Might Learn Logo Might Learn Shop Might Learn

Class 8 Science Chapter 1 Answer

শস্য উৎপাদণ আৰু ব্য়ৱস্থাপনা 

অনুশীলনী
১। তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা।

ওপঙি, পানী, শস্য, পোষক দ্ৰব্য, চহোৱা

(ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ______ বুলি কোৱা হয়।

উত্তৰঃ একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়।

(খ) শস্য সিঁচাৰ আগতে মাটিডৰা ______ হয়।

উত্তৰঃ শস্য সিঁচাৰ আগতে মাটিডৰা চহোৱা হয়।

(গ) নষ্ট হোৱা বীজবোৰ পানীত ______ থাকে।

উত্তৰঃ নষ্ট হোৱা বীজবোৰ পানীত ওপঙি থাকে।

(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ______ আৰু ______ প্ৰয়োজন হয়।

উত্তৰঃ শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানী প্ৰয়োজন হয়।


২। ‘ক’ স্তম্ভৰ লগত ‘খ’ স্তম্ভ মিলোৱা।
‘ক’ স্তম্ভ‘খ’ স্তম্ভ
(i) খাৰিফ শস্য(ক) গৰুৰ খাদ্য
(ii) ৰবি শস্য(খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট
(iii) ৰাসায়নিক সাৰ(গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, গো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য
(iv) জৈৱিক সাৰ(ঘ) ঘেঁহু, বুট, মটৰ মাহ
(ঙ) ধান আৰু গোমধান
উত্তৰঃ
‘ক’ স্তম্ভশুদ্ধ মিল
(i) খাৰিফ শস্য(ঙ) ধান আৰু গোমধান
(ii) ৰবি শস্য(ঘ) ঘেঁহু, বুট আৰু মটৰ মাহ
(iii) ৰাসায়নিক সাৰ(খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট
(iv) জৈৱিক সাৰ(গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, গো-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য

৩। প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।
(ক) খাৰিফ শস্য

উত্তৰঃ ধান আৰু গোমধান।

(খ) ৰবি শস্য

উত্তৰঃ ঘেঁহু আৰু বুট।


৪। তলত দিয়াসমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা।
(ক) মাটি চহোৱা

উত্তৰঃ শস্য উৎপাদনৰ প্ৰথম আৰু অতি গুৰুত্বপূৰ্ণ কাম হ’ল মাটি চহোৱা। মাটিখিনি তল-ওপৰ কৰি ঢিলা কৰাকে মাটি চহোৱা বোলে। মাটি চহালে উদ্ভিদৰ শিপা সহজে গভীৰলৈ যাব পাৰে আৰু বায়ু চলাচল ভাল হয়। ঢিলা মাটিত কেঁচু আৰু উপকাৰী অণুজীৱৰ বৃদ্ধি ভালদৰে হয়। এই জীৱসমূহে জৈৱ পদাৰ্থ পচাই মাটিত হিউমাছৰ পৰিমাণ বৃদ্ধি কৰে। মাটি চহোৱাৰ ফলত তলৰ পোষক দ্ৰব্যসমৃদ্ধ মাটি ওপৰলৈ আহে আৰু সাৰ মাটিৰ লগত ভালদৰে মিহলি হয়। নাঙল, কোৰ, হাল বা ট্ৰেক্টৰৰ সহায়ত মাটি চহোৱা হয়।


(খ) বীজ সিঁচা

উত্তৰঃ শস্য উৎপাদনৰ এটা অতি গুৰুত্বপূৰ্ণ কাম হ’ল বীজ সিঁচা। বীজ সিঁচাৰ আগতে উন্নত জাতৰ, চাফা, নিৰোগী আৰু স্বাস্থ্যৱান বীজ বাছনি কৰি ল’ব লাগে। বীজসমূহ উপযুক্ত দূৰত্ব আৰু গভীৰতাত সিঁচিব লাগে, যাতে প্ৰতিটো গছে পৰ্যাপ্ত পোহৰ, পানী আৰু পোষক দ্ৰব্য লাভ কৰে।

পৰম্পৰাগতভাৱে হাতেৰে বা সঁজুলিৰ সহায়ত বীজ সিঁচা হয়। আধুনিক কৃষিত বীজ সিঁচা যন্ত্ৰ (Seed Drill) ব্যৱহাৰ কৰা হয়। ইয়াৰ সহায়ত বীজ সমান দূৰত্ব আৰু উপযুক্ত গভীৰতাত পৰে আৰু মাটিৰে ঢাক খাই থাকে। ফলত চৰাইয়ে বীজ খাই পেলাব নোৱাৰে আৰু সময় তথা শ্ৰম দুয়োটাই ৰাহি হয়।


(গ) বনবাত নিৰোৱা

উত্তৰঃ খেতিপথাৰত মূল শস্যৰ লগত গজি উঠা অলাগতিয়াল উদ্ভিদবোৰক অপতৃণ বোলে। এই অপতৃণসমূহ আঁতৰোৱাৰ প্ৰক্ৰিয়াকে বনবাত নিৰোৱা বোলে।

