Class 8 Science Chapter 10 Answer

১) অন্তঃস্ৰাৱী গ্ৰন্থীয়ে দেহৰ পৰিৱৰ্তনৰ বাবে নিঃসৰণ  কৰা পদাৰ্থ সমূহক কি নামেৰে নামাকৰণ কৰা হৈছে ?

উত্তৰঃ  হৰমন।

২) কৈশোৰ কাল কাক বোলে ?

উত্তৰঃ  জীৱনৰ যিটো কালত  শাৰিৰীক পৰিৱৰ্তন হৈ পৈণত প্ৰজনন  অৱস্থা প্ৰাপ্ত হয় , সেইকালছোৱাক কৈশোৰ কাল বোলে। কৈশোৰ কাল সাধাৰণতে ১১ বছৰ পৰা আৰম্ভ হৈ ১৮ বা ১৯ বছৰ পৰ্যন্ত চলি থাকে।

৩) মাহেকীয়া ঋতু চক্ৰ কি ? ব্যাখ্যা কৰা।

উত্তৰঃ মহিলাৰ প্ৰজনন ক্ষমতা ১০ ৰ পৰা ১২ বছৰ বয়সত আৰম্ভ হয়, অৰ্থাৎ প্ৰজনন প্ৰাপ্তি হোৱাৰ পৰা আৰম্ভ হয়। এই ক্ষমতা ৪৫ ৰ পৰা ৫০ বছৰলৈ চলি থাকে। প্ৰজনন প্ৰাপ্তিৰ পৰা ডিম্বাণু গঠন হৈ পূৰ্ণত হৈ থাকে, আৰু পূৰ্ণ ডিম্বাণু ২৮ ৰ পৰা ৩০ দিনৰ ভিতৰত একোটাকৈ নিঃসৰণ হয়। যদি এই ডিম্বাণু নিষেচিত নহয়, তেন্তে ডিম্বাশয়ৰ পৰা ওলোৱা ডিম্বাণু, জৰায়ুৰ ডাঠ আৱৰণ আৰু ৰক্তনলিকাৰ সৈতে শৰীৰৰ বাহিৰলৈ ওলাই আহে। ইয়াৰ ফলত ৰক্তক্ষৰণ হয়। ইয়াক মাহেকীয়া ঋতুচক্ৰ বুলি কোৱা হয়।

৪) যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিৱৰ্তন সমূহ তালিকা কৰা।

উত্তৰ:- যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিৱৰ্তন সমূহ হ’ল-

১) শৰীৰৰ উচ্চতা বৃদ্ধি হয়।

২) শাৰীৰিক পৰিবৰ্তন হয়।

৩) ল’ৰা-ছোৱালীয়ে প্ৰজনন ক্ষমতা লাভ কৰে।

৪) ল’ৰাৰ মাত গলগলিয়া হয়।

৫) যৌনাংগৰ বিকাশ হয়।

৬) ঘৰ্মগ্ৰন্থি আৰু তৈলগ্রন্থিৰ নিঃসৰণ বৃদ্ধি পায়।

৭) মগজুৰ বিকাশ ঘটে।

৫) অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ আৰু নিঃসৰণ কৰা হৰম’ন নামৰ এখন তালিকা দুটা স্তৰত প্ৰস্তুত কৰা।

উত্তৰঃ

গ্ৰন্থি নিঃসৰণ কৰা  হৰম’ন

১)অণ্ডাশয়     টেষ্ট’ষ্টেৰন।

২)ডিম্বাশয়     ইষ্ট্ৰ’জেন।

৩)থাইৰইড     থাইৰ’ক্সিন।

৪)এড্ৰিনেল     এড্ৰিনেলিন।

৫)পিটুইটাৰী        বৃদ্ধি হৰম’ন।

৬)পেনকিৰিছ      ইনছুলিন।

৬) যৌন হৰম’ন কি ? সেইবোৰক কিয় এনে নাম দিয়া হ’ল ? সেই  হৰম’নবোৰৰ কাৰ্যৰ বৰ্ণনা দিয়া।

উত্তৰঃ অণ্ডাশয় আৰু ডিম্বাশায়ৰ পৰা নিঃসৰিত হৰম’নক যৌন হাৰম’ন বোলে। 

         ডিম্বাশয়ে স্ত্ৰী হৰম’ন বা ইষ্ট্ৰ’জেন আৰু অণ্ডাশয়ে পুংহৰম’ন বা টেষ্ট’ষ্টেৰন নিঃসৰণ কৰে। সেইবাবে এইবোৰক যৌন হৰম’ন বোলে।

         পুৰুষৰ টেষ্ট্ৰ’জেন হৰম’ন বাবে মুখ মণ্ডলত দাড়ি -গোফ গজে , কান্ধৰ আকাৰ ডাঙৰ হয়, বুকুত ,বাহুৰ তলত আৰু গুপ্তাংগত নোম গজে । মহিলাৰ ইষ্ট্ৰ’জেন হৰম’ন বাবে  স্তনৰ বিকাশ হবলৈ ধৰে, স্তনত গাখীৰ নিঃসৰণ গ্ৰন্থিৰ উদ্ভৱ হয়,বাহুৰ তলত আৰু গুপ্তাংগত নোম গজে।

৭) উপযুক্ত উক্তিটো বাছি উলিওৱা।

ক) কিশোৰ-কিশোৰী সকল আহাৰ সম্পৰ্কে সচেতন হোৱা উচিত, কিয়নো-

১ ) উপযুক্ত খাদ্যই মগজুৰ বিকাশত সহায় কৰে।

২) শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰ প্ৰয়োজন।

৩) কিশোৰ-কিশোৰী সকলৰ ভোক বেছি।

৪) কিশোৰ-কিশোৰীসকলৰ স্বাদমুকুল অধিক সক্ৰিয়।

উত্তৰঃ  ২) শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰ প্ৰয়োজন।

খ) মহিলাৰ প্ৰজনন বয়স আৰম্ভ হৈ তেতিয়া

             ১) যেতিয়া মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয়।

              ২) যেতিয়া স্তনৰ বিকাশ হয়।

              ৩) যেতিয়া দেহৰ ওজন বাঢ়ে।

               ৪) যেতিয়া ওখ হয়।

উত্তৰঃ ১) যেতিয়া মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয়।

গ) কিশোৰ কিশোৰী যথোপযুক্ত আহাৰ সমূহ হ’ল-

                ১) চিফ, চাওমিন, কেক।

          ২) ৰুটি, দাইল, শাক-পাচলি।

               ৩) ভাত, চাওমিন, বাৰ্গাৰ।

               ৪) শাক পাচলি যুক্ত কাটলেট, চিপছ আৰু নেমুৰস।

উত্তৰঃ ২) ৰুটি, দাইল, শাক-পাচলি।

৮) চমু টোকা লিখা ।

ক) ডিঙিৰ ঘটিকা

খ) গৌণ লিংগ চৰিত্ৰ

গ) জন্মপূৰ্বক লিংগ নিৰ্ণয়।

উত্তৰঃ 

ক) ডিঙিৰ ঘটিকা :- আমি জানো যে প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত স্বৰযন্ত্ৰৰ আকাৰ বৃদ্ধি হবলৈ ধৰে। ল’ৰাৰ ক্ষেত্ৰত স্বৰযন্ত্ৰৰ আকাৰ ডাঙৰ হয়, আৰু ল’ৰাৰ বৰ্দ্ধিত স্বৰযন্ত্ৰ গ্ৰীবা অঞ্চলত বাঢ়ি অহা এটা অংশ হিচাপে দেখা পোৱা যায়। এই অংশক ডিঙিৰ ঘটিকা বুলি কোৱা হয়। কিন্তু ছোৱালীৰ স্বৰযন্ত্ৰ সৰু হৈ থাকে, সেয়ে ইয়াক দেখা নাযায়।

খ) গৌণ লিংগ চৰিত্র:- অণ্ডাশয় আৰু ডিম্বাশয়ে যথাক্ৰমে শুক্ৰাণু আৰু ডিম্বাণু নামৰ জনন কোষ উৎপন্ন কৰে। প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত ছোৱালীৰ স্তনৰ বিকাশ ঘটে আৰু ল’ৰাৰ মুখমণ্ডলত দাড়ি-গোঁফ গজে। এইবোৰ লক্ষণৰ দ্বাৰা ল’ৰা আৰু ছোৱালীৰ পাৰ্থক্য নিৰ্ণয় কৰিব পাৰি, সেয়ে এনেবোৰ চৰিত্ৰক গৌণ লিংগ চৰিত্ৰ বুলি কোৱা হয়। ল’ৰাৰ বুকু অংশত নোম গজাৰ লগতে ল’ৰা-ছোৱালীৰ উভয়ে বাহুৰ তলত আৰু গুপ্তাংগত নোম গজাৰ দৰে লক্ষণবোৰো গৌণ লিংগ চৰিত্ৰ বুলি কোৱা হয়।

গ) জন্মপূৰ্বক লিংগ নিৰ্ণয়:– প্ৰত্যেক কোষৰ কোষকেন্দ্ৰত ক্ৰম’জ’ম থাকে। মানুহৰ দেহৰ প্ৰতিটো কোষৰ কোষকেন্দ্ৰত ২৩ যোৰ ক্ৰম’জ’ম থাকে। ইয়াৰ এযোৰ ক্ৰম’জ’মক X আৰু Y বা যৌন ক্ৰম’জ’ম বুলি কোৱা হয়। মহিলাৰ ক্ষেত্ৰত দুডাল X যুক্ত ক্ৰম’জ’ম থাকে, আৰু পুৰাণৰ ক্ষেত্ৰত এডাল X আৰু আনডাল Y যুক্ত ক্ৰম’জ’ম থাকে। যেতিয়া X ক্ৰম’জ’ম যুক্ত এটা শুক্ৰাণু ডিম্বাণুক নিষিক্ত কৰে, তেতিয়া তাৰ পৰা সৃষ্টি হোৱা যোজন কোষটোত দুডাল X ক্ৰম’জ’ম থাকিব, যিয়ে এটি কন্যা সন্তানলৈ বিকশিত হব। যদি শুক্ৰাণুটো Y ক্ৰম’জ’ম যুক্ত হয় আৰু এটা ডিম্বাণুক নিষিক্ত কৰে, তেন্তে তাৰ পৰা সৃষ্টি হোৱা যোজন কোষটোত ক্ৰমে X আৰু Y ক্ৰম’জ’ম থাকিব, যিয়ে এটি ল’ৰা সন্তানলৈ বিকশিত হব। ইয়াৰ পৰা আমি ক’ব পাৰো যে পিতৃৰ যৌন ক্ৰম’জ’মে ভৱিষ্যত শিশুৰ লিংগ নিৰ্ণয় কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *