ণুক ভক্তি কৰে যি 一 বৈষ্ণৱ।

(গ) একে গুৰুৰ শিষ্য 一 হৰিভকত, সতীৰ্থ।

(ঘ) পিতৃ-মাতৃহীন সন্তান 一 ঘাট-মাউৰা।

(ঙ) সত্ৰ সম্বন্ধীয় 一 সত্ৰীয়া।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top