অপতৃণবোৰে শস্যৰ সৈতে পানী, পোষক দ্ৰব্য, ঠাই আৰু সূৰ্যৰ পোহৰৰ বাবে প্ৰতিযোগিতা কৰে। ফলত শস্যৰ বৃদ্ধি আৰু উৎপাদন কমি যায়। কিছুমান অপতৃণ বিষাক্তও হ’ব পাৰে।

খন্তি, কোৰ বা খুৰপিৰে অপতৃণ উভালি বা কাটি আঁতৰোৱা হয়। ইয়াৰ উপৰি উপযুক্ত অপতৃণনাশক, যেনে 2,4-D, ব্যৱহাৰ কৰিও কিছুমান অপতৃণ নিয়ন্ত্ৰণ কৰিব পাৰি। ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰোঁতে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিব লাগে।


(ঘ) মৰণা মৰা

উত্তৰঃ শস্য চপোৱাৰ পিছত শস্যৰ বীজ বা দানাবোৰক শীহ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে।

পৰম্পৰাগতভাৱে গৰু-ম’হৰ দ্বাৰা গছকাই বা অন্য পদ্ধতিত মৰণা মৰা হয়। আজিকালি ট্ৰেক্টৰ আৰু বিভিন্ন যন্ত্ৰ ব্যৱহাৰ কৰা হয়। ডাঙৰ পথাৰত কম্বাইন (Combine) যন্ত্ৰৰ সহায়ত শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম একেলগে কৰিব পাৰি।

দানাৰ লগত মিহলি হৈ থকা তুঁহ, পাত বা পাতল অশুদ্ধি বতাহত পৃথক কৰা পদ্ধতিক বা-দিয়া (Winnowing) বোলে।


৫। জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ মাজৰ পাৰ্থক্য বৰ্ণনা কৰা।

উত্তৰঃ

ক্ৰম নংৰাসায়নিক সাৰজৈৱিক সাৰ
১ৰাসায়নিক সাৰ সাধাৰণতে অজৈৱিক লৱণ।জৈৱিক সাৰ প্ৰাকৃতিক জৈৱ পদাৰ্থৰ পৰা প্ৰস্তুত কৰা হয়।
২ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়।গোবৰ, উদ্ভিদৰ অৱশিষ্ট আৰু অন্যান্য জৈৱ বৰ্জ্য পচাই জৈৱিক সাৰ প্ৰস্তুত কৰা হয়।
৩ইয়াত নাইট্ৰ’জেন, ফছফৰাছ, পটাছিয়াম আদি পোষক দ্ৰব্য তুলনামূলকভাৱে অধিক পৰিমাণে থাকে।ইয়াত পোষক দ্ৰব্য তুলনামূলকভাৱে কম পৰিমাণে থাকে।
৪ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান নধৰে।জৈৱিক সাৰে মাটিত হিউমাছ যোগান ধৰে।
৫অত্যধিক ব্যৱহাৰে মাটিৰ গুণাগুণ আৰু পৰিৱেশৰ ক্ষতি কৰিব পাৰে।জৈৱিক সাৰে মাটিৰ গঠন আৰু পানী ধৰি ৰখাৰ ক্ষমতা উন্নত কৰে।

৬। জলসিঞ্চন কি? পানী সঞ্চয় কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা।

উত্তৰঃ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত শস্যৰ প্ৰয়োজন অনুসৰি পথাৰত কৃত্ৰিমভাৱে পানী যোগান ধৰাকে জলসিঞ্চন বোলে।

পানী সঞ্চয় বা পানীৰ অপচয় কম কৰা দুটা আধুনিক জলসিঞ্চন পদ্ধতি হ’ল—

(ক) পানী ছটিওৱা পদ্ধতি (Sprinkler System)

এই পদ্ধতি অসমান ভূমি আৰু পানীৰ পৰিমাণ কম থকা অঞ্চলৰ বাবে উপযোগী। মূল পাইপৰ লগত নিৰ্দিষ্ট দূৰত্বত ঘূৰ্ণনশীল স্প্ৰিংকলাৰ লগোৱা থাকে। পাম্পৰ চাপত পানী পাইপেৰে গৈ স্প্ৰিংকলাৰৰ পৰা বৰষুণৰ দৰে চাৰিওফালে ছিটিকি পৰে।

এই পদ্ধতি বিশেষকৈ বালীয়া মাটি আৰু অসমান ভূমিৰ বাবে উপযোগী। ইয়াৰ ফলত পানীৰ অপচয় কম হয় আৰু শস্যত সমানভাৱে পানী পৰে।

(খ) টোপাল জলসিঞ্চন পদ্ধতি (Drip System)

এই পদ্ধতিত পানী নলীৰ সহায়ত টোপ-টোপকৈ পোনে পোনে উদ্ভিদৰ গুৰিত যোগান ধৰা হয়। ফলত পানীৰ অপচয় অতি কম হয়।

ফলমূলৰ বাগিচা, শাক-পাচলি আৰু ডাঙৰ গছৰ বাবে এই পদ্ধতি অতি উপযোগী। পানীৰ অভাৱ থকা অঞ্চলত টোপাল জলসিঞ্চন পদ্ধতি বিশেষভাৱে লাভজনক।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects